‘সংগীত মাৰ্তণ্ড’ পণ্ডিত জসৰাজৰ সংগ্ৰামৰ অকথিত কাহিনী: মাতৃৰ দৰব বিচাৰি ছাউথ কলকাতাৰ পৰা খোজ কাঢ়ি আহিছিল চেন্ট্ৰেল কলকাতালৈ

‘সংগীত মাৰ্তণ্ড’ পণ্ডিত জসৰাজৰ সংগ্ৰামৰ অকথিত কাহিনী: মাতৃৰ দৰব বিচাৰি ছাউথ কলকাতাৰ পৰা খোজ কাঢ়ি আহিছিল চেন্ট্ৰেল কলকাতালৈ

Monday November 30, 2015,

4 min Read

সফলতাৰ যিকোনো কাহিনীৰ আঁৰত থাকে সংগ্ৰামৰ এক দীঘলীয়া আখ্যান । এই সংগ্ৰামৰ কাহিনী কেতিয়াবা জনাজাত হয় আৰু কেতিয়াবা হেৰাই যায় সাফল্যৰ আঁৰত । কাৎচিৎহে এই ঘটনাবোৰ পোহৰলৈ আহে । ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী ধাৰাৰ আকাশত দীৰ্ঘদিন সূৰ্যৰ দৰে স্বমহিমাৰে মহীয়ান ‘সংগীত মাৰ্তণ্ড’ পণ্ডিত জসৰাজ বৰ্তমান এই ক্ষেত্ৰখনত জ্যেষ্ঠতম পুৰোধা ব্যক্তি । গোটেই বছৰ যতেই নাথাকক কিয় নৱেম্বৰৰ শেষৰ সপ্তাহটোত তেখেত হায়দৰাবাদলৈ আহিবই । আৰু হাইদৰাবাদলৈ আহিলেই সজীৱ হৈ উঠে তেখেতৰ সংগ্ৰাম আৰু সংঘাটৰ স্মৃতি । এই স্মৃতিবোৰ সজীৱ কৰাৰ ঠাই এখনেই আৰু সেয়া হ’ল তেখেতৰ পিতৃৰ সমাধিক্ষেত্ৰ য’ত ঘন্টাৰ পিছত ঘন্টা বহি তেখেতে স্মৰণ কৰে পিতৃয়ে দি যোৱা সেই অমূল্য উপহাৰ- শাস্ত্ৰীয় সংগীত । চাৰি-পাঁচ বছৰ বয়স হ’ল অতি কুমলীয়া বয়স আৰু এই বয়সতে তেখেতে হেৰুৱাইছিল তেখেতৰ পিতৃক । আৰম্ভ হৈছিল জীৱন সংগ্ৰামৰ এক কাহিনী ।

image


হাইদৰাবাদৰ অম্বৰপেটত অৱস্থিত তেখেতৰ পিতৃৰ সমাধিক্ষেত্ৰত ইয়ৰ ষ্টৰীৰ মেনেজিং এডিটৰ(ভাৰতীয় ভাষা) ড° অৰৱিন্দ য়াদৱৰ সৈতে হোৱা অন্তৰঙ্গ আলাপত পণ্ডিতজীয়ে কৈ গ’ল তেখেতৰ জীৱনৰ বহু অকথিত কাহিনী । পৰ্বতপ্ৰমাণ সাফল্যৰ আঁৰৰ ৰহস্য সন্দৰ্ভত পণ্ডিত জসৰাজৰ স্পষ্ট বক্তব্য- তেখেতৰ সংগ্ৰাম এতিয়াও অব্যাহত আৰু জীৱনৰ প্ৰতিটো দিন, প্ৰতিটো মূহুৰ্ত্তই তেওঁৰ বাবে সংগ্ৰাম ।

আজি যি কাহিনী আমি আগবঢ়াইছো সেয়া হ’ল কলকাতাৰ গলিয়ে গলিয়ে মাতৃৰ বাবে ঔষধ বিচাৰি ফুৰা যুৱক জসৰাজৰ কাহিনী । সেই স্মৃতি সুঁৱৰি পণ্ডিত জসৰাজে কয়, “পিতৃৰ সেৱা কৰাৰ সুযোগ নেপালো । মা কাষত আছিল কিন্তু তেওঁকো কৰ্কট ৰোগে আক্ৰমণ কৰিলে । পঞ্চাশৰ দশকত কৰ্কট ৰোগ কিমান ভয়ানক আছিল সেয়া আজি কোনেও কল্পনা কৰিব নোৱাৰে । চিকিৎসকে লিখি দিয়া দৰব বিচাৰি খোজ কাঢ়ি ছাউথ কলকাতাৰ পৰা চেন্ট্ৰেল কলকাতা পালোহি । বেছিভাগ দোকানতে সেইবোৰ দৰব নাছিল । অৱশেষত এখন দোকানত পালো যদিও সেই দৰব কিনিবৰ জোখাৰে পইছা নাছিল । জেপত থকা আটাইখিনি পইছা উলিয়াই দি ক’লো বাকী পইছা পাছত দিম । দোকানৰ মানুহজনৰ উত্তৰ আছিল দৰবৰ দোকানত কেতিয়াবা বাকী কৰাৰ কথা শুনিছা নেকি ? তেনেতে কোনোবা এজনে মোৰ কান্ধত হাত থ’লে আৰু দোকানত থকা মানুহজনক ক’লে আটাইখিনি দৰব দি দিয়া আৰু বাকীখিনি মোৰ নামত লিখি ৰাখা... সেইজন দোকানৰ মালিক আছিল । মই নেজানো তেওঁ মোক কেনেকৈ চিনি পাইছিল ।”

image


পণ্ডিত জসৰাজে বিশ্বাস কৰে যে জীৱনত সংগ্ৰাম, অধ্যৱসায়, অনুশীলন সকলোবোৰ দৰকাৰী কিন্তু লগতে দৰকাৰী ঈশ্বৰৰ দয়া । বেয়া দিনত তেৱেঁই সহায় কৰে । পণ্ডিতজীয়ে জীৱনত বহুতকে মাটিৰ পৰা আকাশৰ পথ দেখুৱাইছে । তেখেতৰ নিজৰ জীৱনৰ বহু ঘটনাই মানুহক নতুন পথৰ সন্ধান দিয়ে । আন এটি ঘটনাৰ কথা উল্লেখ কৰি তেখেতে কয়, “মাৰ দৰবৰ ব্যৱস্থা হৈ গ’ল । কিন্তু ডাক্টৰে কৈছিল দিনে দুবাৰ বেজি দিব লাগিব । তাৰ বাবে ডাক্টৰক এটা ভিজিটত পোন্ধৰ টকা দিব লাগিব । এদিনত ত্ৰিশ টকা গোটোৱাতো মোৰ বাবে অত্যন্ত টান কাম আছিল কিন্তু মাৰ বাবে মই সেই কথাত মান্তি হ’লো । দ্বিতীয়বাৰ যেতিয়া ডাক্টৰ যাবলৈ ওলাল তেতিয়া মই তেওঁক ক’লো আজি গধুলি ৰেডিঅ’ শুনিব । মই গাম । তেওঁ ক’লে গান-বাজনাত মোৰ ৰাপ নাই আৰু আজি গধুলি মই মোৰ ভাগিনীজনীৰ ঘৰলৈ যাম । মই যথেষ্ট হতাশ হ’লো কিন্তু পিছদিনা যেতিয়া তেওঁ আহিল তেওঁৰ মেজাজ আছিল সম্পুৰ্ণ বেলেগ । তেওঁ ক’লে - ‘মই তোমাৰ গান শুনিলো । এই গান মই মোৰ ভাগিনীজনীৰ ঘৰত শুনিলো আৰু তাই কলে যে এই গায়কজনৰ হাতত ধন-বিত নাথাকে ।’.... তেওঁৰ এই ভাগিনীগৰাকী আছিল গীতা ৰায় যি পাছলৈ গায়িকা গীতা দত্ত নামেৰে বিখ্যাত হৈছিল । সেইদিনাৰ পৰা ডাক্টৰজনে মোৰপৰা মাত্ৰ দুটকাকৈ ভিজিট ল’বলৈ ধৰিলে । এইদৰেই বহুতেই মোক বিপদৰ দিনত সহায় কৰিছে ।”

পণ্ডিত জসৰাজে বিশ্বাস কৰে যে সংগ্ৰামে সফলতা আনে । কিন্তু তেখেতে এই কথাও বিশ্বাস কৰে যে সফলতাৰ মাজত ‘মই’ শব্দটো বেছিকৈ বিচাৰিব নালাগে । ব্যক্তিৰ মনলৈ অহংকাৰ আহিলেই তেওঁ শেষ হৈ যায় । সংগ্ৰামৰ অৰ্থও হেৰাই যায় ।

পণ্ডিত জসৰাজে শৈশৱৰ কিছু সময় হাইদৰাবাদৰ কোনো কোনো অঞ্চলত পাৰ কৰিছে । গোলিগুডা চমন আৰু নামপল্লী এনে দুখন ঠাই য’ত তেখেতৰ শৈশৱৰ বহু স্মৃতি সিঁচৰতি হৈ আছে । তেখেতৰ মনত আছে স্কুললৈ যাওতে পোৱা সেই হোটেলখনো যাৰ আগত ৰৈ তেখেতে শুনিছিল বেগম আখটাৰৰ গজল- দিৱানা বনানা হে তো দিৱানা বনা দে, ৱৰনা কহী তকদীৰ তমাশা ন বনা দে ।... এই গজল শুনিয়েই তেখেতে স্কুল এৰি দি তবলা বজাবলৈ ধৰিলে । বহু বছৰৰ পাছত লাহোৰত তেখেতৰ মনলৈ আহিল গায়কৰূপে মঞ্চৰ মূখ্য আকৰ্ষণ হ’বলৈ চেষ্টা কৰা যাওক আৰু আৰম্ভ হ’ল গায়কৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম ।

পণ্ডিতজীয়ে ভাবে যে এই দীঘলীয়া জীৱনৰপৰা যদি কিবা শিকিবলগীয়া আছে সেয়া হ’ল অবিৰতভাৱে কাম কৰি যোৱা । সংগীতৰ চখ থাকিলে শিকি থাকা, অভ্যাস কৰি যোৱা আৰু ঈশ্বৰৰ দয়াৰ বাবে অপেক্ষা কৰা ।