পথত বাতৰি কাকত বেচাৰপৰা আই আই টিলৈ শিৱাঙ্গীৰ প্ৰেৰণাদায়ী যাত্ৰা

পথত বাতৰি কাকত বেচাৰপৰা আই আই টিলৈ  শিৱাঙ্গীৰ প্ৰেৰণাদায়ী যাত্ৰা

Monday November 07, 2016,

2 min Read

ছুপাৰ ৩০ৰ বাবে বিখ্যাত আনন্দ কুমাৰে অলপতে নিজৰ এগৰাকী ছাত্ৰীৰ অতিশয় প্ৰৰণাদায়ক কাহিনী লিখিছে । পিতৃৰ সৈতে পথত বাতৰি কাকত বিক্ৰী কৰা শিৱাঙ্গীয়ে আই আই টি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বিষয়ে তেওঁ ফেচবুকত লিখিছে।

image


তেওঁ লিখিছে কিদৰে পিতৃৰ সৈতে বাতৰি কাকত আৰু আলোচনী বিক্ৰী কৰা শিৱাঙ্গীয়ে সকলো প্ৰত্যাহ্বান নেওচি নিজৰ অধ্যয়ন চলাই গৈছিল । যিকোনো সময়তে অকণমান সুবিধা পালেই তেওঁ অধ্যয়ন কৰিছিল । এইদৰেই উচ্চতৰ মাধ্যমিক শিক্ষা তেওঁ উত্তৰ প্ৰদেশৰ ডেহা নামৰ এখন সৰু ঠাইৰপৰা সম্পূৰ্ণ কৰিছিল । 

এদিন তেওঁ ছুপাৰ ৩০ৰ বিষয়ে পঢ়িলে আৰু আনন্দক লগ কৰাৰ সিদ্ধান্ত ল'লে । এতি সোনকালে তেওঁ এই প্ৰতিষ্ঠানৰ অংশ হৈ পৰিল আৰু আই আই টিৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে । আনন্দৰ পৰিয়ালৰ সৈতেও শিৱাঙ্গী যথেষ্ট ঘনিষ্ঠ হৈ পৰিল । আনকি আনন্দৰ মাতৃৰ আসুখৰ সময়ত তেওঁৰ যত্নও লবলৈ ধৰিলে ।

শিৱাঙ্গী আই আই টি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । আই আই টি ৰুৰকীৰ বাবে যাত্ৰা কৰা দিনা আনন্দৰ পৰিয়ালৰ সকলোৰে চকু অশ্ৰুসিক্ত হৈ পৰিছিল যেন ঘৰৰ ছোৱালীহে বিদায় লৈ গৈছে । আজিও শিৱাঙ্গীয়ে আনন্দৰ পৰিয়ালৰ লগত যোগাযোগ ৰাখিছে । "যেতিয়া শিৱাঙ্গীয়ে চাকৰি পোৱাৰ খবৰ আমাক দিলে তেতিয়া আমাৰ পৰিয়ালে আনন্দ উদযাপন কৰিছিল ।" আনন্দে প্ৰকাশ কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উত্তৰ-পূবৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৫০ কোটি টকীয়া 'অইল ষ্টাৰ্টআপ পুঁজি'

সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ

গুলাবী গেং আৰ্ট প্ৰজেক্টঃ শিল্পৰ জৰিয়তে এক আন্দোলন

অনুপ্ৰাণিত হ’বলৈ সাজু হওক- জাৰিনা স্ক্ৰুৱালাৰ কাহিনী