অনুপ্ৰাণিত হ’বলৈ সাজু হওক- জাৰিনা স্ক্ৰুৱালাৰ কাহিনী

মূল- বৰ্ষা আডুছুমিল্লি

1

১৯৯০-ৰ দশকত, যেতিয়া উদ্যমিতাৰ ক্ষেত্ৰত ভৰি দিয়া ভাৰতীয় নাৰীৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা আছিল, জাৰিনা স্ক্ৰুৱালাই তেতিয়াই UTV আৰম্ভ কৰিছিল। ৰনি স্ক্ৰুৱালাৰ সৈতে UTV আৰম্ভ কৰাৰ দুই দশক পিছত দ্য ৱাল্ট ডিজনী কোম্পানীয়ে ৪৫০ নিযুত মাৰ্কিন ডলাৰত কোম্পানীটো ক্ৰয় কৰে- তেওঁ গঢ়ি তোলা স্থায়ী আৰু অৰ্থপূৰ্ণ ব্যৱসায়ৰ এয়া ডাঙৰ প্ৰমাণ।

হাৰ ষ্ট'ৰী-ৰ আগত তেওঁ সফলতাৰ ৰহস্য সদৰি কৰিলে।

আৰম্ভণীৰ গুৰু সকলৰ পৰা পাইছিলো মূল্যবোধৰ শিক্ষা:

মুম্বাইৰ জে.বি. প'টৰ্চ স্কুল ফৰ গাৰ্লছৰ পৰা মই স্কুলীয়া শিক্ষা সাং কৰিছিলো। আমাৰ অধ্যক্ষা  গৰাকী প্ৰগতিশীল নাৰী আছিল। নাৰী বাহিৰলৈ ওলাই যাব আৰু যি ইচ্ছা তাকেই কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰিছিল। আপোনালোকে ভাবি চাওঁক তেওঁ কিদৰে ছোৱালীৰ এটা প্ৰজন্মক উদ্বুদ্ধ কৰিছিল। তেওঁ মোক আৰু শিকাইছিল যে ভাটৌৰ দৰে মুখস্থ কৰাটোৱেই শিক্ষা নহয়, শিক্ষা হ’ল গভীৰ অনুসন্ধিৎসুতা আৰু কৌতুহল। মোৰ আনজন গুৰু হ’ল পাৰ্ল পদমছী। অগ্ৰণী নাট্যব্যক্তিত্ব পাৰ্লৰ এখন নাটকৰ প্ৰযোজনা নিয়ন্ত্ৰকৰূপে মই কৰ্মজীৱন আৰম্ভ কৰিছিলো। এগৰাকী অতি লাজকুৰীয়া মানুহৰ পৰা পাৰ্লে মোক এগৰাকী চূড়ান্ত আত্মবিশ্বাসী ব্যক্তিলৈ ৰূপান্তৰ কৰিছিল। মই আদিলৈ কঢ়িয়াই লৈ ফুৰা মূল্যবোধ আৰম্ভণীৰ গুৰু সকলৰ পৰাই লাভ কৰিছিলো।

উদ্যমিতাৰ পোকটোৱে মোক কামুৰিলে:

মোৰ এজন বন্ধুৱে এদিন ফোন কৰি সুধিলে মই 'মছুৰ মহল'-ৰ সহকাৰী পৰিচালকৰূপে কাম কৰিম নেকি, তেতিয়াই মোক উদ্যমিতাৰ পোকটোৱে কামুৰিলে। দূৰদৰ্শনে প্ৰযোজনা নকৰা সেইয়া আছিল ভাৰতৰ প্ৰথমটো T.V. Show,সেয়াই আৰম্ভণী। মিডিয়া আৰু টি.ভি.ক মই লগে লগে ভাল পাই পেলালো। কামত সোমোৱাৰ প্ৰথম দিনটো মোৰ মনত আছে। পুৱা ৭ বজাত মই প্ৰডাকচন হাউচলৈ গৈছিলো আৰু পিছদিনা পুৱা ৭ বজাত উভতি আহিছিলো। মই সচাঁকৈ শিহঁৰিত হৈ পৰিছিলো।

মোৰ যাত্ৰা আছিল ভীষণ কঠিন:

প্ৰতিজন উদ্যোগী/ব্যৱসায়ীৰ প্ৰথম শিক্ষাটো হোৱা উচিত, কেতিয়াও পৃষ্ঠভংগ নিদিবা। আৰম্ভণীতে এয়া আটাইতকৈ জৰুৰী কাৰণ সেই সময়খিনিয়েই আটাইতকৈ কঠিন। এটা গ্লেমাৰাছ সাফল্যৰ কাহিনী চাবলৈ আৰু প্ৰথম দিনটোৰ পৰাই সেইটো কেৱল সফলতাৰ কাহিনী বুলিয়েই ভাবিবলৈ ভীষণ ভাল লাগে। কিন্তু মোৰ যাত্ৰা ভীষণ কঠিন আছিল। এয়া কঠিন শ্ৰমসাধ্য আৰু একে সময়তে আনন্দদায়ক আছিল। কিন্তু মোৰ প্ৰধান শিক্ষা হ’ল কেতিয়াও পৃষ্ঠভংগ নিদিয়া। মানুহে কেৱল সাফল্যৰ কথা কবলৈ ভাল পায়। কিন্তু প্ৰতিটো সফলতাৰ আঁৰত অগণন ব্যৰ্থতা লুকাই থাকে। আপুনি নিজক বিশ্বাস কৰি আগুৱাই যাব লাগিব, কাৰণ আৰম্ভণীতে সাফল্যতকৈ ব্যৰ্থতাই অধিক স্বাভাৱিক। ব্যৰ্থতাত হতাশ নহ’ব, আগুৱাই যাওক। ভাৰতত ব্যৰ্থতাৰ মোকাবিলা কৰাটো কঠিন। আপোনাৰ সাফল্যৰ কথা যিদৰে সকলোৱে জানে, ব্যৰ্থতাৰ কথাও জানে।

আমাৰ লক্ষ্য গ্ৰামীণ সৱলীকৰণ:

২০১১ চনত UTV-ৰ পৰা ওলোৱাৰ পিছত মই ভাবিলো, ইয়াৰ পিছত কি কৰিম। মই এটা নতুন বৃহৎ প্ৰত্যাহ্বানৰ সন্ধান আৰম্ভ কৰিছিলো। তেনেদৰেই স্বদেশ ফাউণ্ডেচনৰ আৰম্ভনি হৈছিল। স্বদেশৰ অভিযানৰ লক্ষ্য হ’ল প্ৰতি ৫ বছৰত এক নিযুত লোককক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ তোলা। UTV ত্যাগ কৰাৰ পূৰ্বেই মই বিভিন্ন বিষয় চিন্তা কৰিছিলো। তাৰ পৰা ওলাই অহাটোৱে মোক ইমান ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণৰ শক্তি আৰু ষ্টেমিনা (দম) দিলে।

আমি গ্ৰামীণ ভাৰতত মনোনিৱেশ কৰাৰ কাৰণটো হ’ল অসম বিকাশ। গ্ৰামাঞ্চলৰ জনতা প্ৰাথমিক সুযোগ আৰু সুবিধাৰ পৰা বঞ্চিত। ভাল শিক্ষাৰ বাবে তেওঁলোকৰ সন্মুখত বিকল্পৰ অভাৱ। আনৰ দৰে তেওঁলোকো জ্ঞানাৰ্জনৰ আৰু সুযোগৰ বাবে ক্ষুধাতুৰ। আমি কথাটো গভীৰ ভাৱে চিন্তা কৰি চাই গম পাইছিলো যে সমস্যাটো আমি ৩৬০ ডিগ্ৰী দৃষ্টিকোণৰ পৰা মোকাবিলা কৰিব লাগিব। সেইবাবে আমি এটা স্থায়ীভাৱে কাৰ্যক্ষম আৰু পুনৰ ব্যৱহাৰ কৰিব পৰা উন্নয়ণৰ মডেল এটা ডিজাইন কৰিলো। আমি সামাজিক সঞ্চালন, জীৱিকা, কৃষি, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছিলো। আমাৰ এটা ১০৮ জনীয়া দল আছে, ইয়াৰে ৮০ গৰাকীয়েই ফিল্ডত কাম কৰে। আমি গ্ৰামীণ সৱলিকৰণত গুৰুত্ব দিছো। নিজেই সুযোগ আৰু সংস্থান বিচাৰি উলিয়াব পৰাকৈ গ্ৰাম্য জনতাক সবল কৰি তোলাতোৱেই আমাৰ কাম।

লক্ষ্য নিৰ্ধাৰণ কৰা, তাৰ পিছত ধাৱমান হোৱা:

উদ্যমী নাৰীসকললৈ মোৰ পৰামৰ্শ হ’ল : এবাৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰি লোৱাৰ পিছত সৰ্বশক্তিৰে সেই লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰক। নিৰুৎসাহ কৰিবলৈ সন্দেহবাদীসকল সদায় থাকিব; কিন্ত্ত তেওঁলোকৰ দ্বাৰা প্ৰভাৱান্বিত নহ’ব। লক্ষ্যৰ পৰা বিচলিত নহ’ব। আৰম্ভণীতে ব্যৰ্থ হ’বই, গতিকে সেই কথাটো মনত ৰাখিব। প্ৰতিটো ব্যৰ্থতাৰ পিছতেই গতিপথ সলনি কৰিলে আপুনি কাহানিও লক্ষ্যত উপনীত হব নোৱাৰিব। কেতিয়াবা আপুনি কৰা কামটো সময়তকৈ বহু আগবঢ়া বা পিছপৰা হয়। সময়টো ভীষণ গুৰুত্বপূৰ্ণ। সময় অনুকূল নহ’লে আপোনাৰ ব্যৱসায়টোৰ বিষয়ে নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন। মানুহক লৈ সমস্যা থাকিলে সেয়া মীমাংসা কৰিব পাৰি। ধনক লৈ সমস্যা থাকিলে তাৰো সমাধান কৰাব পাৰি। কিন্ত্ত আপোনাৰ ব্যৱসায়টোৰ বিষয়ে সতৰ্কভাৱে চিন্তা কৰক।

মই কঠিন প্ৰত্যাহ্বান ভাল পাওঁ:

মই কাহানিও উচ্চাকাংক্ষী নাছিলো। কিন্ত্ত মই কঠিন প্ৰত্যাহ্বান ভাল পাওঁ। প্ৰত্যাহ্বান অতিক্ৰমী মই আনন্দ লাভ কৰোঁ ,কিন্ত্ত মই নিজকে উচ্চাভিলাষী বুলি নাভাবো। দুয়োটাই সম্পূৰ্ণ পৃথক। কোনোবা উচ্চাভিলাষী মানে তেওঁলোকে সফলতা অৰ্জন কৰিব বিচাৰে। মই কাহানিও সাফল্যৰ পিছত দৌৰা নাছিলো। মই এটা জটিল কাম সম্ভৱ কৰি তোলাতহে আগ্ৰহী। UTV-ৰ ক্ষেত্ৰত আমি কৰা কামটো আছিল ভাৰতৰ পৰা আমি এক অত্যাধুনিক উদ্ভাৱনী মিডিয়া ব্যৱসায় নিৰ্মাণ কৰা। ২০০৪ চনত আমি কেৱল শিশু সকলৰ বাবেHungama TV আৰম্ভ কৰিছিলো আৰু ২ বছৰৰ ভিতৰতে আমি শিশু সকলৰ বাবে ১ নম্বৰ চেনেল হৈ পৰিছিলো। UTV Bindaas-ৰ কাহিনীও একে। বিদেশতো আমি Hungama-ৰ আৰ্হিত অনুৰূপ চেনেল গঢ়াৰ কামত সহায় কৰিছিলো। ভীষণ ব্যতিক্ৰমী, ভীষণ অভিনৱ আৰু অগ্ৰদূত হোৱাটোৱেই সাফল্যৰ ৰহস্য আছিল।

যাত্ৰাটোৰ প্ৰত্যাহ্বান মোৰ বাবে অধিক উপভোগ্য; সফল হ’লে সেয়া ভীষণ ভাল কথা।

যদি আপুনি মই স্বদেশ ফাউণ্ডেচনৰ জৰিয়তে বৰ্তমান কি কৰি আছো তালৈ চায় তেতিয়াহ’লে দেখিব আমাৰ লক্ষ্য হ’ল ৫ বছৰৰ ভিতৰত ১ নিযুত লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা। এয়া এক বৃহৎ প্ৰত্যাহ্বান আৰু সেইটোৱে মোক শিহঁৰিত কৰে।

মই জীৱনত উজুটি খোৱা মানুহ বিচাৰি ফুৰোঁ:

মোৰ মতে এজন পেছাদাৰ এজন ভাল উদ্যোগী হব পাৰে। মোৰ বাবে শক্তি, তীব্ৰ ইচ্ছা আৰু অবিচল থকাটো জৰুৰী। মই কাৰোবাক নিয়োগ কৰিলে জীৱনত কেইটামান ব্যৰ্থতাৰ খুন্দাখোৱা মানুহ বিচাৰো। ইতিবাচক মনোভাৱ থকাটোও জৰুৰী। ব্যৱসায়ীক দক্ষতা থকা অভিজ্ঞ আৰু কামত ভাল মানুহ বহুত আছে। কিন্ত্ত ইতিবাচক ব্যক্তিহে চূড়ান্ত বিজয়ী হয়। মূঢ়তাক ইতিবাচকতা বুলি ভুল নকৰিব। সেইটো হ’ল সকলো প্ৰত্যাহ্বানৰ বিষয়ে জানিও সফল হ’ম বুলি আত্মবিশ্বাসী হৈ থকা। এইয়া সহজ নহ’ব, বহুত বাধা আছে। কিন্ত্ত মই তাৰ মোকাবিলা কৰাৰ উপায় উলিয়াম, মই জানো মই সফল হ’মেই- মই বিচৰা মানুহ সেইজনেই।

ভাল দল গঠন কৰাটো মোৰ জীৱনযোৰা নিচা। আপুনি আপোনাৰ প্ৰয়োজনীয় গুণসম্পন্ন ব্যক্তি আৰু সাফল্যৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ সন্ধান কৰিব। এটা টীম মূলত: হ’ল যোগাযোগ আৰু উধৰ পৰা মূধলৈ অবিৰত যোগাযোগ। মানুহৰ সতে মৰ্যদা আৰু সন্মান সহকাৰে ব্যৱহাৰ কৰাটো জৰুৰী। এনেকৈয়ে এটা টীম গঠন হয়।

নিজৰ, পৰিয়ালৰ আৰু বন্ধু-বান্ধৱৰ বাবে সময় উলিয়াব:

আপোনাৰ নিজৰ বাবে সময় উলিয়াওক। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ বাবে সময় উলিয়াওক, সেই সময়খিনি ভালদৰে ব্যৱহাৰ কৰক। এখন কিতাপ পঢ়িবলৈ, একাপ চাহ খাবলৈ বা আপোনাক পুনৰ সতেজ কৰি তোলা যিকোনো কাম কৰিবলৈ কিছু ব্যক্তিগত সময় ভীষণ জৰুৰী। এইবোৰ ভীষণ গুৰুত্বপূৰ্ণ কথা, উলাই নকৰিব। যিমানেই কঠোৰ শ্ৰম নকৰক কিয়, এই কথাবোৰ উপেক্ষা নকৰিব।