শিশুৰ বিলাসী পোছাকৰ ক্ষেত্ৰত বিদেশী কোম্পানীৰ সৈতে প্ৰতিযোগিতাত ভাৰতৰ কিড'লজী

শিশুৰ বিলাসী পোছাকৰ ক্ষেত্ৰত বিদেশী কোম্পানীৰ সৈতে প্ৰতিযোগিতাত ভাৰতৰ কিড'লজী

Sunday December 20, 2015,

5 min Read

কলেজত পঢ়ি থকা দিনত অংকুৰ মিট্টাল, নেহা ছাচ্চৰ মিট্টাল আৰু কৰীণা ৰাজপালে কিদৰে কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি সেয়া আলোচনা কৰি ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰিছিল। কিন্তু কলেজৰ পিছত জীৱনে তেওঁলোকক তিনিটা বেলেগ বেলেগ ৰাস্তাৰে লৈ গ’ল। ন-উদ্যোগ এটা আৰম্ভ কৰাৰ সপোনটো কিন্তু তেওঁলোকে কঢ়িয়াই ফুৰিছিল আৰু সেয়েহে কলেজীয়া জীৱন পাৰ হোৱাৰ বহুবছৰ পিছত তেওঁলোক আকৌ লগ লাগিল আৰু kidology নামৰ শিশুৰ বিলাসী পোছাক নিৰ্মাণকাৰী কোম্পানীটোৰ জন্ম দিলে।

image


আমেৰিকাৰ Georgetown Universityৰ পৰা MBA ডিগ্ৰী লাভ কৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট অংকুৰে যোৱা চাৰি বছৰে Citigroup আৰু Credit Suisse সংস্থা দুটাৰ investment banker হিচাপে কাম কৰি নিউয়ৰ্ক আৰু লণ্ডনৰ মাজত ভালেমান অহাযোৱা কৰিলে। এইখিনি সময়ত তেওঁ লক্ষ্য কৰিছিল যে ভাৰতত কেঁচুৱা, শিশু আৰু সম্ভাৱ্য মাতৃৰ বিলাসী কাপোৰৰ ক্ষেত্ৰত চাহিদা আৰু যোগানৰ মাজত এটা শূন্যতা আছে, যিটো সুবিধালৈ ৰূপান্তৰিত কৰিব পাৰি।

ইতিমধ্যে Georgetown Universityৰ পৰা MBA শিক্ষা সমাপ্ত কৰি কৰীণাই ভাৰতত তেওঁলোকৰ পৰিয়ালৰ প্ৰতিষ্ঠিত কাপোৰ, ঘৰুৱা আচবাব-পত্ৰ আদিৰ ব্যৱসায় সম্প্ৰসাৰণৰ কামত জড়িত হৈ পৰিছিল।

আৰু ইফালে Xavier Institute of Communicationৰ স্নাতক নেহাই অংকুৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল আৰু NDTV, TV18 আদিত এংকৰ আৰু বিনোদনমূলক অনুষ্ঠানৰ প্ৰযোজক হিচাপে আঠ বছৰ কাম কৰিছিল।

২০০৯ চনত কৰীণাই ঠিক কৰিলে যে তেওঁ এটা নতুন ব্যৱসায় আৰম্ভ কৰিব য’ত এক নতুন গতিশীলতাৰে তেওঁ নিজৰ ইতিমধ্যে আয়ত্তাধীন কৌশলখিনি প্ৰয়োগ কৰিব পাৰিব। তেওঁ অংকুৰ আৰু নেহাৰ লগ লাগিল আৰু শিশুসকলৰ বাবে এটা লাইফষ্টাইল ষ্ট’ৰ মুকলি কৰাৰ সিদ্ধান্ত ল’লে। ২০১০ চনত তিনিওগৰাকীয়ে Kidologyৰ শুভাৰম্ভ কৰিলে।

Kidologyৰ সহ-প্ৰতিষ্ঠাতা ৩৭ বছৰীয়া অংকুৰে জনায় - ‘‘আমি ০-১০ বছৰ বয়সৰ শিশুসকলৰ বাবে এটা ভাৰতীয় কোম্পানী মুকলি কৰাৰ সিদ্ধান্ত লৈছিলো যিটোৱে ভাৰত আৰু বিদেশত বিবেচনাশীল গ্ৰাহকক আকৰ্ষিত কৰিব।’’

তেওঁ আৰু কয় যে সদ্যোজাত কেঁচুৱাৰ পৰা আৰম্ভ কৰি দহ-এঘাৰ বছৰীয়া শিশুৰ বাবে ভাৰতীয়, পাশ্চাত্য আৰু মিশ্ৰিত ষ্টাইলৰ সাজ-পোছাকৰ লগতে অন্যান্য আনুসংগিক সামগ্ৰীও তেওঁলোকৰ সংগ্ৰহৰ অন্তৰ্ভুক্ত। ষ্ট’ৰত ৰখা সামগ্ৰীৰ উপৰিও আগশাৰীৰ ভাৰতীয় ডিজাইনাৰ গৌৰী আৰু নাইনিকা, গৌৰৱ গুপ্তা, সিদ্ধাৰ্থ টাইটলাৰ আৰু মালিনী ৰামানিক শিশুৰ বাবে বিশেষ পোছাক ডিজাইন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল, যিবোৰ Kidologyৰ নামত উৎপাদন আৰু বিতৰণ কৰা হ’ব।

Kidologyৰ লেবেল মুকলি কৰা হৈছিল নতুন দিল্লীৰ DFL Promenede নামৰ ফ্লেগশ্বিপ ষ্ট’ৰখনত। ভাৰতৰ মুম্বাই, হায়দৰাবাদ, চেন্নাই, লুধিয়ানা আৰু কলকাতাস্থিত কেইবাটাও মাল্টি ডিজাইনাৰ ষ্ট’ৰৰ যোগেদি Kidologyৰ সামগ্ৰী বিক্ৰী হৈ আছে। আনহাতে Kidology.in নামৰ নিজৰ ৱেবছাইট আৰু অন্যান্য ভালেমান অনলাইন ষ্ট’ৰৰ যোগেদিও Kidologyৰ সামগ্ৰীৰ খুচুৰা বিক্ৰী কৰা হয়। আন্তৰ্জাতিক প্ৰেক্ষাপটত ডুবাই, ছিংগাপুৰ, ছিডনী, লণ্ডন আৰু নিউয়ৰ্কৰ মাল্টি ডিজাইনাৰ ষ্ট’ৰত Kidologyয়ে ভুমুকি মাৰিছে।

অংকুৰে কয় যে, ‘‘এটা দল হিচাপে আমাৰ সহ-প্ৰতিষ্ঠাতাসকলে পোছাক ডিজাইনিং উৎপাদন, বিতৰণ, investment banking আৰু ফেশ্বন সম্পৰ্কীয় জনসংযোগ আদি বিষয়ত অভিজ্ঞ মতামত আগবঢ়ায়।’’

ব্যৱসায়ৰ গতি নিয়ন্ত্ৰণ

কোম্পানীটোৰ উপাৰ্জন মূলতঃ উৎপাদন, বিতৰণ আৰু কাপোৰৰ বিক্ৰীৰ পৰাই আহে। অংকুৰে কয় যে, ‘‘যোৱা কেইটামান মাহত আমি কাম কৰাৰ ধৰণ সলনি হৈ গৈছে। আমি সৰ্বমুঠ বিক্ৰীৰ হাৰ বঢ়োৱাত গুৰুত্ব দিয়াৰ লগতে গড় বিক্ৰীমূল্য কমাবলৈ চেষ্টা কৰিছো আৰু সকলোতে আমাৰ বিতৰণ সম্প্ৰসাৰণ কৰি অধিক মানুহৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিছো।’’ আৰম্ভণি অৱস্থাত Kidologyয়ে কেৱল নিজৰ ষ্ট’ৰৰ যোগেদি আৰু অন্যান্য অফলাইন ষ্ট’ৰৰ মাধ্যমেদি ডিজাইনযুক্ত সাজ-পোছাক বিক্ৰী কৰি লাভ-লোকচানৰ কথাহে চিন্তা কৰিব পাৰিছিল। কিন্তু যোৱা কেইমাহমানত ই অনলাইন বিকল্পটোও গুৰুত্ব সহকাৰে লৈছে।

অংকুৰে কয়, ‘‘Cbazar, Snapdeal, Flipkart, Exclusively.com আদিৰ সৈতে আমাৰ অংশীদাৰত্ব গঢ়ি উঠাৰ পিছত প্ৰৱাসী ভাৰতীয়সকলৰ মাজত নামি এক বিৰাট সম্ভাৱনাৰ দুৱাৰ আৱিষ্কাৰ কৰিলো আৰু তেতিয়াৰ পৰাই আমি অনলাইন খুচুৰা বিক্ৰীত অধিক গুৰুত্ব দিবলৈ ল’লো।’’ অৱশ্যে এই পৰিৱৰ্তন বৰ সহজ নাছিল। তেওঁলোকে সামগ্ৰীৰ ডিজাইন আৰু দাম সলাবলগীয়া হৈছিল। ‘‘আমি আমাৰ সামগ্ৰীৰ ডিজাইনত নতুনত্ব আনিছিলো যিয়ে size সালসলনি কৰাৰ সমস্যাটো কম কৰিব। আমাৰ কোম্পানীৰ ভাৱমূৰ্তি আৰু স্থিতি একে ৰাখি আমি আমাৰ সামগ্ৰীৰ নতুন দাম নিৰ্ধাৰণ কৰাৰ প্ৰচেষ্টা চলাই আছো যাৰ দ্বাৰা আমি অধিক গ্ৰাহকৰ ওচৰ চাপিব পাৰিম’’ অংকুৰে কয়। Kidologyয়ে বৰ্তমান ব্যয়সাধ্য বিলাসী পোছাকৰ যোগান ধৰি আছে যাৰ মূল্য ৫০০০-২৫০০০ টকাৰ ভিতৰত। অৱশ্যে তেওঁলোকে ৩০০০ টকাৰ পৰা দাম আৰম্ভ হোৱা পোছাক আৰু ৫০০ টকাৰ পৰা আৰম্ভ হোৱা আনুসঙ্গিক সামগ্ৰী মুকলি কৰাৰ কথা চিন্তা কৰিছে। অংকুৰে কয় যে তেওঁলোকে এতিয়া আৰু অধিক অনলাইন পৰ্টেলৰ লগত অংশীদাৰত্ব আৰম্ভ কৰিছে আৰু একে সময়তে নিজৰ সামগ্ৰী আৰু কোম্পানীৰ ভাৱমূৰ্তি অটুট ৰাখিবলৈ চেষ্টা কৰিছে।

প্ৰত্যাহ্বানৰ মোকাবিলা

কেঁচা সামগ্ৰীৰ দাম আৰু বৃত্তিগত শ্ৰমিকৰ ক্ৰমাগত খৰচ বৃদ্ধিৰ লগে লগে বস্তুৰ গুণাগুণ অটুট ৰাখি যথাসম্ভৱ কম দামত অক্ষুণ্ণ ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। ইয়াৰ মোকাবিলা কৰাৰ বাবে কোম্পানীটোৱে কেঁচা সামগ্ৰী নিজাকৈ আহৰণ কৰে আৰু ৰং সনা কামটোত আনক নিয়োজিত কৰে। অন্য প্ৰত্যাহ্বানটো হ’ল Tier II বা Tier III মহানগৰবিলাকতো ঘৰ-দুৱাৰ আদিত আভাৱনীয় খৰচ যাৰ বাবে অনলাইন ব্যৱস্থাটোত অধিক গুৰুত্ব দিবলগা হয়।

বজাৰৰ সা-সুবিধা

ASSOCHAMৰ এটা সমীক্ষা মতে এই বছৰৰ শেষত শিশুৰ পোছাক পৰিচ্ছদৰ বজাৰ মূল্যই ৮০,০০০ কোটি টকা চুবগৈ। কেৱল শীৰ্ষৰ মহানগৰীকেইখনতে যে শিশুৰ বাবে কেইহাজাৰমান টকা খৰচ কৰি এসাজ পোছাক কিনাৰ প্ৰৱণতা, এনে নহয়; বাৰাণসী, পুণে, চণ্ডীগড়, নাছিক, ডেৰাদুন আদিতো মাৰ্কাযুক্ত শিশুৰ কাপোৰৰ বজাৰ বাঢ়ি গৈছে। সমীক্ষাটোৰ মতে শিশুসকল আজিকালি ফেশ্বনৰ প্ৰতি আগ্ৰহী আৰু কি কোম্পানীৰ সামগ্ৰী তাৰ প্ৰতি সজাগ হোৱা, বিভিন্ন মাধ্যমৰ যোগেদি প্ৰচাৰ, মাক-দেউতাক উভয়ে উপাৰ্জনশীল হোৱা, সমনীয়াৰ পৰা হেঁচা আদিৰ ফলতে এই বৃদ্ধি সম্ভৱ হৈছে।

শিশুৰ পোছাক-পাতিৰ ক্ষেত্ৰত ভাৰতীয় বজাৰ এতিয়াও চালুকীয়া হৈয়েই আছে আৰু ই Mothercare, Firstcry, Mom & Me, Burberry, Kids, Armani Junior, Fendi Kids, Gucci Kids আদিৰ দৰে কোম্পানীৰ বিকাশ প্ৰত্যক্ষ কৰিছে। এই বছৰত কেঁচুৱাৰ সামগ্ৰীৰ বিক্ৰেতা Firsteryয়ে চতুৰ্থ পৰ্যায়ত সংগ্ৰহ কৰা ৩৬ মিলিয়ন আমেৰিকান ডলাৰসহ মুঠ ৭০ মিলিয়ন আমেৰিকান ডলাৰ উপাৰ্জন কৰিলে। আনহাতে, ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত VC সমৰ্থিত কেঁচুৱা সামগ্ৰীৰ e-tailer Babyoyeক Mahindra Groupয়ে নিজৰ অধীনলৈ আনে।

কেঁচুৱাৰ সামগ্ৰীৰ ক্ষেত্ৰত Firstcry আৰু Mom & Me আগশাৰীৰ বিক্ৰেতা। শিশুৰ পোছাকৰ বজাৰখন বিশাল হোৱা স্বত্ত্বেও কিন্তু Liliput Kidswear আৰু Gini and Jonyয়ে বহুতো ষ্ট’ৰত তলা লগাবলগীয়া হৈছে।

অংকুৰৰ মতে সংগঠিত ডাঙৰ ডাঙৰ কোম্পানীবিলাকে মুনাফা আদায় কৰি আছে যদিও শিশুৰ পোছাকৰ বজাৰখনৰ এটা সামান্য অংশহে তেওঁলোকে দখল কৰি আছে। এতিয়াও নতুন উদ্যোগীৰ বাবে এতিয়াও বিকাশৰ ভালেমান পথ মুকলি আছে। Kidologyয়ে এইক্ষেত্ৰত এটা বিশেষ শ্ৰেণীৰ গ্ৰাহকৰ চাহিদা পূৰণ কৰি আহিছে আৰু এটা স্বকীয় স্থান দখল কৰিছে।

কোম্পানীটোৱে অহা বাৰ মাহত ১ মিলিয়ন আৰু অহা ৫ বছৰত ২০ মিলিয়ন আমেৰিকান ডলাৰৰ GMV চুবলৈ বুলি অংকুৰ আশাবাদী। শেহতীয়াকৈ Indiabullsৰ সহ-প্ৰতিষ্ঠাতা আৰু প্ৰাক্তন উপ-সঞ্চালক সৌৰভ মিট্টালে Kidologyত বিনিয়োগ কৰিছে।

অংকুৰে কয়, ‘‘উপলক্ষ্য ভেদে পিন্ধা শিশুৰ বিলাসী পোছাকৰ ক্ষেত্ৰত ব্যয়সাধ্য দামৰ বাবে আমি শীৰ্ষস্থান দখলৰ পথত।’’

মূলঃ তউছিফ আলম

অনুবাদঃ সুৰেশ কুমাৰ