ৰুপা নাথ, স্বাস্থ্যসেৱাত নতুন দিগন্তৰ সূচনাকাৰী জেন’মিকছ গৱেষক আৰু বিনিয়োগকাৰী

মূল- বৰ্ষা আডুছুমিল্লি

ৰুপা নাথ, স্বাস্থ্যসেৱাত নতুন দিগন্তৰ সূচনাকাৰী জেন’মিকছ গৱেষক আৰু বিনিয়োগকাৰী

Thursday October 20, 2016,

9 min Read

ৰুপা নাথে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেছি বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিজ্ঞান কেন্দ্ৰৰ পৰা জেন’মিকছ আৰু মলিকিউলাৰ বায়’লজিত ডক্টৰেট লাভ কৰিছে। নিজকে জেন’মিকছ আৰু স্বাস্থ্যসেৱাৰ প্ৰতি উৎসৰ্গিত এগৰাকী ব্যক্তিৰূপে পৰিচয় দিবলৈ ভালপোৱা এগৰাকী মহিলা ৰূপা নাথ। তেওঁৰ কৰ্মজীৱনৰ ওপৰত চকু ফুৰালে এই কথা সহজেই অনুধাৱন কৰিব পৰা যায়।

image


নিজৰ স্বপ্ন খেদি কেনেদৰে সফলতাৰ শিখৰত আৰোহন কৰিব পাৰি, সময়ৰ সোঁতত অহা পৰিৱৰ্তনক কেনেদৰে আদৰি ল’ব পাৰি, কেনেকৈ হাতলৈ অহা সুযোগৰ সদ্বব্যৱহাৰ কৰিব পাৰি আৰু সৰ্বোপৰি নিজকে এক মহৎ উদ্দেশ্যত কেনেদৰে বিলীন কৰিব পাৰি তাৰেই সঠিক মিশ্ৰণ হৈছে ডঃ ৰূপা নাথ।

পি এইচ ডি সম্পূৰ্ণ হোৱাৰ পিছত ৰুপা নাথে চান ফ্ৰান্সিছকোত কিছুবছৰ কাম কৰে আৰু ২০০৬ চনত যুটীয়াভাৱে প্ৰতিষ্ঠা কৰে Actis Biologics Inc নামৰ এটি প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰৰ বাবে গৱেষণা কৰি আছে। ডঃ ৰূপা নাথে আমেৰিকাস্থিত বিশ্ববিদ্যালয় আৰু কোম্পানীৰ পৰা বৌদ্ধিক সম্পত্তিৰ অনুজ্ঞাপত্ৰ আদায় কৰি ভাৰততো অনুৰূপ গৱেষণা আৰম্ভ কৰে। ভাৰতত আৰম্ভ কৰা হয় Actis Biologicsৰ ঔষধ নিৰ্মাণৰ প্ৰক্ৰিয়া। ভাৰতত কোম্পানীৰ শাখা স্থাপনৰ বাবে আৰম্ভণিৰ ব্যয়ৰ বাবে ৰুপা নাথে যুটীয়াভাৱে আবেদন কৰাৰ পিছত ভাৰত চৰকাৰৰ বায়’টেকনলজি বিভাগে ১০ কোটি টকা ইয়াৰ বাবে মোকলাই দিয়ে। মুম্বাইস্থিত কোম্পানীৰ শাখাৰ অধীনত গৱেষণাৰ লগতে চিকিৎসাজনিত দিশত বিকাশৰ বাবে ৰুপা নাথে যৎপৰোনাস্তি চেষ্টা চলায়। তেওঁৰ অভিজ্ঞতাৰ পৰা তেওঁৰ উদ্যমৰ লগতে প্ৰচেষ্টা আৰু উদ্যোগশীলতাৰ প্ৰতি ধাউতি সুন্দৰকৈ প্ৰকাশ পায়।

বৰ্তমান ৰুপা নাথ হৈছে মুম্বাই এঞ্জেলছ নামৰ এটি বীজ বিনিয়োগ কোম্পানীৰ এগৰাকী সক্ৰিয় বিনিয়োগকাৰী। এই কোম্পানীয়ে প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু বিপণনৰ লগতে আন আন ক্ষেত্ৰত পূঁজি যোগান ধৰে। চিংগাপুৰত ৰুপা নাথে প্ৰতিষ্ঠা কৰিছে Videnda Pte Ltd নামৰ এক বিশেষ প্ৰতিষ্ঠান আৰু ইয়াৰ দ্বাৰা ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ-চিংগাপুৰ ব্যৱসায়িক কৰিডৰত স্বাস্থ্যসেৱা, চিকিৎসাৰ আহিলা আৰু ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ পৰামৰ্শ প্ৰদান, পথ প্ৰদৰ্শন আৰু পূঁজি বিনিয়োগৰ বাট মুকলি কৰা হৈছে। ভাৰতীয় কোম্পানীসমূহৰ সৈতে আলোচনা আৰু পৰামৰ্শৰ মাধ্যমত চিংগাপুৰত ব্যৱসায়ৰ বাট প্ৰশস্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

image


মুম্বাই এঞ্জেলছত ৰুপা নাথ স্বাস্থ্যসেৱা বিনিয়োগৰ এগৰাকী উপদেষ্টা আৰু লগতে তেওঁ কোম্পানীৰ সকলোধৰণৰ কাৰিকৰী আৰু আন প্ৰয়োগগত দিশ চোৱা-চিতা কৰে।

মুম্বাই এঞ্জেলছৰ সহযোগিতাত ৰুপা নাথে এছিয়াটিক আৰু কাৰ্মিক লাইফ চায়েন্সছ ক্লিনিকেল ৰিচাৰ্ছ সংস্থাত বিনিয়োগ কৰিছে। দেশৰ ফাৰ্মাচিউটিকেল আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰৰ সৈতে জৰিত এক বহুল পৰিচিত ব্যক্তিত্বৰূপে নিজকে তুলি ধৰিছে ডঃ ৰুপা নাথে। Karmic Life sciencesত তেওঁ এগৰাকী উপদেষ্টা আৰু পৰিচালনা সমিতিৰ পৰ্যৱেক্ষক ৰূপেও দায়িত্ব নিৰ্বাহ কৰি আছে। যদিহে আপুনি স্বাস্থ্যসেৱা জনিত দিশৰ সৈতে জৰিত হৈ উদ্যোগশীলতাৰ বাট ল’ব বিচাৰে তেনেহ’লে আপুনি ডঃ ৰুপা নাথৰ সৈতে যোগাযোগ কৰাটো বাঞ্চনীয়।

এক সাক্ষাৎকাৰত ডঃ ৰুপা নাথে ভাৰতত স্বাস্থ্যসেৱাৰ উদ্ভাৱনৰ দিশত নিজৰ আগ্ৰহ আৰু এগৰাকী মহিলা উদ্যোগীৰূপে নিজৰ মনৰ দুৱাৰ মুকলি কৰে।

YS-জেন’মিকছৰ প্ৰতি কিয় আগ্ৰহ উপজিল আৰু পি এইচ ডি ডিগ্ৰী অৰ্জন কৰাৰ কথা ভাবিলে?

ৰুপা নাথ-মুম্বাইৰ ৰুপাৰেল কলেজত মই একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰিছিলো। মোৰ লগৰ অধিকাংশ সহপাঠীয়ে চিকিৎসক অথবা অভিযন্তা হোৱাৰ বাট গ্ৰহণ কৰিলে। দুয়োটা বৃত্তিৰ এটাও পচন্দৰ নাছিল। ১৪ বছৰ বয়সত মই ‘জুৰাচিক পাৰ্ক’ নামৰ এখন কিতাপ পঢ়িছিলো। একে নামৰ চিনেমাখনে মুক্তি লাভ কৰাৰ বহু আগতেই এই কিতাপখন মই পঢ়িছিলো। আপোনালোকৰ কমবয়সীয়া পাঠকৰ বাবে মই প্ৰাগ ঐতিহাসিক যুগৰ উদাহৰণেৰে আৰম্ভ কৰিছো (হাঁহি এটা মাৰি কৈ যায়)। ডি এন এ আৰু ক্লনিঙৰ বিষয়ে মোক বাৰুকৈ আকৃষ্ট কৰিছিল।সেইসময়ত এই ধাৰণাসমূহ আছিল আপেক্ষিকভাৱে যথেষ্ট নতুন। শুনিবলৈ কিছু আজৱ লাগিলেও ‘জুৰাচিক পাৰ্ক’ কিতাপখন পঢ়াৰ পিছতে মোৰ জীৱ বিজ্ঞানৰ প্ৰতি ধাউতি সৃষ্টি হয়। মই সৌভাগ্যৱান যে মুম্বাইৰ চেইণ্ট জেভিয়াৰ্ছ কলেজত অধ্যয়নৰ সুবিধা লাভ কৰিছিলো। জীৱ বিজ্ঞান, জেনেটিকছ আৰু বায়’ কেমেষ্ট্ৰিত মোৰ শিক্ষাগুৰুসকল অতি প্ৰতিভাশালী হোৱাৰ লগতে পাঠ্যক্ৰমো আছিল অতি মুক্ত আৰু পৰীক্ষামূলক প্ৰকৃতিৰ। পি এইচ ডিৰ বাবে আগুৱাই যাবলৈ এই সকলোবোৰে মোক উৎসাহী কৰি তুলিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গৈ ডক্তৰেট ডিগ্ৰী লাভ কৰাটো মোৰ স্বপ্ন হৈ পৰিছিল।

YS-পি এইচ ডি কৰোতে আপোনাৰ অভিজ্ঞতা কেনে আছিল?

ৰুপা নাথ-পি এইচ ডি সম্পূৰ্ণ কৰাটো অতি কঠিন। ছবছৰ মই দৈনিক প্ৰায় ১৬ ঘণ্টাকৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। অতি ধৈয্যৰে দীঘলীয়া সময় কষ্ট কৰাৰ বিনিময়তহে ডক্তৰেট ডিগ্ৰী লাভ কৰিব পৰা যায়। বহুবাৰ মোৰ মনলৈও আধৰুৱাকৈ গৱেষণা এৰি দিয়াৰ চিন্তা আহিছিল কাৰণ এয়া আছিল অতি কষ্টসাধ্য।কিন্তু এই ভাৱ আছিল অতি ক্ষন্তেকীয়া আৰু মই পুনৰ এনে চিন্তা বাদ দি নিষ্ঠাৰে কামত লাগি গৈছিলো।এইক্ষেত্ৰত মই মোৰ স্বামীৰ পৰা লাভ কৰা সহযোগিতাৰ কথা উল্লেখ কৰিবই লাগিব।মোৰ ডিগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত মোতকৈ অধিক উৎসাহী আছিল তেওঁ। মই মোৰ গৱেষণা সম্পূৰ্ণ কৰিবই লাগিব এয়া তেওঁৰ একমাত্ৰা ইচ্ছা হৈ পৰিছিল।

YS-অধ্যয়নৰ প্ৰতি আপুনি সদায়ে আগ্ৰহী আছিল নে?

ৰুপা নাথ-আমাৰ পৰিয়াল মহাৰাষ্ট্ৰৰ। নাগপুৰ নামৰ এখন চহৰত মোৰ জন্ম আৰু মই ডাঙৰ-দীঘল হ’লো মুম্বাইত। শৈশৱৰ স্মৃতি বুলিলে মোৰ মনলৈ আহে জুহুৰ সাগৰ তীৰত সামুদ্ৰিক চৰাইবোৰ চাই চাই ডাঙৰ হোৱাৰ কথা। ইয়াৰ লগতে শৈশৱত মোৰ আকৰ্ষণৰ আন এক কাৰণ আছিল কমেও ১০হাজাৰ গ্ৰন্থৰে ঠাহ খাই থকা মোৰ ককাদেউতাৰ ব্যক্তিগত লাইব্ৰেৰী।ইয়াত থকা সৰহসংখ্যক গ্ৰন্থই আছিল গ্ৰেট ব্ৰিটেইনৰ। মোৰ গ্ৰীষ্মকালীন বন্ধবোৰৰ অধিকাংশ সময় মই তাতেই কটাইছিলো। মই তাত থকা প্ৰায় আটাইবোৰ কিতাপ পঢ়ি আদায় কৰিছিলো। কিতাপৰ প্ৰতি মোৰ আছিল দুৰ্বাৰ আকৰ্ষণ। শৈশৱৰ পৰা গ্ৰন্থ অধ্যয়নৰ এই উদ্যমৰ বাবে মই মোৰ পিতৃ-মাতৃ আৰু ককা-আইতাক ধন্যবাদ জনাম। গ্ৰন্থ অধ্যয়নৰ পৰাই মোৰ মনত অনুসন্ধিৎসাৰ দুৱাৰ মুকলি হৈছিল।

YS-পি এইচ ডি সম্পন্ন কৰাৰ পিছত আপুনি কি কৰিছিল?

ৰুপা নাথ-পি এইচ ডিৰ গৱেষণাৰ সময়তে মই বুজি উঠিছিলো যে অধ্যাপনা মোৰ বাবে সঠিক বৃত্তি নহয়। মই এই উদ্যোগৰ সৈতে জৰিত হৈ কাম কৰিব বিচাৰিছিলো আৰু সেইবাবে এক জেন’মিকছ শাখাৰ সৈতে কাম কৰিবলৈ লওঁ। সেই সময়তে মই গৰ্ভৱতী হওঁ আৰু মোৰ ল’ৰাটোৰ জন্মৰ বাবে কেইবছৰমান চাকৰিৰ পৰা আঁতৰি থাকোঁ। সেই সময়খিনিৰ উপযুক্ত ব্যৱহাৰৰ কৰি মই মোৰ সপোন আগুৱাই নিয়াৰ চিন্তা কৰোঁ। সেই সময়খিনি মোৰ বাবে বহুমূলীয়া আছিল।

দুবছৰৰ পিছত মই পুনৰ কামলৈ উভটি যাবলৈ বিচৰাৰ সময়তে Actis Biologicsৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক লগ পাও। সেয়া আছিল ২০০৫ চনৰ আগভাগৰ কথা। মই তেওঁক জনাও যে ভাৰতত তেওঁৰ কোম্পানীৰ কাম আৰম্ভ কৰিবলৈ পালে মই নথৈ আনন্দিত হ’ম। এনেদৰে স্থাপন হৈছিল মোৰ উদ্যোগশীলতাৰ ভেঁটি। নিজকে কৰ্মজীৱনৰ বিকাশৰ বাবে সুন্দৰ সুযোগক মুক্তহস্তে আদৰণি জনোৱা ব্যক্তিয়ে সফলতাৰ মুখ দেখিবই।

YS-এগৰাকী গৱেষিকাৰ বাবে উদ্যোগশীলতাৰ অভিজ্ঞতা কেনেধৰণৰ আছিল?

ৰুপা নাথ-মোৰ বাবে এয়া অতি ভাল লগা অভিজ্ঞতা।একো নথকাৰ পৰা কেনেদৰে এটা কোম্পানীৰ ভেঁটি আৰম্ভ কৰিব পাৰি সেয়া মই শিকিলো। এগৰাকী বিপণনকাৰী,নিয়োগকৰ্তা,বিজ্ঞানীৰ দায়িত্বৰ পৰা বিত্তীয় দিশ পৰিচালনা কৰালৈকে সকলো সামৰি মই অকলশৰীয়াকৈ এই যুঁজত নামিছিলো।দুৰ্ভাগ্যক্ৰমে মোৰ স্বামীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰাৰ বাবে মই ভাৰতস্থিত Actisৰ সক্ৰিয় পৰিচালনাৰ দায়িত্ব এৰি চান ফ্ৰান্সিছকোলৈ উভটি যাওঁ আৰু মাজে মাজেহে আহি ইয়াৰ কাম পৰিদৰ্শন কৰিবলৈ লওঁ।আংশিকভাৱে মই প্ৰতিষ্ঠাপকৰ দায়িত্ব পালন কৰি গৈছিলো।

YS-মুম্বাই এঞ্জেলছত বিনিয়োগকাৰী ৰূপে নিজৰ ভূমিকাৰ বিষয়ে জনাওক।

ৰুপা নাথ- মোৰ স্বামী সঞ্জয় নাথৰ সৈতে ২০১০ চনত একেবাৰে ভাৰতলৈ উভটি আহোঁ। মোৰ স্বামীয়ে নিজৰ ব্যৱসায়ৰ ভেঁটি ভাৰতত স্থাপন কৰিছিল।ভাৰতী চৰকাৰৰ কেতবোৰ নীতি-নিৰ্দেশনাৰ বাবে মই ২০০৬ চনত প্ৰতিষ্ঠা কৰা কোম্পানী বন্ধ কৰিবলগীয়া হৈছিল।

মই পুনৰ আগৰ অৱস্থালৈ ঘুৰি গ’লো। মোৰ স্বামী সেইসময়ত মুম্বাই এঞ্জেলছ নামৰ কোম্পানীটোৰ সৈতে জৰিত হৈ আছিল। মোক তেওঁ কোম্পানীটোৰ সৈতে বৈঠকত মিলিত হ’বলৈ আহ্বান জনায়। সেইসময়ত মোৰ মুৰত খুন্দিয়াইছিল আন এক চিন্তাই, ‘এক প্ৰযুক্তিগত বিনিয়োগকাৰী সংস্থাৰ বৈঠকত মোৰ দৰে জৈৱ বিদ্যা আৰু স্বাস্থ্যসেৱাৰে জৰিত ব্যক্তিৰ কি কাম?’ কিন্তু মই এই সুযোগ গ্ৰহণ কৰি কৌতুহলৰ বাবেই আগবাঢ়ি গ’লো।

লাহে লাহে মই মুম্বাই এঞ্জেলছৰ স্বাস্থ্যসেৱাৰ বিষয়সমূহ বিশ্লেষণ কৰিবলৈ ধৰিলো। মুম্বাই এঞ্জেলছৰ লেন-দেনত আগবঢ়োৱা অৱদান আৰু ভাৰতত স্বাস্থ্যসেৱাৰ উদ্ভাৱনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ আৱিষ্কাৰে মোক আজিও অনুপ্ৰাণিত কৰি ৰাখিছে। তেওঁলোকৰ YogaSmoga নামৰ মই বিনিয়োগ কৰা এক বিষয়বস্তুৱে যথেষ্ট সমাদৰ লাভ কৰিছিল। বিনিয়োগৰ ক্ষেত্ৰ ইমান আকৰ্ষণীয় হ’ব বুলি মই আগতে অনুভৱ কৰা নাছিলো কিন্তু বৰ্তমান মই নিজৰ কামক লৈ অত্যন্ত সুখী। উদ্যোগশীলতাৰ বিভিন্ন বিষয়ত মই মূল্যবোধৰ সংযোজন, স্বাস্থ্যসেৱাৰ সংযোজন কৰিব বিচাৰো। স্বাস্থ্যৰ উন্নতি আৰু শৰীৰ সুস্থ-সৱল কৰি ৰখাক লৈ মই সদায় আগ্ৰহী।

YS-আপোনাৰ স্বামী সঞ্জয় নাথৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা?

ৰুপা নাথ-মই অত্যন্ত সৌভাগ্যশালী। আৰম্ভণিৰে পৰাই মোৰ স্বামীয়ে মোক সমৰ্থন জনাই আহিছে। তেওঁ নিজে এজন উদ্যোগশীলতাৰ পৃষ্ঠপোষক। বিটছ, পিলানীৰ পৰা পঢ়া-শুনা সমাপ্ত কৰিয়েই ২১ বছৰ বয়সত তেওঁ নিজৰ কোম্পানী আৰম্ভ কৰিছিল। সম্পূৰ্ণ ছবছৰ আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু মোৰ পি এইচ ডি সম্পূৰ্ণ কৰাৰ পিছতে আমি বিবাহপাশত আৱদ্ধ হওঁ।

মই ভাবো সঠিক জীৱনসংগীৰ সৈতেহে বিবাহপাশত আৱদ্ধ হোৱা উচিত। মোৰ পিএইচডিৰ সময়ত মোৰ মনত বিমৰ্ষতাই জুমুৰি দি ধৰিলে মোৰ স্বামীয়ে সদায় মোক উৎসাহ যোগাইছিল, আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিছিল। পুৰুষতকৈ নাৰী অধিক পঢ়া-শুনা কৰাটো উচিত নহয় এই মানসিকতাৰ বাবে মোৰ বহুতো বান্ধৱীৰ স্বামীয়ে তেওঁলোকক পিএইচডি কৰিবলৈ দিয়া নাছিল।কিন্তু মোৰ স্বামী এই পুৰণিকলীয়া চিন্তাৰ পৰা আঁতৰত আছিল। তেওঁ এজন প্ৰগতিশীল চিন্তাৰ ব্যক্তি। প্ৰতিগৰাকী সফল নাৰীৰ আঁৰত থাকে এজন পুৰুষ, এয়া মোৰ বিশ্বাস। মই আপোনালোকৰ প্ৰতিগৰাকী পাঠিকাক অনুৰোধ জনাব বিচাৰো যাতে বিবাহৰ ক্ষেত্ৰত তেওঁলোকে উচিত পুৰুষকহে নিৰ্বাচন কৰে।মোৰ স্বামী পৰিয়ালৰ আন আন ব্যক্তিসকলেও মোক যথেষ্ট সমৰ্থন দিছে।

YS-ব্যৱসায়ৰ ক্ষেত্ৰত নাৰীক আপুনি কেনেদৰে প্ৰত্যক্ষ কৰিছে, অভিজ্ঞতাৰ পৰা আমাক জনাওক।

ৰুপা নাথ- একে সময়তে বহুতো কাম সামৰাৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলা বহু ওপৰত। যিকোনো কাম সম্পাদন কৰাৰ ক্ষেত্ৰত মহিলাসকল অত্যন্ত দক্ষ।প্ৰতিটো নাৰীয়ে পৰিচালনা কৰা কোম্পানীলৈ লক্ষ্য কৰিলে আপুনি সহজেই এই কথা জানিব পাৰিব। কৰ্মজীৱন সুষমতাৰ ধৰি ৰখাত নাৰীৰ সমান কোনো নাই আৰু তেওঁলোকক নিযুক্তি প্ৰদান কৰা কোম্পানীসমূহেও এই কথা অনুধাৱন কৰিব লাগে। উপযুক্ত সমৰ্থন পালে নাৰীয়ে কম সময়তে বহু কাম সম্পাদন কৰিব পাৰে।সময়ৰ হিচাপত নহয় কামৰ গুণাগুণৰ হিচাপত হে কৰ্মদক্ষতা বিবেচনা কৰা উচিত আৰু এইদিশত নাৰীয়েই শ্ৰেষ্ঠ।

নিজৰ দক্ষতাক লৈ মহিলাসকল অধিক আত্মবিশ্বাসী হ’ব লাগে বুলি মই বিশ্বাস কৰোঁ। পিতৃতান্ত্ৰিক সমাজত জন্মগ্ৰহণ কৰাৰ বাবে মহিলাসকলে বহুসময়ত অসুৰক্ষিত অনুভৱ কৰে, সেয়া বুজিব পৰা যায়। নিজৰ কেৰিয়াৰক লৈ সচেতন আৰু আগুৱাই যাবলৈ বিচৰা মহিলাক ভাৰতত বহুতো পুৰুষে ভাল চকুৰে নাচায়।এই চিন্তা-ধাৰা দুৰ কৰিবলৈ আৰু কেইবাটাও প্ৰজন্ম পাৰ হ’ব লাগিব।কিন্তু এই মানসিকতা যে আঁতৰিব সেয়া নিশ্চিত।

আমি মহিলাসকলে ইগৰাকীয়ে সিগৰাকীক অধিক বিশ্বাসত ল’ব পাৰিব লাগিব। আমাৰ বাবে এয়া যথেষ্ট কঠিন। পুৰুষে সহজে পৰস্পৰক বিশ্বাস কৰে, এয়া মই প্ৰত্যক্ষ কৰিছো।

সন্তান জন্ম দিয়াৰ পিছত যদি এগৰাকী মহিলাই কিছুদিন কৰ্মবিৰতি ল’ব বিচাৰিছে তেনেহ’লে লোৱা উচিত।একেধৰণে সন্তান লালন-পালনৰ বাবে পুৰুষেও বিৰতি ল’ব পাৰে। প্ৰকৃততে এনেধৰণৰ বিৰতিয়ে নিজকে পুনৰ আৱিষ্কাৰ কৰাত সহায় কৰে। এনে বিৰতিৰ পিছত গঢ় লৈ উঠা বহুতো সফল উদ্যোগশীলতাৰ কাহিনী মই নিজে দেখিছো।আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশত সন্তান লালন-পালনৰ বাবে পিতৃ-মাতৃ উভয়কে দীঘলীয়া সময় ছুটী দিয়াৰ প্ৰথা আছে। ভাৰততো কোম্পানীসমূহে এই বিষয়ে বিবেচনা কৰিব পাৰে।কেতবোৰ কোম্পানীয়ে এই সুবিধা দিয়ে যদিও সেয়া এতিয়াও চালুকীয়া অৱস্থাতে আছে।পুৰুষ-মহিলা উভয়ৰ বাবে বিৰতি প্ৰয়োজনীয়। নিজকে পুনৰ চালি-জাৰী চাই আৱিষ্কাৰ কৰিবলৈ ইয়ে সহায় কৰে।

YS-নিজৰ কোনটো ভূমিকাই বৰ্তমান আপোনাক অধিক উৎসাহ প্ৰদান কৰে?

ৰুপা নাথ-মই ভাৰতত স্বাস্থ্যসেৱাৰ উদ্ভাৱনা অধিক খৰটকীয়া হোৱাটো বিচাৰো। ভাৰতত স্বাস্থ্যসেৱাৰ ৰূপ বৰ্তমানেও বিষম। আমাৰ জীৱনশৈলীত বহুতো পৰিৱৰ্তন হৈছে।অতি কম বয়সতে বহুতো বেমাৰ-আজাৰে আমাৰ প্ৰজন্মক হেঁচা মাৰি ধৰিবলৈ লৈছে। স্বাস্থ্যখণ্ডৰ এনে নেতিবাচক ৰূপ মচিবলৈ আমাৰ হাতত সম্পদৰ অভাৱ। বহু কোটিটকীয়া বৃহৎ কোম্পানী প্ৰতিষ্ঠা কৰিও যদি পিয়াহত খাবলৈ বিশুদ্ধ এটুপি পানী নাপাওঁ তেনেহ’লে সকলো ফুটুকাৰ ফেন। মই উপভোক্তাৰ সৈতে জৰিত প্ৰযুক্তিৰ বিকাশত একো ক’বলৈ নাযাও কিন্তু ইয়াৰ বাহিৰেও আন আন দিশ আছে যিবোৰ উদ্যোগীসকলে গুৰুত্বসহকাৰে লোৱা উচিত। মই মোৰ ব্যক্তিগত ধন কেৱল স্বাস্থ্যসেৱা, জীৱনশৈলীৰ উন্নতি আৰু শক্তিবৰ্ধনৰ সৈতে জৰিত কোম্পানীতহে বিনিয়োগ কৰোঁ। আমাৰ পৰৱৰ্তী প্ৰজন্মই আমাতকৈ অধিক সুৰক্ষিত এক পৰিৱেশত বাস কৰক, এয়াই মোৰ কামনা। স্বাস্থ্যসেৱাৰ উদ্ভাৱনীৰ দিশত অৱদানৰ সুযোগ পাই আৰু মহৎ উদ্যোগীসকলক সহযোগিতা আগবঢ়াই মই সঁচাকৈয়ে সুখী।