দুখন হাত প্ৰতিস্থাপন কৰা প্ৰথম শিশু জায়নে এতিয়া লিখিবলৈ আৰম্ভ কৰিছে

দুখন হাত প্ৰতিস্থাপন কৰা প্ৰথম শিশু জায়নে এতিয়া লিখিবলৈ আৰম্ভ কৰিছে

Friday September 16, 2016,

2 min Read

দুবছৰ বয়সত বেক্টেৰিয়া সমক্ৰমণৰ ফলত দুয়োখন হাত আৰু দুয়ো ভৰিৰ পতা হেৰুৱাইছিল জায়ন হাৰ্ভেই । অৱশ্যে আজি ন বছৰ বয়সত তেওঁ লিখিব আৰু বেছবল খেলিব পাৰে । এয়া সম্ভৱ হৈছে হস্ত প্ৰতিস্থাপনৰ দ্বাৰা । যোৱা বছৰ তেওঁৰ শৰীৰত প্ৰতিস্থাপন কৰা হৈছিল দুখন হাত । দুয়োখন হাত প্ৰতিস্থাপন কৰা বিশ্বৰ প্ৰথম শিশু তেওঁ । 

Images : Daily Mail

Images : Daily Mail


শৈল চিকিৎসক, এনাস্থেছিঅ'লজিষ্ট, নাৰ্ছকে ধৰি ৪০ গৰাকী চিকিৎসাকৰ্মীৰ এটা দলে ১০ ঘণ্টা ধৰি কৰা অস্ত্ৰোপচাৰত এই সফলতা লাভ কৰা হৈছিল । এই অস্ত্ৰোপচাৰত নতুন হাত আৰু হাড় জোৰা লগাবলৈ তীখাৰ প্লেট আৰু স্ক্ৰু ব্যৱহাৰ কৰা হৈছিল। তাৰ পাছত বিভিন্ন ধমনী, সিৰা, স্নায়ু আদি জোৰা লগোৱা কামটো খুব সুক্ষ্মভাৱে কৰা হৈছিল । অৱশ্যে চিকিৎসকৰ মতে সেই পেশী সমূহ ব্যৱহাৰ কৰিবলৈ মগজুৱে কিছু সময় লৈছিল । বৰ্তমান দ্ৰুত গতিত জায়নৰ স্বাস্থ্যৰ উন্নতি ঘটিছে ।

"মোৰ নতুন হাত কেইখনক লৈ মই সুখী । মই আনতকৈ পৃথক যেন অনুভৱ নকৰোঁ । মই আগতকৈ বেছি দুৰলৈ ফুটবল দলিয়াব পাৰোঁ । মোৰ পৰৱৰ্তী লক্ষ্য মোক ফুটবল খেলাৰ অনুমতি দিবলৈ মাক সৈমান কৰোৱা ।" জায়নে কয় ।

জায়নৰ মাতৃ পেটি ৰেই ইতিপূৰ্বে জায়নক নিজৰ কিডনী দান দি থৈছে । কিন্তু বেক্টেৰিয়া সংক্ৰমণত সেই কিডনীও নষ্ট হৈ গৈছিল । জায়নে প্ৰস্থেটিক লেগৰ সহায়ত চলা-ফিৰা কৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে