‘ৰঙালি’ত প্ৰাণ পাই উঠিল বৰ অসমে

‘ৰঙালি’ত প্ৰাণ পাই উঠিল বৰ অসমে

Wednesday February 22, 2017,

2 min Read

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ বৰ অসমৰ ধাৰণাৰ উদযাপনেৰে আয়োজিত হ'ল তিনিদিনীয়া ‘ৰঙালি’ মহোৎসৱ । তিনিদিন ধৰি লোকে লোকাৰণ্য হৈ পৰিল খানাপাৰা খেলপথাৰ। ইয়াৰ উপৰিও দিঘলী পুখুৰীত অনুস্থিত পাৰম্পৰিক নাওখেলত ভাগ ল’লে ১২০ জনতকৈও অধিক প্ৰতিযোগীয়ে । ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উৰণৰ আনন্দ উপভোগ কৰিলে বহুসংখ্যক লোকে । অন্যান্য লোকৰ উপৰিও সমগ্ৰ উত্তৰ পূবৰ টুৰ অপাৰেটৰসকল আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে ভীৰ কৰিলেহি এই মহোৎসৱত ।

image


পুৱাৰ ভাগত প্ৰশান্ত ৰাজগুৰু, ময়ুৰ বৰাকে আদি কৰি কেইবাজনো জ্যেষ্ঠ আৰু নৱ প্ৰজন্মৰ বুদ্ধিজীৱিয়ে বিভিন্ন জনজাতীয় নেতাৰ সৈতে মিচিং চাংঘৰত মত বিনিময় কৰে । এই মত বিনিময়ৰ বিষয়বস্তু আছিল অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তোলাৰ প্ৰচেষ্টা । জনজাতীয় নেতাসকলে অসমৰ মূলসুঁতিৰ লোকসকলক হাফলং, বিটিচি আদি অঞ্চলৰ পৰ্যটন ক্ষেত্ৰসমূহ দৰ্শন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

বিভিন্ন জনগোষ্ঠীৰ পাৰম্পৰিক ঘৰসমূহেও ৰাইজক আকৰ্ষণ কৰে । গোৱালপাৰাৰ দেশী সম্ৰদায়ে তেওঁলোকৰ সংস্কৃতি পোনপ্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰে এই মহোৎসৱত । চামগুৰি সত্ৰৰ অংকীয়া ভাওনা, মূখা ভাওনা, ৩৫ বিধ নৃত্য, বিভিন্ন জনগোষ্ঠীয় খাদ্য, ‘প্ৰিয়বন্ধু’ৱে আয়োজন কৰা অসমীয়া নিৰামিষ আৰু আমিষ আহাৰৰ প্ৰতিষোগিতা আৰু বহু উদীয়মান শিল্পীৰ সংগীত পৰিবেশন আছিল মহোৎসৱৰ আন এক আকৰ্ষণ । উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয়সমূহৰ মাজত এক কুইজ প্ৰতিযোগিতাও আছিল এক অন্যতম আকৰ্ষণ ।

image


ডিমা হাচাও জিলাৰ প্ৰদৰ্শন আছিল চকুত লগা । ইয়াৰ বহু সংখ্যক স্থানীয় উদ্যমীৰ লগতে কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন হস্ততাত আৰু হস্তশিল্পজাত সামগ্ৰী প্ৰদৰ্শন কৰে ।

মি এণ্ড মিছেজ ৰঙালী আছিল মহোৎসৱৰ এক অন্যতম আকৰ্ষণ ।

সন্ধিয়াৰ সময়ত মঞ্চত দেখা গল উত্তৰ পূবৰ বৃহত্তম সাংস্কৃতিক অনুস্থান । ভাৰতৰ শীৰ্ষ ডি জে নিউক্লেয়া, বলীউড শিল্পী এছ কিং, শীৰ্ষ ৰেপাৰ ডিভাইন, লণ্ডনস্থিত শিল্পী অৰ্জুন, উত্তৰ পূবৰ শীৰ্ষ ৰক বেণ্ড আলব’ নাগা এণ্ড দ্য বেণ্ড, অসম গৌৰৱ জুবিন গাৰ্গ, জয় বৰুৱা, নৰ্থ ইষ্ট ব্ৰীজ আদিৰ উপস্থিতিয়ে ৰঙীণ কৰি তুলিলে সন্ধিয়াৰ সময়ছোৱা । অসমৰ পাৰম্পৰিক আৰ্হিৰে এক খাদী ফেছন শ্ব’ৰো আয়োজন কৰা হয় ।

image


মূখ্য আয়োজন শ্যামকানু মহ্ন্তই মহোৎসৱৰ সফল সমাপ্তিৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জনায়। এইছ আৰ এ এৰ সম্পাদক তথা অনুস্থানৰ আন এক প্ৰধান আয়োজক ত্ৰিদিব শৰ্মাই জানিবলৈ দিয়ে যে এই মহোৎসৱক উত্তৰ পূবৰ বৃহত্তম মহোৎসৱত পৰিণত কৰাৰ লগতে প্ৰতিবছৰে অনুস্থিত কৰাৰ চিন্তা-চৰ্চা চলি আছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কাশ্মীৰ প্ৰসঙ্গত চিন্তা-চৰ্চাৰ দৰকাৰ

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

বাৰাণসীৰ বাসিন্দাৰ বাবে ভগৱানৰ দূত- জেবি মেডিটেক

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে