জি এছ টি সচিবালয়ত থাকিব আই আৰ এছ বিষয়া

0

জি এছ টি পৰিষদৰ শীৰ্ষ পদবীসমূহত ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াক মকৰল কৰাত আগ্ৰহী কেন্দ্ৰীয় চৰকাৰ । ৰাজহ সেৱা বিষয়া সংস্থাৰ এটা দলে বিত্তমন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে । বিত্তমন্ত্ৰীয়ে তেওঁলোকক এই বুলি আশ্বাস দিয়ে যে জি এছ টি সম্পৰ্কে তেওঁলোকৰ দাবী বিবেচনা কৰা হ'ব । আনহাতে এই ক্ষেত্ৰত বিষয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব বুলিও তেওঁ জনায় । আনহাতে কোনো কাৰণতে এই পদ সমূহৰ মৰ্যাদা লাঘৱ কৰা নহব বুলিও তেওঁ আশ্বাস দিয়ে । 

ইতিপূৰ্বে জি এছ টি সচিবালয়ৰ গঠন প্ৰক্ৰিয়া সন্দৰ্ভত আপত্তি প্ৰদৰ্শন কৰি ৰাজহ বিষয়া সকলে কৈছিল যে জি এছ টি সচিবালয় আই এছ এছ বিষয়াৰ সলনি আই আৰ এছ বিষয়াক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া হওক । অলপতে কেবিনেট বৈঠকত হোৱা ৰাজহ সচিবক জিএছটি পৰিষদৰ সচিব আৰু CBEC অধ্যক্ষক স্থায়ী সদস্য ৰূপে অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সাধাৰণতে ৰাজহ সচিবজন আই এ এছ বিষয়া হয় ।

কেবিনেটে এই সচিবালয়ত এগৰাকী অতিৰিক্ত সচিব আৰু চাৰিজন আয়ুক্ত নিযুক্তি দিয়াৰো সিদ্ধান্তত অনুমোদন জনাইছিল । এই পৰিষদে কৰৰ হাৰ, কৰ ৰেহাই আদিৰ বিষয়ে সিদ্ধান্ত ল'ব । আই আৰ এছ সংস্থাই দাবী জনাইছিল যে পৰিষদৰ সচিবগৰাকী চি বি ই চিৰ সদস্য হওক ।

জি এছ টি সদস্যজনে কৰ বিশেষজ্ঞ হিচাপে কেৱল পৰোক্ষ কৰৰ ক্ষেত্ৰতে নহয় অন্যান্য ক্ষেত্ৰতো পৰিষদক পৰামৰ্শ আগবঢ়াব। আই আৰ এছ সংস্থাৰ তৰফৰপৰা বিত্তমন্ত্ৰীক এইবুলিও জনায় যে দেশজুৰি ৰাজহ সেৱাৰ বিষয়াসকলে ভেট বিষয়া সকলক যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰশিক্ষণ দি আছে ।

কেইবাখনো দেশৰ চৰকাৰ জি এছ টি বলৱৎ কৰিবলৈ গৈ ব্যাপক সমস্যাৰ সন্মূখীন হৈছে । গ্ৰীচৰ অাৰ্থিক সংকটৰো মূলতে আছিল আসোঁৱাহপূৰ্ণ জি এছ টি ব্যৱস্থা । অৱশ্যে ৰাজহ সেৱা বিষয়া সকলে বিত্তমন্ত্ৰীক আশ্বাস দিয়ে যে তেওঁলোকে এইক্ষেত্ৰত বিশ্বৰ আগত এক উদাহৰণ প্ৰস্তুত কৰিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই