উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে স্থাপন হ'ব সাজ-পাৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰ

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে স্থাপন হ'ব সাজ-পাৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰ

Tuesday May 31, 2016,

2 min Read

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে সাজ-পাৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় বস্ত্ৰশিল্প মন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰে সোমবাৰে নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ তাঁত আৰু হস্তশিল্পৰ এক প্ৰদৰ্শনী তথা বিক্ৰী কেন্দ্ৰ মুকলি কৰি এই কথা ঘোষণা কৰে৷ এই উৎপাদন কেন্দ্ৰৰ বাবে উত্তৰ-পূবৰ যুৱক-যুৱতী প্ৰশিক্ষণ প্ৰদান কৰি প্ৰত্যক্ষভাৱে নিয়োগ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ সাজ-পাৰ আৰু বস্ত্ৰ উৎপাদনৰ উচ্চ প্ৰযুক্তি সমৃদ্ধ যন্ত্ৰ দক্ষতাৰে পঢ়ৰচালনা কৰিব পৰা ১,২০০ লোকক প্ৰত্যেকটো কেন্দ্ৰতে সাংস্থাপন কৰা হ’ব আৰু এই কেন্দ্ৰ স্থাপন উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু নিয়োগ ক্ষেত্ৰখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও গাংৱাৰে আশা ব্যক্ত কৰে ৷ উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্য ক্ৰমে ত্ৰিপুৰা আৰু নাগালেণ্ডত ইতিমধ্যে সাজপাৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰ মুকলি কৰা হৈছে ৷

image


ইফালে, এই অনুষ্ঠানত গাাংৱাৰৰ সৈতে যুটীয়া উদ্বোধক হিচাপে উপস্থিত থকা উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কয় কয় উত্তৰ-পূববাঞ্চলৰ চহকী বস্ত্ৰ, হস্ত আৰু বাাঁহশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই প্ৰদৰ্শনী এক উল্লেখনীয় পদক্ষেপ৷ চলিত মাহৰ আৰম্ভণিতে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে দিল্লীহাটত স্থায়ীভাৱে নিৰ্মিত ‘পূৰ্বশ্ৰী ষ্টল’ মুকলি কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইযৰণৰ প্ৰচেষ্টাই উত্তৰ-পূবৰ কূটীৰ উদ্যোগৰ প্ৰসাৰত নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব ৷

বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ অধীনৰ এটি আগশাৰীৰ প্ৰতিষ্ঠান কেন্দ্ৰীয় কুটিৰ শিল্প নিগম লিমিটেডৰ উদ্যোগত আৰু ড’নাৰ-বস্ত্ৰ মন্ত্ৰালয়ৰ যুটীয়া সহযোগত নতুন দিল্লীৰ জনপথস্থিত কেন্দ্ৰীয় কুটিৰ শিল্প বিক্ৰী কেন্দ্ৰ (Central Cottage Industries Emporium)ত আয়োজিত এই প্ৰদৰ্শনীখন অহা ১২ জুনলৈ চলিব৷ এই সময়ছোৱা পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ জনসাধাৰণৰ বাবে প্ৰদিবনীখন মুকলি থাকিব ৷ মন কৰিবলগীয়া যে, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইগৰাকী ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত, বিশেষজ্ঞ হস্তশিল্পী আৰু শিপিনীৰ লগতে শিল্প-গুৰুৱে প্ৰস্তুেত কৰা উন্নত মানৰ আৰু সুকীয়া শৈলীৰ সামগ্ৰী এই প্ৰদৰ্শনীত উপলব্ধ হ’ব৷

উত্তৰ-পূব উন্নয়ন দপ্তৰৰ সচিব নবীন বাৰ্মা আৰু বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ সচিব ৰৱি বাৰ্মা সন্মানীয় অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে৷

Image Credit- ShutterStock

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আত্মহত্যাৰ চিন্তাৰপৰা তাৰকা অলৰাউণ্ডাৰ হোৱালৈ সুৰেশ ৰাইনাৰ যাত্ৰা

বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী

বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই

কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com