দুৰ্নীতিৰূপী দানৱক কোনে বধিব?

আশুতোষৰ বিশেষ প্ৰৱন্ধ

দুৰ্নীতিৰূপী দানৱক কোনে বধিব?

Tuesday May 10, 2016,

5 min Read


এই কথা সময়ে সময়ে কৈ অহা হৈছে যে, দুৰ্নীতি নামৰ কেঞ্চাৰ ৰোগবিধে ভাৰতক ক্ৰমে ধ্বংসৰ মুখলৈ ঠেলি দিছে। কিন্তু ই মৰাৰ নামহে নলয়। বৰ্তমান ইয়াৰ সৈতে শেহতীয়াকৈ সংযুক্ত হৈছে অগুষ্টা ৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰী। এই কেলেংকাৰী একেবাৰে নতুন নহয়। ইয়াৰ অনুৰণন প্ৰথম শুনা পোৱা গৈছিল ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে, ইউ পি এ চৰকাৰ দিনত। কিন্তু হঠাতেই এই কেলেংকাৰীৰ কথা পুনৰ উত্থাপিত হৈছে।ইয়াৰ বাবে মিলান আদালতৰ ৰায় আৰু যোৱা কিছুদিন ধৰি এই বিষয়ক লৈ দেশত হৈ থকা চৰ্চাকে ধন্যবাদ দিব লাগিব। ইফালে কেলেংকাৰীটোক লৈ শাসকীয় দল বিজেপিয়ে কংগ্ৰেছক আৰু কংগ্ৰেছে বিজেপিক দোষাৰোপ কৰিছে। পিছে যোৱাবাৰৰ দৰে এইবাৰো ইয়াৰ কোনো সমাধান এতিয়ালৈ ওলোৱা নাই।

আমাৰ দেশৰ শাসন প্ৰণালীত থকা ভুল আৰু দেশখনৰ ৰাজনীতি কি দৰে চলে তাক দৰ্শাবলৈ এই অগুষ্টা ৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰীটোৱেই হৈছে এটা সুন্দৰ উদাহৰণ। অগুষ্টা ৱেষ্টলেণ্ড হেলিকপ্টাৰ চুক্তিখনৰ আৰম্ভণি কৰিছিল বাজপেয়ী চৰকাৰে আৰু ভিভিআইপি হেলিকপ্টাৰৰ ক্ষেত্ৰত কিছু সালসলনি কৰিবলৈ ২০০৩ চনত তেতিয়াৰ এনডিএ চৰকাৰৰ আমোলত নিৰ্দেশ দিয়া হৈছিল। এতিয়া এই অভিযোগ কৰা হৈছে যে, এই সালসলনি প্ৰকৃততে আগাষ্ট ৱেষ্টলেণ্ড কোম্পানীক সহায় কৰিবলৈহে কৰা হৈছিল আৰু ইয়াৰ বাবে সেই সময়ত আৰু তাৰ পিছতো বহু মিলিয়ন ইউৰোৰ লেন-দেন হৈছিল।২০০৪ৰ নিৰ্বাচনত বাজপেয়ী চৰকাৰৰ পৰাজয় হয় আৰু মনমোহন সিং চৰকাৰ শাসনত বহে। এই চুক্তিখন তেওঁৰ কাৰ্যকালতে চূড়ান্ত কৰা হৈছিল;আৰু কেলেংকাৰীৰ বিষয়টো ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা কৰা হয়।মিলান আদালতৰ ৰায়ে দেশৰ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়তেই কংগ্ৰেছক একাষৰীয়া কৰিবলৈ বিজেপিক এটা সুবৰ্ণ সুযোগ দিলে।আদালতৰ ৰায়ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু আহমদ পেটেলৰ নাম প্ৰসংগক্ৰমে উল্লেখ কৰা হৈছে যদিও তেওঁলোক দুয়ো বা আন কোনো ৰাজনৈতিক ব্যক্তিৰ নাম কেলেংকাৰীত জড়িত কৰোৱা হোৱা নাই,কাৰণ এতিয়ালৈকে তেওঁলোক জড়িত থকাৰ কথা প্ৰমাণ হোৱা নাই।

image


বিজেপিয়ে নিশ্চিতভাৱেই ইয়াক লৈ তেওঁলোকৰ আগ্ৰাসী মনোভাৱ প্ৰদৰ্শন কৰিছে আৰু কংগ্ৰেছক এই সুযোগতে পদদলিত কৰিব বিচাৰিছে। কিন্তু এইখিনিতে কেইটামান প্ৰশ্ন কৰিবলগীয়া আছে। এক নম্বৰ প্ৰশ্নটো হৈছে- অগুষ্টা ৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰী ৰাজহুৱা হোৱাৰ পিছৰে পৰা ইটালী চৰকাৰে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ তদন্ত কৰে, প্ৰতিবেদন জমা দিয়ে, দেশখনৰ নিম্ন আদালতে ৰায়দান দিয়ে আৰু উচ্চ আদালতেও একেটা ৰায়কে বাহাল ৰাখে। কোম্পানীটোৰ দুগৰাকী শীৰ্ষ বিষয়াক উৎকোচ দিয়াৰ অপৰাধত মিলান আদালতে দোষী সাব্যস্ত কৰে আৰু বৰ্তমান দুয়ো কাৰাগাৰত বন্দী জীৱন কটাই আছে। দুখ লগা অংশটো হৈছে, ভাৰতত এতিয়ালৈকে প্ৰকৃত তদন্তই হোৱা নাই, দোষীয়ে শাস্তি পোৱাটো দূৰৈতে থাকক।

মনমোহন সিং চৰকাৰে এই ক্ষেত্ৰত একো নকৰাৰ কথাটো বাৰু বুজি পাইছো, কাৰণ তেওঁৰ দিনতেই চুক্তিখন কৰা হৈছিল।কিন্ত মোডী চৰকাৰে কিয় বিষয়টো আগনবঢ়ালে? যোৱা দুটা বছৰত কিয় বিশেষ একো পদক্ষেপ নল’লে? চিবিআই আৰু এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে বিষয়টো ত্বৰান্বিত নকৰিলে। তেওঁলোকক কোনে আৰু কিয় বাধা দি আছে? মোডীয়ে সদায় দুৰ্নীতিক সহ্য কৰা নহ’ব বুলি দাবী কৰি তেওঁ নিজেতো কেতিয়াও দুৰ্নীতি নকৰেই, আনকি আনকো কৰিবলৈ নিদিয়ে বুলি কৈ আহিছে। তেওঁ যদি সত্যৰ অপলাপ নকৰে, তেন্তে দেশখনৰ নাগৰিকে এই কেলেংকাৰীৰ নায়কসকলক চিনিব পাৰিব। সেয়ে দেশখনৰ প্ৰতি তেওঁ জবাবদিহী হ’ব লাগিব!

অগুষ্টা ৱেষ্টলেণ্ড (Image Credit- Chris  Pook )

অগুষ্টা ৱেষ্টলেণ্ড (Image Credit- Chris  Pook )


দ্বিতীয়তে, বিজেপিৰ নেতাসকলে ডিঙিৰ শিৰা ফুলাই চিঞৰি আছে যে চোনিয়া গান্ধীয়ে এই বিষয়ত এক বৃহৎ অংকৰ পৰিমাণ গ্ৰহণ কৰিছে। তেন্তে এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে একো কাৰ্য ব্যৱস্থা লোৱা নাই কিয়? আনকি প্ৰধানমন্ত্ৰী মহোদয়ে তামিলনাডুৰ নিৰ্বাচনৰ প্ৰচাৰসভাতো একেখিনি কথাই দোহাৰিছিল, কিন্তু পুনৰ বিষয়টোৰ একো আগ নাবাঢ়িল; নাই যি নাই শ্ৰীমতী গান্ধীলৈ প্ৰশ্নৰ সন্মুখীন হ’বলৈ আহ্বান জনাই এখন ন’টিচো প্ৰেৰণ কৰা হোৱা নাই! জেৰা কৰা আৰু গ্ৰেপ্তাৰ বাৰু বহু দূৰৰে কথা। হাস্যকৰ কথটো হ’ল যে বিজেপিৰ সভাপতি অমিত শ্বাহে চোনিয়া গান্ধীক উৎকোচ লোৱা সকলৰ নাম উল্লেখ কৰিবলৈ আহ্বান জনাইছে। এয়া ঠিক, চোৰক তাৰ লগত আৰু কোন কোন অপৰাধত জড়িত আছে সেয়া ক’বলৈহে যেন কোৱা হৈছে। ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছে মোডী চৰকাৰক তেওঁলোকৰ নেতা সকলক মিছাতে অভিযুক্ত কৰি থকাতকৈ দুমাহৰ ভিতৰত সমগ্ৰ তদন্ত প্ৰক্ৰিয়া শেষ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো সহাঁৰি অহা নাই।

ইয়াৰ ফলত কেলেংকাৰীটোয়ে আমাৰ চৰকাৰৰ শাসন ব্যৱস্থা আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুজিঁম বুলি ৰাইজক দিয়া আশ্বাসে এতিয়া বহুতো প্ৰশ্নৰ অৱতাৰণা কৰিছে।

১) সুসংঘবদ্ধ ৰাজনৈতিক দলবোৰ দুৰ্নীতিৰ বিৰুদ্ধে যুজাঁৰ বাবে প্ৰকৃততেই আগ্ৰহী হয়নে বাৰু? উত্তৰটো হৈছে একেবাৰে নঞৰ্থক। পৰিৱৰ্তে বিৰোধী শিবিৰক আঘাত কৰিবলৈ ব্যৱহাৰ কৰা ই হৈছে একোটা ৰাজনৈতিক আহিলা। নিৰ্বাচনৰ সময়ছোৱাত বিজেপিয়ে অগুষ্টা ৱেষ্টলেণ্ড বিষয়টো আনিছিল যাতে কংগ্ৰেছক ধুলিস্যাৎ কৰি নিৰ্বাচনী লাভ ল'ব পাৰে।বিজেপি যদি সচাঁকৈয়ে কেলেংকাৰীটোৰ গ্ৰতি আগ্ৰহী আছিল, তেন্তে ইমান দিনে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিলেহেঁতেন আৰু দোষী ইটালীত থকাৰ দৰে কাৰাগাৰত থাকিলেহেঁতেন।

২) ৰাজনৈতিক দলসমূহ দুৰ্নীতিৰ বিষয়বোৰতকৈ উৰ্দ্ধত নেকি? উত্তৰটো পুনৰ একেটাই হ’ব-‘নহয়’। যদি কংগ্ৰেছে ভুল কৰাৰ বাবে দোষী হয়, তেন্তে হেলিকপ্টাৰৰ বিশেষত্ববোৰ সলনি কৰিবলৈ দি পিছত অগুষ্টা ৱেষ্টলেণ্ড কোম্পানীটোক লাভান্বিত হ’বলৈ সুবিধা কৰি দিয়াৰ বাবে বিজেপিও সমানেই জগৰীয়া হ’ব।

৩)অনুসন্ধানকাৰী এজেঞ্চীসমূহ কাৰ্যহীন হৈ ৰোৱাৰ বাবে তেওঁলোকো দোষী হ’বনে? ইয়াৰ উত্তৰো সেই একেটাই-নহয়। অগুষ্টা ৱেষ্টলেণ্ডৰ নিৰ্দেশনাই কৈছে যে, অনুসন্ধান বা দোষীক বিচৰাৰ বাবে কোনোধৰণৰ আনুষ্ঠানিক প্ৰক্ৰিয়া নাছিল। অনুসন্ধানকাৰী এজেঞ্চীসমূহ শাসকীয় দলৰ দ্বাৰা পৰিচালিত আৰু তেওঁলোকে চৰকাৰৰ অনুগ্ৰহ মতেই কাম কৰে। সেয়েহে, দুৰ্বল তদন্তৰ বাবে চিবিআই আৰু এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ক দায়ী কৰিব নোৱাৰি। দুৰ্নীতিৰ প্ৰকৃত লাভখোৰসকলহে এই ক্ষেত্ৰত দায়ী।

৪)সমাধানটো কি হ’ব? কেনেকৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা হ’ব? উত্তৰটো একেবাৰে সৰল; তদন্তৰ বাবে ইয়াৰ একেবাৰে ওপৰ পৰ্যায়লৈ যাবলৈ হ’লে এজেঞ্চীসমূহক চৰকাৰী হাঁতোৰাৰ পৰা মুক্ত কৰিব লাগিব। তেওঁলোকক স্বতন্ত্ৰ হিচাপে গঢ়ি তুলিব লাগিব আৰু তদন্তৰ বাবে সময়ৰ এটা সীমা নিৰ্দিষ্ট কৰি দিব লাগিব।

৫) এয়া কেতিয়াবা হৈ উঠিবনে? পুনৰ একে উত্তৰেই পাম- নাই, নহ’ব। কিয়? উত্তৰটো মোক দিবলৈ দিয়ক। আন্না আন্দোলনৰ সময়ছোৱাত দুৰ্নীতি নোহোৱা কৰিবলৈ এখন স্বাধীন আৰু শক্তিশালী লোকপালৰ দাবী উঠিছিল। অত্যাধিক চাপ পোৱাৰ পিছত সংসদৰ জৰিয়তে এখন দুৰ্বল লোকপাল গঠন কৰা হ’ল, কিন্তু এতিয়ালৈ কোনো নিযুক্তি নহ’ল। পদটো আজিও খালী হৈ আছে। মোডী যদি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ ইমানেই দৃঢ় হ’ল হয়, তেন্তে তেওঁ ইমানদিনে লোকপাল নিয়োগ কৰি এয়া প্ৰমাণ কৰিলে হেতেন। কিন্তু হায়!

মোৰ ভয়টো হৈছে,অগুষ্টা ৱেষ্টলেণ্ড বিতৰ্কয়ো ব’ফৰ্চ কেলেংকাৰীৰ পথকে ল’ব আৰু একো উদঘাটন নহ’ব। দোষী মুক্ত ভাৱেই ঘূৰি ফুৰিব আৰু পূৰ্বৰ দৰেই ৰাইজৰ ধন লুটি থাকিব। আমাৰ সংবিধানৰ জৰিয়তে পূৰ্বৰ সাম্য অৱস্থাক পুনৰ ঘূৰাই আনিবলৈ এটা নতুন গণ বিপ্লৱৰ প্ৰয়োজন হৈছে। এইটো হ’বনে? সেইটো এটা লাখটকীয়া প্ৰশ্ন, কাৰণ কেঞ্চাৰ নিৰ্মূল কৰিবলৈ শ্লোগানধৰ্মীতা আৰু আলংকাৰিকতাৰ পৰিৱৰ্তে এটা স্থায়ী সমাধান সূত্ৰহে বৰ্তমান অতি জৰুৰী।

(প্ৰকাশিত মতামত লেখকৰ নিজৰ । য়'ৰ ষ্ট'ৰীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই )

মূলঃ আশুতোষ (প্ৰাক্তন সাংবাদিক তথা IBN7 ৰ মেনেজিং এডিটৰ আশুতোষ বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ )

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উদ্যোগশীলতাৰ যাত্ৰা পথৰ কাঁইট সমূহ

গুৱাহাটীত ভাড়াঘৰৰ বাবে bharaghor.com

সহযোগিতাৰে বিনিয়োগঃ ধনী হওঁ আহক, একেলগে

ধাৰলৈ লোৱা চিলাই মেচিনেৰে শ্বেতা ছোনীয়ে স্থাপন কৰিলে বিশাল ব্যৱসায়