মহিলাই সকলো আহৰণ কৰিব পাৰে, নিৰ্ভৰ কৰে কেৱল দৃষ্টিভংগীৰ ওপৰতঃ আছপি গুপ্তা, এভিপি, মুম্বাই এঞ্জেলছ

মহিলাই সকলো আহৰণ কৰিব পাৰে, নিৰ্ভৰ কৰে কেৱল দৃষ্টিভংগীৰ ওপৰতঃ আছপি গুপ্তা, এভিপি, মুম্বাই এঞ্জেলছ

Thursday November 19, 2015,

5 min Read

এই কাহিনীটো টানিষ্কে স্পনচৰ কৰা মিয়া উইমেন চিৰিজৰ অন্তৰ্গত য'ত সাহসী আৰু বৰ্ণিল মহিলাসকলৰ ওপৰত আলোকপাত কৰা হয়। ( সকলোবাৰ লেখাৰ ওপৰত হাৰ ষ্টৰীৰ সম্পাদকীয় নিয়ন্ত্ৰণ আছে )

নিজৰ সৈতে প্ৰতিযোগিতাত নমা এগৰাকী মহিলা। আক্ষৰিক অৰ্থতেই এগৰাকী মহিলা-যিয়ে প্ৰতিদিনে চেষ্টা চলায় নিজকে উন্নততৰ কৰাৰ!

এটা ব্যতিক্ৰমী নামৰ এগৰাকী ব্যতিক্ৰমী মহিলা আছপি গুপ্তা। আছপি গুপ্তা ভাৰতৰ বিনিয়োগ উদ্যোগটোত আৰম্ভণিৰ পৰাই জড়িত অতি কম সংখ্যক লোকৰ মাজৰ এগৰাকী। E&Y, PwC আৰু Merrill Lynch দৰে কোম্পানীৰ সৈতে কনছাল্টিং, ভেলুৱেছনছ আৰু কৰ্পৰেট ফাইনেঞ্চত চাৰিবছৰ কাম কৰাৰ অভিজ্ঞতাৰ পিছত আছপিয়ে সিদ্ধান্ত ল’লে মুম্বাই এঞ্জেলছৰ সৈতে কাম কৰাৰ। আছপি এতিয়া মুম্বাই এঞ্জেলছৰ এছিছটেন্ট ভাইছ প্ৰেছিডেন্ট।মুম্বাই এঞ্জেলছ নতুনকৈ আৰম্ভ কৰা উদ্যোগ আৰু প্ৰাৰম্ভিক পৰ্যায়ত থকা কোম্পানী সমুহত বিনিয়োগ কৰা ভাৰতৰ আগশাৰীৰ ইনভেষ্টমেন্ট নেটৱৰ্ক।

image


আছপি গুপ্তা এগৰাকী অসামান্য মহিলা। সাধাৰণ লোকে যিবোৰ প্ৰাপ্তিৰ কথা চিন্তা কৰে, তেনে বোৰ কথা আছপিৰ তালিকাত নাথাকেই।আছপিয়ে সৰুতেই উপলব্ধি কৰিছিল যে শ্ৰেণীকোঠাৰ অতিৰিক্ত নম্বৰ বা কামৰ আৰম্ভণিতে পোৱা পদোন্নতি সুদীৰ্ঘ যাত্ৰাত তেনেই নগণ্য। আছপিৰ আকাংখ্যাবোৰ আছিল ব্যক্তিগত। যেনে তৃতীয় বিবাহ বাৰ্ষিকীত পাছপৰ্টত ২৫তম দেশখনৰ ভিছা ষ্টাম্প লগোৱা!

সফলতাৰ আৰঁত থাকে শক্তিশালী বুনিয়াদ। ব্যতিক্ৰম নহয় আছপিও। খুব সৰুতেই নাৰ্ছাৰীত ভৰ্তি হোৱা বাবে আছপিয়ে নাৰ্ছাৰীত দুবাৰ পঢ়িলে!জীৱনৰ সৰহ চোৱা সময় মুম্বাইতে কটোৱা আছপিৰ স্কুলীয়া সময়চোৱা আছিল খুবেই ৰোমাঞ্ছকৰ। স্কুল, বন্ধুবৰ্গৰ লগতে বিভিন্ন এক্সট্ৰা কাৰিকুলাৰ একটিভিটিজৰ সৈতে জড়িত হৈ পৰিছিল আছপি। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত বহু চোকা ল’ৰা ছোৱালীয়ে লোৱাৰ দৰে আছপিয়েও বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে। তাৰ পিছত ইঞ্জিনীয়াৰিং। স্নাতক ডিগ্ৰী লৈয়েই আছপিয়ে PwCৰ কনছল্টিং টীমত যোগদান কৰিলে । নতুন হিছাপে কামত দ্বায়িত্ববোধৰ পৰিচয় দিয়া আছপিৰ ওপৰত যথেষ্ট দ্বায়িত্ব পৰিল। কামত অধিক ৰোমাঞ্চিত হৈ পৰিল আছপি।PwCত কাম কৰি থাকোতেই আছপিয়ে MBA কৰাৰ কথা ভাবিলে। ভবা মতেই কাম। ১৫ দিনৰ ছুটিলৈ অৱতীৰ্ণ হ’ল GMTA পৰীক্ষাত। ভাল ফলাফলো কৰিলে। MBAৰ দুবছৰীয়া পাঠ্যক্ৰম কৰিবলৈ আমেৰিকালৈ যাবলৈ মন নাছিল আছপিৰ। মন আছিল এছিয়াতে থকা। সেইবাবে আবেদন জনালে কেৱল ইউনিভাৰচিটি অৱ ছিংগাপুৰত। ‘ফ্ৰিকনমিক্স’ পঢ়ি শেহতীয়াকৈ আছপিৰ ইকনমিক্সৰ প্ৰতিও হোৱা দুৰ্বলতাৰ বাবে আবেদন জনালে লণ্ডন স্কুল অৱ ইকনমিক্সতো। সৌভাগ্যবসত দুয়োখনতে নিৰ্বাচিত হ’ল আছপি।ইউনিভাৰচিটি অৱ ছিংগাপুৰত অধ্যয়ন কৰাৰ মনেৰে আছপি ৰাওনা হ’ল ছিংগাপুৰলৈ। সেয়াই আছপিৰ ঘৰৰ পৰা প্ৰথম দুৰণিবতীয়া যাত্ৰা। আছপিয়ে কোৱা মতে ছিংগাপুৰত থাকিয়েই হেনো ব্যক্তিত্ব, মেনেজমেন্ট দক্ষতা বৃদ্ধিৰ লগতে ৰন্ধন প্ৰকৰণো কৰিব পৰা হ’ল। মাড্ৰিডৰ (স্পেইন) এটা বিনিময় কাৰ্যসুচীৰো অন্তৰ্ভুক্ত হ’ল আছপি। বিনিময় কাৰ্যসুচীটো ভালেই আছিল পিছে আছপিৰ ভাষাত মুলত ভ্ৰমণৰ লালসাতে আছপিয়ে ভাগ ল’লে কাৰ্যসুচীটোত। ছিংগাপুৰ দেশৰ মাটিতেই থকাৰ দৰে, মাড্ৰিড ভ্ৰমণহে প্ৰথম বিদেশত ফুৰাৰ আনন্দ দিলে আছপিক। ফৰাচী সহপাঠী এজনৰ সহায়ত আছপিয়ে শ্বেনজেন ভিছাৰ ( ইউৰোপৰ ২৬ খন দেশৰ এক গোট । এই দেশকেইখনে নিজৰ মাজত আন্তৰ্জাতিক সীমা, পাৰপত্ৰ আদি ব্যৱস্থা শিথিল কৰি পেলাইছে ) ব্যৱস্থাও কৰি ল’লে। তাৰ পিছত প্ৰতিটো উইকএণ্ডতে স্পেইন ভ্ৰমণ। তিনিজন বন্ধুৰ সৈতে মাহযোৰা ইউৰোপ ভ্ৰমণো কৰিলে আছপিয়ে।

মুদ্ৰাস্ফীতিৰ সময়তে ২০০৮ চনত ইউনিভাৰচিটি অৱ ছিংগাপুৰৰ পৰা MBA সম্পূৰ্ণ হ’ল আছপিৰ। সদায়ে নিজৰ আৰ্থিক দিশটো টনকীয়াল কৰি ৰাখিব বিচৰা আছপিয়ে যোগদান কৰিলে Ernst and Young নামৰ কোম্পানীটোত। ফাইনেঞ্চিয়েল মডেলিং আৰু এনালাইছিছত নিজকে দক্ষ কৰি তুলিব বিচৰা আছপিৰ বাবে বৰ সুবিধাৰ হ’ল কামটো। পিছে Ernst and Youngত কাম কৰি থাকোতেই আছপিৰ সোঁহাতখন ভাগিল। স্বাস্থ্যও বেয়া হ’ল। সেই সময়তে আছপিলৈ Merrill Lynch আৰু Goldman Sachs পৰাও অফাৰ আহিছিল।পিছে আছপিয়ে বিচাৰিছিল তাতকৈও অধিক ৰোমাঞ্চকৰ কিবা এটা। সেই সুবিধাটো পালে মুম্বাই এঞ্জেলছত।মুম্বাই এঞ্জেলছৰ সহ প্ৰতিষ্ঠাপক ছাছাই সাক্ষাৎ কৰি দেশৰ নতুনকৈ গঢ়া বিভিন্নউদ্যোগৰ সৈতে কাম কৰাৰ সুবিধাৰ কথা ক’লে। সেই সুবিধা হেৰুৱাব নিবিচাৰিলে আছপিয়ে।

image


আছপিৰ মুম্বাই এঞ্জেলৰ সৈতে কাম কৰাৰ অভিজ্ঞতাও সুকীয়া। উদ্যমী, বিষেশকৈ নিজৰ শকত দৰমহাৰ চাকৰিটো এৰি থৈ এই প্ৰত্যাহ্বানপূৰ্ণ পথটো গ্ৰহণ কৰা লোকসকলক সাক্ষাৎ কৰিবলৈ খুবেই ভাল পাইছিল আছপিয়ে।“উদ্যম আৰু কৰ্মশক্তিৰে পৰিপূৰ্ণ লোকসকলক সাক্ষাৎ কৰি, তেওঁলোকৰ যাত্ৰাৰ সংগী হ’বলৈ পাই মই খুবেই উৎসাহী”আছপিয়ে কয়।

“উদ্যোগীসকলৰ দৰেই নতুন কিবা এটা কৰাৰ আগ্ৰহে মুম্বাই এঞ্জেলছৰ দ্বায়িত্বৰ লগতে ভ্ৰমণৰে জড়িত উদ্যোগটোৰ সৈতে মোক অধিক জড়িত কৰি তুলিলে।”-আছপিয়ে এনেদৰে ক’লে নিজৰ কথা।

পৃথিৱী খন এতিয়াও পুৰুষ শাসিত। উদ্যোগৰ জগতখনো পৃথক নহয়। আছপিৰ মতে নাৰী- পুৰুষৰ কোনো প্ৰভেদ নাই। সময়ত সুবিধা সকলোৰে বাবে আহে। মানুহে নিজকে প্ৰস্তুত কৰি তুলিলেই আনতকৈ পৃথক বুলি নিজকে চিনাকী দিব পাৰে।

image


“হয়, নাৰীয়েও সকলো আহৰণ কৰিব পাৰে। নিৰ্ভৰ কৰে মাত্ৰ নিজৰ দৃষ্টিভংগীৰ ওপৰত।মই ভাবোঁ সকলো পোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ’ল সুখী হোৱাটো। মোৰ বাবে সুখী হোৱাটো খুব সহজ- কাৰোবাক ভাল পোৱা, কৰিবলৈ কিবা এটা কাম আৰু আগবাঢ়ি যাবলৈ এটা লক্ষ্য। বৰ বেলেগ কিবাএটা যেন নালাগিব পাৰে, কিন্তু এয়াই মোৰ বাবে মহৌষধ।” আছপি এক যাত্ৰা। নিজকে বিস্তাৰ কৰি, দিগন্ত প্ৰসাৰ কৰি নিয়াৰ এক অবিৰত যাত্ৰা।

আছপিৰ জীৱনত প্ৰেমৰ গুৰুত্বও অপৰিসীম।“কামবোৰ যেতিয়া নিজে ভবাৰ দৰে হৈ নুঠেগৈ মোৰ নিজৰ ওপৰতে সন্দেহ ওপজে।পাছত ঘুৰি চাই দেখো সেয়া ভালৰ বাবেই হৈছিল। মোৰ যাত্ৰা পথত সদায়ে এজনে লগ দি আহিছে। আটাইতকৈ শক্তিশালী মানুহজনকো প্ৰেম আৰু সহযোগিতাৰ প্ৰয়োজন।”

অভিভাৱক আৰু স্বামীৰ বাবে আছপি ৰকষ্টাৰ।বিপৰীতে অভিভাৱক আৰু স্বামীৰ নিচৰ্ত সহযোগিতা আৰু বিশ্বাসে আছপিক দিছে কৰ্মশক্তি। এই কথা নিজেই ক’লে আছপিয়ে।

কলা আৰু ভ্ৰমণ এই দুয়োটা আছপিৰ নিচা।“মই সৰু কালৰ পৰাই পেইন্টিং কৰি আহিছো আৰু পেইন্টিঙে মোৰ অৱসাদ দূৰ কৰি আহিছে। মোৰ পৰিয়ালে এটা আৰ্ট গেলেৰী ক্ৰয় কৰিছে, আশাকৰোঁ ময়ো সোনকালেই আৰ্ট গেলেৰীৰ কামত লাগিম।” আছপিৰ মতে নীলা ৰংটো তেওঁৰ ব্যক্তিত্বৰ সৈতে খাপ খায়। অৱশ্যে আছপিৰ ৱাৰড্ৰবত সৰহবোৰ পোচাক গুলপীয়াহে।

ভ্ৰমণ বিলাসী স্বভাৱটোৱেই আছপি আৰু স্বামী ছ’ভিতৰ সংযোগ ঘটাইছিল। এতিয়াও দুয়োৰে নিয়ম- এবছৰত চাৰিদিনীয়া ভ্ৰমণ এটা থাকিবই লাগিব। সেয়া বিশ্ব যুদ্ধ ইতিহাস জড়িত (জাৰ্মানিৰ কনচেনট্ৰেচন কেম্প)স্থানেই হওক বা স্পেনিছ আৰ্টেই হওক। ইতিহাসৰ কিতাপতকৈ ভ্ৰমণে বুৰঞ্জী বেছিকৈ শিকাইছে আছপিক। আছপিৰ বিশ্বাস- ভ্ৰমণে মানুহৰ দৃষ্টিভংগীৰ পৰিষৰ বৃদ্ধি কৰে। সময়, অৰ্থৰ সুবিধা অসুবিধাৰ মাজতে মানুহে ভ্ৰমণ কৰা উচিত।

তনৱী ডুবে

অনুবাদঃ মুকুন্দ মাধৱ নেওগ