কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ

3

এটা সাধাৰণ চখেই তিনি সহপাঠী অংকিতা কাকতি, অনুভা গোস্বামী আৰু বিভাস বৰমেধিৰ বাবে হৈ পৰিছিল এটা ব্যৱসায়ৰ ভেটি। বন্ধু-বন্ধৱৰ জন্মদিন বা অন্যান্য অনুস্থানৰ বাবে কেক, বিস্কুট বনোৱাটো আছিল অংকিতা আৰু অনুভাৰ চখ । অৱশ্যে এই চখক ব্যৱসায়ৰ ৰূপ দিয়াৰ কথা প্ৰথমে ভবা নাছিল দুয়ো । কিন্তু লাহে লাহে তেওঁলোকে বনোৱা কেকৰ জনপ্ৰিয়তা বন্ধুমহলত বাঢ়ি অহাৰ লগতে তেওঁলোকক এই কাম ব্যাৱসায়িকভাৱে কৰাৰ পৰামৰ্শও বন্ধু বন্ধৱৰপৰা সঘনাই আহিবলৈ ধৰিলে । এমবিএ ডিগ্ৰীধাৰী দুই বান্ধৱীৰ মনলৈ আহিল সচাকৈয়ে নিজৰ চখটোকে পেছাত পৰিণত কৰা যাওক । কিন্তু চখৰ কাৰণে এটা কাম কৰা আৰু পেছা হিচাপে একেটা কাম কৰাৰ মাজত থাকে আকাশ পাতাল পাৰ্থক্য । আনে বুজক নুবুজক মেনেজমেন্টৰ ছাত্ৰী অংকিতা আৰু অনুভাই ঠিকেই বুজিছিল । সেয়েহে এইবাৰ দুয়ো আৰম্ভ কৰিলে বেকাৰী ব্যৱসায়ৰ খুটিনাটি শিকাৰ প্ৰচেষ্টা । কেকৰ আইচিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ লগতে চলি থাকিল ব্যৱসায় আৰম্ভ কৰাৰ প্ৰস্তুতি । অংকিতা আৰু অনুভাই বিবিএ পাঠ্যক্ৰম কৰাৰ সময়ত তেওঁলোকৰ সহপাঠী আছিল বিভাস বৰমেধি । এমবিএ সম্পুৰ্ণ কৰাৰ পাছত বিভাস এনে এটা ব্যৱসায়ৰ সন্ধানত আছিল যিটোত তেওঁ জড়িত হ'ব পাৰে । অংকিতা আৰু অনুভাৰ বেকাৰী ব্যৱসায়ৰ আঁচনিৰ কথা শুনি তেৱোঁ এইবাৰ প্ৰস্তুত হ'ল নিজৰ দক্ষতা এই ব্যৱসায়ত প্ৰয়োগ কৰিবলৈ । তেওঁ দায়িত্ব ললে বিক্ৰী আৰু বিপণনৰ । এইদৰেই আৰম্ভণী টিক্-টক্ বেকহাউছৰ ।

বৰ্তমান গুৱাহাটী মহানগৰীতে সেৱা সীমিত ৰখা টিক্-টক্ বেইকহাউছে গ্ৰাহকৰ চাহিদা অনুসৰি কেক আৰু অন্যান্য বেকাৰী সামগ্ৰী প্ৰস্তুত কৰি ঘৰতে যোগান ধৰে । "সামান্য মূলধনেৰে আমি এই ব্যৱসায়টো আৰম্ভ কৰিছো যদিও আমাৰ লক্ষ্য হৈছে আমাৰ বস্তুৰ মান উন্নত কৰি ৰখা । আৰম্ভণীতে আমি বস্তু যোগান ধৰিবলৈ কোনো ডেলিভাৰী বয় বিচাৰি নোপোৱা পৰ্যন্ত আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই  ঘৰে ঘৰে গৈ বস্তু দি আহিছিলো । কাৰণ আপোনাৰ ব্যৱসায়টোৰ প্ৰতিটো স্তৰত আপুনি নিজেই জড়িত থাকিবই লাগিব ।" অংকিতাই কয় ।

নিজৰ ব্যৱসায়টো সফল কৰিবলৈ সকলো প্ৰত্যাহ্বানৰ মূখামূখী হবলৈ প্ৰস্তুত তিনিওগৰাকী যুৱ উদ্যোগী । "এবাৰ এজন গ্ৰাহকে আমাৰপৰা কিছুমান সামগ্ৰী ব্চাৰিছিল এটা নিৰ্দিষ্ট দিনৰ সন্ধিয়া সময়ত । কিন্তু শেষ মুহুৰ্তত তেওঁ সেইদিনা ৰাতিপুৱাই সামগ্ৰীখিনি দিব পৰা হ'ব নেকি জানিবলৈ বিচাৰিলে । এই কাম সহজ নাছিল কিন্তু আমি যিকোনো প্ৰকাৰে ইয়াক সম্ভৱ কৰি তুলিলো । এই ঘটনাই আমাৰ আত্মবিশ্বাস বঢ়াই তুলিলে ।" অংকিতাই বেচ উৎসাহেৰে আমাক জানিবলৈ দিয়ে । 

অংকিতাই কয় যে ইতিমধ্যে তেওঁলোকে গ্ৰাহকৰ যথেষ্ট সঁহাৰি পাবলৈ সক্ষম হৈছে আৰু অনাগত দিনত টিক্-টক্ বেইকহাউছ এটা আগশাৰীৰ ডাঙৰ ব্ৰেণ্ডত পৰিণত হব বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস । অংকিতাহঁতৰ পৰৱৰ্তী লক্ষ্য এই ব্যৱসায়ক বিশাল ৰূপ দিবৰ বাবে পুঁজি সংগ্ৰহ কৰা ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'

গধূৰ স্কুলবেগৰ বিৰুদ্ধে ১২ বছৰীয়া ছাত্ৰৰ সংবাদমেল

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

Rhiddhis Chakravorty is the Assistant Editor (Asamiya) at yourStory Media and heads YourStory Asamiya. Previously he was a TV journalist and News Anchor for various leading news channels of Assam like News Live, News Time Assam, Prime News and Focus NE. His passion is to tell the outside world about history and culture of Assam. Apart from journalistic writings he writes fiction too.

Related Stories

Stories by Rhiddhis Chakravorty