কাগজবিহীন সংসদে ৰাহি কৰিছে বছৰি ৮০ লাখ টকা, সংৰক্ষিত হৈছে ১০০০ বৃক্ষ

কাগজবিহীন সংসদে ৰাহি কৰিছে বছৰি ৮০ লাখ টকা, সংৰক্ষিত হৈছে ১০০০ বৃক্ষ

Thursday July 28, 2016,

2 min Read

সংসদীয় নথি-পত্ৰৰ ডিজিটাইজেশ্যনৰ ফলত ১০০০ জোপা গছ সংৰক্ষিত হৈছে । এই কথা জানিবলৈ দিয়ে লোক সভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে । কাগজবিহীন সংসদ গঢ়িবলৈ লোৱা পদক্ষেপ সমূহৰ কথা জানিবলৈ দি তেওঁ কয়, ''সংসদত উত্থাপন হোৱা বিভিন্ন প্ৰতিবেদন আৰু অন্যান্য নথিৰ সংখ্যা কমি গৈছে । বাজেটৰ কপিৰ সংখ্যাও ৩৫ শতাংশ কমি গৈছে ।'' এই কথা তেওঁ নতুন দিল্লীত সংসদীয় পুথিভঁৰালত বিভিন্ন দলৰ নেতা সকলৰ আগত ব্যক্ত কৰে ।  

Image: NDTV

Image: NDTV


১৯৪ লাখ A4 আকাৰৰ কাগজ ৰাহি হোৱাৰ ফলত বছৰি ৮০ লাখ টকা ৰাহি হৈছে । তেওঁ কয় যে এই পদক্ষেপৰ আঁৰৰ অন্যতম কাৰণ হৈছে পৰিবেশ সংৰক্ষণ । গৱেষণাই কয় যে প্ৰতিজোপা গছৰ পৰা ২০,০০০ খিলা কাগজ উৎপত্তি হয় । ''গতিকে কাগজ ৰাহি কৰি আমি ১০০০ জোপা গছ সংৰক্ষণ কৰিবলৈ সক্ষম হৈছো । মই নিশ্চিত যে সকলোৰে সহযোগত আমি সংসদক এক কাগজবিহীন প্ৰতিষ্ঠানত পৰিণত কৰিব পাৰিম ।" তেওঁ কয় ।

অধ্যক্ষ গৰাকীয়ে লগতে লোক সভা সাংসদ সকলৰ এক ৱেবছাইটো মুকলি কৰে । ইয়াৰ দ্বাৰা বিভিন্ন জাননী অনলাইন দাখিল কৰিব পৰা হ'ব । "অৱশ্যে কাগজৰ জাননীৰ ব্যৱস্থাটো কিছুদিনলৈ চলি থাকিব ।" তেওঁ কয় । এই প'ৰ্টেলৰ বিষয়ে সবিশষ জানিবলৈ দি তেওঁ কয় যে সাংসদ সকলে নিজৰ একাউন্টৰ যোগেদি আৰু ইমেইল তথা এছএমএছৰ সহায়ত আদান-প্ৰদান চলাব পাৰিব । 

আনহাতে এই প'ৰ্টেলত বিভিন্ন সভা, বিধেয়ক ইত্যাদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য পোৱা যাব । আনহাতে সাংসদ সকলে বিচৰা বিভিন্ন তথ্যও ইয়াৰ যোগেদি পাব পৰা যাব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

প্ৰত্যাশাৰ ২৫ টা বছৰ

অনুষ্ঠান আয়োজন কৰিবলৈ গৈ উজুটি নাখাব

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

কিংবদন্তি ভিভ ৰিচাৰ্ডছৰ পুত্ৰৰ কেনভাছত বিৰাট কোহলী