মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক পদক্ষেপ- ‘ছে’ফচিটি’

মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক পদক্ষেপ- ‘ছে’ফচিটি’

Thursday December 24, 2015,

8 min Read

ভাৰতত ব্যাপক ভাৱে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। ৰাস্তাত ছোৱালী জোকোৱা, ভুৱা ফোন কল কৰা ধৰণৰ ঘটনা আৰক্ষীৰ ওচৰত গোচৰ দিব নোৱাৰি যদিও, এনে ঘটনাৰ কুপ্ৰভাৱ ভুগিব লগীয়া হয় ভুক্তভুগীয়ে।

“চৰকাৰী পৰিসংখ্যা অনুসৰিয়ে, ভাৰতত প্ৰতি ২০ মিনিটত এটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কোৱা মতে ভাৰত ধৰ্ষণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত। আমেৰিকা আৰু আফ্ৰিকাৰ পাছতে আছে ভাৰতৰ নাম। প্ৰতিটো ধৰ্ষণৰ ঘটনা পঞ্জীয়ন নৌহওতেই যদি প্ৰতি ২০ মিনিটত এগৰাকীকৈ মহিলা ধৰ্ষিতা হয়, তেনেহ’লে কল্পনা কৰক, প্ৰতিদিনি বাটে পথে কিমান নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হয়।” – এলিজা মাৰি ডি ছিলভাৰ প্ৰশ্ন এয়া।

২০১২ চনৰ দিল্লীৰ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ কাণ্ডই দেশ জোকাৰি গৈছিল। ঘটনাটোৰ পাশবিকতাই সকলোৰে অন্তৰআত্মা কঁপাই তুলিছিল। তিনিগৰাকী মহিলাক এই ঘটনাটোৱে এনেদৰে প্ৰভাৱ পেলালে যে তেওঁলোকে এনে ঘটনাৰোধৰ বাবে কিবা এটা কৰাৰ মন বান্ধিলে।

লক্ষ্যৰ দিশে ধাৱমান তিনিগৰাকী মহিলাৰ দল

এলিজা মাৰি ডি ছিলভা, সূৰ্য়া ভেলমাৰি আৰু ছাল’নি মালহোট্ৰা। নিৰ্ভয়া কাণ্ডৰ কেইমাহ মানৰ পূৰ্বে ছুইডেনত সাক্ষাৎ হৈছিল এই তিনিগৰাকী মহিলাৰ। সেই সময়ত ‘মেন্টৰিং অৱ ৱমেন’ শীৰ্ষক এক প্ৰকল্পত তিনিও একেলগে কাম কৰি আছিল। কিন্তু নিৰ্ভয়াই সকলো সলনি কৰি দিলে। “যেতিয়া দিল্লীত ঘটনাটো সংঘটিত হ’ল, আমি সিদ্ধান্ত ল’লো ‘মেন্টৰিং অৱ ৱমেন’ৰ কাম পিছতো হ’ব, এতিয়া লিংগ ভিত্তিক হিংসাৰ ক্ষেত্ৰত আগতে কেতিয়াও নজনোৱা ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত এখন মেপ প্ৰস্তুত কৰাৰহে অধিক প্ৰয়োজন। এনেদৰেই নাৰীয়ে কেতিয়াও ক’ব নিবিচৰা অভিজ্ঞতা লিপিবদ্ধ কৰি ছে’ফচিটিৰ আৰম্ভ হ’ল।”- ছে’ফচিটিৰ আৰম্ভণিৰ কথা এনেদৰে ক’লে এলিজা মাৰি ডি ছিলভাই।

ছে’ফচিটি

image


নিজৰ পৰিকল্পনাৰে আগবাঢ়িম বুলি সিদ্ধান্ত লোৱাৰ পাঁচ দিনৰ ভিতৰতে ছে’ফচিটি আৰম্ভ কৰিলে এলিজা, সূৰ্য়া আৰু ছাল’নিয়ে। ছে’ফচিটিয়ে জিঅ’স্পেচিয়েল টেকন’ল’জি ব্যৱহাৰ কৰি, জিআই এছ ( Geographic Info System) মেপিঙৰ সহায়ত যিকোনো স্থানত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বিষয়ে অৱগত কৰায়। এই প্লেটফৰ্মত যৌন নিৰ্যাতন তথা ৰাজহুৱা স্থানত হোৱা নিৰ্যাতনৰ ব্যক্তিগত অভিজ্ঞতা লিপিবদ্ধ কৰি স্থান অনুসৰি অপৰাধ প্ৰৱণতা মেপ তথ্য আকাৰে যোগান ধৰা হয়।

কোনো মহিলাই নাম প্ৰকাশ নকৰাকৈও এনে হিংসা বা নিৰ্যাতনৰ ঘটনাৰ কথা প্ৰকাশ কৰিব পাৰে। ছে’ফচিটিৰ মূখ্য উদ্দেশ্য- এনে ধৰণৰ ঘটনা বা অপৰাধ ক’ত হৈছে (যথা সম্ভৱ স্থানৰ সবিশেষ) কেতিয়া হৈছে (তাৰিখ আৰু সময়) সবিশেষ খবৰ সংগ্ৰহ কৰাটো। সকলো তথ্য ঘটনাটোৰ ধৰণ অনুসৰি বিভিন্ন শাখাত অন্তৰ্ভুক্ত কৰা। যেনে- ধৰ্ষণ, যৌন আমন্ত্ৰণ, অপ্ৰৰোচিত স্পৰ্শ, উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ বিৰুদ্ধে অপৰাধ ইত্যাদি। ভুক্তভোগী মহিলাই অপৰাধটোৰ বিষয়ে ৰিপৰ্ট কৰাৰ লগতে প্ৰমাণৰ কাৰণে ভিডিঅ’ বা ফটোও শ্বেয়াৰ কৰিব পাৰে। তেওঁলোকে ছে’ফচিটিত স্থান আৰু অপৰাধৰ ধৰণ অনুসৰি সতৰ্কতাৰ বাবে ছাইন আপ কৰি কোনো অঞ্চলৰ ওচৰে পাজৰে হোৱা নিৰ্যাতনৰ ঘটনাৰ আপডেটো ল’ব পাৰে।

“ইন্টাৰনেটে ঢুকি নোপোৱা সকলৰ বাবে আমাৰ এটা মিছড কলৰ সুবিধাও আছে। 09015 510 510 নন্বৰত মিছড কল দিলে, আমাৰ টীমে ২৪ ঘন্টাৰ ভিতৰত যোগাযোগ কৰি তেওঁলোকৰ পৰা ৰিপৰ্ট সংগ্ৰহ কৰে। তেওঁলোকে টেলিফোনৰ বাবেও পইছা ভৰিব নালাগে।” –এলিজাই ক’লে এনেদৰে।

সুৰক্ষা আপোনাৰ হাততে

image


মহিলা সকলক কোনো স্থান সম্পৰ্কে তথ্যৰ যোগান ধৰি সুৰক্ষিত কৰাই ছে’ফচিটিৰ মূল উদ্দেশ্য। সুৰক্ষাৰ অন্যান্য এপছতকৈ ছে’ফচিটিক এই SOSয়ে অন্যণ্য কৰি তুলিছে। উদাহৰণ স্বৰূপে, কোনোবাই যদি কোনো ৰেষ্টুৰাঁত খাবলৈ, কোনো চিনেমা হলত চিনেমা চাবলৈ বা কোনো হোটেলত ৰাতি থাকিব বিচাৰে, তেন্তে বন্ধু বৰ্গক সেই বিষয়ে সুধি পুছি লয়, কিন্তু সুৰক্ষাৰ ক্ষেত্ৰত তেনে কোনো সুধিব পৰা উৎস নাই। “আমি সেই অভাব পুৰণ কৰিব বিছাৰিছো। যাৰ দ্বাৰা এগৰাকী মহিলাই ক’ৰবালৈ যাত্ৰ কৰাৰ পূৰ্বে থাই খনৰ নিৰাপত্তাৰ বিষয়ে সম্পূৰ্ণকৈ জানি ল’ব পাৰিব।”- ছে’ফচিটিৰ উপযোগিতা সম্পৰ্কে এনেদৰে ক’লে এলিজাই।

আশা কৰা হৈছে, ছে’ফচিটিয়ে ৰাজহুৱা স্থান সমুহত নিৰ্যাতনৰ প্ৰৱণতাক আঙুলিয়াই দি প্ৰশাসনক সঠিক পদক্ষেপ লোৱাত সহায় কৰাৰ লগতে স্থানীয় লোক সকলকো এটা সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ উদ্বুদ্ধ কৰি তুলিব।

সঁহাৰি

ছে’ফচিটিয়ে যদিও বৰ্তমান ভাৰত আৰু নেপালৰ অপৰাধ প্ৰবণতাৰ মেপ নিৰ্মাণতহে ব্যস্ত হৈ আছে, কিন্তু বিশ্বৰ যিকোনো প্ৰান্তৰে ৰিপৰ্ট গ্ৰহণ কৰে ছে’ফচিটি। সেই অনুসৰিয়ে আফ্ৰিকা, ইউৰোপ আনহে নালাগে মাৰ্কিন যুক্তৰাষ্ট্ৰৰো বিভিন্ন ৰিপৰ্ট ছে’ফচিটিৰ আছে।

ছে’ফচিটিত ভাৰতৰ প্ৰায় ৫০ খন চহৰৰ ৪০০০ৰৰো অধিক ৰিপৰ্ট আৰু নেপালৰ প্ৰায় ৫০০ ৰিপৰ্ট আছে। এলিজা আৰু তেওঁৰ দলটোৱে এনে ৰিপৰ্টৰ পৰা য়ি ডাটা বেছ প্ৰস্তুত কৰি আছে, তাত পূৰ্বে কেতিয়াও পঞ্জীয়ন নোহোৱা বহু ৰিপৰ্ট আছে। ইয়াৰ পৰা প্ৰমাণ হয় যে মহিলাই এতিয়া এনে ৰিপৰ্ট কৰিবলৈ আৰু লাজ কৰি বহি নাথাকে।

পৰিবৰ্তন

এলিজাই কয়- “আমি সামাজিক ক্ষেত্ৰ খনত নতুন। কিন্তু এটা কথা আমি বুজিছো, সকলোৱে পৰিবৰ্তন বিচাৰে। মহিলা সকলে অপৰাধ প্ৰৱণতা থকা কোনো স্থানৰ বিষয়ে অৱগত নোহোৱাটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। তোমাৰ হাতত যেতিয়া তথ্য থাকে, তেতিয়া সমস্যাটো বিশ্লেষণ কৰি সমাধানৰ উপায়ো তুমি উলিয়াই ল’ব পাৰিবা। আৰু সেইয়াই এটা উদাহৰণ হৈ পৰিব।” উদাহৰণ স্বৰূপে, দিল্লীৰ তথ্য চালে দেখা যায়, কোনাৰ্ট পেলেচ, ৰোহিনী আৰু ওখলা অঞ্চলত নিৰ্যাতনৰ ঘটনা সঘনাই সংঘটিত হয়। কিন্তু প্ৰতিটো অঞ্চলতে হোৱা নিৰ্যাতনৰ ধৰণ ভিন্ন ভিন্ন। কোনাৰ্ট পেলেচ অঞ্চলত অপ্ৰৰোচিত স্পৰ্শ কৰাৰ ঘটনা অধিক সংঘটিত হয়। আনহাতে ৰোহিনীত চেইন থপিয়াই নিয়া আৰু ওখলাত কটু মন্তব্য কৰা আৰু মোবাইল ফোনত ফটো তোলাৰ দৰে ঘটনা সৰ্বাধিক হয়। এই সমস্যা সমাধানৰ বাবে চেইন থপিওৱা ঘটনা সংঘটিত হোৱা স্থানত তহলদাৰী আৰক্ষী বৃদ্ধি কৰাৰ প্ৰয়োজন। একেদৰে আন দুটা স্থানত ৰাজহুৱা স্থানত অপৰাধ মুলক আচৰণ ৰোধৰ বাবে সচেতনতা আৰু শিক্ষাৰ প্ৰয়োজন।

image


সচেতনতা

বহু মহিলাই যৌন অপৰাধ কি সেয়া নজনাৰ বাবেই তেওঁলোকৰ ক্ষেত্ৰত হৈ থকা নিৰ্যাতন সমূহ উপলব্ধি নকৰে। তেওঁলোকক আইন আৰু অধিকাৰ সম্পৰ্কে শিক্ষা দিয়াৰ প্ৰয়োজন। লগতে ছে’ফচিটিয়ে তেওঁলোকক কেনেদৰে তথ্য যোগান ধৰি সহায় কৰিব পাৰে সেয়াও বুজুৱাৰ প্ৰয়োজন। সেইবাবেই ছে’ফচিটিয়ে বিভিন্ন স্থানত বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভিন্ন বয়সৰ মহিলাৰ মাজৰ কৰ্মশালা পাতি আহিছে। মহিলা সকল যে অকলশৰীয়া নহয়, সেই উপলদ্ধিৰ বাবে অন্তৰংগ ভাবে ভাব বিনিময় অনুষ্ঠানো আয়োজন কৰে। মহিলা সকলক নিজকে আনৰ চিকাৰ বুলি ভাবিবলৈ, বা লিংগ বৈষম্যৰ চিকাৰ নহবলৈ শিকোৱা হয়।

ছে’ফচিটিৰ ছাইটত ৰিপৰ্ট কৰা বা তথ্য সংগ্ৰহ কৰা বিনামূলীয়া হোৱাৰ বিপৰীতে এনে বোৰ কৰ্মশালা আয়োজন কৰি স্পনচৰশ্বিপৰ জৰিয়তে উপাৰ্জনো কৰে ছে’ফচিটিয়ে। অৱশ্যে নিম্ন উপাৰ্জনৰ লোক সকলৰ মাজত বিনামূলীয়াকৈয়ে কৰ্মশালাৰ আয়োজন কৰা হয়।

প্ৰভাৱ

ছে’ফচিটিয়ে যি তথ্য সংগ্ৰহ কৰিছে সেয়াই এক ডাঙৰ পদক্ষেপ। যিমানে অধিক তথ্য সংগ্ৰহ হ’ব, সিমানে যথাযোগ্য সমাধান উলিউৱাৰ ক্ষেত্ৰত সহজ হ’ব। ছে’ফচিটি ইতিমধ্যে তাৰ প্ৰভাব দেখিবলৈ পাইছে।

উদাহৰণ স্বৰূপে,

গোৱা আৰক্ষীয়ে প্ৰতিটো পষেকতে ছে’ফচিটিৰ পৰা তথ্য সংগ্ৰহ কৰে।

এবাৰ ছে’ফচিটিৰ এটা কৰ্মশালাত এগৰাকী যুৱতীয়ে, পিভিআৰ চিনেমাত থ্ৰীডি গ্লাছ বিলোৱা এজন কৰ্মচাৰীয়ে কৰা দুৰ্ব্যৱহাৰৰ এটা অভিযোগ দিলে। ছে’ফচিটিয়ে লগে লগে সেই অভিযোগ পিভিআৰ ডিপাৰ্টমেন্টলৈ প্ৰেৰণ কৰিলে, স্থানীয় এইছ আৰে লগে লগে তাৰ ব্যৱস্থা গ্ৰহণ কৰিলে।

স্থানীয়ভাবে দিল্লীত কি সুবিধা হৈছে

১. দ্বাৰকা- আইনৰ শিক্ষাৰ্থীৰ এটা দলে অঞ্চলটোৰ নিৰাপত্তা সণ্ডৰ্ভত এটা সমীক্ষাৰ বাবে ছে’ফচিটিৰ পৰা তথ্য সংগ্ৰহ কৰে।

২. স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰৰ শিক্ষাৰ্থীৰ এটা দলে তেওঁলোকৰ ‘সুৰক্ষিত’ আৰু ‘অসুৰক্ষিত’ স্থানৰ ওপৰত ডিচাৰটেচনৰ বাবে ছে’ফচিটিৰ পৰা তথ্য সংগ্ৰহ কৰে। আন ক’তো নোপোৱা তথ্য যোগান ধৰিলে ছে’ফচিটিয়ে।

৩. লাল কুৱান- অঞ্চলটোত নিৰাপত্তাৰ মেপিঙৰ বাবে আৰক্ষীৰ সৈতে একেলগে কাম কৰিছে ছে’ফচিটিয়ে।

৪. ব্ৰেকথ্ৰ নামৰ বেচৰকাৰী সংগঠন এটাই তেওলোকৰ নতুন অভিযান এটাৰ বাবে দিল্লীৰ বিভিন্ন অঞ্চলৰ বিষয়ে জানিবলৈ ছে’ফচিটিৰ পৰাই তথ্য সংগ্ৰহ কৰিছে।

৫. নাজ গ’ল ইণ্ডিয়া নামৰ সংস্থাটোৱে তেওঁলোকৰ যুৱতী সকলক যৌন নিৰ্যাতনৰ ক্ষেত্ৰত সৱলীকৰণৰ বাবে ছে’ফচিটিৰ সৈতে একে লগে কাম কৰিছে।

প্ৰযুক্তিবিদ্যা আৰু ছচিয়েল মিডিয়া

প্ৰযুক্তিয়ে মহিলা সকলৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ লগতে ছে’ফচিটিৰ সৈতে যোগাযোগৰ ক্ষেত্ৰতো বহু সুবিধাৰ সৃষ্টি কৰিছে। “মোক যদি কোনোবা এটা স্থানত নিৰ্যাতন চলাইছে, সেই স্থানত আনকো নিৰ্যাতন চলাব পাৰে, মোৰ লক্ষ্য হ’ব তৎক্ষণাত সেই স্থানৰ পৰা আতৰ হোৱা। লগতে মই কি পিন্ধি আছিলো, সেই স্থানলৈ কিমান সময়ত গৈছিলো, মই তেওঁলোকক প্ৰৰোচিত কৰিছিলো নেকি, এনে বোৰ কথাৰ অৱতাৰণাৰে আনৰ বাবে সেই স্থান সুবিধাজনক কৰি তোলা।” এলিজাৰ ভাষ্য এয়া। এই ক্ষেত্ৰত এটা উদাহৰণ দিব পাৰি। শক্তি মিল নামৰ থাইখনত কেইবাগৰাকী মহিলাকো ধৰ্ষণ কৰা হৈছিল কিন্তু কোনেও কথাটো জনা নাছিল। এগৰাকী মহিলা সাংবাদিকক ধৰ্ষণ কৰাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগ দিয়াতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

image


ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছে’ফচিটিয়ে বিশ্বজুৰি তথ্য বিতৰণৰ সুবিধা লাভ কৰিছে। বিশেষকৈ ছে’ফচিটি ফেচবুকত খুবেই সক্ৰিয়। ফেচবুকৰ জৰিয়তেও সমকালীন বিষয় সমুহৰ বিষয়ে জনোৱাৰ চেষ্টা কৰে ছে’ফচিটিয়ে। ছে’ফচিটিৰ টুইটাৰ একাউন্ট @pinthecreepত প্ৰতি সপ্তাহত ছে’ফচিটিৰ হৈ কোনোৱা এগৰাকীয়ে টুইট কৰে। ছে’ফচিটিত বহু ক্ষেত্ৰত বহু পুৰণা ৰিপৰ্টো কৰে বহু মহিলাই। ২০ বছৰ পুৰণি ঘটনাৰ ৰিপৰ্ট কৰাৰো উদাহৰণ আছে। ছে’ফচিটিয়ে সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বহু লোকে স্বেচ্ছামূলক ভাবে ছে’ফচিটিক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

ছে’ফচিটিৰ টীম

এলিজাই ছে’ফচিটিত ফুলটাইম কাম কৰাৰ বিপৰীতে ছা’লনী আৰু সুৰ্যাই পাৰ্ট টাইম কাম কৰি এলিজাক সহায় কৰি আহিছে। আনহাতে এগৰাকী দিল্লীত আৰু এগৰাকী মুম্বাইত, মুঠ দুগৰাকী ফুলটাইম কৰ্মচাৰীয়ে এলিজাৰ সহায়ক হিছাপে আছে। ইয়াৰ উপৰিও আছে প্ৰায় ৫০ গৰাকী স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা।

জীৱন চক্ৰ

এলিজাই তাইৰ গোটেই জীৱনটো মুম্বাইতে কটালে। এভিয়েচন প্ৰফেচনেল হিছাপে জেট এয়াৰৱেজ আৰু কিংফিচাছ এয়াৰলাইনছত এলিজাই মুঠ ২০ বছৰ কাম কৰিলে।“মোৰ মতে চহৰ সমূহ মহিলাৰ বাবে নিৰাপদ হোৱাটো খুবেই জৰুৰী, কাৰণ মই মহিলা বা অকলশৰীয়া বুলিয়েই মোৰ জীৱনত অংকুশ লগাব নোখোজো।”- মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত এনেদৰে ক’লে এলিজাই।

সুৰ্য়াৰ জীৱন নিৰাপদ। পিতৃৰ কেইবছৰমানৰ মূৰে মূৰে বদলি হৈ থকা চাকৰিৰ বাবে সুৰ্যাৰ পৰিয়ালটোৰ বাসস্থান সলনি হৈ থাকে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অষ্ট্ৰেলিয়াত থকা সূৰ্যাই ভাৰতলৈ ঘুৰি আহে ২০০৪ চনত। যোৱা ১০ বছৰে পৰা তাই ছাছটেইনেবিলিটি প্ৰফেচনেল হিছাপে কাম কৰি আছে।

পৰিকল্পনা

ভৱিষ্যতৰ বাবে বহু পৰিকল্পনা আছে এলিজাৰ।“আমাৰ ছাইটত ৰিপৰ্টৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে আমি এটা মোবইল এপো মুকলি কৰিব বিচাৰিছো। পৰবৰ্তী ১২ মাহত ৰিপৰ্টৰ সংখ্যা ১লাখলৈ বৃদ্ধি কৰি সকলোকে বিষয়টোৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰাব বিচাৰিছো।”- ভবিষ্যত পৰিকল্পনাৰ কথা এইদৰে ক’লে এলিজাই। নন প্ৰফিট অৰ্গেনাইজেশ্বন হিছাপে পঞ্জীয়ন কৰা ছে’ফচিটিয়ে খৰচ নিজে বহন কৰে। কৰ্মশালাৰ পৰা কিছু উপাৰ্জন হয়। কোনোৱাই আৰ্থিক সাহাৰ্য দিব বিচৰিলে ছে’ফচিটিৰ দুৱাৰ সকলোৰে বাবে খোলা আছে।

image


ছে’ফচিটি টীমে আশা কৰে, মহানগৰ সমূহৰ লগতে দেশৰ সকলো চহৰ, নগৰ গাওঁ সকলোতে এদিন ছে’ফচিটিৰ সেৱা উপলদ্ধ হ’ব আৰু সকলো স্থান মহিলাৰ বাবে সুৰক্ষিত হ’ব। আৰু সেই পৰ্যন্ত ছে’ফচিটিয়ে মহিলা সকলৰ অভিজ্ঞতা সম্পৰ্কে কথা পাতি যাব, শিশু, কিশোৰ যুৱক যুৱতী সকলোকে নাৰী নিৰ্যাতনৰ অনাকাংক্ষিত পৰিবেশৰ পৰিবৰ্তন আনিবলৈ উদ্বুদ্ধ কৰি তুলিব। “আমি সকলোৱেই কোনো প্ৰকাৰৰ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছো। এতিয়া এনে ঘটনা ৰোধ কৰাৰ সময় আহি পৰিছে। আমি চহৰ-গ্ৰাম, শিক্ষিত- অশিক্ষিতৰ মাজত বাচ বিচাৰ নকৰো। আমি যি পাৰোঁ কেৱল কৰি যাওঁ। আমি সকলোৰে সৈতে সহযোগিতা আগবঢ়াবলৈ সদায়ে সাজু। আন কোনোবাই যদি আমাক সহযোগিতা কৰিব বিচাৰে [email protected] ৰ সৈতে যোগাযোগ কৰিব পাৰে।”-এনেদৰে সহায়ৰ আহ্বান জনালে এলিজাই।

“মই মোৰ ল’ৰাটো পুৰুষ মহিলা শিশু নিৰ্বিশেষে সকলোকে সন্মান জনাব জনা এখন সমাজত ডাঙৰ হোৱাটো বিচাৰোঁ য’ত সকলোৰে সুৰক্ষা থাকে”- ছে’ফচিটিৰ আন এগৰাকী সদস্যা সূৰ্য়াই ক’লে এনেদৰে।

মূলঃ তনৱী ডুবে

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

    Share on
    close