গুৱাহাটী মহানগৰীৰ পৰা তথ্য প্ৰযুক্তিৰে বিশ্ব বিজয়ৰ সপোন ছজন যুৱকৰ

গুৱাহাটী মহানগৰীৰ পৰা তথ্য প্ৰযুক্তিৰে বিশ্ব বিজয়ৰ সপোন ছজন যুৱকৰ

Saturday December 19, 2015,

6 min Read

এনে এটা অফিচৰ কথা কল্পনা কৰকচোন, য’ত কর্মচাৰীসকলৰ অফিচলৈ অহা-যোৱা কৰাৰ কোনো নির্দিষ্ট সময় নাথাকে, য’ত কর্মচাৰীসকলৰ কাৰোবাৰ অসুবিধা হ’লে এটা ফোন কৰিয়েই তেওঁলোকৰ সমস্যাটোৰ সমাধান নোহোৱালৈকে অফিচলৈ নহাকৈ থাকিব পাৰে, য’ত Administration বুলি কোনো কথা নাথাকে, তেনেকুৱা এটা অফিচত চাকৰি কৰিবলৈ কোনেনো নিবিচাৰিব ? আৰু সেই চাকৰি কৰাৰ বাবদ এটা শকত অংকৰ দৰমহা পালেতো কথাই নাই৷

এয়া কিন্তু আমাৰ কোনো ইউটোপীয়ান কল্পনা নহয় – আমি বাস্তৱতে, গুৱাহাটী মহানগৰীত থকা তেনেকুৱা এটা অফিচৰ কথাই ক’বলৈ ওলাইছো - য’ত গতানুগতিক অফিচ এটাত প্ৰচলিত সকলোবোৰ কথাই অপ্ৰয়োজনীয় – তাত প্ৰয়োজনীয় কেৱল Creativity. অ - ইয়াত সৃষ্টিশীলতাৰ বাহিৰে আন কোনো কথাৰে স্থান নাই৷

আমি গুৱাহাটীস্থিত ক্ৰ ইনফ’ (CROW INFO)নামৰ ষ্টার্টআপটোৰ কথা কৈছো৷ এই ৱেব ডেভেলপমেণ্ট ফার্মখন বিবেক বড়ো, জিজ্ঞানদ্বীপ কলিতা, মণ্টি ৰৌশন, নিৰূপম দলৈ, জুৱেল দে, আৰু সমিত দাস নামৰ ৩০ অনুর্ধৰ ছজন যুৱকে নিজৰ জ্ঞান, সৃষ্টিশীলতা আৰু ব্যৱসায়ীক বুদ্ধিৰে আগবঢ়াই নিছে৷ প্ৰায় এবছৰ পূর্বে আৰম্ভ কৰা এই ষ্টার্টআপটোৰ আটাইকেইজন অংশীদাৰেই ইজনে-সিজনক নিজৰ পচন্দৰ এটা পৰিবেশ তৈয়াৰ কৰি লোৱাৰ সুবিধা দিয়াৰ লগতে প্ৰত্যেককে নতুন নতুন সম্পৰীক্ষা কৰা, সেইবোৰত বিফল হোৱা আৰু সেই বিফলতাৰ পৰা শিক্ষা লৈ নতুন উদ্যমেৰে কৃতকার্যতাৰ দিশত আগবাঢ়ি মানুহৰ ভাল লগাকৈ কিবা এটা সৃষ্টি কৰাৰ দিশটোতেই মূলতঃ গুৰুত্ব দিয়ে৷

বিবেক বড়োৰ মতে, “কোনো ধৰাবন্ধা নিয়মানুবর্তীতাৰ ধাৰণা নথকা কাৰণেহে তেওঁলোক প্ৰতিজনেই গুণগত আৰু মানসম্পন্ন কামৰ প্ৰতি আন প্ৰতিষ্ঠান বোৰৰ তুলনাত বেছি সচেতন হ’ব পাৰিছে”৷

ক্ৰ ইনফ’ (CROW INFO)ৰ অফিচটো এটা অতি সাধাৰণ অফিচ কিন্তু এই সাধাৰণ অফিচটোৰ পৰাই তেওঁলোকে নিজৰ সৃষ্টিশীলতাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ ৱেব চাইট আৰু ৱেব এপ্লিকেশ্ব্যন ডেভেলপ কৰিছে৷ ক্ৰ ইনফ’ (CROW INFO)আজি উত্তৰ-পূৱৰ তথ্য প্ৰযুক্তি বিজ্ঞানৰ এক অগ্ৰণী প্ৰতিষ্ঠান৷

আৰম্ভণী -

তথ্য প্ৰযুক্তি বিজ্ঞানৰ স্নাতক ‘জিজ্ঞান’ আৰু ‘বিবেকে’ নিজৰ শিক্ষা সমাপ্তিৰ পিছত এখন ব্যৱসায়ীকভাৱে সফল আই.টি. ফার্মত ৱেব ডিজাইনিঙৰ চাকৰি কৰিছিল৷ সেই ফার্মখনত কেইবামাহো একেলগে কাম কৰাৰ পিছতো তেওঁলোকে নিজৰ কামক লৈ মুঠেও সন্তুষ্ট হোৱা নাছিল৷ সেইসময়ত প্ৰতিটো মূহুর্ততে তেওঁলোকে অনুভৱ কৰিছিল যে ফার্মখনে পর্যাপ্ত কাম কৰে ঠিকেই কিন্তু গুণগত ভাৱে সেই কামবোৰ যথেষ্ঠ নিম্নমানৰ হৈছে৷ তাৰ কাৰণ বিশ্লেষণ কৰি তেওঁলোকে পালে যে সেই ফার্মখনে আগ-পাছ নুগুনি উপভোক্তাৰ পৰা যিকোনো ধৰণৰ কামৰ ফর্মাচ গ্ৰহণ কৰে আৰু সেই ফর্মাচ বোৰ লওঁতে ফার্মখনৰ স্বত্বাধিকাৰীয়ে বহু কম পাৰিশ্ৰমিকতে কামটো কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ বহুসময়ত এনেকুৱাও হয় যে কোনো এজন উপভোক্তাই ৩০০০ ৰ পৰা ৪০০০ টকা দিয়েই এদিনৰ ভিতৰতে ৱেব চাইট এটা তৈয়াৰ কৰাৰ ফর্মাচ দিয়ে আৰু কোনো প্ৰতিবাদ নকৰাকৈ ফার্মখনৰ স্বত্বাধীকাৰীয়ে সেই কামটো কৰি দিয়াৰ দায়িত্ব লৈ লয়৷ এনেবোৰ কথাই বহুদিন ধৰি তেওঁলোক দুজনৰ মনত খুটিয়াই থকাৰ পিছত এদিন তেওঁলোকে কৰি থকা কামটো এৰাৰ সিদ্ধান্ত ল’লে৷ তেতিয়ালৈ মণ্টি ৰৌশনো তেওঁলোক দুজনৰ লগ লাগিছিল৷ এই মণ্টি ৰৌশন আকৌ জিজ্ঞান আৰু বিবেকে চাকৰি কৰা ফার্মখনৰ এজন ক্লায়েণ্ট আছিল৷ ৱেব চাইট এটা ডিজাইন কৰিবলৈ আহোতে মণ্টিয়ে জিজ্ঞান আৰু বিবেকৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ কথা জানিব পাৰিছিল৷

কেইদিনমানৰ ভিতৰতে তিনিও নলে-গলে লগা বন্ধু হৈ পৰিল আৰু সেই বন্ধুত্বৰ মাধ্যমেৰেই ২০১৪ ৰ শীতৰ সেমেকা এটা দিনত মণ্টি ৰৌশনৰ ভাড়াঘৰৰ কোঠালিত ক্ৰ ইনফ’ (CROW INFO)ৰ উষ্ম আবির্ভাৱ ঘটিল৷ সেই তেতিয়াৰে পৰা তেওঁলোক তিনিওৰে আদর্শ ব্যক্তি ষ্টিভ জৱছৰ অনুপ্ৰেৰণাৰে ক্ৰ ইনফ’ নামৰ সপোনটোৰ জখলাত তিনিও ক্ৰমে উধাবলৈ চেষ্টা কৰিছে৷

image


সুন্দৰৰ প্ৰতি সকলোৱে অনুভৱ কৰে এক দূর্বাৰ আকর্ষণ -

ক্ৰ ইনফ’ (CROW INFO)ৰ আটাইকেইজন অংশীদাৰেই একেমূখে ক’লে যে “প্ৰতিজন ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ চকুত আমি গঢ় দিয়া ৱেব চাইট বা ৱেব এপ্লিকেশ্ব্যনটো আমি কলাসন্মতভাৱে উপস্থাপন কৰাৰ লগতে ব্যৱহাৰৰ উপযোগীকৈ তৈয়াৰ কৰিব বিচাৰোঁ৷”

তেওঁলোকে লগতে জনালে যে “আজিলৈকে ব্যৱসায়টোৰ বিপণন আৰু বিজ্ঞাপনৰ নামত তেওঁলোকৰ ফুটাকঢ়ি এটাওঁ খৰচ হোৱা নাই৷ এবাৰ তেওঁলোকৰ কাষ চপা প্ৰতিজন ক্লায়েণ্টেই আপোনা-আপুনি ক্ৰ ইনফ’ (CROW INFO)ৰ বিপণন আৰু বিজ্ঞাপনৰ কাম কৰিছে”৷

তেওঁলোকৰ মতে, “প্ৰতিজন ক্লায়েণ্টক তেওঁলোকে এক বিশেষ স্থান দিয়াৰ লগতে গুণ আৰু মানসম্পন্ন কামেৰে তেওঁলোকক মুহিব পৰাৰ বাবেই এয়া সম্ভৱ হৈছে”৷

এই প্ৰসঙ্গৰ অৱতাৰণা হওঁতে তেওঁলোকে জনালে যে মাত্ৰ কেইদিনমান আগতে মোহিত কাব্ৰা নামৰ oyeshopping.in শীর্ষক Online grocery store টোৰ স্বত্বাধীকাৰীজনে তেওঁৰ ৱেব পেজটো তৈয়াৰ কৰাৰ পাছত পেজটো দেখি যথেষ্ঠ আপ্লুত হৈছিল আৰু পিছদিনাই তেওঁ আন চাৰিজন ক্লায়েণ্টক ক্ৰ ইনফ’ (CROW INFO)লৈ পঠিয়াই দিছিল৷

এইদৰেই অনুষ্টুপীয়াকৈ আৰম্ভ কৰা ক্ৰ ইনফ’ (CROW INFO)ই আজি বলিষ্ঠ ৰূপত আগবাঢ়িবলৈ সক্ষম হৈছে৷

প্ৰত্যাহ্বান –

য’ত দুমাহ আগতে তেওঁলোকে মাত্ৰ চাৰি বা পাঁচটা প্ৰজেক্টত কাম কৰি থকাৰ বিপৰীতে আজি প্ৰায় তেৰ-চৈধ্যটা প্ৰজেক্টত কাম কৰিব লগা হৈছে৷ দিনে দিনে তেওঁলোকৰ কামৰ দ্বায়িত্ব আৰু চাপ বাঢ়ি আহিছে আৰু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে নতুন নতুন প্ৰজেক্টত কাম কৰিবলৈ তেওঁলোকক আৰু মানুহ লগা হৈছে৷ কিন্তু উত্তৰ পূৱ ভাৰতত তেওঁলোকৰ প্ৰত্যাশা অনুযায়ী কাম কৰিব পৰাকৈ Anroid আৰু PHP Developer ৰ খুবেই অভাৱ৷ সেই গতিকে তেওঁলোকে নিজৰ প্ৰয়োজন অনুসাৰে এই অঞ্চলৰ তথ্য প্ৰযুক্তিৰ স্নাতক সকলৰ মাজৰ পৰা মানৱ-শক্তিৰ সৃষ্টি কৰি ল’ব লগা হৈছে৷

কিন্তু আৰম্ভণীৰ কালচোৱাৰ কথা আছিল সুকিয়া৷ তেতিয়া তেওঁলোকৰ কাম কম আছিল আৰু সেই কামখিনি কৰিবলৈ তেওঁলোকৰ প্ৰতিজনৰে এটা সুকুমাৰ মন আৰু কাৰিকৰী প্ৰতিভা আছিল৷ কিন্তু এতিয়া গুৱাহাটী চহৰত এজন বিবেক, এজন জিজ্ঞানদ্বীপ আৰু এজন মণ্টিৰ বাৰুকৈয়ে অভাব৷

আত্মবিশ্বাস আৰু ধৈর্য থাকিলে যিকোনো কামেই সম্ভৱ হ’ব পাৰে –

যি সময়ত অসম তথা উত্তৰ-পূৱৰ তথ্য প্ৰযুক্তি বিজ্ঞানৰ স্নাতকে চাকৰিৰ সন্ধানত বাঙ্গালোৰ, মুম্বাই আদি চহৰলৈ ধাপলি মেলিছে সেই সময়ত গুৱাহাটীৰ দৰে এখন সৰু চহৰৰ এটা সৰু অফিচত বহি তথ্য প্ৰযুক্তি বিজ্ঞানকে সাৰথি কৰি এক মানসম্পন্ন ব্যৱসায়ৰ যোগেৰে ক্ৰ ইনফ’ (CROW INFO)ই বহুতৰ বাবে এক আদর্শ হ’বৰ চেষ্টা কৰিছে৷

আৰম্ভণীৰ সময়ছোৱাত তেওঁলোকৰ নতুন কিবা এটা কৰাৰ আছিল দূর্বাৰ হাবিয়াস, মনত আছিল অযুত সাহস, নিত্য নতুন চিন্তা আৰু পৰিকল্পনা আছিল তেওঁলোকৰ সঙ্গী, সৃষ্টিশীল মনটোৱে মাথো আগুৱাই যাব বিচাৰিছিল – এই সকলোবোৰ সম্বলেই তেওঁলোকৰ আছিল – মাথো নাছিল এজনো বিনিয়োগকাৰী৷ ব্যৱসায়টো আৰম্ভ কৰোঁতে তেওঁলোকৰ হাতৰ এপদ এপদকৈ সকলো সম্পদ শেষ হোৱাৰ পিছত বহু আশাৰে তেওঁলোকে বাট চাইছিল যে কোনোবা এজন হ’লেও আগবাঢ়ি আহিব, যিজনে তেওঁলোকৰ সপোনবোৰক বুজি পাব আৰু সেই সপোনক ফলৱতী কৰাৰ বাবে কিবা অলপ হ’লেও বিনিয়োগ কৰিব – কিন্তু বহু প্ৰতীক্ষাৰ অন্ততো তেনে কোনো এজন বিনিয়োগকাৰী আগবাঢ়ি নাহিল৷

সেইসময়ত জিজ্ঞানহঁতৰ সহপাঠী বেছিভাগেই চাকৰিৰ সন্ধানত হয় বাঙ্গালোৰ নহয় মুম্বাইলৈ ধাপলি মেলিছিল আৰু কেৱল নিজৰ সপোন আৰু সাহসক সাৰথি কৰিয়েই তেওঁলোক গুৱাহাটী চহৰৰ চুক এটাৰ সৰু এটা ভাড়াঘৰত পৰি ৰৈছিল৷ তেওঁলোকে কৰিব খোজা কামটোৰে যে এদিন সফল হ’ব সেই কথাটো বহু চেষ্টাৰ পিছতো তেওঁলোকে ঘৰখনৰ মানুহ বোৰ অথবা বন্ধু-বান্ধবক বুজাব পৰা নাছিল৷

তাৰ পিছতো কিন্তু তেওঁলোকে সাহস হেৰুউৱা নাছিল৷ সেই সাহসৰ বলতে আজি সকলো ধৰণৰ প্ৰত্যাহ্বান ওফৰাই বিবেক বড়ো, জিজ্ঞানদ্বীপ কলিতা, মণ্টি ৰৌশন, নিৰূপম দলৈ, জুৱেল দে আৰু সমিত দাস নামৰ এই ছয় তৰুণে আন্তঃৰাষ্ট্ৰীয় মানৰ কামেৰে তেওঁলোকৰ উপভোক্তাক সন্তুষ্ট কৰিব পাৰিছে৷


image


তেওঁলোকে আশা কৰে যে অদূৰ ভবিষ্যতে ক্ৰ ইনফ’ (CROW INFO) ত বিনিয়োগ কৰিবলৈ এজন বিনিয়োগকাৰী আগবাঢ়ি আহিব আৰু তাৰ কিছুদিনৰ ভিতৰতে এটা ষ্টার্ট আপ কম্পেনী হিচাপে ক্ৰ ইনফ’ (CROW INFO) ই সেই বিনিয়োগকাৰী জনৰ সৈতে সফলতাৰ শিখৰত আৰোহণ কৰিব৷