জেনডেস্কে ৮১০০০ গ্ৰাহক কিদৰে লাভ কৰিলে

জেনডেস্কে ৮১০০০ গ্ৰাহক কিদৰে লাভ কৰিলে

Saturday October 01, 2016,

3 min Read

বিশ্বৰ ৮১ হাজাৰ গ্ৰাহকৰ সমস্যা সমাধান কৰাৰ বাবে ৭৫ হাজাৰৰো অধিক প্ৰতিষ্ঠানে ব্যৱহাৰ কৰা এটা ছফটৱেৰ হ'ল জেনডেস্ক । বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ বাৰখন চহৰৰ ডেৰ হাজাৰতকৈও বেছি মানুহে এই প্ৰতিষ্ঠানত কাম কৰে । ২০১৪ চনত বজাৰত এই প্ৰতিষ্ঠানে আইপিঅ' মুকলি কৰে । য়'ৰ ষ্ট'ৰীৰ টেকস্পাৰ্কছৰ মঞ্চত জেনডেস্কৰ সহ প্ৰতিস্থাতা আৰু মূখ্য প্ৰযুক্তি বিষয়া মৰ্টেন প্ৰিমডালে জেনডেস্কৰ প্ৰতিষ্ঠা আৰু আৰম্ভণীৰ সময়ছোৱাৰ কথা অৱগত কৰে । 

image


বিশ্বজোৰা সফলতা লাভ কৰা জেনডেস্কৰ কাহিনী চমকপ্ৰদ । আলেকজেণ্ডাৰ আঘাছিপুৰ, মৰ্টেন প্ৰিমডাল আৰু মিক্কেল স্বেনে যেতিয়া জেনডেস্ক আৰম্ভ কৰিছিল তেতিয়া তেওঁলোকৰ একো নাছিল । প্ৰায় দেউলীয়া অৱস্থাত তেওঁলোকে আৰম্ভ কৰিছিল জেনডেস্ক । বিশেষজ্ঞসকলেও তেওঁলোক সফল নহ'ব বুলি ভৱিষ্যৎবাণী কৰিছিল । তথাপিও কিন্তু তেওঁলোক হতাশ নহ'ল আৰু তেওঁলোকৰ মূখ্য কাৰ্যালয় ছিলিকন ভেলীলৈ স্থানান্তৰিত কৰি নিজৰ বিকাশ আৰু প্ৰসাৰ অব্যাহত ৰাখিলে । 

১৯৯৯ চনত ডেনমাৰ্ক বিশ্ববিদ্যালয়ত বায়টেকনলজী অধ্যয়ন কৰি থকা অৱস্থাত মৰ্টেনে এবছৰ বিৰতি লোৱাৰ সিদ্ধান্ত লয় । তেনেতে তেওঁ কমপিউটাৰৰ প্ৰতি আকৰ্ষিত হয় । পিছলৈ তেওঁ এটা প্ৰতিষ্ঠানত কাম কৰিবলৈ লয় য'ত জেনডেস্কৰ বৰ্তমানৰ চিইঅ' মিক্কেল তেওঁৰ মূৰব্বী আছিল । 

এই উদ্যোগত কাম কৰাৰ অভিজ্ঞতাৰ ভিত্তিতে তেওঁলোকে এই ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । ২০০৫ চনত এই ব্যৱসায় আৰম্ভ কৰাৰ সময়ত তেওঁলোক আটাইকেইজন আছিল দেউলীয়া । সেই সময়ত পৰামৰ্শদাতা হিচাপে তেওঁলোকে পাৰ্ট টাইম কাম কৰি আছিল । 

২০০৭ চনৰ ১ অক্টোবৰত তেওঁলোকে সিদ্ধান্ত ল'লে তেওঁলোকৰ আন সকলো কাম বাদ দি সম্পূৰ্ণৰূপে জেনডেস্কত নিজৰ সময় দিয়াৰ সিদ্ধান্ত লয় । তেওঁলোকৰ আৰম্ভণী আছিল মন্থৰ । বিনিয়োগ পোৱাটো তেওঁলোকৰ বাবে আছিল অসম্ভৱ ।

তেওঁলোকৰ অৱস্থাটোক মৰ্টেনে কুকুৰৰ খাদ্য খোৱাৰ লগত তুলনা কৰে । তেওঁলোকৰ হাতত পইছা নাছিল ব্যৱসায় বৃদ্ধি কৰাৰ বাবে আৰু বিনিয়োগ আনাটোও সম্ভৱ নাছিল । সেই সময়ত ডেনমাৰ্কৰ অৱস্থাও বৰ উৎসাহজনক নাছিল । 

আন কোনো উপায় নাপাই তেওঁলোকে নিজৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰপৰা কিছু ধন গোটাই তাত বিনিয়োগ কৰিলে । সেই সময়তে আন এক উজুটি আছিল প্ৰখ্যাত বিনিয়োগকাৰী জেছন কালাকানিছ আৰু মাইক আৰিংটনে জেনডেস্ক টেকক্ৰাঞ্চৰ টেক ৫০ৰ অংশ হ'বলৈ তেনেই সাধাৰণ বুলি মন্তব্য কৰিছিল । 

image


প্ৰত্যাখ্যানৰ মূখামূখি হৈও বিচলিত নোহোৱাৰ সন্দৰ্ভত মৰ্টেনে কয়, 

যদি আপুনি য়'ৰ ষ্ট'ৰীৰ Tech30ত স্থান পোৱা নাই তেনেহলে বিচলিত নহ'ব । আপুনি তথাপিও সফল হ'ব পাৰে ।

মৰ্টেনে কয় যে তেওঁলোকে তেওঁলোকৰ ওপৰত আস্থা ৰখা আন বিনিয়োগকাৰীক লগ পাইছিল । ২০০৯ চনত তেওঁলোকে প্ৰথম চীড কেপিটেল হিচাপে ৫০০,০০০ ডলাৰ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছত তেওঁলোকে মেট্ৰিক্স পাৰ্টনাৰ্ছ, ৰেডপইণ্ট আৰু বেঞ্চমাৰ্কৰপৰা মুঠ ৮৫.৫ মিলিয়ন ডলাৰ লাভ কৰিবলৈ সক্ষম হয় । ২০১৪ চনত জেনডেস্কে আইপিঅ' মুকলি কৰে । বৰ্তমান বিশ্বৰ ৯টা প্ৰডাক্ট ডিভেলপমেন্ট চেন্টাৰত ১৫০০ কৰ্মচাৰীয়ে জেনডেস্কৰ বাবে কাম কৰে । মৰ্টেনে কয় যে তেওঁলোক ভাৰতৰ বিকাশক লৈ উৎসাহিত আৰু ভাৰতত তেওঁলোকৰ কাৰ্যালয় স্থাপনত তেওঁলোক আশাবাদী ।

মূল- হৰ্ষিৎ মাল্যা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বাংগালুৰুত আৰম্ভ প্ৰযুক্তি ষ্টাৰ্টআপৰ মহাকুম্ভ টেকস্পাৰ্কছ ২০১৬

টেকস্পাৰ্কছ ২০১৬ত প্ৰদৰ্শিত কেইটামান ষ্টাৰ্টআপ

শিতলকাৰী পোছাক: অতীত হ'ব বাতানূকুলক