ষ্টাৰ্টআপৰ বাবে গণতান্ত্ৰিক নীতি ফলদায়ক নহয়

ষ্টাৰ্টআপৰ বাবে গণতান্ত্ৰিক নীতি ফলদায়ক নহয়

Monday January 18, 2016,

3 min Read

২০১৪ চনত ষ্টাৰ্ট আপ বিফল হোৱা মূল কাৰণ দৰ্শাই উদ্যোগীসকলে লিখি উলিওৱা এখন ৰচনাৰ পৰ্যালোচনা কৰিছিল CB Insight এ।ৰচনা খনত উল্লেখ কৰা মতে ষ্টাৰ্ট আপ বিফল হোৱা দ্বিতীয় মূল কাৰণ হ'ল বিনিয়োগকাৰী/গোট সম্পৰ্কীয় বিবাদ।কিছুমান বিনিয়োগকাৰীৰ সততাৰ অভাৱ আৰু এটা বিষয়ত লাগি থকাৰ ধৈৰ্যৰ অভৱ ষ্টাৰ্ট আপ বিফলৰ কাৰক হৈ পৰে।আনহাতে চুৰি,প্ৰতাৰণা আদি বিষয়বোৰ সমাধান কৰিবলৈ সহজ হোৱাৰ বিপৰীতে একোটা গোটৰ দক্ষতাৰ লগত সম্পৰ্কীয় ভূমিকা,অৱদান আদি বিষয়বোৰ সমাধান কৰিবলৈ কিছু কঠিন।

image


মই জড়িত হৈ থকা এটা কম্পেনিৰ ক্ষেত্ৰত দেখিছিলো যে,তিনিজন বিনিয়োগকাৰীৰ দুজনেই এমাহৰ ভিতৰত কম্পেনি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল।আমি যিকোনো প্ৰকাৰে তেওঁলোকক আমাৰ লগত থাকি কম্পেনিটো আগবঢ়াই নিবলৈ পতিয়ন নিয়াইছিলো।কিন্তু পিছৰ তিনি বছৰত একেই পৰিস্থিতিৰে সন্মুখীন হ'বলগা হৈছিল।এজন বিনিয়োগকাৰীয়ে কম্পেনি পৰিত্যাগ কৰিবলৈ কাৰণ দৰ্শাইছিল যে তেওঁ বিনিয়োগকাৰী হিচাপে নিজৰ স্থিতি আগবঢ়াই নিয়াত কম্পেনিয়ে তেওঁক সুযোগ দিয়া নাই।আনহাতে তিনি বছৰ এই কম্পেনিত বিনিয়োগ কৰাৰ সলনি এটা বহুজাতিক কম্পেনিৰ পৰা তেওঁ বেছি শিকিলেহেঁতেন।আমি সৌভাগ্যবান যে লিডাৰশ্বিপ টীমৰ কোনো আদৰ্শ ভংগ নকৰি আৰু কম্পেনিত কোনো প্ৰভাৱ নেপেলোৱাকৈ আমি পদত্যাগৰ শিথিলকৰণ নীতি তৈয়াৰ কৰিব পাৰিছিলো।পৰৱৰ্তী সময়ত কম্পেনিয়ে সকলো অংশীদাৰৰ বাবে লাভৰ অংশ আদায় দিবলৈ সক্ষম হৈছিল।

যেতিয়া আপুনি ষ্টাৰ্ট আপৰ কথা চিন্তা কৰিব আৰু বিনিয়োগকাৰীৰ সন্ধান কৰিব তেতিয়া বিনিয়োগকাৰীৰ সৈতে এক চুক্তি কৰি লোৱাটো অতি প্ৰয়োজন।আৰু এনে এখন চুক্তি কৰাৰ আগত আপুনি নিম্নলিখিত কথা কেইটাত গুৰুত্ব আৰোপ কৰিব।

১)নীতি আৰু দ্বায়িত্ব

বিনিয়োগকাৰীয়ে বিনিয়োগকাৰীৰ লগত চুক্তি কৰিব লগীয়া হলে প্ৰতিজন বিনিয়োগকাৰীৰ প্ৰাথমিক দ্বায়িত্ব আৰু কৰ্তব্য উল্লেখ কৰিব লাগে।বিনিয়োগকাৰীৰ প্ৰাক্তন অভিজ্ঞতা,তেওঁলোকৰ উদ্দেশ্য অৰ্থাৎ কোনো বিশেষ ক্ষেত্ৰত বিনিয়োগকাৰীৰ আগ্ৰহ থাকিলে সেই ক্ষেত্ৰখনক তেওঁ আগবঢ়াই নিব।আনহাতে চুক্তি পত্ৰৰ নীতি নিৰ্দেশনাবোৰ সাল-সলনি কৰিব পৰা ব্যৱস্থা থাকিব লাগে যাতে কোনো বিনিয়োগকাৰীয়ে তেওঁৰ দায়িত্ব পালন নকৰিলে কম্পেনিয়ে নতুন মডেল প্ৰস্তুত কৰিব পাৰে।

২)সিদ্ধান্ত গ্ৰহণ

যিকোনো সমস্যাৰ সমাধান একে ঠাইতে কৰা উচিত।প্ৰতিজন সহ-প্ৰতিস্থাপকেই চি.ই.অ.বা সহ মুখ্য পৰিচালন সঞ্চালকৰ দায়িত্বত থাকিব লাগিব বুলি কথা নাই।এখন কমিটিৰ দ্বাৰা বা মেজৰিটি ভোটগ্ৰহণেৰে লোৱা সিদ্ধান্ত বহু সময়ত কাৰ্যকৰী নহ'ব পাৰে।ইয়াৰ ঠাইত এজন ব্যক্তিয়ে সবল আৰু শেষ সিদ্ধান্ত দিব পাৰে।কিন্তু এই ক্ষেত্ৰত এজন সঠিক পথ-প্ৰদৰ্শক বাছি উলিওৱা প্ৰয়োজন।যোগ্যতাৰ মাপ কাঠিত হে প্ৰয়োজনত পথ-প্ৰদৰ্শক সলনি কৰিব লাগে।কিন্তু সকলো সিদ্ধান্ত চুক্তি মতে হব এনেও নহয়,কোনো সময়ত এনে ক্ষেত্ৰত সহ-মতৰো প্ৰয়োজন।

৩) সমতা আৰু ক্ষমতাৰ বিভাজন

ষ্টাৰ্ট আপৰ জৰীপৰ পৰা দেখা গৈছে যে সাধাৰণতে বিনিয়োগকাৰীৰ মাজত সমতা প্ৰদানত গুৰুত্ব আৰোপ কৰা হয়।বিনিয়োগকাৰী সকলৰ পৰিচয় আৰু অভিজ্ঞতাৰ মিল থাকিলে সমতাই সদৰ্থক কাম কৰে।ষ্টাৰ্ট আপৰ ক্ষেত্ৰত সমতাই ভৱিষ্যত কাৰ্যপন্থা পৰিচালনাত সহায় কৰাৰ লগতে গোটৰ সদস্য সকলক একে ধৰণ আৰু পৰ্যায়ত কাম কৰাত সহায় কৰে।কিন্তু বিনিয়োগকাৰী সকলৰ পৰিচয় আৰু অভিজ্ঞতাৰ সাদৃস্য নাথাকিলে সম বিভাজন কৰা উচিত নহয়।মূল নীতি হিচাপে মুখ্য সহ-বিনিয়োগকাৰী বা অধ্যক্ষ তথা পৰিচালন সঞ্চালকক আন সহ-বিনিয়োগকাৰীতকৈ অধিক ক্ষমতা প্ৰদান কৰা উচিত।এই আলোচনাবোৰ গ্ৰহণীয় যেন নালাগিলেও পৰৱৰ্তী সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভাৱ নহবলৈ এনে আগতীয়া আলোচনাৰ অতি প্ৰয়োজন।কিয়নো বিনিয়োগকাৰীৰ মাজত মতভেদে কম্পেনিৰ পৰিচালনাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে।সমতাৰ দৰে ক্ষমতাৰ বিভাজনো এক গুৰুত্বপূৰ্ণ বিষয়।এই ক্ষেত্ৰত বিনিয়োগকাৰীয়ে বজাৰকেন্দ্ৰীক ক্ষমতাৰ বিভাজনত গুৰুত্ব আৰোপ কৰা উচিত।যদি কোনো বিনিয়োগকাৰীয়ে আধা বাটতে যাত্ৰা পৰিত্যাগ কৰে তেনে ক্ষেত্ৰত বিভাজন নকৰা শ্বেয়াৰ সমূহ বিকল্প ব্যক্তিক প্ৰদান কৰাৰ ব্যৱস্থা থাকিব লাগে।

বিনিয়োগকাৰী/গোটৰ সম্পৰ্কটো এখন বিবাহৰ দৰে সম্পৰ্ক।আমি আশা কৰোঁ এই সম্পৰ্ক যেন সদায় বৰ্তি থাকে।বাস্তৱ বিবাহৰ দৰে এই সম্পৰ্কতো বহু আশ্চৰ্যকৰ ঘটনা ঘটিবলৈ থাকে।সেয়ে পিছত অনুশোচনা কৰাতকৈ আগতীয়া চুক্তি কৰি লোৱাটো বেছি লাভদায়ক।


মূল: ভাৰতী জেকব

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ইৰা ডুবে-বাহ্যিক ৰুপৰ পৰিৱৰ্তে প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰক

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ