আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

Tuesday February 16, 2016,

5 min Read

যিসময়ত আমাৰ আৰু আপোনাৰ সন্তানে কান্ধত বেগ আৰু হাতত পানীৰ বটল আঁৰি বিদ্যালয়লৈ যায় ঠিক সেইসময়তে সমাজত এনে একাংশ শিশু দেখা পোৱা যায় যিসকলে কেৱল জাবৰ বুটলিবলৈকে ঘৰৰ পৰা বাহিৰলৈ ওলায়।জীৱন সংগ্ৰাম আৰু দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ এই শিশুসকলে আৱৰ্জনাকে সাৰথি কৰি লৈছে।জাবৰৰ দ’মৰ মাজতে তেওঁলোকে জীৱনৰ অৰ্থৰ সন্ধান কৰে।জীৱনটোক বুজিবলৈ তেওঁলোকে এনেদৰেই চেষ্টা চলায়।বাৰাণসীত এনে শিশুসকলৰ জীৱন উন্নত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে ৰাজীৱ শ্ৰীবাস্তৱে।চহৰৰ লল্লাপুৰা এলেকাত বাস কৰা ৰাজীৱ শ্ৰীবাস্তৱ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক।বৰ্তমান তেওঁৰ পৰিচয় জাবৰ বোটলা শিশুৰ জীৱন গঢ়োতা।এই শিশুসকলক শিক্ষিত কৰি তুলিবলৈ ৰাজীৱে অহৰহ প্ৰচেষ্টা চলাই আছে।তেওঁৰ একমাত্ৰ উদ্দেশ্য শিক্ষাৰ মাধ্যমত দৰিদ্ৰ শিশুসকলৰ ভাগ্যৰ পৰিৱৰ্তন।তেওঁ বিচাৰে এই শিশুসকল নিজৰ দুভৰিত থিয় দিয়ক যাতে তেওঁলোকে সমাজৰ মূলসূঁতিৰ সৈতে মিলিত হ’ব পাৰে।নিশ্চিতভাৱে এই পথ যথেষ্ট কঠিন আছিল কিন্তু ৰাজীৱে এই অসাধ্য সাধন কৰি দেখুৱালে।১৯৮৮ চনত ৰাজীৱে কিছুসংখ্যক লোকৰ সহায়ত বিশাল ভাৰত নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰি নিজৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হয়।ৰাজীৱৰ বাবে এই কাম ইমান সহজ নাছিল কিন্তু নিজৰ প্ৰতিভা আৰু শ্ৰমৰ বলত তেওঁ ইয়াক সাৰ্থক কৰি তোলে।লল্লাপুৰাস্থিত নিজৰ সংস্থাত প্ৰতিদিনে জাবৰ বোটলা শিশুসকলক ৰাজীৱে পঢ়ুৱায়।

image


কিন্তু জাবৰ বুটলি ফুৰা শিশুসকলৰ সৈতে ৰাজীৱৰ সম্পৰ্ক কেনেকৈ স্থাপন হ’ল?এই কাহিনীও যথেষ্ট মনোগ্ৰাহী।ৰাজীৱে য়'ৰ ষ্ট'ৰীক জনায়,

“১৯৮৮ চনৰ এপ্ৰিল মাহ।দুপৰীয়া গৰমত মই ইণ্টাৰমিডিয়েট পৰীক্ষা দি উভটি আহি আছিলো।পৰীক্ষা কেন্দ্ৰৰ পৰা কিছুদূৰৈত মই নিজৰ বন্ধুসকলৰ সৈতে এখন মিঠাইৰ দোকানত ৰৈছিলো।এনেসময়তে দোকানৰ কাষত এটা হেণ্ডপাম্পলৈ লেতেৰা কাপোৰ পৰিহিত এটি শিশু আহিল।তাৰ কান্ধত এটা বেগ ওলমি আছিল আৰু তাত কিছু সামগ্ৰী আছিল।জেঠ মাহৰ প্ৰখৰ ৰ’দৰ মাজত শিশুটোৱে হেণ্ডপাম্পটোৰ পৰা পানী খাবলৈ ধৰে।কিন্তু তেনেসময়তে তাত দোকানীজন উপস্থিত হৈ লাঠীৰে শিশুটিক নিৰ্মমভাৱে মৰিয়ায়।বেচেৰা শিশুটিয়ে পানী নোখোৱাকৈ তাৰ পৰা আঁতৰি যায়।এই ঘটনাৰ বিষয়ে দোকানীজনক মই প্ৰশ্ন কৰাত যিটো উত্তৰ পালো সেয়া হতচকিত কৰিব পৰা বিধৰ আছিল।দোকানীজনে ক’লে এই জাবৰ বোটলা শিশুটিয়ে যদি ইয়াত পানী খায় তেনেহ’লে তেওঁৰ দোকানৰ মিঠাই কোনেও নাখাব।এই কথাষাৰে মোক সম্পূৰ্ণকৈ জোকাৰি যায় আৰু সেইদিনাই মই এই দৰিদ্ৰ শিশুসকলৰ বাবে কিবা কৰাৰ শপত গ্ৰহণ কৰোঁ।”

প্ৰকৃততে এই ঘটনাই ৰাজীৱৰ জীৱন সলনি কৰি তোলে।সেই ৰাতি ৰাজীৱে কেৱল ইয়াকে ভাবি থাকিল যে এই শিশুসকলৰ দোষ কি? দৰিদ্ৰতা এই শিশুসকলৰ বাবে অভিশাপ হৈ কিয় নামিছে?কেৱল দৰিদ্ৰ হোৱাৰ বাবেই তেওঁলোক শিক্ষাৰ পৰা বঞ্চিত হৈ ৰ’ব নেকি? কাৰণ আমাৰ দেশত দৰিদ্ৰৰ বাবে শিক্ষাৰ বাট বন্ধ।ঘটনাটোত মৰ্মাহত হৈ পৰা ৰাজীৱে জাবৰ বোটলা শিশুসকলক শিক্ষিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লয়।পৰৱৰ্তী দিনৰ পৰাই ৰাজীৱে নিজৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰয়াসত নামি পৰে।সেই সময়ত ৰাজীৱ মোগলচৰাইৰ বাসিন্দা আছিল।তেওঁ মোগলচৰাই ৰেলৱে ষ্টেশ্যনত জাবৰ বোটলা শিশুসকলক একত্ৰিত কৰি পাঠদান কৰিবলৈ আৰম্ভ কৰে।অৱশ্যে এই কাম ইমান সহজ নাছিল।ৰাজীৱে জনোৱা মতে আৰম্ভণীতে তেওঁ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল।জাবৰ বোটলা শিশুসকলে তেওঁক সহযোগিতা কৰিব বিচৰা নাছিল।এই শিশুসকলৰ বাবে প্ৰাথমিকতা আছিল দৈনন্দিন ভাতমুঠি মুকলি কৰা।শিশুসকলৰ বাবে পঢ়া-শুনা গৌণ কথা আছিল।কিন্তু ৰাজীৱো হতাশ হৈ থমকি ৰোৱা নাছিল। কেতিয়াবা তেওঁ চহৰৰ বিভিন্ন গলিত আৰু কেতিয়াবা জাবৰৰ দ’মৰ কাষত সম্পূৰ্ণ দিন কটাইছিল।ৰাজীৱে দৰিদ্ৰ ল’ৰা-ছোৱালীবোৰক সাক্ষাৎ কৰিছিল।তেওঁলোকক পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰিছিল।এনেদৰে দিন,সপ্তাহ,মাহ পাৰ হৈ গৈছিল।অৱশেষত ৰাজীৱৰ প্ৰয়াস সফল হয়।বহু চেষ্টাৰ অন্তত দৰিদ্ৰ শিশুসকলৰ এটি দল তেওঁৰ ওচৰত পঢ়িবলৈ আহে।ৰাজীৱে শিশুসকলক বিচৰাৰ ক্ষেত্ৰতে যে কেৱল সমস্যাৰ সন্মুখীন হৈছিল তেনে নহয়, বিভিন্ন সময়ত তেওঁ চুবুৰীয়া আৰু পৰিয়ালৰ লোকৰ ককৰ্থনাও শুনিবলগীয়া হৈছিল।

image


ৰাজীৱে কয়,

“মই জাবৰ বুটলি ফুৰা শিশুসকলক পঢ়ুৱাবলৈ লোৱা দেখি আশে-পাশে থকা লোকসকলে মোক ফিচিঙা-ফিচিঙি কৰিবলৈ এৰা নাছিল।মোক বিদ্ৰুপ কৰিছিল।কিন্তু মই এইবোৰ কথাত গুৰুত্ব দিয়া নাছিলো।মানুহৰ উপলুঙাই মোৰ উদ্দেশ্য আৰু দৃঢ় কৰি তুলিছিল।মই নিজৰ বাটত আৰু সবলতাৰে আগবাঢ়ি গৈছিলো।”

ৰাজীৱৰ দুচকুত থকা দৰিদ্ৰ শিশুসকলক শিক্ষিত কৰি তোলাৰ যি সপোন তাক তেওঁ যিকোনো প্ৰকাৰে বাস্তৱায়িত কৰিব বিচাৰিছিল। তেওঁৰ এই লক্ষ্য পূৰণ হয়।নিজৰ সংস্থাত ৰাজীৱে দৰিদ্ৰ শিশুসকলক পাঠদান কৰিবলৈ আৰম্ভ কৰে।প্ৰথমাৱস্থাত সংস্থাত শিশুসকলৰ সংখ্যা কম আছিল যদিও সময়ৰ লগে লগে এই সংখ্যা বাঢ়িবলৈ ধৰে।প্ৰতি দিনে পুৱা লল্লাপুৰাস্থিত বিশাল ভাৰত সংস্থাত জাবৰ বোটলা শিশুৰ বিদ্যালয় বহে।ইয়াত শিশুসকলক পাঠদান কৰাৰ লগতে তেওঁলোকক নৈতিকতাৰ বিষয়েও শিকোৱা হয়।তেওঁৰ পৰিশ্ৰমৰ বলতে এইপৰ্যন্ত ৪৬৭ টা শিশু সাক্ষৰ হৈছে।ইয়াৰ কিছুসংখ্যকে ৰাজীৱৰ পাঠশালাৰ পৰা ওলাই পিএইচডি পৰ্যন্ত সম্পূৰ্ণ কৰিছে।

এই শিশুসকলৰ কাষত ৰাজীৱ সদায়ে দৃঢ়তাৰে থিয় দি ৰয়।ৰাজীৱে শিশুসকলৰ মনোবল বৃদ্ধি কৰাৰ অহৰহ প্ৰয়াস কৰে। জন্মৰ পৰা পিতৃ-মাতৃৰ মৰমৰ পৰা বঞ্চিত বহু শিশুৱে ৰাজীৱকে পিতৃ জ্ঞান কৰে।প্ৰ-পত্ৰ পূৰণ কৰোতে পিতৃৰ নামৰ ঠাইত তেওঁলোকে ৰাজীৱৰ নামেই লিখে।ৰাজীৱৰ পাঠশালাত বহুমুখী প্ৰতিভাসম্পন্ন শিশু থকা দেখা যায়।আমাৰ নেতাসকলে কৰিব নোৱাৰা কামো এই শিশুসকলে কৰি দেখুৱাইছে।বিভিন্ন সামাজিক বিষয় আলোচনা কৰিবলৈ এই শিশুসকলে বাল সংসদ নিৰ্মাণ কৰিছে।এই সংসদত বিভিন্ন বিষয় উত্থাপন কৰা হয়।ইয়াৰে কেতবোৰ বিষয় হৈছে, দৰিদ্ৰ শিশুসকলক কেনেকৈ সহায় কৰিব পৰা যায়,তেওঁলোকৰ সমস্যাসমূহ সমাজত কেনেদৰে তুলি ধৰিব পৰা যায়, শিশু শ্ৰম প্ৰথা কেনেকৈ বন্ধ কৰিব পৰা যায় আদি। এনে বিভিন্ন বিষয়ক লৈ সংসদত সৰৱ চৰ্চা হয়।অৱশ্যে নেতাসকলৰ সংসদৰ দৰে ইয়াত অযথা হৈ-হাল্লা নহয়।শালীনতাৰে প্ৰতিটো বিষয়ে আলোচনা কৰা হয়।শিশুসুলভ সৰলতা ৰক্ষা কৰা হয়।কেৱল বাল সংসদেই নহয় এই শিশুসকলে নিজৰ সুকীয়া বেংকো প্ৰতিষ্ঠা কৰিছে।ইয়াত শিশুসকলে নিজৰ ধন জমা কৰে।প্ৰয়োজনৰ সময়ত শিশুসকলক এই বেংকে সহায় কৰে।

image


ৰাজীৱৰ এই প্ৰয়াসৰ বাবে তেওঁক বিভিন্নধৰণে সন্মানিত কৰা হৈছে।অধ্যয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰাষ্ট্ৰসংঘৰ লগতে তুৰ্কী, ট্যুনিশ্যিয়া আৰু জাম্বিয়া আদি দেশৰ পৰা সন্মান প্ৰদান কৰা হৈছে। সকলোৱে পঢ়া-শুনা কৰি আগুৱাই যাব লাগে, চৰকাৰে কেৱল এই শ্ল’গানহে দি আহিছে কিন্তু সমাজৰ এনে একাংশ লোকেহে প্ৰকৃততে এই লক্ষ্য পূৰণ কৰি আহিছে।ইয়াৰ মাজৰে এজন হৈছে ৰাজীৱ।ৰাজীৱৰ এটা প্ৰয়াসে শ-শ শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আৰু সমাজ সেৱাৰ এক নতুন নিদৰ্শন তুলি ধৰিছে।

মূল-আশুতোষ সিং

অনুবাদ-তুলিকা দেৱী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

ষ্টাৰ্টআপৰ বাবে ডিজিটেল মাৰ্কেটিং

এসময়ৰ টমবয় ছোৱালীজনী আজি জনপ্ৰিয় ফেশ্যন ব্লগাৰ

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী