উবেৰৰ মুখ্য কাৰ্যবাহী বিষয়া ট্ৰেভিছ কালানিকৰ নতুন উদ্যোগীলৈ ৯টা গুৰুবাণী

উবেৰৰ মুখ্য কাৰ্যবাহী বিষয়া ট্ৰেভিছ কালানিকৰ নতুন উদ্যোগীলৈ ৯টা গুৰুবাণী

Monday January 25, 2016,

5 min Read

তেওঁ আহিলে, তেওঁ দেখিলে আৰু তেওঁ সকলো উবেৰময় কৰি পেলালে। ট্ৰেভিছ কালানিক, উবেৰৰ প্ৰতিস্থাপক। যোৱা ১৬জানুৱাৰীত ভাৰত চৰকাৰে আয়োজন কৰা ‘Startup India’ initiativeত তেওঁ হাজাৰজনৰ মন বুদ্ধিদীপ্ত ভাষণেৰে জয় কৰিলে। তেওঁ এজন উদ্যোগীৰ বাবে গুৰুবচন সন্দৰ্ভত ক'লে বহু কথা।

দিল্লীৰ বিজ্ঞান ভৱনত মাত্ৰ ২০মিনিটৰ তেওঁৰ ভাষণত তেওঁ স্থানীয় উদ্যোগীসকলৰ আগত তেওঁৰ উবেৰ যাত্ৰা সন্দৰ্ভত সকলো কথাই ক'লে। তেওঁৰ উবেৰৰ প্ৰতিস্থাৰ পৰা বৰ্তমানৰ বিজেতাৰ অনুভৱলৈ সকলো কথাই ক'লে। তেওঁৰ সাৱলীল বক্তব্যত তেওঁ কাকোৱেই একো কথাতেই সন্দেহৰ অৱকাশ নিদিলে। তেওঁৰ মতে প্ৰথম কথাটো হল যাত্ৰাটো উপভোগ কৰাটোহে।


image


তেওঁৰ ভাষণৰ কিছু কথা দাঙি ধৰা হ'ল

১• এজন ভাল গুৰু হৈ উঠক

ট্ৰেভিছে তেওঁৰ ভাষণ আৰম্ভ কৰিয়েই দেখুৱালে এটি শিশুৱে এটা কম্পিউটাৰৰ সমুখত বহি থকা এখন ফটো। ফটোখনৰ কথা কবলৈ গৈ ৰসিকতাৰে তেওঁ কলে, “মই শৈশৱৰে পৰা এজন পাকৈত আৰু কম বয়সৰে পৰা কোডিং কৰিছিলো। মোৰ দেউতা আছিল এজন চিভিল ইঞ্জিনীয়াৰ আৰু এজন পটু লোকৰ জীৱন কটোৱাতো মোৰ বাবে ইমান সহজ নাছিল।”

২• আপোনাৰ আগ্ৰহৰ কোনো কাম বিচাৰি লওঁক

উবেৰৰ জন্ম বৃত্তান্ত সন্দৰ্ভত তেওঁ কয়, “পেৰিছত আমি এঠাইলৈ যাব ওলাই এখনো টেক্সি পোৱা নাছিলো।”

সেইবাবেই সেইক্ষেত্ৰত তেওঁ এখন বৃহৎ বজাৰৰ সম্ভাৱনীয়তা দেখিছিল।

নিউ ইয়ৰ্কত ৬০বছৰৰ বাবে টেক্সিৰ একেই অনুজ্ঞা আছিল। গাড়ীৰ মালিকসকলে লবী কৰি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছিল। পৰিস্থিতি ইমানেই বেয়া আছিল যে সেই ব্যৱসায়ত আন কোনেও প্ৰৱেশ কৰিব পৰা নাছিল। এজন চালকে অনুজ্ঞাৰ বাবদ নিতৌ ১৫০ডলাৰ পৰিশোধ কৰিব লগীয়া হৈছিল ।

৩• আপুনি সমাধান কৰি থকা সমস্যাটো বাৰু কিমান বেয়া ?

উবেৰত তেওঁৰ দায়িত্ব সন্দৰ্ভত ট্ৰেভিছে কয়, “মই হৈছো উবেৰৰ সমস্যাৰ মূখ্য সমাধানকৰ্তা। অংকৰ অধ্যাপকে কঠিনতকৈও কঠিন সমস্যাৰ সমাধান কৰাৰ দৰে আমিও নতুন নতুন কঠিন প্ৰত্যাহ্বান বিচাৰিছিলো।”

তেওঁ উবেৰে কিদৰে হিট মেপ ব্যৱহাৰ কৰি সঠিক পথ নিৰ্দেশনাৰে চালকক নিৰ্দিষ্ট স্থানত উপনীত হোৱাত সহায় কৰে তাকে কয়। তেওঁ কয়, “আমি গ্ৰাহকক সঠিক সেৱা আগবঢ়োৱাৰ বাবে চাহিদাক পূৰ্বেই অনুমান কৰি ১৫মিনিটৰ পূৰ্বেই গ্ৰাহকে কেতিয়া গাড়ী বিচাৰিব তাৰ পূৰ্বানুমান কৰো, যাতে গ্ৰাহকে বিচৰা সময়তকৈও পূৰ্বে আমি গাড়ীৰ সেৱা আগবঢ়াব পাৰোঁ।”

উবেৰে তদুপৰি সমস্যাসমুহ সাধাৰণীকৰণ কৰি সমাধান কৰি গ্ৰাহকৰ প্ৰয়োজন সাপেক্ষে গাড়ীৰ সেৱা আগবঢ়োৱাত মনোনিবেশ কৰে। ট্ৰেভিছৰ মতে ,

এটা সমস্যা সমাধান কৰিয়েই সন্তুষ্টি লাভ কৰিলে আপুনি এগৰাকী ভাল উদ্যোগী হব নোৱাৰিব। সদায়েই ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান আহিয়েই থাকিব। এই ক্ষেত্ৰত আমি বা গুগল আৰু টেছলাৰ দৰে কোম্পানীয়ে চিন্তা কৰিছো কিদৰে চালক বিহীন গাড়ীৰ ব্যৱস্থা কৰিব পাৰি।

ট্ৰেভিছে বিশ্বাস কৰে যে সেই দিনটো বেছি দুৰ নহয়,যিদিনা সমগ্ৰ বিশ্বতে স্বয়ংক্ৰিয়ভাবে চলা গাড়ীয়ে মানুহৰ সহায়ৰ অবিহনেই এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰাপথৰ ত্ৰিবিম্বীয় প্ৰতিবিম্ব সৃষ্টি কৰিবলৈ সক্ষম হব।

৪• সৃষ্টিশীল বিশ্নেষক হওঁক

সৃষ্টিশীলতা অবিহনে কম্পিউটাৰৰ কাম নাই।

“সৃষ্টিশীলতা হৈছে আনন্দ প্ৰদানকাৰী বুদ্ধিদিপ্ততা ” – এলবাৰ্ট আইনষ্টাইন

ট্ৰেভিছে বিশ্বাস কৰে যে যেতিয়া আপুনি বিশ্লেষণাত্মক সক্ষমতাক সৃষ্টিশীলতাৰ সৈতে সংপৃক্ত কৰিব তেতিয়াই যাদুকৰী ফল লাভ কৰিব।

কম্পিউটাৰে যিকোনো হিচাপ অনায়াসে কৰিব পাৰে। কিন্তু সৃষ্টিশীলতা অবিহনে ই কিহৰ হিচাপ কৰে সেয়া গুৰুত্বহীন। যেতিয়া দুয়োটাৰে সমাহাৰ ঘটে তেতিয়াই সেই আনন্দ আনি দিয়ে আৰু সিয়েই খেল সলনি কৰি দিয়ে।

উবেৰৰ আন কিছু পদক্ষেপ সন্দৰ্ভত ট্ৰেভিছে উবেৰ আইচক্ৰীমৰ কথা কয়। তেওঁ কয় যে তেওঁলোকে এই আইচক্ৰীম দ্ৰোণ বা উবেৰ হেলিকপ্তাৰেৰে বিতৰণ কৰে। পিতৃ দিৱসৰ দিনা তেওঁলোকে এই সেৱা আদবঢ়ায়।

৫• ধাৰণা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যটো বিচাৰি উলিয়াওক

“সদায়েই ধাৰণা আৰু বাস্তৱৰ মাজত এটা ব্যৱধান থাকে আৰু সেই ব্যৱধানেই হৈছে উদ্ভাৱকৰ ক্ৰীড়াঙ্গন,যত আছল যাদুটো হয়। ,” তেওঁ কয়।

তেওঁ বিশ্বাস কৰে যে যি ভীৰৰ পিছে পিছে গৈ থাকে তেওঁ কেতিয়াও ভীৰৰ আগত গৈ উপস্থিত হবগৈ নোৱাৰে। কিন্তু যিজনে নিজৰ সাম্ৰাজ্য গঢ়ি লয় তেৱেঁইহে প্ৰভাৱশালী কিবা এটা কৰিবলৈ সক্ষম হয়। তেওঁ ধেমেলীয়া সুৰত কয়, যে বৰষুণক প্ৰত্যাহ্বান জনাই গৈ থাকা, যিয়ে যিমানেই তোমাক বলিয়া বুলি নকওক কিয়। যেতিয়াই তুমি ধাৰণা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যটো সঠিকভাবে বুজিবা তেতিয়াই হয়তো তুমি সত্যৰ সন্ধান পাবা নহলে সকলো ওলোটা হৈ যাব। মহান উদ্যোগীসকল শংকাক বুজি উঠা আৰু তাৰ সমাধান উলিওৱাত শ্ৰেষ্ঠ। যেতিয়াই সমগ্ৰ বিশ্বই নায়েগ্ৰা জলপ্ৰপাতৰ ওপৰেৰে এডাল ৰছিৰে খোজ কাঢ়ি গৈ থকাৰ দৰে বিপজ্জনক কাম বুলি ভবা কাম এটাও এইসকল উদ্যোগীয়ে কৰি পেলাবলৈ সক্ষম হয়,কাৰণ তেওঁলোকৰ সেই দক্ষতা আছে।

৬• যাদু কৰিবলৈ শিকক

ট্ৰেভিছে কয় , “সঠিক লোকক নিযুক্তি দিয়ক। ভৱিষ্যতলৈ মন দিয়ক আৰু আপোনাৰ কৰ্মীদলটোৰ উৎসাহ বৃদ্ধি কৰক। ষ্টিভ জবছৰ আইফোনৰ পেটেন্ট আছিল আৰু স্মাৰ্ট ফোনৰ ভৱিষ্যত সম্পৰ্কত তেওঁ আনতকৈ আগতেই অনুমান কৰিব পাৰিছিল। ”

আছল যাদুটো হৈছে আপোনাৰ কৰ্মচাৰীক হয়তো টকা দি, বা টকা জমা কৰাৰ উপায় দি অথবা টকাৰ মূল্য দি আনন্দ প্ৰদান কৰক। আপুনি সাধাৰণভাবেই জানে যে কেতিয়া আপুনি সেই যাদুটো দেখিব। তেওঁ তদুপৰি কয়, “ যদিও মই গল্ডেন গেট দলঙৰ ওপৰেৰে বহুবাৰ গৈছো, তথাপিও আজিও মই যেতিয়াই সেই দলঙেৰে যাও এখন ফটো লও। সেয়াই যাদু।”

৭• এটা ভাল কাহিনী লাগে

এটা কোম্পানীয়ে কাৰিকৰী দিশৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ওপৰত মন দিয়া উচিত। গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ শ্ৰেষ্ঠ উপায় হৈছে প্ৰকৃত যুঁজখন জানি লোৱা আৰু এটা উচিত কাহিনীৰে আগবঢ়া।

আপোনাৰ কাহিনীটো এটা টেক্সী যাত্ৰাৰ পৰা জীৱনযাত্ৰালৈ উন্নীত কৰক আৰু তাৰ অৰ্থ বিচাৰক । যুঁজিবলৈ শিকক। সদায়েই উপায়ৰ সন্ধান কৰক। সামগ্ৰী এটা সততা,আগ্ৰহ আৰু একাগ্ৰতাৰে বিক্ৰী কৰাৰ পথ সদায়েই আছে। যদিও উবেৰ হৈছে যাতায়তৰ এক মাধ্যমহে,তথাপিও একোটা ভাল কাহিনীৰে সদায়েই আপুনি মানুহক উদ্বুদ্ধ কৰিবলৈ সক্ষম হব।

৮• দু:সাহিক ৰোমান্স ক'ত

image


ট্ৰেভিছে বিশ্বাস কৰে যে, অসাধ্য সাধন কৰাটোৱেই উদ্যোগশীলতা। তেওঁ তেওঁৰ পূৰ্বৰ ষ্টাৰ্ট আপৰ এটা উদাহৰণ দিয়ে। সেই সময়ত তেওঁ আৰু তেওঁ এজন সহযোগীয়ে টালি টোপোলা বান্ধি টিৰুৱনন্তপুৰম ভাৰকালাত এটা সৰু ঘৰ ভাৰালৈ লৈছিল আৰু প্ৰায় কেইবাসপ্তাহো ধৰি সাগৰৰ তীৰতেই কোডিং কৰিছিল। তেনেকৈ কিয় কাম কৰিবলগীয়া হৈছিল তাকে কৈ কয়, “কাৰণ আমি তেনেকুৱা কৰিব পাৰিছিলো। কাৰণ বিশ্বখন এতিয়া সৰু হৈ গৈছে । কি বেইজিং কি বাংগালুৰু, সকলো একে। !”

দু:সাহসৰ কথা কবলৈ গৈ তেওঁ চীন দেশত উবেৰৰ ব্যৱসায় কৰাৰ কথা কয়- যিখন বজাৰত বিদেশী কোনো কোম্পানীয়েই সবল খোজ পেলাবলৈ সক্ষম নহয়। ভাৰতীয় উদ্যোগীৰ প্ৰতি তেওঁ আহ্বান জনাই কয় , “ এয়া কেৱল আপোনাৰ চহৰখন বা দেশখনৰ বাবে কিবা কৰাৰ সময় নহয়, পৃথিৱী এতিয়া তেনেই সৰু ।”

৯• এজন বিজেতাৰ মানসিকতা গঢ়ি তোলক


image


উদ্যোগীসকললৈ পৰামৰ্শ হিচাপে ট্ৰেভিছে কয়, "আপোনাৰ যি সামৰ্থ আছে সকলো লগাই দিয়ক। অকনো ত্ৰুটি কৰিলেই বিফলতা নিশ্চিত। যদি অলপ ব্যৰ্থতাতেই পিছ হুঁহকি নাহে তেনেহলে আপোনাক হৰুওৱাটো কঠিন হৈ পৰিব। ”

তেওঁৰ ভাষণৰ সামৰণিত তেওঁ এটা অনুপ্ৰেৰণামূলক ভিডিঅ' দেখুৱায়। সেই ভিডিঅ'টোত এক ৬০০ মিটাৰ দৌৰত এবাৰ বাগৰি পৰাৰ পিছতো দৌৰবিদ হিথাৰ ডৰনিবেনে কিদৰে পুনৰ দৌৰি সফলতা লাভ কৰিছিল সেই কথা দেখুওৱা হৈছিল । ভাষণৰ অন্তত তেওঁ কয়, "আপুনি যিয়েই নকৰক নিজৰ কৰ্মৰ যাত্ৰাটো উপভোগ কৰক।"

মূল--দিপ্তী নায়াৰ আৰু হৰ্ষিত মালিয়া

অনুবাদ-প্ৰাঞ্জল শৰ্মা