প্ৰিয়া সচদেৱৰ ৰকএনশ্বপ : বিলাসী ই-কমাৰ্চক দিছে নতুন মাত্ৰা

মূল- তৌচিফ আলম

প্ৰিয়া সচদেৱৰ ৰকএনশ্বপ : বিলাসী ই-কমাৰ্চক দিছে নতুন মাত্ৰা

Thursday October 20, 2016,

3 min Read

বৰ্তমান দ্ৰুত গতিত প্ৰসাৰিত হৈছে ই- কমাৰ্চ। জনপ্ৰিয় মাল্টি ব্ৰেণ্ড খুচুৰা বিক্ৰী শৃংখলা কি়টছ্ (Kitsch) ৰ অনলাইন এক্সটেনচন- ৰকএনশ্বপ.কম। চিনাকি কৰি দিব বিছাৰিছো ৰকএনশ্বপ.কমৰ প্ৰতিষ্ঠাপক তথা চিইঅ’ প্ৰিয়া সচদেৱৰ সৈতে। ইউনিভাৰচিটি কলেজ লণ্ডনত শিক্ষা গ্ৰহণ কৰা প্ৰিয়া সচদেৱ ক্ৰেডিট চুইছৰো প্ৰাক্তন বিশ্লেষক। প্ৰিয়া সচদেৱৰ ফেশ্বনৰ প্ৰতি থকা দুৰ্বলতাই যেন পৰিবৰ্তন ঘটিল ৰকএনশ্বপ.কমৰ সফলতালৈ।

ইয়ৰষ্ট’ৰীৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰিয়া সচদেৱে ক’লে নিজৰ সফলতাৰ কাহিনী

image


কিটছ্ আৰু পিছত বিলাসী ই- কমাৰ্চ ৰকএনশ্বপ শুভাৰম্ভ কৰিবলৈ আপুণি কেনেকৈ প্ৰেৰণা পালে?

-ৰকএনশ্বপ.কম কিটছ্ ৰ এক পৰিবৰ্ধিত ৰূপ। দেশৰ খুচুৰা বিক্ৰীৰ ভৱিষ্যত। কিটছেই ৰকএনশ্বপৰ আঁৰৰ শক্তি।

আপোনাক কি ব্যৱসায়িক মন্ত্ৰই সফলতাৰ দিশে আগুৱাই নিছে?

-মোৰ ব্যৱসায়িক মন্ত্ৰ হ’ল প্ৰতিদিনে নজনাক জনাৰ আগ্ৰহ আৰু সপোনৰ দিশে আগুৱাই যোৱাৰ প্ৰৱল ইচ্ছা।

ইমানবোৰ বিলাসী ব্ৰেণ্ডক আপুনি অনলাইন বিক্ৰীৰ বাবে কেনেদৰে সৈমান কৰালে?

-কামতো ইমান কঠিন নহয়। ষ্ট’ৰৰ বাবে আমি তেওঁলোকৰ সৈতে অফলাইনত যোগাযোগ কৰোঁ। তেওঁলোকে আমাক জানে, বিশ্বাস কৰে।

স্পেচিয়েলিটি বুটিক বা ব্ৰেণ্ডৰ ই- কমাৰ্চ ডিপাৰ্টমেন্টেল ষ্ট’ৰ সৈতে প্ৰাৰ্থক্য কি?

-স্পেচিয়েলিটি বুটিক সমূহত অৰ্দাৰ অনুযায়ী আৰু ষ্টাইলিচ পোছাক ৰখা হয়! তাত বিভিন্ন ছাইজ বা একেটা বস্তুকে বেছি পৰিমাণে পোৱা নাযায়। স্পেচিয়েলিটি বুটিক সমূহে মূলত ফেশ্বনৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ বিপৰীতে ডিপাৰ্টমেন্টেল ষ্ট’ৰ সমূহে গ্ৰাহকৰ অভিজ্ঞতা আৰু সন্তুষ্টিৰ ওপৰত গুৰুত্ব দিয়ে।

ব্যৱসায়ৰ অংশীদাৰী হিছাপে আপোনাৰ ভগ্নীৰ সৈতে ব্যৱসায়িক দ্বায়িত্ব কেনেদৰে ভগাই লৈছে?

-আমি আমাৰ দক্ষতা অনুযায়ী সময় তথা কাম ভগাই লৈছো। ভগ্নী চাৰুৱে প্ৰতিদিনে ব্যৱসায়িক কাম-কাজবোৰ চায়। মই সৃষ্টিশীল দিশটো আৰু আমাৰ ই-কমাৰ্চ খণ্ডতো চাওঁ।

অংশীদাৰী ব্যৱসায় বিশেষকৈ পৰিয়ালৰ সৈতে অংশীদাৰী ব্যৱসায়ৰ পৰা আপুনি কি শিকিলে, যাৰ বাবে আপুণি আৰম্ভণিৰে পৰাই বিখ্যাত হৈ পৰিল ?

-পৰিয়ালৰ বাবে কামৰ পৰা আঁতৰি অহাতো খুবেই জটিল। আমি ঘৰত থকা সময়খিনিতো ঘৰলৈ কাম লৈ যাওঁ।

image


image


আপুনি কাৰোবাক কামত লোৱাৰ সময়ত কি গুণৰ ওপৰত বেছি গুৰুত্ব দিয়ে ?

-মই বিচাৰোঁ আত্মবিশ্বাসী, গণ্ডীৰ বাহিৰত চিন্তা কৰিব পৰা আৰু বিভিন্ন ধৰণৰ কামৰ অভিজ্ঞতা থকাতো।

আপুনি ৰকএনশ্বপৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু কেনেদৰে সেই প্ৰত্যাহ্বান অতিক্ৰম কৰি আহিলে ?

-প্ৰত্যেকটো নতুন ব্যৱসায়তে সমস্যা থাকে, প্ৰত্যাহ্বান থাকে। প্ৰত্যাহ্বান সমূহ গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান নেওচি যোৱাৰ বিশ্বাস।

কিটছ্ আৰম্ভ কৰাৰ আগতে আপুনি কি কৰিছিল ? আপুনি এগৰাকী উদ্যোগী হোৱাৰ অন্তৰালত প্ৰকৃততে কি আছে ?

-কিটছ্ আৰম্ভ কৰাৰ আগতে প্ৰথমে মই বষ্টনত চিএছএফবি ক্ৰেডিট ছুইছত ইনভেষ্টমেন্ট বেংকাৰ হিছাবে কাম কৰিছিলো। তাৰ পাছত দেউতাৰ সৈতে গাড়ী ব্যৱসায়ৰ কামত ধৰিছিলো।

শেহতীয়াকৈ ই-কমাৰ্চৰ ক্ষেত্ৰখনত যি তীব্ৰ প্ৰতিযোগিতা চলিছে তাৰ মাজতো ৰকএনশ্বপক আপুনি কেনেদৰে আনতকৈ পৃথক কৰি ৰাখিছে ?

-ই-কমাৰ্চৰ ক্ষেত্ৰখনত এতিয়া তীব্ৰ প্ৰতিযোগিতা চলিছে। আৰু বৰ্তমান এইক্ষেত্ৰখনৰ যি প্ৰসাৰ ঘটিছে, মই নিশ্চিত ভাবে ক’ব পাৰো যে ক্ষেত্ৰখলৈ এতিয়া বহুজনে ঢাপলি মেলিব। লগতে এইটোও কওঁ যে পিছত তেওঁলোকে অনুতাপ কৰিব!

আপুনি আৰম্ভণিৰে পৰাই ৰকএনশ্বপৰ মাৰ্কেটিং/পাব্লিক ৰিলেশ্বন (পিআৰ)কেনেদৰে চম্ভালি আহিছে। মাৰ্কেটিং আৰু পিআৰ ছাৰ্ভিছৰ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাৰ পৰা উদ্যোগী সকলক আউটচ’ৰ্চিং নে ইনহাউছ কি উপদেশ দিব ?

আউটচ’ৰ্চ আৰু ইনহাউছ দুয়োটাই কৰিব লাগিব। ইয়াৰ জড়িয়তে পিআৰৰ সহায়ত যোগাযোগ আৰু সঠিক তথ্য আহৰণ কৰিব পাৰি।

মহিলা উদ্যোগী সকলক কেনেদৰে উৎসাহ দিব ?

আপোনাৰ সপোন প্ৰতিমুহূৰ্ততে মনত ৰাখি নিজৰ উদ্যমৰ ওপৰত বিশ্বাস ৰাখক!