কৰ্ণাটক একমাত্ৰ ৰাজ্য য'ত আমি বিনিয়োগ কৰিছো-ভ'লভ ইণ্ডিয়াৰ সঞ্চালক প্ৰধান কমল বালি

কৰ্ণাটক একমাত্ৰ ৰাজ্য য'ত আমি বিনিয়োগ কৰিছো-ভ'লভ ইণ্ডিয়াৰ সঞ্চালক প্ৰধান কমল বালি

Friday February 05, 2016,

3 min Read

বাঙ্গালুৰুত আয়োজিত হোৱা 'Invest Karnataka 2016’, Global Investors Meet ত অংশগ্ৰহণ কৰি ভ'লভ ইণ্ডিয়াৰ সঞ্চালক প্ৰধান কমল বালিয়ে ভাৰতবৰ্ষত ভ'লভৰ প্ৰসাৰ, বিষেশকৈ কৰ্ণাটক আৰু বাঙ্গালুৰু চহৰৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে মন্তব্য কৰে।


image


কৰ্ণাটক-নিশ্চিত লক্ষ্য

২০১৪-১৫ চনৰ ভাৰতৰ মুঠ জি.ডি.পি.ৰ ৫.৬৮ শতাংশ আছিল কৰ্ণাটকৰ। কমল বালিয়ে মন্তব্য কৰে যে কৰ্ণাটক চৰকাৰৰ সহযোগিতা আৰু বিনিয়োগৰ প্ৰচুৰ সম্ভাৱনাৰ বাবে কৰ্ণাটকত ভ'লভ অপাৰেশ্যন আৰম্ভ কৰাৰ কথা ভবা হৈছিল।তেওঁ আৰু কয়-'আমি বিনিয়োগ কৰা কৰ্ণাটক একমাৰত্ৰ ৰাজ্য। বাঙ্গালুৰুৰ এক্স ফেক্টৰৰ ভিতৰত ইয়াৰ অনুকূল জলবায়ু,শিক্ষা প্ৰতিষ্ঠান,আই.টি.আৰু টেলিকমিউনিকেশ্যন চেক্টৰ, মেচিনেৰী উদ্যোগ,টেলিকমিউনিকেশ্যন নেটৱৰ্কৰ সুবিধা,সমগ্ৰ ৰাজ্যতে অপটিকেল ফাইবাৰৰ যোগাযোগ আদি প্ৰধান।'

কৰ্ণাটকত সোতৰ বছৰ

১৯৯৮ চনত ভ'লভ গ্ৰুপে তেওঁলোকৰ প্ৰথম 'গ্ৰুপ ট্ৰাক' ফেক্টৰী বাঙ্গালুৰুত আৰম্ভ কৰি তেওঁলোকৰ নিউ ভেলু ট্ৰাক সেৱা ২০১৪ চনত প্ৰসাৰ কৰিছিল।এই কম্পেনিয়ে ২০০৭ চনত ভ'লভ বাছ ফেক্টৰী আৰম্ভ কৰি ২০১৩ চনলৈ এই সেৱা এশ শতাংশ বিস্তাৰ কৰিছিল।আনহাতে ২০১৪-১৯ বৰ্ষৰ ঔদ্যোগিক নীতি অনুসৰি কম্পেনিয়ে বাৰ্ষিক ১২ শতাংশ লাভৰ লক্ষ্য আগত ৰাখিছে।

পলিচি পিৰিয়দৰ শেষৰফালে কম্পেনিয়ে কৰ্ণাটকৰ মেনুফেকচাৰিঙ বিভাগলৈ জি.ডি.পি. ১৬.৭ শতাংশৰ পৰা ২০ শতাংশলৈ বৰ্দ্ধিত কৰাৰ লক্ষ্য ৰাখিছে। কম্পেনিৰ আন লক্ষ্য সমূহ হল পাঁচ লক্ষ কোটি বিনিয়োগেৰে পোন্ধৰ লাখ লোকৰ বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা।

কৰ্ণাটকৰ লগতে ভাৰত উপ-মহাদেশত সফলতাৰ যাত্ৰা

ভ'লভ ইণ্ডিয়াৰ মতে কৰ্ণাটকৰ দৰে ৰাজ্যত তেওঁলোক সফল হোৱাৰ কাৰণ হ'ল ৰাজ্যখনৰ সুবিধা খিনিক গুৰুত্ব দি আগবঢ়াৰ লগতে এনভাইৰনমেন্ট ফ্ৰেণ্ডলী প্ৰডাক্ট,নগৰীকৰণত সহযোগিতা, সুৰক্ষা বজাই ৰাখি স্কিল ডেভেলপমেন্টত সহযোগিতা আগবঢ়োৱা আদি।বাঙ্গালুৰুৰ লগতে হচাকটে,পিন্যা, পিথাম্বৰ আদি ঠাইত ভলভৰ নিৰ্মাণ ক্ষেত্ৰৰ লগত ৩,৫০০ কৰ্মচাৰী আৰু চাৰিশ চেলচ এণ্ড ছাৰ্ভিছ প্ৰফেশ্যনেল জড়িত আছে।

ভাৰতবৰ্ষত মেনুফেকচাৰিঙ আৰু ডিষ্ট্ৰিবিউটিঙ খণ্ডৰ লগতে ভ'লভই ইয়াৰ সামগ্ৰী লেটিন আমেৰিকা, দক্ষিণ আমেৰিকাকে ধৰি এছিয়াৰ বিভিন্ন প্ৰান্তলৈ পঠিয়াই।ইয়াৰ বাছসমূহ দক্ষিণ আফ্ৰিকা, দক্ষিণ এছিয়া,ইউৰোপ আদিলৈ ৰপ্তানি কৰা হয়।ভ'লভই আন্ত:গাথনি উন্নত কৰাৰ লগতে উন্নত প্ৰযুক্তিবিদ্যাৰে স্থলপথ উন্নয়নৰ লক্ষ্য আগত ৰাখিছে।

বিভিন্ন প্ৰতিযোগিতা যেনে-‘Volvo Operator Idol competition’, ‘Volvo fuel watch challenge’ আদিৰ জৰিয়তে কম্পেনিয়ে ছেফটি ষ্টেণ্ডাৰ্ড উন্নত কৰাৰ লগতে অপাৰেটৰ আৰু চালক সকলক ইন্ধনৰ কাৰ্যকৰিতা বৃদ্ধি কৰাৰ বাবে উৎসাহিত কৰি আহিছে।

ভ'লভ-জি.এম.আৰ. পাৰ্টনাৰশ্বিপৰ জৰিয়তে কম্পেনিয়ে হাইদৰাবাদ,দিল্লী,বাঙ্গালুৰু আদি চহৰত নিবনুৱা যুৱকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

ভৱিষ্যত পৰিকল্পনা

ভ'লভই বিশ্বাস কৰে যে ভৱিষ্যতটো সুন্দৰ কৰাৰ অৰ্থ হল নিজকে দক্ষ কৰা।যাতায়ত সেৱাত পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰাটোৱে তেওঁলোকৰ দীৰ্ঘদিনীয়া লক্ষ্য।এই লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে পাঁচটা দিশত গুৰুত্ব আৰূপ কৰাৰ কথা চিন্তা কৰিছে

১)ডিজিটাইজেশ্যন

২)পশ্চিমৰ পৰা পূবলৈ অৰ্থনৈতিক শক্তি বিস্তাৰিত কৰা

৩)আৰ্থিক বিভাজনৰ প্ৰসাৰ

৪)বিশ্বজুৰা সু-সম্পৰ্ক গঢ়ি তুলা।

৫)নগৰীকৰণ দ্ৰুততৰ কৰা

আনহাতে কৰ্ণাটকত ভ'লভৰ ভৱিষ্যত পৰিকল্পনা হল চল্লিশ শতাংশ ইন্ধন ৰাহি কৰিব পৰাকৈ বাছ সমূহত হাইব্ৰীড টেকন'লজী প্ৰয়োগ কৰা।কাৰ্বন নিৰ্গমন পঞ্চাশ শতাংশলৈ হ্ৰাস কৰি যাত্ৰীৰ বাবে স্বাস্থ্যকৰ যাত্ৰা নিশ্চিত কৰা।কৰ্ণাটক বিশ্ব দৰবাৰত জিলিকি ৰোৱাকৈ অৰ্থিক স্বাৱলম্বিতাৰ সম্ভাৱনাৰ কেইটামান পৰামৰ্শ আগবঢ়াই কমল বালিয়ে তেওঁৰ ভাষণ সামৰণি মাৰে-

১) সংস্থাপন,উৎপাদন আদি ক্ষেত্ৰত সুবিধাৰ বাবে শ্ৰম আইন শিথিল কৰাৰ প্ৰয়োজনীতা।

২)ৰাস্তা,এয়াৰপৰ্ট আদিৰ আন্ত:গাথনি উন্নত কৰাৰ লগতে শক্তি,পৰিচ্ছন্নতা আদি দিশত গুৰুত্ব আৰূপ কৰা।

৩)গুডছ এণ্ড ছাৰ্ভিছ টেক্স শিথিলকৰণ।

৪)পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ উন্নত কৰি স্কিল ডেভেলপমেন্টত গুৰুত্ব প্ৰদান কৰা।


মূল: হৰছিথ মাল্যা

অনুবাদ: পূবালী ভাগৱতী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী


কৰ্ণাটকত ব্যাৱসায় সহজসাধ্য কৰি তোলাৰ প্ৰয়াস

কৰ্ণাটক-জাৰ্মানীৰ সম্পৰ্ক শিখৰলৈ উঠাৰ ১০টা কাৰণ

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক