প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্যোগত ম'বাইল বেংকিং আৰু নগদবিহীন লেনদেনৰ প্ৰশিক্ষণ

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্যোগত ম'বাইল বেংকিং আৰু নগদবিহীন লেনদেনৰ প্ৰশিক্ষণ

Tuesday November 29, 2016,

1 min Read

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে নগদবিহীনভাৱে টকা-পইচাৰ লেনদেন বৃদ্ধি কৰিবৰ বাবে সোমবাৰে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ দ্বাৰা এক অনন্য পদক্ষেপ হাতত লোৱা হয়।

মূখ্য সচিৱ নৃপেন্দ্ৰ মিশ্ৰ আৰু যুটীয়া মূখ্য সচিৱ শ্ৰী পি কে মিশ্ৰকে ধৰি কেইবাজনো বিষয়াই ৭ নং লোক কল্যাণ মাৰ্গত অৱস্থিত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত কৰ্মচাৰীসকলক ম'বাইল বেংকিং আৰু ম'বাইল এপ, যেনে ইউ পি আই (UPI), ই-ৱালেট আদিৰ জৰিয়তে দৈনিক টকা-পইচাৰ লেনদেনৰ বাবে এক কৰ্মশালাযোগে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।

Image Credit: Shutterstock

Image Credit: Shutterstock


বিষয়া কেইজনে নগদবিহীনভাৱে টকা-পইচাৰ লেনদেনৰ আৰ্হি দেখুওৱাৰ লগতে কৰ্মচাৰীসকলক তেওঁলোকৰ ম'বাইল ফোনত প্ৰয়োজনীয় ম'বাইল এপ ডাউনলোড কৰাতো সহায় কৰে। এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলৰ মাজত নতুন প্ৰযুক্তিগত বেংকিং আৰু টকা-পইচাৰ লেনদেনৰ বিষয়ে শিকাৰ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গ’ল।

অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংক আৰু মাইগভ (MyGov)ৰ বিষয়াসকলো উপস্থিত থাকে।

(সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

 পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন

দিল্লী আৰক্ষীৰ এজন কনিষ্টবল আৰু এজন অট'চালক কিয় ঘৰে ঘৰে ঘূৰি ফুৰিছিল

চাইকেল আৰোহীৰ বাবে এয়াৰবেগ: ঘূৰি আহিব নেকি পৰিবেশ অনুকূল যাতায়ত মাধ্যমৰ সুদিন