বিশ্বৰ আটাইতকৈ ধনী ৫০গৰাকী ব্যক্তিৰ ভিতৰত ৩ ভাৰতীয়

বিশ্বৰ  আটাইতকৈ ধনী ৫০গৰাকী ব্যক্তিৰ ভিতৰত ৩ ভাৰতীয়

Saturday January 30, 2016,

2 min Read

তিনিগৰাকী ভাৰতীয়- ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুকেশ অম্বানী, ৱিপ্ৰ’ৰ আজিম প্ৰেমজী আৰু ছান ফাৰ্মাৰ দিলীপ সাংঘৱী; বিশ্বৰ আটাইতকৈ ধনী ৫০গৰাকী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।এই তালিকাৰ শীৰ্ষস্থানত আছে মাইক্ৰ’ছফৰ বিল গেটছ।

বিজনেছ ইনছাইডাৰৰ সহযোগিতাত প্ৰস্তুত কৰা ধনী ব্যক্তিৰ নতুন ৱেল্থ এক্স তালিকাত অম্বানীক ২৪.৮ বিলিয়ন ডলাৰৰ নিবল সূচাংকৰে ২৭ তম স্থানত ৰখা হৈছে। প্ৰেমজী ১৬.৫ বিলিয়ন ডলাৰেৰে ৪৩ তম স্থানত আছে। সাংঘৱী ১৬.৪ বিলিয়ন ডলাৰেৰে এই তালিকাৰ ৪৪ তম স্থানত আছে।

image


বিশ্বৰ ৫০ গৰাকী আটাইতকৈ ধনী ব্যক্তিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১,৪৫০ বিলিয়ন ডলাৰ, যি হৈছে অষ্ট্ৰেলিয়াৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ সমান।

এই তালিকাৰ শীৰ্ষত থকা বিল গেটছৰ ৮৭.৪ বিলিয়ন ডলাৰ সম্পত্তি আছে। ইয়াৰ পিছতে ৬৬.৮ বিলিয়ন ডলাৰেৰে স্পেইনৰ ব্যৱসায়ী ওমান্সিৱ’ আৰ্টেগে গাৱ’নাৰ স্থান। ইয়াত ৬০.৭ বিলিয়ন ডলাৰেৰে আমেৰিকাৰ বিনিয়োগকাৰী ৱাৰেন বাফে তৃতীয় স্থানত আছে। আমাজনক জেফ্ৰী বেজোছ ৫৬.৬ বিলিয়ন ডলাৰেৰে চতুৰ্থ স্থানত আৰু ৪৭.৪ বিলিয়ন ডলাৰেৰে আমেৰিকাৰ ব্যৱসায়ী ডেভিড কোছ বিশ্বৰ পঞ্চম সৰ্বাধিক ধনী ব্যক্তিৰ স্থানত আছে।

তালিকাত অন্তৰ্ভুক্ত ২৯গৰাকী বিলিয়নাৰেই হৈছে আমেৰিকাৰ। ইয়াৰ বিপৰীতে চীনৰ চাৰিগৰাকী আৰু ভাৰতৰ তিনিগৰাকী বিলিয়নাৰে এই তালিকাত স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ফেচবুকৰ সহকাৰী প্ৰতিষ্ঠাপক ৩১ বছৰীয়া মাৰ্ক জুকাৰবাৰ্গ এই তালিকাৰ অষ্টম স্থানত আছে আৰু তেওঁ ৪২.৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰ অধিকাৰী।

এই তালিকাত আছে চাৰিগৰাকী মহিলা। তেওঁলোকৰ ভিতৰত উল্লেখনীয় লৰিয়েলৰ উত্তৰাধিকাৰী ৯৩ বছৰ বয়সীয়া লিলিয়েন বেটেনক’ৰ্ট। ২৯ বিলিয়ন ডলাৰেৰে তেওঁ আছে ১৭ সংখ্যক স্থানত।

উদ্যোগ খণ্ডৰ ভিতৰত প্ৰযুক্তিখণ্ডই প্ৰভূত্ব বিস্তাৰ কৰি আহিছে আৰু বিত্তকে ধৰি অন্য ক্ষেত্ৰৰ তুলনাত যথেষ্ট বেছিকৈ অৰ্থাৎ ১২ গৰাকী বিলিয়নাৰে তালিকাভুক্ত হৈছে।