এটা ব্যৱসায় আৰম্ভ কৰাৰ আগত কাৰ পৰামৰ্শ ল'ব আৰু কাৰ নল'ব

এটা ব্যৱসায় আৰম্ভ কৰাৰ আগত কাৰ পৰামৰ্শ ল'ব আৰু কাৰ নল'ব

Saturday December 12, 2015,

4 min Read

দেশৰ নতুন প্ৰজন্মটো বৰ্তমান স্ব-নিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আগ্ৰহী হোৱা দেখা গৈছে।ই নিশ্চিতভাৱে দেশৰ আৰ্থিক ক্ষেত্ৰখনৰ বাবে সু-খবৰ।চাকৰিকেন্দ্ৰীক নহৈ স্ব নিৰ্ভৰশীল হ'ব পৰাটো আশাজনক কথা।কিন্তু এটা ব্যৱসায় আৰম্ভ কৰিবলৈ যাওঁতে বহুতৰে সঠিক ধাৰণা নাথাকে-তেওঁ কেনে ব্যৱসায় কৰিলে লাভ হ'ব,কিমান পুঁজিৰে ব্যৱসায়টো কৰিব আদি।এইক্ষেত্ৰত এজন নতুন ব্যৱসায়ীক সঠিক পথ-প্ৰদৰ্শকৰ প্ৰয়োজন হয়।কিন্তু ব্যৱসায় এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ লোকৰ পৰামৰ্শ লোৱা উচিত? পথ-প্ৰদৰ্শক নিৰ্বাচন সঠিক নহ'লে তেওঁৰ সময় অপচয় হোৱাৰ লগতে ভুল দিশে প্ৰৰোচিত হ'ব পাৰে।এনেবোৰ কাৰণতো কেতিয়াবা ব্যৱসায় এটা আৰম্ভ কৰাৰ পিচত নিৰাশ হব লগা হয়।

দুটা ব্যৱসায় নিজে আৰম্ভ কৰাৰ সময়ত মই যেনে ধৰণৰ ব্যক্তিসকলক লগ পাইছিলো সেইসকলক কেইটামান ভাগত বিভক্ত কৰি নতুন উদ্যোগী সকলক সচেতন কৰিব খুজিছো।

উৎ স:Jokesmantra.com

উৎ স:Jokesmantra.com


মিছা বিনিয়োগকাৰী: সাম্প্ৰতীক সময়ত বহু ভুৱা বিনিয়োগকাৰী বজাৰত দপদপাই থাকে।কিন্তু প্ৰকৃত অৰ্থত তেওঁলোকে বিনিয়োগ নকৰে।তেওঁলোকে আপোনাক ব্যৱসায় সম্পৰ্কে আধা সিজোৱা জ্ঞান দি আপোনাৰ ব্যৱসায় সম্পৰ্কীয় কাগজ-পত্ৰবোৰ বিচাৰিব।কিন্তু প্ৰকৃত অৰ্থত তেওঁলোকে আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ আগ্ৰহী নহয় কিন্তু আপোনাৰ তিনি-চাৰি মাহ ধৰি বহুমূলীয়া সময়বোৰ নষ্ট কৰিব।

উদাহৰণস্বৰূপে, আমি যেতিয়া stagephod.com নামৰ বেৱছাইটটো আৰম্ভ কৰিব খুজিছিলো আমাৰ ব্যৱসায় পৰিকল্পনা শুনি এজন ভুৱা বিনিয়োগকাৰী আগবাঢ়ি আহিছিল।তেওঁৰ ব্যৱসায় সন্দৰ্ভত কোনো জ্ঞান নাছিল।তেওঁৰ মতে ভাৰতবৰ্ষত ভিডিঅ' নিৰ্মাণকাৰী একে ঠাইতে পাব পৰা তেনে কোনো মাৰ্কেট প্লেচ নাই। সেয়ে তেওঁ আমাৰ ব্যৱসায়টোত বিনিয়োগ কৰিবলৈ আগ্ৰহী।এই সন্দৰ্ভত তেওঁ আমাক এখন চিঠিও পঠাইছিল।কিন্তু আমি সৌভাগ্যশালী যে এই ক্ষেত্ৰত আমাৰ পূৰ্বৰ অভিজ্ঞতা আছিল।আমি তেওঁৰ উদ্দেশ্য বুজি পালো বাবে আমাৰ বহুমূলীয়া সময় নষ্ট কৰাৰ পৰা ৰক্ষা পৰিলো।

অলপতে হাৰ মনা ব্যৱসায়ী: এই সকল লোকে দুৰ্বল ধাৰণা এটা লৈ ব্যৱসায় আৰম্ভ কৰে।কিন্তু ব্যৱসায় এটাৰ আৰম্ভণীতে যিখিনি কষ্ট বা ধৈৰ্যৰ প্ৰয়োজন, তাৰ অভাৱত কেইমাহমানৰ ভিতৰতে তেওঁলোকৰ ব্যৱসায় বন্ধ কৰিব লগা হয়।কিন্তু এই লোকসকলে আপোনাক বিজ্ঞৰ দৰে পৰামৰ্শ দিবলৈ আহিব, তেওঁলোকৰ নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি আপোনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিব।কিন্তু তেওঁলোক সফল নোহোৱাৰ প্ৰকৃত কাৰণটো আপোনাৰ পৰা লুকুৱাব।এই শ্ৰেণীৰ লোকৰ পৰা আপুনি আঁতৰি থকাই মঙ্গল।

যিসকলে ব্যৱসায় এটা আৰম্ভ কৰিবলৈ সাহস নকৰে: এনে কিছুমান লোক আছে যি ব্যৱসায় সম্পৰ্কে বিভিন্ন ধ্যান-ধাৰণাৰে পৰিপুষ্ট।যিকোনো ষ্টাৰ্ট-আপ ইভেন্ট বা ব্যক্তিগতভাৱে এনে লোকে বিভিন্ন পৰামৰ্শ আগবঢ়ায়-এটা ব্যৱসায়ত কোনেবোৰ কাৰকে কাম কৰিব, কোনবোৰে নকৰে।কিন্তু তেওঁলোকে নিজা ব্যৱসায় এটা আৰম্ভ কৰিবলৈ সাহস নকৰে। এনে লোকেও আপোনাক বিপথে পৰিচালিত কৰিব।

ব্যৱসায়ৰ প্ৰতি উদ্যমী: উপৰোক্ত ভাগ সমূহৰ উপৰিও বাকি যি সকলৰ উপদেশ লোৱাটো মাৰাত্মক সেই সকলক 'ব্যৱসায়ৰ প্ৰতি আগ্ৰহী' শ্ৰেণীটোত অন্তৰ্ভুক্ত কৰিব খুজিছো।এই শ্ৰেণীৰ লোকসকলৰ ব্যৱসায় সম্পৰ্কে বা ব্যৱসায় এটা আৰম্ভণী সম্পৰ্কে কোনো বিশেষ জ্ঞান নাই।সাধাৰণতে এই লোকসকল আই.টি. বা আন কন্ছালটিঙ কম্পেনীৰ শীৰ্ষ বিষয়া হব পাৰে।ইয়াৰে কিছুমান ষ্টাৰ্ট-আপ সম্পৰ্কীয় অনুষ্ঠান,গ্ৰুপ আদিৰ লগত জড়িত।তেওঁলোকে বিভিন্ন দিশৰ পৰা লাভ কৰা উপৰুৱা জ্ঞানেৰে এই ক্ষেত্ৰত নিজকে যথেষ্ট জ্ঞানী বুলি প্ৰমাণ কৰিব খুজিব।কিন্তু এইসকল লোকৰ পৰাও আপুনি সাৱধানে থাকিব।

কিন্তু এতিয়া প্ৰশ্ন হল আপুনি কাক বিশ্বাস কৰিব বা কাৰ পৰামৰ্শ গ্ৰহণ কৰিব? মোৰ মতে এই প্ৰশ্নৰ সমাধানটো হল-যিসকলে নিজে ব্যৱসায় কৰি এই ক্ষেত্ৰখনত বিভিন্ন অভিজ্ঞতা লাভ কৰিছে, যি এই ক্ষেত্ৰখনত সংগ্ৰাম কৰিছে তেনে ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ ল'ব পাৰে-

উদ্যোগীৰ পৰা বিনিয়োগকাৰীলৈ বা যি সক্ৰিয় বিনিয়োগকাৰী: এই লোকসকলে আপোনাক সঠিক পৰামৰ্শ দিব।ষ্টাৰ্ট-আপ সকলে সন্মুখীন হোৱা সমস্যাবোৰ তেওঁলোকে বুজি পায় আৰু ইয়াৰ সঠিক সমাধান দিব পাৰে।

যিসকলে এটা উদ্যোগ গঢ়ি তুলিছে বা গঢ়াৰ পথত আগবাঢ়িছে: এটা উদ্যোগ গঢ়ি তুলিবলৈ কিহৰ প্ৰয়োজন তেওঁলোকে বুজি পায়।এটা ব্যৱসায় চলাই যোৱাৰ কৌশলৰ লগতে তেওঁলোকে আপোনাক সঠিক ব্যক্তি আৰু প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰাব।

সঁচা অৰ্থত ব্যৰ্থ উদ্যোগী: এই লোকসকলে এটা ব্যৱসায় আৰম্ভ কৰি ইয়াক জীয়াই ৰাখিবলৈ সকলোধৰণৰ চেষ্টা কৰে।নিজা শক্তি-সামৰ্থ্যৰে সমস্যাসমূহৰ সমাধান উলিয়ায়।বহু কাম শুদ্ধ দিশত কৰি কিবা কাৰণত সফল নহয়।এনে লোকসকলে আপোনাক সঠিক পৰামৰ্শ দিব পাৰে।

ড'মেইন এক্সপাৰ্ট: সফল হবলৈ প্ৰতিজন ষ্টাৰ্ট-আপেই মূল সমস্যা সমূহৰ মুখামুখি হৈ আগবাঢ়ি যাব লাগিব।এই সমস্যা সমূহ বিভিন্ন প্ৰকাৰৰ হব পাৰে- B2SMB ছেলছক প্ৰত্যাহ্বান জনোৱা,ছেলছ পাৰ্ছনৰ টিম বনোৱা,গ্ৰাহকক আকৰ্ষিত কৰা,মূল্য নিৰ্দ্ধাৰণ আদি। এজন ড'মেইন এক্সপাৰ্টে এই সমস্যাসমূহৰ সমাধান দিব পাৰে কিয়নো প্ৰৰম্ভিক অৱস্থাত তেওঁ আপোনাৰ দৰে বহু নতুন ষ্টাৰ্ট-আপক লগ পাইছে।

আপোনাৰ ষ্টাৰ্ট-আপৰ মূল প্ৰত্যাহ্বান সমূহ বাচি উলিয়াই এজন ষ্টাৰ্ট-আপ গুৰুৰ পৰামৰ্শ লব পৰে।কিন্তু তেওঁ যদি আপোনাক সাধাৰণ জ্ঞান দিয়াতে ব্যস্ত থাকে তেন্তে আপুনি জানে কি কৰা উচিত।

আত্মজ্ঞান:আপোনাক আপোনাতকৈ ভালদৰে কোনেও বুজি পাব নোৱাৰে।গতিকে নিজক বুজি লৈ আপুনি ব্যৱসায়ত আগবাঢ়ক।

মই এই কথাখিনি ষ্টাৰ্ট-আপক লক্ষ্য কৰি লিখিছো। কিন্তু এই কথাখিনি জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয়।উদাহৰণস্বৰূপে, এম.এন.চি. কম্পেনী এটাৰ প্ৰকল্প সঞ্চালকে আপোনাক ষ্টাৰ্ট-আপ সম্পৰ্কে পৰামৰ্শ দিব নোৱাৰে।ঠিক সেইদৰে এজন সফল উদ্যোগপতিয়ে এটা সম্পৰ্কত আহি পৰা জটিলতাৰ সমাধান দিব নোৱাৰে।সেয়ে যিকোনো ক্ষেত্ৰতে পৰামৰ্শ লোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত।

আপোনাৰ পৰিচিত যদি এনে কোনো ষ্টাৰ্ট-আপ আছে যাৰ পৰামৰ্শ ল'ব পাৰি বা যাক গুৰুত্ব নিদিয়াই ভাল।তেন্তে আপুনি আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে বিনিময় কৰিব পাৰে।আপোনাৰ অভিজ্ঞতা জানিবলৈ আমি আগ্ৰহী।


মূল: নিখিলেশ (stagephod.com নামৰ বেৱছাইটটোৰ প্ৰস্তুতকৰ্তা যিটোৰ জৰিয়তে ভিডিঅ নিৰ্মাণকাৰী বা এনিমেটৰৰ সৈতে যোগাযোগ কৰিব পাৰি।পূৰ্বতে নিখিলেশে cvbhejo.com নামৰ এটা বেৱছাইট চলাইছিল)

অনুবাদ:পূবালী ভাগৱতী