পুণেৰ কনিষ্ঠতম বিল্ডাৰসকলৰ অন্যতম ক্ৰুটী জৈন

মূল- আনুজা মণ্ডোৰে

পুণেৰ কনিষ্ঠতম বিল্ডাৰসকলৰ অন্যতম ক্ৰুটী জৈন

Thursday October 20, 2016,

4 min Read

মাথো ৮ বছৰ বয়সতেই ক্ৰুটী জৈন নামৰ ছোৱালীজনীৰ পৰিচয় ঘটিছিল ভূ-সম্পত্তিৰ জগতখন আৰু ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়াৰ সৈতে যেতিয়া দেউতাক ললিত কুমাৰ জৈনে নিজৰ এটা প্ৰকল্পৰ দায়িত্ব অৰ্পণ কৰিছিল। সেয়া আছিল ক্ৰুটীৰ বাবে এক নিচাৰ আৰম্ভণি।

১৭ বছৰ বয়সত কুমাৰ বিল্ডাৰছৰ কাৰ্যনিৰ্বাহক পৰিচালকৰ দায়িত্বভাৰ লোৱা পুণেৰ ক্ৰুটী জৈনে অতি কম বয়সতে ব্যৱসায়িক দিশত সফল হোৱাৰ লগতে এই ক্ষেত্ৰখনৰ সৈতে জড়িত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ২০০৪-৫ বৰ্ষত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল এছ এম কৃষ্ণাৰ পৰা লাভ কৰা বঁটা দ্য টপ মেনেজমেন্ট কনছ’ৰটিয়াম এৱাৰ্ড ফৰ এক্সিলেন্স ক্ৰুটীয়ে লাভ কৰা সকলো বঁটাৰ ভিতৰত অন্যতম। এই বঁটা লাভ অন্য ব্যক্তিৰ অন্যতম হৈছে মেহেৰ পদুমজী আৰু সুলজ্জা এফ মটৱানী। ২০১২ চনত এনডিটিভিৰ য়ং গানছ অৱ ৰিয়েল ইষ্টেট সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰিত হৈছিল ক্ৰুটী।

image


অৱশ্যে ক্ৰুটীৰ এই সফলতা এনেয়ে সম্ভৱ হোৱা নাই। ২৬ বছৰীয়া ক্ৰুটীয়ে নিজৰ সফলতাৰ কঠিন পৰিক্ৰমাৰ বিষয়ে ইয়ৰ ষ্টৰীক ব্যক্ত কৰে।

আৰম্ভণি

১৩ বছৰ বয়সত ক্ৰুটীয়ে দেউতাকৰ পৰা সময় বিচাৰি তেওঁৰ কৰ্মক্ষেত্ৰলৈ যাবলগীয়া হোৱাতোৱেই আছিল এই পেছাত যোগদান কৰাৰ এটা অন্যতম কাৰণ।স্কুলত থকাৰ সময়ত বন্ধৰ দিনকেইটাত ক্ৰুটীয়ে ৰিয়েল ইষ্টেট ক্ষেত্ৰৰ সৈতে জড়িত দেউতাকক ক’ৰবালৈ ফুৰাবলৈ খাটনি ধৰাৰ অজুহাতত প্ৰায়ে দেউতাকৰ কৰ্মক্ষেত্ৰত উপস্থিত থাকিছিল।আৰু এইদৰেই অতি কম বয়সৰ পৰাই ৰিয়েল ইষ্টেটৰ সৰু-বৰ সকলো কথা শিকি পেলাইছিল।

'মই দেউতাক বাহিৰলৈ আনিবলৈ চেষ্টা কৰিছিলো কিন্তু দেউতাই মোক ভিতৰলৈ লৈ গ'ল।' ক্ৰুটীৰ মন্তব্য।দেউতাকৰ পৰা সময় বিচাৰি তেওঁৰ ওচৰলৈ যাওঁতে দেউতাকৰ কম্পিউতাৰত দিনটোৰ বেছিভাগ সময় বহি থকা তথা দেউতাকে অংশ লোৱা মিটিংবোৰত ভাগ লৈ গুৰুত্বপূৰ্ণ কথাবোৰ শিকি লোৱাটো আছিল ক্ৰুটীৰ দৈনন্দিন কাৰ্য।এনেদৰেই অতি কম সময়ৰ ভিতৰতেই তেওঁশিকি পেলাইছিল সৰু বৰ বহু কথা। ক্ৰুটীয়ে কয় যে এবাৰ ব্যৱসায় সন্দৰ্ভত কথা পতাৰ বাবেই এগৰকী অধিবক্তাসহ দেউতাকৰ ব্যৱসায়ৰ সৈতে জড়িত ক্ৰেতাৰ সৈতে আলোচনা চলি আছিল আৰু তাত উপস্থিত আছিল ১৩ বছৰীয়া ক্ৰুটী। দ্বিতীয় দিনা যেতিয়া সেই একেজন অধিবক্তা আৰু দেউতাকৰ সৈতে ক্ৰেতাৰ আলোচনা আছিল তেতিয়া কথাবাৰ্তাত অধিবক্তাগৰাকীয়ে এৰি যোৱা আইনৰ এটা অনুচ্ছেদৰ বিষয়ে ক্ৰুটীকাই ক্ষীপ্ৰতাৰেঅধিবক্তাগৰাকীক মনত পেলাই কাৰ্যই সকলোকে অভিভূত কৰি তুলিছিল। ক্ৰুটীৰ মতে এই ঘটনাই তেওঁক স্থাপত্য বা আৰ্কিটেকচাৰৰ পৰিবৰ্তে আইন শিক্ষা গ্ৰহণ কৰাৰ বাবে প্ৰেৰণা দিছিল।

সফলতা সহজেই নাহে

দশম শ্ৰেণী অতিক্ৰম কৰাৰ পাছত মাথো ১৫ বছৰ বয়সতেই ক্ৰুটীয়ে দেউতাকৰ ৰিয়েল ইষ্টেট ব্যৱসায়ত যোগদান কৰে।কিন্তু তেওঁৰ দেউতাকে ক্ৰুটীৰ বাবে ব্যৱসায়ৰ পথ মসৃণ কৰি ৰখা নাছিল। পৰবৰ্তী দুটা বছৰ ক্ৰুটীয়ে ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা ২৩টা বিভাগত বিভিন্নজনৰ অধীনত কাম কৰে আৰু নিজৰ অধ্যৱসায়ৰ ফলত ক্ৰুটীকাই লাভ কৰা সফলতাৰ বলত সেইসকলে লোকেই আজি তেওঁৰ অধীনত কাম কৰি আছে। জীৱনত লক্ষ্য আৰু সম্বন্ধৰ ওপৰত থকা আস্থাৰ ফলতেই আজি ক্ৰুটীয়ে এই সফলতা দেখিবলৈ পাইছে।

স্বয়ং স্বত্বাধিকাৰীৰ জীয়ৰী হোৱাৰ বাবেই বহু সুবিধা থকাৰ কথা ক্ৰুটী জৈনে স্বীকাৰ কৰে যদিও লগতে কয় যে এই সুবিধাখিনিয়ে তেওঁক অধিক চাপৰ মাজত ৰখাৰ লগতে আৰু অধিক শৃংখলাবদ্ধ হ’বলৈ শিকাইছে। তেওঁ কয় যে দেউতাকৰ ৰিযেল ইষ্টেট ব্যৱসায়ৰ সাম্ৰাজ্যৰ বাবেই ব্যৱসায়িক খুঁটি-নাটি কম সময়তেই শিকি পেলোৱাত সহায়ক হৈছে। ২ বছৰৰ অধ্যৱসায়ৰ ফলতেই ক্ৰুটী জৈনে এক্সিকিউটিভ ডিৰেক্টৰ পদবীলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হয়। ক্ৰুটী জৈনে সমান্তৰালকৈ বিবিএ-এলএলবি ডিগ্ৰীও সফলতাৰে সম্পূৰ্ণ কৰিছে।

অতি কম বয়সতেই লাভ কৰা আত্মবিশ্বাসে ক্ৰুটীৰ জৈনৰ মনলৈ কেতিয়াও লিংগ বৈষম্যৰ কথা অনা নাই । শিশুকালৰ পৰাই লৰাসূলভ মনোভাৱেৰে জীয়াই থকা ক্ৰুটীৰ বাবে ৰিয়েল ইষ্টেটৰ দৰে ব্যৱসায়ত কাম কৰিবলৈ কেতিয়াও-কোনোধৰণৰ অসুবিধা হোৱা নাই। ক্ৰুটীয়ে অতি সহজেই শতাধিক পুৰুষৰ লগত কোনা ইতঃস্থতবোধ নোহোৱাকৈ বিদেশ ভ্ৰমণ তথা সন্মিলনত অংশগ্ৰহণ কৰিছে। নিজৰ এটা আমোদজনক অভিজ্ঞতা মনতক্ৰুটীকাই হাঁহি হাঁহি কয়, 'এবাৰ এখন সন্মিলনত অংশ লোৱাৰ সময়ত পুণেৰ চিআৰইডিএআইৰ চেয়াৰমেনে নিজৰ ভাষণ আৰম্ভ কৰি সকলো পুৰুষ বন্ধুসকলক সম্বোধন কৰে আৰু মোক এগৰাকী ভদ্ৰমহিলা বন্ধু হিচাপে সম্বোধন কৰে। মোক মহিলা বুলি কোৱা কথাটোৱে মোক নিজৰ নাৰীত্বৰ কথা সোঁৱৰাই দিলে।'

ক্ৰুটীয়ে কয় যে মহিলাসকলে কি ক’ব বা কৰিব সেই বিষয়টো সকলোৱে গুৰুত্ব দিয়া কথাটো তেওঁ ভালদৰে বুজি পায়।

ক্ৰুটীৰ অনুপ্ৰেৰণাঃ

অনুপ্ৰেৰণা বুজাবলৈ ক্ৰুটীৰ বাবে মাথো দুটাই শব্দ, আৰু সেয়া হৈছে তেওঁৰ দেউতাক।

ক্ৰুটীৰ পৰিয়ালত সদায় এক উদ্যোগশীলতাৰ পৰিবেশ আছে। আৰু তাৰ বাবেই ক্ৰুটীৰ তেজত আছে উচ্চাকাংক্ষা। তেওঁ দেউতাক ললিত কুমাৰ জৈন ক্ৰুটীৰ বাবে এগৰাকী পথ প্ৰদৰ্শক। বিশ্বৰ বিখ্যাত আৰ্কিটেকক্ট কালাট্ৰাভা বা জাহা হাদিদৰ দৰে ব্যক্তিৰ পৰা অনুপ্ৰেৰণা লবলৈ ক্ৰুটীক উৎসাহ দিয়ে দেউতাকে।ক্ৰুটীয়ে মনত পেলায় যে তেওঁৰ দেউতাকে কেৱল মাত্ৰ অনুপ্ৰেৰণাৰ বাবেই সদায় নিশা ভোজন কৰাৰ সময়ত ব্যৱসায়িক আলোচনা কৰিছিল। ক্ৰুটীৰ সফলতাৰ আঁৰত দেউতাকৰ যথেষ্ট অৱদান আছে।

সফলতাৰ মন্ত্ৰ

নিয়মানুৱৰ্তিতাই হৈছে সকলো সফলতাৰ মূল মন্ত্ৰ। ১১ বছৰ বয়সত ৰাষ্ট্ৰীয় পৰ্যায়ত হকী খেলা ক্ৰুটীয়ে ১৩ বছৰ বয়সত স্কুলৰ বন্ধত কৰবাত ফুৰিবলৈ যোৱাৰ সলনি দেউতাকৰ লগত নিয়মিত বাৱসায়িক কামত ওলাই যোৱা তথা ১৫ বছৰ বয়সতেই ওতপ্ৰোতভাৱে ব্যৱসাযিক কামত মনোনিৱেশ কৰা ইত্যাদি হৈছে ক্ৰুটীকাৰ নিয়মানুবৰ্তীতাৰ পৰিচয়। যাৰ ফলত মাথো ১৬ বছৰ বয়সতেই এক উচ্চ পদবী লাভ কৰি ক্ৰুটীকাই সফলতাৰ পৰিচয় দাঙি ধৰিব পাৰিছে।

ক্ৰুটীৰ কঠোৰ নিয়মানুৱৰ্তিতাত তেওঁৰ বন্ধু-বান্ধৱীসকলেও তবধ মানিছিল। সামাজিক কাৰ্যকলাপত নিশা যিমান দেৰি নহওক ক্ৰুটীয়ে নিতৌ পুৱা ৮ বজাত নিজৰ কাম কাজ আৰম্ভ কৰিছিল। প্ৰথমেই যদিওবা তেওঁৰ বন্ধু-বান্ধৱীসকলে উচ্চাকাংক্ষী ক্ৰুটীৰ সৈতে অসুবিধা পাইছিল কিন্তু শেষত এই সকলেই তেওঁৰ অনুপ্ৰৰণাৰ উৎসত পৰিণত হৈছে। ক্ৰুটীয়ে কয়- 'মই সুখী কিয়নো মোৰ বাবেই মোৰ বন্ধু-বান্ধৱীসকলৰ মনলৈও উদ্যোগশীল ভাৱ-ধাৰা আহিছে। মোৰ আজি ১৭ বছৰ বয়সীয়া বন্ধুৰ পৰা ৭০ বছৰীয়া বন্ধুও আছে।'