বিহাৰৰ মহিলা সকলক কলাৰ সাধনাৰে জীৱন নির্বাহৰ পথ দেখুৱাইছে শ্বেতা তিৱাৰীয়ে

তন্বী ডুবে

0

বিহাৰৰ এখন সৰু চহৰ গয়াত জন্মগ্ৰহণ কৰা শ্বেতা তিৱাৰীৰ শৈশৱ আছিল তেনেই সাধাৰণ৷ সৰুৰে পৰা বিদ্যায়তনিক শিক্ষাতকৈ কলা আৰু সঙ্গীতৰ প্ৰতিহে শ্বেতাৰ ধাউতি আছিল অধিক৷ পিছলৈ শ্বেতাই সমগ্ৰ ভাৰতবর্ষজুৰি মহিলা হস্তশিল্পী সকল স্বাবলম্বী হ’ব পৰাকৈ চুঙ্গী নামৰ এটা অনলাইন মঞ্চৰ সূচনা কৰিছিল৷ সমাজৰ অৱহেলিত মহিলা সকলৰ সৱলীকৰণ কৰি তেওঁলোকক অর্থনৈতিক ভাৱে স্বাবলম্বী কৰাটোৱেই আছিল চুঙ্গীৰ মূল উদ্দেশ্য৷

দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লোৱাৰ পিছত শ্বেতা বিজ্ঞাপন উদ্যোগৰ সৈতে জড়িত হৈ পৰে৷ শ্বেতাৰ মতে তেওঁ বিজ্ঞাপন জগতৰ প্ৰথম বছৰকেইটাত দূৰন্ত এক নতুন জীৱনৰ সোৱাদ পাইছিল৷ তেতিয়া কামৰ কোনো নির্দিষ্ট সময় নাছিল, ৰাতিপূৱাই ঘৰৰ পৰা ওলোৱা - ৰতি দেৰিকৈ ঘৰ সোমোৱা, কামৰ সময়ত উৎপন্ন হোৱা যিকোনো পৰিস্থিতিক চম্ভালি ল’বলৈ শিকা, একেবাৰে শেষ মূহুর্তত যিকোনো এটা পিটচ্ তৈয়াৰ কৰা, সময়ৰ ছেদ-ভেদ নোহোৱাকৈ কাম কৰা, ইত্যদি কথাবোৰ আছিল তেনেই স্বাভাবিক৷ তাইৰ এই নতুন জীৱন শৈলি দেখি বহুতেই “এনেকুৱানো কি কাম আছে যিটো দিনৰ ভাগত কৰিব নোৱাৰি” জাতীয় প্ৰশ্নেৰে তাইক ব্যতিব্যস্ত কৰি তুলিছিল৷ এনেকুৱা কথাবোৰে তাইক বিচলিত কৰাৰ সলনি এখন নতুন সমাজ গঢ়াৰ কাৰণেহে তাইক বদ্ধপৰিকৰ কৰি তুলিছিল৷

চুঙ্গীএ সকলো সলনি কৰি দিলে

চুঙ্গী হ’ল কলা আৰু শিল্পীক পুনৰ জীৱন দিয়াক এক উদ্যম৷ আজিৰ ডিজিটেল পৃথিৱীত বহু কম মানুহেই কূৰচা শলাৰে গোঁঠা কাপোৰ, কান্থা শিল্প কিম্বা মধূৱণী পেইণ্টিঙৰ কথা শুনিছে । শ্বেতাৰ মতে, চুঙ্গীৰ এই অনলাইন বিক্ৰী সেৱাৰ জৰিয়তে এই শিল্পৰ সৈতে জড়িত শিল্পীসকলে এটা নতুন ঠিকনা লাভ কৰাৰ উপৰিও তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰো সুযোগ পাইছে৷ শ্বেতাই সদায় নিজৰ সৰু ছহৰখনৰ লোকসকলক শিক্ষা আৰু কর্মসংস্থান দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ এইক্ষেত্ৰত চুঙ্গীয়ে সকলোকে সহায় কৰিছে৷'চুঙ্গীয়ে শিল্পীসকলক এটা নতুন ঠিকনা আৰু এখন মঞ্চ প্ৰদান কৰে,' শ্বেতাৰ মন্তব্য ।

মহিলাসকলক প্ৰশিক্ষণৰ জড়িয়তে অর্থনৈতিকভাৱে স্বাবলম্বী কৰি তেওঁলোকৰ মাজত এক নির্ভৰযোগ্য নেটৱর্ক গঢ়ি তোলাত শ্বেতা সফল হৈছে৷ তেওঁৰ ভাষাত, 'চুঙ্গী হ’ল মহিলা হস্তশিল্পীসকলৰ এটা অতিকৈ নিবিড় অনুষ্টান৷ উদাহৰণস্বৰুপে কিছুদিন আগলৈকে হস্তশিল্পী হিচাপে সংগ্ৰাম কৰি থকা সুনিতা আজি এই চুঙ্গী পৰিয়ালৰ অভিন্ন অঙ্গ৷ আমি একেটা পৰিয়ালৰ দৰে হাঁহি ধেমালিৰ মাজেৰে প্ৰতিদিনৰ সংগ্ৰামৰ মূখামূখী হওঁ৷'

প্ৰত্যাহ্বান

চুঙ্গীক অজিৰ ৰুপ দিয়াত শ্বেতাক মাক বীণা আৰু ভনীয়েক ষ্মিতাই যথেষ্ট সহায় কৰিছিল৷ যুগ যুগ ধৰি চলি থকা সামাজিক ব্যৱস্থাত ঘৰএখনৰ মূৰব্বী আৰু গিৰিহঁতৰ বাধা নিষেধ ওফৰাই গাঁৱৰ মহিলাসকলক তেওঁলোকৰ বাস্তৱ সম্পর্কে বুজাই বঢ়াই চুঙ্গীৰ সৈতে জড়িত কৰোৱাটোৱেই অছিল আটাইতকৈ ডাঙৰ সমস্যা৷ প্ৰথম অৱস্থাত এই কামটোতে শ্বেতাই বহুত দিন ব্যয় কৰিব লগা হৈছিল কিন্তু এমাহ যোৰা বহু বুজনিৰ পিছত কেইগৰাকীমান মহিলাক উলিয়াই আনিবলৈ সক্ষম হৈছিল৷ এনেকৈয়ে মহিলা হস্তশিল্পীসকলৰ আজিৰ এই অর্থনৈতিকভাবে স্বাবলম্বী গোট চুঙ্গীএ ৰুপ পালে৷ শ্বেতাৰ মতে প্ৰথমাৱস্থাৰ সেই পৰিশ্ৰমৰ পিছত তেওঁলোকৰ গোটটোৱে পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই৷ কামৰ তাগিদাত শ্বেতাই বহু দুৰ-দূৰণিৰ ঠাই সামৰি লওঁতে হোৱা কষ্টটোও সহ্য কৰিব লগা হৈছিল৷ কিয়নো তেওঁ সূদুৰ মুম্বাইৰ পৰা তেওঁৰ সৰু চহৰখনৰ শিল্পীসকল আৰু তেওঁৰ পৰিয়ালটো চোৱা-চিতা কৰিব লগা হৈছিল৷ আনহাতে সম্বল আৰু সময়ৰ অভাৱত বহু সময়ত চুঙ্গীৰ শিল্পীসকলে কামৰ নির্দিষ্ট লক্ষ্যত উপনীত হ’ব পৰা নাছিল৷ ইয়াৰ উপৰিও পূঁজিৰ যোগানৰ পৰিচালনাৰ দিশটোতে মূলতঃশ্বেতা সমস্যাৰ সন্মূখীন হৈছিল কিয়নো চুঙ্গীৰ বাহিৰা কোনো আয়ৰ উৎস নাছিল৷ তেনেবোৰ সময়ত তেওঁ প্ৰতিদিনৰ অভিজ্ঞতাৰ পৰাই বহু কথা শিকা বুলি আজি অনুভৱ কৰে৷ ষ্টিভ জৱচে জীৱনত বিফলতাৰ পৰা অনুপ্ৰেৰণা লৈ আজিৰ অৱস্থাত উপনিত হোৱা কাহিনীবোৰে তেওঁক যথেষ্ট সাহস যোগোৱা কথাটোও তেওঁ আজি স্বীকাৰ কৰে৷

নিজৰ লক্ষ্য আৰু উদ্দেশ্যত অবিচল থকাৰ কিটিপ

শ্বেতাই তেওঁৰ পৰিয়ালৰ লোকসকলৰ পৰাই মূলতঃ অনুপ্ৰাণিত হোৱা কথাটো স্বীকাৰ কৰি ইয়াৰ কৃতিত্বও পৰিয়ালটোকে দিব খোজে৷ তাইৰ পৰিয়ালৰ লোকসকলে সকলোপ্ৰকাৰে তাইক সহযোগিতা আগবঢ়োৱাৰ উপৰিও শিল্পীসকলৰ পৰিয়ালৰ লগতো সঘন যোগাযোগ ৰক্ষা কৰি তেওলোককো অনুপ্ৰণিত কৰাত মূখ্য ভূমিকা লৈ আহিছে৷ শ্বেতাই অনুভৱ কৰে যে বিগত এটা বছৰত চুঙ্গীৰ সৈতে জড়িত শিল্পীসকলৰ প্ৰতিগৰাকীয়েই নিজৰ সামর্থৰে সমাজত নিজকে প্ৰতিষ্টা কৰি সমাজৰ পৰা স্বীকৃতি আদায় কৰি ল’ব পাৰিছে৷

শ্বেতাৰ মতে, 'আজি চুঙ্গীৰ সৈতে জড়িত শিল্পীসকলৰ পট পৰিবর্তন হৈছে, তেওঁলোকৰ মনোবল বৃদ্ধি পোৱাৰ উপৰিও অর্থনৈতিক ভাৱে আজি তেওঁলোক স্বাবলম্বী হৈছে৷ সমাজৰ কাৰণে সামান্য কিবা এটা কৰাৰ ইতিবাচক চিন্তাটোৱেই স্বেতাক আজি সন্তুষ্টি দিছে আৰু দৰিদ্ৰ মহিলাসকলৰ কাৰণে থকা তাইৰ মঙ্গল প্ৰার্থনাই তাইক দিছে জীয়াই থকাৰ প্ৰেৰণা৷'

ভবিষ্যতৰ পৰিকল্পনা

শ্বেতাই কয়, 'এবছৰৰ আগতে চুঙ্গীৰ জমা-খৰছৰ বহীৰ লাভৰ শিতানত লিখা আছিল এটা ডাঙৰ শূণ্য কিন্তু সেই অৱস্থাৰ পৰা যাত্ৰা আৰম্ভ কৰি আজি চুঙ্গীয়ে ২৫ গৰাকী মহিলা হস্তশিল্পীৰ উপৰিও মূঠতে ৩৫ গৰাকী শিল্পীক ভৰন-পোষন দিবলৈ সমর্থ হৈছে৷' আজি শ্বেতাই মহিলা শিল্পী সকলৰ জড়িয়তে কূৰচা শলাৰে গোঁঠা কাপোৰ, কান্থা শিল্প কিম্বা মধূৱণী পেইণ্টিঙৰ দৰে শিল্পক পুণৰ জীৱন দিব পাৰিছে৷ এনেকুৱা ক্ৰমান্বয়ে বিলুপ্তিৰ পথত আগবঢ়া আন আন শিল্পকো শ্বেতাই থলুৱা শিল্পীকূলৰ জড়িয়তে প্ৰাণ দিয়াৰ সংকল্প লৈছে৷ সমাজৰ সর্বদিশৰ বিকাশৰ জৰিয়তে সমগ্ৰ সমাজখনৰ পূর্ণতা প্ৰাপ্তিয়েই হৈছে চুঙ্গীৰ মূল উদ্দেশ্য৷ সেই একে উদ্দেশ্য আগত ৰাখি শ্বেতাই পৰৱর্তী বছৰত মুঠ ১০০ গৰাকী হস্তশিল্পীক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে৷ চুঙ্গীৰ জড়িয়তে শ্বেতাৰ মূল উদ্দেশ্যই হৈছে সমাজত সিচঁৰতি হৈ থকা মহিলা হস্তশিল্পী সকলৰ সামৰি থলুৱা শিল্পৰ বিকাশৰ জড়িয়তে তেওঁলোকক আর্থিকভাবে স্বাবলম্বী কৰি সমাজত প্ৰতিষ্ঠা লাভত সহায় কৰা৷

A student of Cinema...

Related Stories