বিভিন্ন গহণা আৰু সাজ-পাৰেৰে ৰঙালী বিহুৰ বাবে কেইগৰাকীমান ডিজাইনাৰৰ প্ৰস্তুতি
Sunday April 10, 2016,
2 min Read
বাপতি সাহোন ৰঙালী বিহুৰ বাবে অসমীয়া ৰাইজে আগ্ৰহেৰে অপেক্ষা কৰে। পিঠা-পনা, খাদ্য সম্ভাৰৰ লগতে সাজ-পাৰ, গহণা আদি বিহুৰ অবিচ্ছেদ্য অংশ। বিহু বুলি নতুন সাজ এযোৰ নিজে কিনাৰ লগতে প্ৰিয়জনক উপহাৰ দিয়াৰ আনন্দ অতুলনীয়। অসমৰ কেইগৰাকীমান ডিজাইনাৰে বিহু উপলক্ষে প্ৰস্তুত কৰা সাজ-পাৰ আৰু গহণাৰ ডিজাইন পাঠক বৰ্গলৈ আগবঢ়াব খুজিছোঁ।
চিমকী বৰগোহাঁই। ২০১২ চনত কন্যা প্ৰণামীৰ নামত Pranamishapeyouridea নামেৰে পাঞ্জাবাৰীত সাজ-পাৰৰ ডিজাইনেৰে ব্যৱসায় আৰম্ভ কৰে। যোৱা বৰ্ষৰ বহাগ বিহুৰ পৰা তেওঁ মাটিৰ গহণা(Clay Ornament) নতুনকৈ সংযোগ কৰি গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।বিহু উপলক্ষে তেওঁ তৈয়াৰ কৰা কেইপদমান গহণা।
আন এগৰাকী ডিজাইনাৰ অংকিতা বৰুৱা বৰদলৈয়ে ২০১৪ চনৰ চেপ্তেম্বৰত আৰম্ভ কৰে ' Ankita's Avaran' নামেৰে সাজ-পাৰৰ ব্যৱসায়।অসমীয়াৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ আদি অৰ্ডাৰ অনুসৰি ডিজাইন কৰি আহিছে।অসমৰ উপৰি দেশ-বিদেশৰ বিভিন্ন ঠাইত তেওঁৰ ডিজাইনৰ সাজ-পাৰে সমাদৰ লাভ কৰিছে।অংকিতাছ আভৰণৰ ঠিকনা: অমৰ এনক্লেভ,বি-২১,ছাৰ্ভে,অল্ড চি.আই.ডি. অফিচ বাছ ষ্টপ,বেলতলা, গুৱাহাটী -২৮।
২০০৩ চনত গুৱাহাটীৰ ছয়মাইলৰ নিজা বাস গৃহত বয়ন শিল্পৰ এটা কেন্দ্ৰ স্থাপন কৰে চয়নিকা ৰাজখোৱাই। প্ৰশান্তি ফ্ৰেব্ৰিকছ নামেৰে নামকৰণ কৰা তেওঁৰ বয়ন কেন্দ্ৰৰ জৰিয়তে বহু পুৰুষ-মহিলাই সংস্থাপন লাভ কৰিছে।তেওঁৰ ডিজাইনে দেশ-বিদেশত সমাদৰ লাভ কৰিছে।
পেছাগতভাবে ইলেকট্ৰনিক মাধ্যমৰ ঘোষিকা মনালিছা দাসে মাকো নামেৰে বুটিক আৰম্ভ কৰে ২০১২ চনত। সকলো শ্ৰেণীৰ মানুহে কিনিব পৰাকৈ বিশেষকৈ অসমীয়া ডিজাইনত গুৰুত্ব দি তৈয়াৰ কৰা সাজ-পাৰ সমূহৰ মূল্য পোন্ধৰশ টকাৰ পৰা চাৰি হাজাৰ টকাৰ ভিতৰত। যিকোনো অনুষ্ঠানত পিন্ধিব পৰাকৈ সুবিধাজনকভাৱে আৰু স্থায়ীত্বৰ প্ৰতি লক্ষ্য ৰাখি তৈয়াৰ কৰা ডিজাইন সমূহে গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। মাকোৰ ঠিকনা: শিলপুখুৰী, নবগ্ৰহ ৰ'ড, ৱাৰ চিমেট্ৰীৰ বিপৰীতে।
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ৰীণা হাজৰিকা। ২০০০ চনত জাগৃতি বয়ন কেন্দ্ৰ আৰম্ভ কৰি অসমীয়াৰ লগতে জনগোষ্ঠীয় ডিজাইনৰ সাজ-পাৰ তৈয়াৰ কৰি আহিছে। বৰ্তমান প্ৰায় এশ শিপিনী তেওঁৰ উদ্যোগৰ সৈতে জড়িত আছে। তেওঁৰ ডিজাইনৰ সাজ-পাৰ বিদেশতো সমাদৃত হৈছে। জাগৃতিৰ ঠিকনা: ঘিলামৰা,ঢকুৱাখানা,জিলা-লখিমপুৰ।
ৰঙালী বিহু উপলক্ষে প্ৰিয় পাঠক বৰ্গলৈ য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ শুভকামনা থাকিল।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
অসমৰ কাৰিকৰী ক্ষেত্ৰৰ বাধাই টলাব পৰা নাই উদ্যমী ৰাজৰ্ষি আৰু ৰাজীৱক
মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে