নিজৰ ভৰিত থিয় দি আকাশ চুব গাৰ্গীয়ে

নিজৰ ভৰিত থিয় দি আকাশ চুব গাৰ্গীয়ে

Tuesday January 19, 2016,

3 min Read

বেদৰ গাৰ্গীৰ কথা মনত আছেনে? নাই এয়া তেওঁ নহয়। আন এগৰাকী। গাৰ্গী ভট্টাচাৰ্য। জুৱেলাৰী ডিজাইনাৰ আৰু সফল ষ্টাৰ্টআপ। ইভেণ্ট মেনেজাৰ বুলিও ক’ব পাৰি। ২০১৩ চন পৰ্যন্ত তেওঁৰ পৰিচয় আছিল সাংবাদিক। আজি গাৰ্গী মাত্ৰ নিজেই সফল মাল্টিটাস্কাৰ নহয়, একাধিক মহিলাক স্বনিৰ্ভৰ হোৱাৰ পথ দেখুৱাইছে। কিদৰে পৰিৱৰ্তন হ’ল গাৰ্গীৰ? কিদৰে এগৰাকী চাকৰিজীৱিৰ পৰা উদ্যোগপতি হৈ পৰিল?


image


কিছুদিন ধৰি চাকৰি কৰিবলৈ ইচ্ছা নাছিল গাৰ্গীৰ। ইচ্ছা আছিল নিজৰ ধৰণেৰে কিবা এটা কৰাৰ। এগৰাকী সহকৰ্মীৰ সৈতে এটা ইভেণ্ট মেনেজমেণ্ট সংস্থা খোলাৰ পৰিকল্পনা আছিল। সেই সময়ত কিন্তু সম্পূৰ্ণ কাম-কাজবোৰ মাত্ৰ পৰিকল্পনাতে আৱদ্ধ আছিল। সাহস কৰি চাকৰিটো এৰিবলৈ সক্ষম হোৱা নাছিল। ২০১৩ চনত সাৰদা কাণ্ডৰ বাবে চাকৰি এৰিবলৈ বাধ্য হয়। প্ৰথমতে কিছুদিন দিশহাৰা যেন লাগিছিল, কিন্তু সেই দুৰ্বলতাক প্ৰশ্ৰয় নিদি অৱজ্ঞা কৰিলে গাৰ্গীয়ে। কিছু দিনৰ পিছত সিদ্ধান্ত ল’লে আৰু চাকৰি নিবিচাৰে।

তেওঁৰ অকলেই ইভেণ্ট মেনেজমেণ্ট সংস্থা আৰম্ভ কৰাটো সম্ভৱ নাছিল। কাৰণ তাৰ বাবে কিছু প্ৰস্তুতি লাগে। এনে কিবা এটা কৰিব বিচাৰে, যিটো তেওঁ কৰিবলৈ ভালপায়। মনলৈ আহিল তেওঁ নানা ডিজাইনৰ গহনা পৰিধান কৰি ভালপায়। নিজেও প্ৰস্তত কৰিব পাৰে। মাকেও বৰ ভাল হাতৰ কাম জানে। মাকৰ পৰা কাপোৰৰ বিডছ, সুতাৰ বিডছ বনাবলৈ শিকিছে। পুৰণি জাংক জুৱেলাৰী নষ্ট হৈ গ’লেও কেতিয়াও পেলাই নিদিয়ে। নতুন ডিজাইনেৰে প্ৰস্তুত কৰি লোৱাটোৱেই তেওঁৰ স্বভাৱ। সেয়ে সিদ্ধান্ত লোৱাত আৰু দেৰী নকৰিলে। ইউৰেকা মুহূৰ্তটো বৰ উপভোগ কৰিলে গাৰ্গীয়ে।

২০১৪ চনৰ অক্টোবৰ। পূজাৰ ঠিক আগে আগে মাত্ৰ ২০০০টকা বিনিয়োগ কৰি গাৰ্গীয়ে ব্যৱসায় আৰম্ভ কৰিলে। আৰু আজি মাহে ২০ হাজাৰ টকা হাঁহি-ধেমালিৰে উপাৰ্জন কৰে এই গহণাৰ ব্যৱসায়ৰপৰা। মানে প্ৰায় ১০ গুণ। আৰম্ভণিৰ সময়খিনি মসৃণতো নাছিলেই, বৰং অনেক সমস্যাৰ সন্মুখীন হৈছিল সাহসী যুৱতীগৰাকী। প্ৰতিটো সমস্যাই তেওঁক আৰু মজবুত কৰিছে, ভাল কাম কৰাৰ বাবে অনুপ্ৰেৰণা যোগাইছে।

ফেচবুকত পেজ প্ৰস্তুত কৰিছে। নাম দিছে বং কাৰাভান। তাতেই নিজে প্ৰস্তুত কৰা গহণাৰ ছবি দিবলৈ আৰম্ভ কৰে। প্ৰথমতে বন্ধু-বান্ধৱেই তেওঁৰ পৰা গহণা কিনিছিল। কিন্তু পিছলৈ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামৰ মাধ্যমেৰে বহুতো অচিনাকি মানুহে যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। গাৰ্গীৰ ব্যৱসায় বাঢ়িছে। এইবাৰ পূজাৰ আগততো পাইছিলেই পূজাৰ সময়ছোৱাতো বহুত অৰ্ডাৰ আহিছিল। এই সময়ছোৱাত বহু প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰিছে। বৰ ভাল সঁহাৰি। বহুতে তেওঁৰ সৈতে ব্যৱসায় কৰাৰ বাবে আগ্ৰহ দেখুৱাইছে। বহুত নতুন যোগাযোগ আৰম্ভ হৈছে। তেওঁ ব্যৱসায় আৰু বৃদ্ধি কৰিব বিচাৰে। মাত্ৰ গহনা নহয়, আৰু বিভিন্ন লাইফষ্টাইল প্ৰডাক্টৰ কালেকচন লৈ আহিব বিচাৰে।

শান্তিনিকেতনত এইবাৰ ‘পৌষমেলা’ত ষ্টল দিব। অকলে চম্ভালিবলৈ দিগদাৰ। সহায় কৰাৰ বাবে লগত আছে দুই-এজন। গাৰ্গীক আৰু কৰ্মী লাগে। কৰ্মীৰ সন্ধানত গৈছিল সুন্দৰবনলৈ। ছৰবেৰিয়া গাঁৱৰ মহিলাসকলৰ সৈতে কথা পাতি আহিছে। ৱৰ্কশ্বপো কৰিব।

ইয়াৰ উপৰি আছে স্বপ্নৰ ইভেণ্টছিয়া

গাৰ্গীয়ে প্ৰথম সপোনটোৰ কথা পাহৰি যোৱা নাই। সেইটো সফল কৰাৰ যুদ্ধও চলিছে পূৰ্ণোদ্যমে। বিগত বছৰটোৰ শেষৰফালে এগৰাকী পৰিচিত ব্যক্তিৰ সৈতে পাৰ্টনাৰশ্বিপত আৰম্ভ কৰিছে ইভেণ্ট মেনেজমেণ্ট সংস্থা ইভেণ্টছিয়া। ৱেবছাইটো আছে। www.eventsia.net। ইতিমধ্যে বহুকেইটা কামো কৰিছে। এতিয়া তেওঁ দুয়োটা কামেই সমানভাৱে কৰি আছে। সমান সময় আৰু পৰিশ্ৰম দি আহিছে।

আত্মবিশ্বাসী গাৰ্গীয়ে মাল্টি টাস্কিং পছন্দ কৰে। তেওঁৰ মতে যি কৰিছে সেয়া যদি পজিটিভ মনোভাৱেৰে কৰে তেন্তে সেই কামলৈ সাফল্য আহিবই।

মূল: ঈষা গোস্বামী

অনুবাদ: ৰুবুল দাস