ভাৰতৰ অৰ্থব্যৱস্থা ৪,০০০ ৰ পৰা ৫,০০০ বিলিয়নলৈ বৃদ্ধি হ'ব-দেশাই

ভাৰতৰ অৰ্থব্যৱস্থা  ৪,০০০ ৰ পৰা ৫,০০০ বিলিয়নলৈ বৃদ্ধি হ'ব-দেশাই

Tuesday December 08, 2015,

1 min Read

অতি শীঘ্ৰেই ভাৰতৰ অৰ্থব্যৱস্থা ৪,০০০ ৰ পৰা ৫,০০০ বিলিয়নলৈ বৃদ্ধি হ'ব।দিল্লীত অনুস্থিত আন্ত:ৰাষ্ট্ৰীয় ৰিয়েল ইষ্টেট এক্সপ' আইৰেক্সত এই মন্তব্য কৰে অৰ্থনীতিবিদ মেঘনাদ দেশায়ে।দেশাইৰ মতে ভাৰতবৰ্ষৰ বৰ্তমান অৰ্থব্যৱস্থা ২,০০০ বিলিয়ন। কিন্তু অতি সোনকালেই এই সংখ্যা ৫,০০০ বিলিয়নলৈ বৃদ্ধি হ'ব। বাৰ্ষিক সাত শতাংশ আৰ্থিক বৃদ্ধিয়ে দহ বছৰত এই হাৰ দুগুণ কৰিব।আনহাতে এই বৃদ্ধি দহ শতাংশলৈ উন্নীত হলে অতি কম সময়ত ভাৰতৰ অৰ্থব্যৱস্থাত আশাজনক পৰিৱৰ্তন আহিব।'তেওঁৰ মতে ভাৰতীয় লোকসকল আত্মবিশ্বাসী হোৱাৰ লগতে তেওঁলোকে বিভিন্ন দেশত সম্পত্তি ক্ৰয় কৰাৰ লগতে ধন জমা কথাটোতো গুৰুত্ব আৰোপ কৰিছে।আনহাতে বিদেশৰ লোকসকলো ইয়াত কাম কৰিবলৈ আগ্ৰহী হৈছে।অৰ্থনীতিবিদ গৰাকীৰ মতে বিদেশী লোকসকলে ভাৰতৰ প্ৰতি এটা যোগাত্মক দৃষ্টিভংগীৰে ইয়াত ব্যৱসায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

'১৯৯১ চনত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালত যেতিয়া আৰ্থিক উদাৰীকৰণ আৰম্ভ হৈছিল তেতিয়া এই শংকা আহি পৰিছিল যে বিদেশী সকলে ভাৰতীয় অৰ্থনীতি হস্তগত কৰিব।কিন্তু বৰ্তমান সেই আশংকা ভুল বুলি প্ৰমাণিত হৈছে।'

image


তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰদৰ্শনীখনত বিভিন্ন দেশৰ ৪৫ খন প্ৰদৰ্শনীয়ে অংশগ্ৰহণ কৰে ।এই প্ৰদৰ্শনীখন বিভিন্ন দেশৰ বিত্তীয় প্ৰভাৱশালী লোকসকলৰ অংশগ্ৰহণৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হয়।