ভালপাওঁ বুলি ক’বলৈ আমি কিয় টান পাওঁ !

ভালপাওঁ বুলি ক’বলৈ আমি কিয় টান পাওঁ !

Monday February 15, 2016,

5 min Read

এইক্ষেত্ৰত কিন্তু আমাৰ দেশ শ্ৰেষ্ঠ। যদি ইয়াৰ কোনো প্ৰতিযোগিতা থাকিলহেতেন তেনেহ’লে আমাৰ দেশে অৱশ্যেই সোণ, ৰূপ বা ব্ৰঞ্জৰ পদক লাভ কৰিলেহেতেন। মই আচলতে ক’ব বিচাৰিছো কিবা এটা বস্তু বা কাম ভাল লাগিলেও আমাৰ দেশৰ লোকসকলে কেতিয়াও মুখ খুলি প্ৰশংসা কৰিব বা শলাগ ল’ব নজনা এই স্বাভাৱটোৰ কথা। যদি আপোনাৰ বিশ্বাস হোৱা নাই তেনেহ’লে এবাৰ মনত পেলাই চাওঁকছোন: শেষবাৰৰ বাবে কেতিয়া আপুনি কাৰোৱাক প্ৰশংসা কৰিছিল বা শলাগ লৈছ্লি।


আমাৰ চাৰিওফালে, আমাৰ ষ্টাৰ্ট আপ পৰিবেশত অথবা আমাৰ জীৱনৰ যিকোনো ক্ষেত্ৰতেই যেন প্ৰশংসা বা শলাগ বোলা বস্তুটো ক’ৰবাত হেৰাই গৈছে। ষ্টাৰ্ট আপৰ ক্ষেত্ৰতো আমি সবেই একো একোজন মহা পণ্ডিত,মহা সমালোচক।

এই বস্তুটো মই বহু বছৰ ধৰি দেখি আহিছো আৰু ভাবি আচৰিত হৈছো, কিয় বাৰু আমি এনেকুৱা ? মাত্ৰ কালিৰ কথা, মই এটা নতুন কোম্পানীৰ কেইজনমান ডেকা ডেকা কৰ্মচাৰীৰ সৈতে কথা পাতিবলৈ সুবিধা লাভ কৰিলো আৰু তেওঁলোকক সুধিলো যে তেওঁলোকে ইজন আনজনৰ মাজত এনেকুৱা কি প্ৰতিভা দেখিছে যাক হিয়া উজাৰি প্ৰশংসা কৰিব পাৰি? অন্ততঃ ১০গৰাকীমান সহকৰ্মীৰ তেওঁলোকে আজিলৈকে কিবা ভাল লগা কথা ক’লে নেকি জানিব বিচাৰিলো? কিন্তু নাই, তেওঁলোকে কিন্তু তেনেকুৱা একোৱেই নক’লে।

ইয়াৰ বাবে মই আমাৰ অভিভাৱকসকলক দায়ী কৰিব বিচাৰোঁ। হয়, সচাকৈ! ( মোৰ কাহিনীটো শুনাৰ পাছত আপুনি মোৰ লগত তৰ্ক কৰিব পাৰে,) সেইটো কামো আমি সহজেই কৰিব পৰা কামবোৰৰ অন্যতম ।


image


আমাৰ মা-দেউতাই আমাক সদায়েই কাৰোবাৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰা বা প্ৰশংসা কৰাৰ এটা ভিন্ন পদ্ধতি শিকাই আহিছে। মোৰ কাহিনীটোৰ সৈতে নিজকে ৰিজাব পাৰেনে নোৱাৰে ক’ব।

মোৰ মনত পৰে স্কুলৰ দিনত বক্তৃতা প্ৰতিযোগিতা বা তৰ্ক প্ৰতিযোগিতাত ভাল ফল দেখুওৱাৰ কথা। যেতিয়াই মই হাতত পুৰস্কাৰ লৈ ঘৰলৈ আহিছিলো তেতিয়াই মায়ে মোৰ ফালে চাই মিছিকিয়াই হাঁহিছিল। মই জানিছিলো যে মায়ে মোৰ সাফল্যত সুখ পাইছে আৰু গৌৰৱবোধ কৰিছে। কিন্তু তেওঁ কোৱা বাক্যকেইটা আছিল এনেধৰণৰ, “এইবোৰ বাৰু ভাল হৈছে কিন্তু অমুক খুৰী বা তমুক মামীৰ ছোৱালীজনীলৈ ছোৱাছোন,তাই নিজৰ বক্তৃতা দিয়া দক্ষতাৰে বিবিচি(BBC)ৰ পৰা প্ৰজেক্ট লাভ কৰিলে। এতিয়া ভাল হৈছে কিন্তু তুমি আৰু বহুদুৰ আগুৱাই যাব লাগিব” সেইসময়ত মোৰ বিৰক্তি প্ৰকাশ কৰিবৰ মন গৈছিল, কিন্তু মই মোৰ মাক যঠেষ্ট সন্মান কৰোঁ কাৰণে তেনে কৰা নাছিলো।

মোৰ ম সদায়েই এটা চিন্তাতেই আছিল যে এইবোৰ সৰু সুৰা পুৰস্কাৰ বা সন্মানে মোৰ মুৰত ধৰিব নেকি? তেওঁ আচলতে সেইটো বিচৰা নাছিল। মই কিন্তু সদায়েই অনুৰোধ কৰিছিলো মোৰ এই সৰু সৰু বিজয়বোৰ উদযাপন কৰা হওঁক। মই সন্মানিত হ’ব বিচাৰিছিলো। সেয়া এটা সৰু উপহাৰেৰেই হওঁক বা এটা আইচক্ৰীমেৰেই হওঁক অথবা দিনটোৰ বাবে পঢ়া মেজৰ পৰা ছুটী দিয়া হওঁক। কাৰণ মই সেই দিনটোত এগৰাকী বিজেতাআছিলো। মোৰ এই প্ৰক্ৰিয়াটো গোটেই স্কুলৰ দিনবোৰতেই চলি আছিল।

মোৰ এতিয়াও মনত আছে, মই যেতিয়া চিএনবিচি(CNBC)ৰ পৰা অফাৰ লেটাৰখন পাইছিলো, মই মালৈ ফোন কৰিছিলো। তেওঁ সুখ পাইছিল কিন্তু তেওঁৰ বক্তব্যটো আছিল, “ তোমাৰ সম্পৰ্কীয় সেই ভাইটোলৈ চোৱাছোন, তেওঁ আমেৰিকালৈ গৈছে আৰু প্ৰতিমাহতে ঘৰলৈ ১০০০ ডলাৰ পঠিয়ায়।”

হে হৰি-মোৰ মা!! তেওঁ কেতিয়াও সলনি নহ’ল। আৰু তেনেকুৱা সৰহসংখ্যক অভিভাৱক আজিও একেই আছে। আমি মুঠৰ ওপৰত প্ৰশংসা কৰিবলৈ বা শলাগ ল’বলৈ অপাৰগ।

প্ৰশংসাৰ লগত আমাৰ সম্পৰ্কটো বৰ ভাল নহয়। সেইবাবেই বেচিভাগ সময় তাক আঁতৰাই ৰখা হয় বা কৰবাত বন্ধ কৰি থোৱা হয়।


আচলতে আন এটা কাৰণো হ’ব পাৰে। সেয়া হৈছে আমি এক ধৰণৰ বিশেষ ব্যক্তি হিচাপে চিহ্নিত হ’ব নিবিচাৰোঁ। মানে, বৰ সহজ-সৰল, কথা চহকী, চেনিৰাম বা কামোৰ বুলি বিবেচিত হ’ব নোখোজো। এটা সমীক্ষাতো প্ৰকাশ যে, আমি মানুহ হিচাপে এটা এনেকুৱা স্বভাৱ ধাৰণ কৰোঁ যে যিজনেই সমালোচনা কৰে বা ঋণাত্মক কথা কয় তেওঁকেই জ্ঞানী বুলি ধৰি লওঁ। যিয়ে বিয়োগাত্মক কথা বা সমালোচনাত্মক বাক্যবান এৰে তেওঁক আমি উৎসাহজনক কথা বা ধনাত্মক কথা কোৱাজনতকৈ বেচি জ্ঞান থকা বুলি ধৰি লওঁ। অৰ্থাত আপুনি আনক যিমানেই সমালোচনা কৰিব বা পিছফালে টানিব সিমানেই আপুনি মহা বুদ্ধিমান বিবেচিত হ’ব।

এইক্ষেত্ৰত এটা কথাঃ আমাৰ ষ্টাৰ্ট আপৰ পৰিবেশতন্ত্ৰটোত কোনোবাই যদি কাৰোবাৰ সম্পৰ্কত কোনো অশোভনীয় মন্তব্য কৰে বা তললৈ টানিবলৈ চেষ্টা কৰে, তেওঁ ৰতিটোৰ ভিতৰতে তাৰকা অৰ্থাৎ ষ্টাৰ হৈ যায়। আৰু আমিয়ো সেই কথাকে চৰ্বিত চৰ্বন কৰি ভাল পাওঁ।


ইতিবাচক কথাবোৰ বৰ আমনিদায়ক। ইতিবাচক কথাবোৰ বৰ শেঁতা-সেমেকা। ইতিবাচক কথা আমাৰ সংগী নহয় আৰু চিগাৰেট এটাত শোহা মাৰি আমি ইতিবাচক কথাৰ ৰস ল’ব নোৱাৰোঁ। আৰু ইতিবাচক প্ৰশংসাই ভাল ভাল হেডলাইন খবৰ নিদিয়ে। কিন্তু, মই বিশ্বাস কৰোঁ যে ইতিবাচকতা আৰু প্ৰশংসা সদায়েই বিজয়ৰ মূল কাৰণ। মই যিসকল লোকক সন্মান কৰোঁ তেওঁলোক চুড়ান্তভাবে ইতিবাচক লোক আৰু প্ৰশংসা কৰিবলৈ কোনোদিনেই কাৰ্পণ্য কৰা নাই। তেওঁলোকৰ হৃদয়ৰ প্ৰেম,দয়া ,কৰুণা আৰু নিৰাপত্তাৰ বৰ্হিপ্ৰকাশ কৰিবলৈ কেতিয়াও তেওঁলোক পিছ হোহকা নাই।

প্ৰতিটো নতুন দিনেই আমাক জীৱনৰ প্ৰতি কৃতজ্ঞ হ’বলৈ এটা সুবিধা দিয়ে,তদুপৰি আমাৰ নিজৰ লগতে আমাৰ চৌপাশৰ শত-সহস্ৰজনৰ প্ৰতি কৃতজ্ঞ হ’বলৈ। আহক আমি প্ৰশংসা কৰোঁ, আহক ভালপাওঁ, প্ৰেম বিলাও আৰু কোনে কি কৈছে সেই কথা সমুলি পাহৰি যাওঁ।

যদি আপুনি কাৰোবাক বা কিবা বস্তুক ভালপায়, তেনেহ’লে সেয়া প্ৰকাশ কৰক। আপুনি জনাত আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ কাম হয়তো এয়া হ’ব পাৰে।


যিহেতু আমি ভেলেন্টাইন ডে আৰু ইয়াৰ লগতে লাগি থকা হেজাৰ বিজাৰ পৰম্পৰা পালন কৰোঁ:

নিজকে কথা দিয়ক যে ভাল পাবলৈ শিকিব, প্ৰশংসা কৰিবলৈ শিকিব,শলাগ ল’ব আৰু আমাৰ এই ষ্টাৰ্ট আপৰ যাত্ৰাটোক আৰু অধিক মধুময় কৰি তুলিব।

মূলঃ শ্ৰদ্ধা শৰ্মা, প্ৰতিষ্ঠাপক চিইঅ' তথা মূখ্য সম্পাদক, য়'ৰ ষ্ট'ৰী মিডিয়া

অনুবাদঃ প্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

অসমত নিবনুৱা সমস্যা নাই, আছে নিষ্কৰ্মাৰ সমস্যা: আই.আই.ই. ৰ সঞ্চালক মনোজ কুমাৰ দাস

বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা উদ্যমী মহিলা-হেমপ্ৰভা চুতীয়া

ফ্লীপকাৰ্টৰ শীৰ্ষ পদ খালী, মুকেশ বানচাল আৰু অংকিত নাগোৰীৰ পদত্যাগ, পুনৰ উদ্যোগশীলতালৈ যাত্ৰা

স্বাস্থ্য সচেতনতাৰ বাবে বিকল্প পেছা বাছি ল’লে অভিযন্তা তন্দ্ৰামণি কুমাৰে