পৰিয়ালৰ সৈতে ঘৰুৱা পৰিৱেশত কৰা সাধাৰণ কিছু সুস্থ আলোচনাই সমাজখনকে সলনি কৰি দিব পাৰে – কল্পনা ততৱর্তী

পৰিয়ালৰ সৈতে ঘৰুৱা পৰিৱেশত কৰা সাধাৰণ কিছু সুস্থ আলোচনাই সমাজখনকে সলনি কৰি দিব পাৰে – কল্পনা ততৱর্তী

Sunday November 29, 2015,

6 min Read

“ইণ্টাৰউইভ কনচালটিং প্ৰাইভেট লিমিটেড” নামৰ এটা প্ৰতিষ্ঠানৰ অংশীদাৰ কল্পনা ততৱর্তীয়ে কয়, যে তেওঁ সৰুৰে পৰাই লিঙ্গ বৈষম্যহীন এখন সমাজত ডাঙৰ-দীঘল হৈছে আৰু তেনে পৰিবেশতেই কাম কৰাত তেওঁ অভ্যস্ত৷ ইণ্টাৰউইভ নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে মূলতঃ মহিলা সকলক সাৰথি কৰি মহিলা সকলৰ কাৰণে কাম কৰি যোৱাটোকে কল্পনাই জীৱনৰ ব্ৰত কৰি লৈছে৷

চাৰিগৰাকী বায়েক-ভনীয়েক আৰু অসংখ্য সম্পর্কীয় মহিলাৰে আবৃত এখন ঘৰত জন্ম হোৱা কল্পনাই সৰুৰে পৰা মহিলাৰ সৈতে কাম কৰাত অভ্যস্ত আছিল৷ চাকৰিৰ বাবে সন্মূখীন হোৱা জীৱনৰ প্ৰথমটো সাক্ষাৎকাৰত বিপণন শাখাৰ মূৰব্বী গৰাকীয়ে ‘তোমাৰ সপোন কি’ বুলি সোধা এটা প্ৰশ্নৰ তাৎক্ষণিক উত্তৰত কল্পনাই কৈছিল যে ‘মই মহিলা সকলক ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা বাহিৰলৈ উলিয়াই আনি তেওঁলোকৰ মাজত নিহিত থকা সুপ্ত সম্ভাৱনা সমূহৰ বিকাশ হোৱাকৈ কিবা এটা কৰিব বিচাৰোঁ’৷ অৱশ্যে কল্পনাই আৱেদন কৰা চাকৰিটোলৈ চাই তেওঁৰ এই উত্তৰটো কোনোমতেই খাপ খোৱা নাছিল৷

অনহাতে, কল্পনাই নিজৰ কর্মস্থলত গুৰুত্ব আৰোপ কৰা মূল বিষয়বোৰ হ’ল, মহিলাসকলৰ নেতৃত্ব দিব পৰা গুণৰ বিকাশ ঘটোৱা, তেওঁলোকৰ ওপৰত হোৱা যৌন আতিশয্য নির্মূল কৰা আৰু প্ৰয়োজন অনুসাৰে কর্পৰেটৰ মহিলা কর্মচাৰী সকলক স্পর্শকাতৰ বিষয়ত সমাধান সূত্ৰ আগবঢ়োৱা৷ “ইণ্টাৰউইভ কনচালটিং প্ৰাইভেট লিমিটেড”ত যোগদান কৰাৰ পূর্বে কল্পনাই “মাড়াপিডি” নামৰ এটা অনুষ্ঠানৰ প্ৰতিষ্ঠাতা হিচাপে বহুতো সংগঠনৰ নেতৃত্বক সংগঠিত কৰাৰ কামতো নিয়োজিত আছিল৷

কল্পনাৰ চাৰিগৰাকী বাই-ভনীৰ ভিতৰৰে এগৰাকী অলপ ল’ৰামতীয়া আছিল যদিও ঘৰখনত তাইকো স্বাভাবিক ধৰণেৰে সকলোৱে গ্ৰহণ কৰিছিল৷ শৈশৱৰ কথা সুঁৱৰি কল্পনাই গর্বৰে জনালে যে তেওঁলোক চাৰিগৰাকী বাই-ভনী এক বৈষম্যহীন পৰিৱেশত ডাঙৰ হৈছিল আৰু তেওঁলোকক কেতিয়াও ল’ৰাতকৈ কোনোগুণে কম বুলি ভবা নহৈছিল৷ তাৰোপৰি সৰুতে হেনো কল্পনা পঢ়া-শুনাতকৈ খেলা-ধূলাৰ প্ৰতিহে বেছি আগ্ৰহী আছিল৷

সকলোসময়তে কিছুমান প্ৰতিভাশালী মহিলাৰ সৈতে সময় অতিবাহিত কৰা কল্পনাই তেনে মহিলাসকলে অর্থনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লে হ’ব পৰা সাম্ভাব্য পৰিৱর্তনবোৰৰ কথাটো অনুভৱ কৰিছিল৷ আইতাক, মাক, খুৰীয়েক, মামীয়েক, বায়েক-ভনীয়েক, বহু কেইগৰাকী প্ৰতিবেশী মহিলা আৰু বিয়াৰ পিছত দুগৰাকীকৈ শাহুৱেককে (এগৰাকী গিৰিয়েকৰ নিজৰ মাক আাৰু আনগৰাকী তোলনীয়া মাক) ধৰি কল্পনাই শৈশৱৰে পৰা বহুকেইগৰাকী মানসিকভাৱে সবল মহিলাৰ সান্নিধ্যত জীৱন অতিবাহিত কৰাৰ সুযোগ পাইছে৷ মাকে তাইক কোৱা কথা এষাৰ স্মৰণ কৰি কল্পনাই জনাই যে তেওঁক জন্ম দি সুস্থভাবে ডাঙৰ-দীঘল কৰাৰ তাগিদাতে মাকে সেইসময়ত কৰি থকা এটা সন্মানজনক চাকৰিৰ পৰা স্বইচ্ছাই ইস্তফা দিছিল৷ কল্পনাই কয় যে “জীৱনত অত’বোৰ মহিলাৰ সান্নিধ্যলৈ অহাৰ পিছত মই এতিয়া অনুভৱ কৰোঁ যে আমাৰ আগৰ প্ৰজন্মৰ মহিলাসকলে লিঙ্গ বৈষম্য আৰু আন বহুবোৰ বাধা নিষেধৰ কাৰণে নিজকে সঠিককৈ প্ৰকাশ কৰিব পৰা নাছিল৷ সেই চিন্তাটোৱে কল্পনাক বাৰুকৈয়ে প্ৰভাবিত কৰিছে আৰু সেইবাবেই তেওঁ সদায়ে মহিলাসকলৰ কাৰণে গঠনমূলক কিবা এটা কৰাৰ কথা ভাবে৷

image


বর্তমানে ৰাজহুৱা স্থানত মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ চেষ্টাত ব্ৰতী এক এন.জি.অ. “দূর্গা”ৰ সৈতেও কল্পনা জড়িত৷ ইয়াৰ উপিৰও কল্পনাই পিচপৰা শ্ৰেণীৰ মহিলা সকলক সংগঠিত কৰি অর্থনৈতিকভাৱে স্বাবলম্বী কৰাৰ হকে কাম কৰা আন কেইবাটাও এন. জি. অ.ৰ হৈয়ো কাম কৰি আছে৷ তাৰোপৰি “চেৰী ব্লেয়াৰ ফাউণ্ডেশ্ব্যন”ৰ পৰামর্শদাতা হিচাপেও কল্পনাই বর্তমানে কার্যনির্বাহ কৰি আছে৷

কামৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বানসমূহ

লিঙ্গ বৈষম্য সম্পর্কে সমাজৰ দৃষ্টিভঙ্গীটোকেই কল্পনাই তেওঁৰ কামৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবে৷ বর্তমানে তেওঁ কৰা কামৰ ফল পাবলৈ আৰু বহু বছৰৰ প্ৰ্য়োজন হ’ব বুলিও কল্পনাই অনুভৱ কৰে৷ কল্পনাৰ মতে অমাৰ সমাজত লিঙ্গ বৈষম্য নির্মূলৰ ক্ষেত্ৰত পুৰুষ-মহিলা নির্বিশেষে উভয় পক্ষই বাধা দিয়ে৷ তেওঁৰ মতে, ঘৰখনেই মহিলাৰ একমাত্ৰ কর্মস্থলী বুলি বহুলোকে বিশ্বাস কৰা ধাৰণাটোৰ কাৰণেই মূলতঃ মহিলা সকল আজি অর্থনৈতিক ভাবে স্বাবলম্বী হ’ব পৰা নাই৷ লগতে কল্পনাই কিছুমান নির্দিষ্ট কামক আজিও কেৱল মহিলাসকলৰ বাবেই সংৰক্ষিত কৰি ৰখা ধাৰণাটোৰো বিৰোধিতা কৰে৷ ইয়াৰ উপৰিও কল্পনাই শিশুসকলক লিঙ্গ বৈষম্যৰ ধাৰণাটোৰ পৰা মুক্ত কৰাৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰে৷

“ইণ্টাৰউইভ কনচালটিং প্ৰাইভেট লিমিটেড” নামৰ প্ৰতিষ্ঠানটোৰ জড়িয়তে কল্পনাই এতিয়ালৈকে সমগ্ৰ ভাৰতবর্ষজুৰি প্ৰায় ১৫০০ মহিলাৰ লগতে ৬০০ গৰাকীমান পৰিচালকক প্ৰশিক্ষণ প্ৰদান কৰিছে৷ ইয়াত কল্পনাৰ কামটো খুবেই আমোদজনক৷ ইতিমধ্যে বহুবোৰ প্ৰতিষ্ঠানৰ সৈতে কল্পনাই দক্ষতা থকা মহিলা কর্মী নিয়োগ কৰাত আগভাগ লোৱাৰ উপৰিও সেই কর্মীসকলৰ চেতনাত তেওঁলোকে কৰা কামটো যে ঘৰুৱা কাম-কাজ আৰু পৰিয়ালটোতকৈ কোনো ফালৰ পৰা কম গুৰুত্বপূর্ণ নহয় সেই ধাৰণাটো সম্পর্কে সচেতন কৰি কেনেকৈ কর্মক্ষেত্ৰত অহা সুযোগবোৰ গ্ৰহণ কৰি উন্নতিৰ জখলাত উধাই যাব পাৰি তাৰেই শিক্ষা দান কৰি আহিছে৷

ইণ্টাৰউইভৰ জৰিয়তে কল্পনাই দক্ষতা থকা মহিলা কর্মী নিয়োগ কৰা কামত বহুতো প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈছে৷

শেহতীয়াকৈ চাউদার্ন কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণত ইণ্টাৰউইভএ বিশ্ববিদ্যালয়খনৰ মহিলা কর্মীসকলক লৈ এলানি অধ্যয়ন সমাপন কৰিছে৷ এই অধ্যয়নে বিশ্ববিদ্যালয়খনৰ লগতে মহিলা কর্মীসকলক বিভিন্ন বিষয়ত বহু পৰিমানে উপকৃত কৰিছে৷

কল্পনাৰ মতে তেওঁৰ দৰে আন বহু লোকৰ প্ৰচেষ্টাতে মহিলা কর্মীৰ প্ৰতি প্ৰতিষ্ঠানবোৰৰ দৃষ্টিভঙ্গী আগতকৈ বহু সলনি হৈছে আৰু সেইসূত্ৰেই অজিকালি সেই প্ৰতিষ্ঠানবোৰত অগতকৈ বেছি মহিলা কর্মী নিয়োগ কৰিবলৈ লৈছে৷

কল্পনাৰ জীৱনৰ আন এটা দিশ

ব্যক্তিগতভাৱে কল্পনাই সমাজৰ অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ মহিলাসকলৰ মাজৰ পৰা শিল্পোদ্যোগৰ সৈতে জড়িত হ’ব পৰা সাম্ভাব্য মহিলা সকলক চিহ্নিত কৰি তেওঁলোকক সুদ বিহীন ঋণ প্ৰদান কৰে৷ কল্পনাৰ মতে এই মূলধনৰ সঠিকভাৱে সদ্ব্যৱহাৰ কৰি মহিলাসকলে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিব৷ এনেবোৰ মহিলাই নিজে স্বাবলম্বী হোৱাৰ লগতে তেওঁলোকৰ ল’ৰা-ছোৱালীকো সুশিক্ষা দিবলৈ সক্ষম হয় বুলি কল্পনাই বিশ্বাস কৰে৷

কল্পনাৰ মতে অর্থনৈতিক ক্ষেত্ৰখনৰ সৈতে মহিলাসকল জড়িত হৈ পৰাটো অতি প্ৰয়োজনীয় আৰু সেই উদ্দেশ্যই ৰাষ্ট্ৰসংঘয়ো বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিভিন্ন কার্যসূচীৰ ৰূপায়ণ কৰিছে৷

কল্পনাৰ অনুপ্ৰেৰণাৰ উৎস

কল্পনাৰ মতে, নিজৰ কামৰ জৰিয়তে সামান্যৰূপে হ’লেও সমাজৰ পৰিবর্তনৰ অংশীদাৰ হ’ব পৰা আনন্দটোৱেই হ’ল তেওঁৰ অনুপ্ৰেৰণাৰ মূল উৎস৷ কল্পনাই কয় ‘মানুহৰ দৃষ্টিভঙ্গীৰ পৰিবর্তন কৰিব পৰাৰ সমানুপাতিক ভাৱে মই সমাজৰো পৰিবর্তন কৰিব পাৰিছো । সমাজখনৰ ৰূপান্তৰ হয় ব্যক্তি সমষ্টিৰ দৃষ্টিভঙ্গীৰ পৰিবর্তনৰ দ্বাৰা’৷

দহৰ মঙ্গলৰ কাৰণে কিবা এটা কৰিব পৰাৰ আনন্দৰ বাবেই কল্পনাই তেওঁৰ প্ৰতিদিনৰ হাড়ভঙা পৰিশ্ৰমকো হাঁহি মূখে আকোৱালি ল’ব পাৰিছে৷ সমাজৰ দৰিদ্ৰ, নিপীড়িত মহিলাসকলে নিজকে অর্থনৈতিক ভাৱে স্বাবলম্বী হৈ লভা সফলতাৰ মাজতে কল্পনাই নিজৰ জীৱনৰো সফলতাৰ অর্থ বিছাৰি পায়৷ এনে আৰু বহুজনৰ মন আৰু প্ৰাণক আকর্ষিত কৰি সমাজত প্ৰতিষ্ঠা কৰাৰ সপোনেই কল্পনাৰ জীৱনৰ মূল চালিকাশক্তি৷

image


উদ্যোগপতি, চাকৰিজীৱী, গৃহস্থী, শ্ৰমিক, ভৃত্যকে ধৰি পৃথিৱীৰ প্ৰতিগৰাকী মহিলাৰ মাজতে কল্পনাই অফুৰন্ত শক্তিৰ সন্ধান কৰে৷

কর্মক্ষেত্ৰত পৰিয়ালৰ সহায়-সহযোগীতা

কল্পনাৰ কামক লৈ তেওঁৰ স্বামী আৰু সন্তান অতিকৈ গর্বিত হোৱাৰ লগতে নিজৰ সামর্থ অনুসাৰে তেওঁলোকে কল্পনাক সহযোগীতাও কৰে৷ তেওঁৰ স্বামীয়ে আনকি কল্পনাৰ বহুবোৰ অনুশীলনক তেওঁ নিজে নেতৃত্ব দিয়া প্ৰতিষ্ঠানত অর্ন্তভূক্ত কৰিছে৷ কল্পনাৰ ১৬ বছৰীয়া ল’ৰাটোৱে অৱসৰৰ সময়ত চৰকাৰী স্কুলৰ মূলতঃ ছোৱালীবোৰক গণিত পঢ়ুৱায় আৰু সি ইতিমধ্যে নিজে অধ্যয়ন কৰা স্কুলখনত ধর্ষণ নির্মূলকৰণৰ বাবে এখন গৱেষণা পত্ৰ প্ৰস্তুত কৰি দাখিল কৰিছে৷ আনহাতে অমেৰিকাৰ “অহায় বিশ্ববিদ্যালয়ত” পঢ়ি থকা কল্পনাৰ ২০ বছৰীয়া জীয়েক জনীয়ে ধর্ষণ আৰু মহিলাৰ ওপৰত হোৱা যৌন উৎপীড়ন ৰোধৰ বাবে পৃথিবীজুৰি এক আন্দোলন “ৱান বিলিয়ন ৰাইজিং মভমেণ্ট”ৰ অংশ হৈ পূঁজি সংগ্ৰহ কৰাকে ধৰি আন ধৰণেও সেই আন্দোলনৰ সৈতে নিজকে জড়িত কৰিছে৷

আৰু মূলতঃ এই সকলোবোৰ আৰম্ভ হৈছিল কল্পনাৰ ঘৰখনত – ঘৰৰ খোৱা মেজখনত৷ আমাৰ প্ৰত্যেকৰে জীৱনৰ সামান্য কিছু সময় ব্যয় কৰি আমি সকলোৱে সমাজৰ এনে ৰূপান্তৰৰ অংশীদাৰ হ’ব পাৰোঁ৷ কল্পনাই বিশ্বাস কৰে যে পৰিয়ালৰ সৈতে ঘৰুৱা পৰিৱেশত কৰা সাধাৰণ কিছু সুস্থ আলোচনাই দৰাচলতে সমাজখনেই সলনি কৰি দিব পাৰে৷

মূল ৰচনা - স্বাস্বতী মূখার্জী৷৷

অসমীয়া অনুবাদ – মণি ভট্টাচার্য৷৷