আপুনি ‘ষ্টাৰ্টআপ এক্সন প্লেন’ৰ আচঁনিৰ বাবে অৰ্হতা সম্পন্ন হয়নে?

আপুনি ‘ষ্টাৰ্টআপ এক্সন প্লেন’ৰ আচঁনিৰ বাবে অৰ্হতা সম্পন্ন হয়নে?

Friday January 22, 2016,

3 min Read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ‘ষ্টাৰ্টআপ এক্সন প্লেন’ৰ বাবে বহু উদ্যোগীয়েই উৎসাহী হৈ আছে। সন্দেহ নাই যে, এই পদক্ষেপ খুবেই ফলপ্ৰসু, কিন্তু উদ্যোগী সকলে জনা উচিত, প্ৰকৃততে কোনবোৰ ষ্টাৰ্টআপে সা-সুবিধা সমূহ পাবলৈ যোগ্য বিবেচিত হ’ব।

image


ইয়াত যোগ্য বিবেচিত হ’বলৈ প্ৰয়োজনীয় অৰ্হতাসমূহ থুলমুলকৈ দিয়া হৈছে। (বিশেষভাবে কৰ ৰেহাই বিচৰা ষ্টাৰ্টআপ সমুহৰ বাবেহে উপযুক্ত)

কোনবোৰক এটা ষ্টাৰ্টআপ হিচাপে ধৰা হ’ব-

১. ক) কোম্পানী এক্ট, ২০১৩ৰ অধীনত প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে পঞ্জীয়নভুক্ত হ’ব লাগিব

খ) ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট, ১৯৩২ৰ অধীনত পাৰ্টনাৰশ্বিপ ফাৰ্ম হিচাপে পঞ্জীয়নভুক্ত হ’ব লাগিব

অথবা গ)লিমিটেড লায়েবিলিটি পাৰ্টনাৰশ্বিপ এক্ট, ২০০৮ৰ অধীনত লিমিটেড লায়েবিলিটি পাৰ্টনাৰশ্বিপ হিচাপে পঞ্জীয়নভুক্ত হ’ব লাগিব

২. উদ্যোগটো আৰম্ভ বা পঞ্জীয়ন হোৱা পাঁচ বছৰ অতিক্ৰম হ’ব নালাগিব।

৩. কোম্পানী এক্ট, ২০১৩ অনুসৰি যিকোনো বিত্তীয় বৰ্ষত বাৰ্ষিক টাৰ্ণঅভাৰ ২৫ কোটি টকাৰ অধিক হ’ব নোৱাৰিব।

৪. উদ্যোগটোৱে প্ৰযুক্তি বা বৌদ্ধিক সম্পত্তিৰ(intellectual Property) ব্যৱহাৰেৰে যিকোনো নতুন উৎপাদন, প্ৰক্ৰিয়া বা সেৱাৰ উদ্ভাৱন, উন্নয়ন, নিয়োজন বা ব্যৱসায়ীকৰণৰ ক্ষেত্ৰত কাম কৰা হ’ব লাগিব

৫. উন্নয়নশীল আৰু ব্যৱসায়ীকৰণ উদ্যোগটোৰ অন্যতম লক্ষ্য হ’ব লাগিবঃ

ক)এক নতুন উৎপাদন, সেৱা বা প্ৰক্ৰিয়া

image


বা খ) পুৰণা উৎপাদন বা সেৱা বা প্ৰক্ৰিয়াৰ বিশেষভাবে উন্নতি সাধিব লাগিব যাতে উপভোক্তা বা কৰ্মসুত্ৰৰ চকুত লগা উন্নতি ঘটে-

৬. উদ্যোগসমূহ তলত দিয়া কাম সমূহৰ সৈতে জড়িত হৈ থাকিব নালাগিব

ক) ব্যৱসায়ীকৰণৰ ক্ষমতা নথকা উন্নয়নশীল উৎপাদন, সেৱা বা প্ৰক্ৰিয়াৰ সৈতে

খ) ব্যতিক্ৰমী হৈ নুঠা উৎপাদন, সেৱা বা প্ৰক্ৰিয়াৰ সৈতে

বা গ) কৰ্মসুত্ৰ বা উপভোক্তাৰ বাবে সীমিত পৰিমাণত মুল্যৰ উৎপাদন, সেৱা বা প্ৰক্ৰিয়াৰ সৈতে

৭. কোনো উদ্যোগৰ পৰা ফাটি অহা বা পুৰণা উদ্যোগৰ পুনৰ নিৰ্মাণ হোৱা হ’ব নালাগিব।

৮. উদ্যোগটো উদ্ভাৱনশীল প্ৰকৃতিৰ বুলি DIPPৰ ইন্টাৰ- মিনিষ্টিৰিয়েল বৰ্ডৰ পৰা প্ৰমাণ পত্ৰ পোৱা হ’ব লাগিব, আৰু

ক)DIPPৰ নমুনা অনুসৰি উদ্যোগটো ভাৰত চৰকাৰৰ যিকোনো স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠানৰ ইনকুবেটৰ দ্বাৰা সহযোগিতাপ্ৰাপ্ত বা অনুমোদন প্ৰাপ্ত হ’ব লাগিব

বা খ) কোনো বিশেষ আঁচনিৰ অংশ হিচাপে বা কোনো উদ্ভাৱনক আগবঢ়াই নিয়া প্ৰকল্প, কোনো ইনক্যুবেটৰ দ্বাৰা সহযোগিতাপ্ৰাপ্ত হ’ব লাগিব।

বা গ)DIPPৰ নিৰ্দেশিত কোনো বিশেষ গঠন, যিটো Golৰ ইনকুবেটৰৰ দ্বাৰা সহযোগিতাপ্ৰাপ্ত বা অনুমোদনপ্ৰাপ্ত।

বা ঘ)SEBI ৰ দ্বাৰা পঞ্জীয়নভুক্ত আৰু ইনকাৱেশ্বন ফাণ্ড/ এঞ্জেল ফাণ্ড/ প্ৰাইভেট ইকুইটি ফাণ্ড/ এক্সিলেটৰ/এঞ্জেল নেটৱৰ্কে ফাণ্ড আগবঢ়োৱা হ’ব লাগিব

বা ঙ) কোনো উদ্ভাৱনক আগুৱাই নিবলৈ বিশেষ আঁচনিৰে ভাৰত চৰকাৰৰ দ্বাৰা সাহাৰ্যপ্ৰাপ্ত হ’ব লাগিব।

বা চ) ব্যৱসায়ৰ ধৰণ ইণ্ডিয়ান পেটেন্ট আৰু ট্ৰেডমাৰ্ক কাৰ্যালয়ৰ পেটেন্ট থকা আৰু অনুমোদিত হ’ব লাগিব।

আমাৰ বিশ্লেষণ

যোগ্যতাৰ অন্যএক মাপকাঠী হ’ল “উৎপাদন বা সেৱা নতুন হ’ব লাগিব বা চলি থকা উৎপাদন বা সেৱাৰ বিশেষভাবে উন্নতি ঘটোৱা সংস্কৰণ হব লাগিব।”

এটা উদাহৰণ লোৱা হওক। ফ্লিপকাৰ্ট বা আমাজনৰ দৰে অনলাইন মাৰ্কেটপ্লেচৰ ওপৰত কাম কৰা নতুন ষ্টাৰ্টআপৰ কথা ধৰা হওক। এনে একেখন ক্ষেত্ৰতে কাম কৰিবলৈ লোৱা নতুন ষ্টাৰ্টআপৰ ক্ষেত্ৰত যদিহে প্ৰডাক্ট সমুহ বজাৰত ইতিমধ্যে চলি থকা প্ৰডাক্টবোৰতকৈ বিশেষভাবে উন্নতিঘটোৱা নহয়, তেন্তে সেই ষ্টাৰ্টআপ যোগ্য বিবেচিত নহবও পাৰে।

আন এক যোগ্যতাৰ মাপকাঠী মতে ষ্টাৰ্টআপটোৱে পোৱা ফাণ্ডৰ ক্ষেত্ৰত Gol ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ইনকুবেটৰৰ অনুমোদিত হব লাগিব। যিটো ষ্টাৰ্টআপবোৰৰ বাবে যথেষ্ট কঠিন।

আমাৰ ধাৰণা অনুসৰি এনেধৰণৰ অৰ্হতাৰে বৰ্তমানৰ ৬০শতাংশ ষ্টাৰ্টআপেই ‘ষ্টাৰ্টআপ ইণ্ডিয়া প্লেন’ৰ আওতাত নপৰিব।

মূলঃ ৰোহিত লোহাড়ে

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা