কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”

কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”

Saturday November 26, 2016,

2 min Read

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৬ত বুধবাৰে প্ৰদৰ্শিত উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”এ ১৯৪৪ চনত উত্তৰ-পূবৰ এক নিৰ্ণায়ক যুদ্ধৰ স্মৃতি বহন কৰিছে। ১০৯ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনিয়ে সেই যুদ্ধৰ সৈনিকসকলৰ সাহস আৰু সেই সময়ৰ সাক্ষ্য বহন কৰা স্থানীয় লোকসকলৰ জীৱন কাহিনী বৰ্ণনা কৰিছে। এই সন্দৰ্ভত পৰিচালক বৰপূজাৰীয়ে কয় যে এই তথ্যচিত্ৰখনিৰ বিষয়বস্তু কেৱল সৈনিকসকলক লৈয়ে নহয়, সেই যুদ্ধৰ ফলত প্ৰভাৱিত প্ৰতিজন ব্যক্তিক লৈ আধাৰিত। তথ্যচিত্ৰখনিৰ প্ৰযোজনা কৰিছে প্ৰতিৰক্ষা বিশ্লেষক সুবিমল ভট্টাচাৰ্যই।

‘মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ’ৰ কাহিনী সেই সময়ৰ, যেতিয়া জাপানী সৈন্যই বহ্মদেশ হৈ ব্ৰিটিছৰ অধীনস্থ ভাৰতৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু কহিমা আৰু ইম্ফলৰ যুদ্ধত বন্ধু ৰাষ্ট্ৰৰ সেনাই তেওঁলোকক ঘুৰাই পথাবলৈ সক্ষম হয়। এই যুদ্ধত দুয়োপক্ষৰ অতি কমেও ১.৬০ লাখ সৈন্যৰ প্ৰাণহানি হয়।

image


সেই যুদ্ধৰ স্মৃতি এতিয়াও মণিপুৰ আৰু নাগালেণ্ডৰ পাহাৰত সিচঁৰিত হৈ আছে। সেই অঞ্চলসমূহ মুক্ত সংগ্ৰাহলয় হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে, য’ত মৰ্টাৰ, বন্ধুক, বিমানৰ ভগ্মাৱশেষ আজিও সংৰক্ষিত কৰি ৰখা হৈছে।

বৰপূজাৰীয়ে সেই যুদ্ধক একেবাৰে ওচৰৰ পৰা প্ৰত্যক্ষ কৰা স্থানীয় লোকসকলৰ সৈতে কথা-বতৰাত মিলিত হৈছে আৰু সেই লোকসকলৰ বয়স বৰ্তমান ৯০ বছৰতকৈও অধিক আৰু তেওঁলোকৰ একাংশ ইংলেণ্ড আৰু জাপানত বসবাস কৰি আছে। এগৰাকী ব্ৰিটিছ যোদ্ধাই জনোৱা মতে যুদ্ধৰ সময়ত তেওঁলোকে পানীৰ সমস্যাত ভুগিছিল। একেদৰে নিমখৰ অভাৱত একাংশৰ মৃত্যু পৰ্যন্ত হৈছিল। সেই সময়তে এজন স্থানীয় গঞাই এটুকুৰা শিলৰ নিমখৰ টুকুৰা দিছিল। ব্ৰিটিছ, ভাৰতীয় আৰু গোৰ্খা সৈনিকসকলৰ সকলোৱেই সেই টুকুৰা চেলেকিয়ে নিমখৰ অভাৱ দূৰ কৰিছিল। যুদ্ধই তেওঁলোকৰ মাজত থকা বৈষম্য দূৰ কৰিছিল বুলি সাক্ষাৎকাৰত প্ৰকাশ কৰে জ্যেষ্ঠ সৈনিকজনে।

image


এই বাৰ্তালাপত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ইণ্ডিয়ান নেচনেল আৰ্মীয়ে যে জাপানৰ হৈ যুদ্ধ কৰিছিল সেই সন্দৰ্ভতো চৰ্চা হৈছিল। বৰপূজাৰীৰ মতে টকিঅ’ৰ ৰুনকোজী মন্দিৰত একাংশ লোকে নেতাজীক পূজা কৰে, আনহাতে ব্ৰিটিছ সৈনিকসকলে কয় যে ইণ্ডিয়ান নেচনেল আৰ্মীয়ে নিজৰ সৈনা বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাটো অতি দুখৰ বিষয় আছিল।

এই তথ্যচিত্ৰখনি সাক্ষাৎকাৰৰ ওপৰত আধাৰিত, য’ত লোকসকলৰ অভিজ্ঞতাক কাহিনীৰ ৰূপত বৰ্ণনা কৰা হৈছে। যুদ্ধত ভাগ লোৱা জাপানী সৈনিকসকলকো তথ্যচিত্ৰখনত অতি সুন্দৰভাৱে দেখুওৱা কৰা হৈছে।

এক কথাত এই তথ্যচিত্ৰখনিয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ এক নতুন আভাস দাঙি ধৰিছে।

(সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

ডনাল্ড ট্ৰাম্পে হৰুৱাব নোৱৰা মুম্বাইৰ মহিলাগৰাকী

এগৰাকী মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লোৱা প্ৰথম মহিলা আই পি এছ সুবাষিণী শংকৰণ

বাস্তৱ জীৱনৰ 'ফুনছুক ৱাঙ্গৰু' চোনম ৱাংচুকলৈ ৰ'লেক্স বঁটা