যোধপুৰৰ মহিলা বিজয় হালদিয়াই ৫৬ বছৰ বয়সতো দেখুৱালে সময়ৰ সৈতে কেনেকৈ ফেৰ মাৰিব পাৰি

0

সকলোৱে একে মুখে ক’ব ঘৰত বনোৱা খাদ্যৰ নিচিনা আন একো হ’ব নোৱাৰে।

বিশ্বৰ শ্ৰেষ্ঠ “চেফ” জনেও আপোনাক ক’ব- এগৰাকী মাতৃয়ে ৰন্ধা খাদ্যৰ সৈতে আন একোৰে তুলনা নহয়। খাদ্যই আমাৰ পৰিচয়।খাদ্যই আমাৰ শিপা। তাতে সেই খাদ্য যদি মায়ে ৰন্ধা হয়, তেতিয়াটো কথাই নাই!

মানুহৰ এই প্ৰবৃত্তিৰ প্ৰতি লক্ষ ৰাখিয়েই,ৰান্ধি ভালপোৱা যোধপুৰৰ বিজয় হালদিয়াই ৫৬বছৰ বয়সতো নিজে প্ৰস্তুত কৰা আহাৰৰ সোৱাদ প্ৰযুক্তিৰ সহায়ত বিলাইছে বিশ্বৰ বিভিন্ন প্ৰান্তত। প্ৰমাণ কৰি দেখুৱাইছে বয়সেই হওক বা প্ৰযুক্তিয়েই হওক একো বাধাই সফলতাৰ অন্তৰায় হ’ব নোৱাৰে।

প্ৰায় ডেৰ বছৰৰ আগৰকথা। ২০১৪ চনৰ আগষ্ট মাহ, বিজয় হালদিয়া আমেৰিকাত থকা জীয়ৰীৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। বিজয়ে তাত দেখিলে ঘৰখনৰ পৰা আতৰত থকা জীয়ৰীৰ বন্ধু বান্ধবী, বা বিদেশৰ মাটিত থকা আন ভাৰতীয় পৰিয়াল বোৰে নিৰ্ভৰ কৰে অনলাইন যোগে উপলব্ধ ‘ৰেচিপি’ সমূহৰ ওপৰত। একেটা কথাই আমাৰ দেশৰ বিভিন্ন চহৰত থকা বহু একক পৰিয়ালৰ ক্ষেত্ৰটো খাটে।

বিষয়টোৰ প্ৰতি আগ্ৰহ থকা দেখি প্ৰথমে জীয়েকেই বিজয়ক বুদ্ধিটো দিলে। ৰন্ধন প্ৰকৰণত ইমান অভিজ্ঞতা থকা বিজয়ে দেখোন ঘৰৰ পৰা আঁতৰত থকা ভাৰতীয় পৰিয়ালবোৰৰ বাবে নিজৰ ৰেচিপিবোৰক এক অনলাইন প্লেটফৰ্ম দিব পাৰে! ভবা মতেই কাম। জন্ম হ’ল- “জায়কা কা তড়কা”ৰ। আজি “জায়কা কা তড়কা” আৰু একেনামৰ ফেচবুক পেজটোৰ অজস্ৰ ফ’ল’ৱাৰ। বিজয় হালদিয়াৰ কঠিন পৰিশ্ৰমৰ সফলতাৰ প্ৰতক্ষ প্ৰমাণ।

বিজয়ৰ মতে তেওঁৰ ৰেচিপিবোৰ বৰ সহজ। আৰু ৰেচিপিৰ বাবে প্ৰয়োজনীয় উপকৰণবোৰো সহজতে ঘৰতে পোৱা সামগ্ৰী। আৰু এই কাৰণেই “জায়কা কা তড়কা” অন্যান্য “ফুড ব্লগ” বোৰতকৈ পৃথক। বিজয়ে ৰেচিপিবোৰ নিজেই প্ৰস্তুত কৰে। প্ৰস্তুত কৰা ৰেচিপিবোৰ উপযুক্ত মানৰ হ’লেহে আনৰ বাবে মুকলি কৰি দিয়ে। ৰেচিপিৰ নিজে ফটো লয়, প্ৰতিটো ৰেচিপিৰ প্ৰয়োজনীয় উপকৰণৰ নিৰ্দিষ্ট পৰিমাণ নিজে টুকি ৰাখে। আটাইটকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল-নষ্ট নকৰা। থাকি যোৱা খাদ্য নষ্ট নোহোৱাকৈ প্ৰস্তুত কৰা বিজয়ৰ ৰেচিপিবোৰ বিৰাট জনপ্ৰিয়। খাবলৈও ভাল, খাদ্যৰ অপচয়ো নহ’য়।

বিজয়ৰ মন্ত্ৰই হ’ল- এদিনত কমেও এটা ৰেচিপি। বিজয় হালদিয়াৰ ভাষাত - “প্ৰথমে মোৰ ৰেচিপিৰ প্ৰতি কোনো সঁহাৰিয়েই নাছিল। কিন্তু মই সদায় ভাবিছিলো আমি আমাৰ কামতহে মনোযোগ দিয়া উচিত, ফলাফলত নহয়। সঠিক দিশত কাম কৰি গ’লে সফলতা আহিবই। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল, মই সদায় মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ চেষ্টা কৰিছিলোঁ। বিশ্বাস কৰিছিলোঁ সাহসী সকলক ভাগ্যই লগ দিবই।”

খাদ্য সদায়েই বিজয়ৰ জীৱনৰ অভিন্ন অংগ আছিল। বিজয় ডাঙৰ দীঘল হৈছিল এটা যৌথ পৰিয়ালত। সৰুতে মাকক ৰন্ধন প্ৰকৰণত সহায় কৰি দিওতেই বিজয়ে উপলব্ধি কৰিছিল ৰন্ধনৰ প্ৰতি নিজৰ ৰুচিৰ বিষয়ে। ক’ব পাৰি ৰন্ধাৰ ক্ষেত্ৰত বিজয়ৰ মাকেই আছিল তেওঁৰ প্ৰেৰণা, আদৰ্শ। আজিও বিজয়ে স্বীকাৰ কৰে- “মই মাৰ পৰাই বহুত শিকিলো। মই আজি যি শিকিছো সেয়া সকলো মাৰ বাবেই সম্ভব হৈছে।” ৰন্ধাটো বিজয়ৰ বাবে বিনোদনতকৈও যেন বেছি কিবা এটা আছিল। এই ৰাপটোৰ বাবেই পিছলৈ তেওঁ গাৰ্হস্থ্য বিজ্ঞানত স্নাতক ডিগ্ৰীও ল’লে।

বিজয়ৰ পৰিয়ালটোৰ মছলা প্ৰস্তুত তথা বিক্ৰীৰ ৭৫ বছৰীয়া পুৰণি ব্যৱসায়। সেয়ে বিজয়ে কেঁচা মছলা কেনেদৰে বিক্ৰীৰ উপযোগীকৈ প্ৰস্তুত কৰি তুলিব লাগে ভালদৰেই জানে। ঘৰৰ এই ব্যৱসায়ীক ভেটীটোৱে বিজয়ৰ বাবে স্বাদ তথা ক’ত কি মছলা মিহলালে খাবলৈ কেনে হ’ব বুজাত ভালকৈয়ে সহায় কৰিছিল।

জীৱন তথা নিজৰ পদক্ষেপবোৰৰ প্ৰতি বিজয়ৰ দৃষ্টিভঙ্গী যথেষ্ট উড্ডীপক । জীৱনৰ অভিজ্ঞতা আৰু পূৰ্ণ বয়স্ক অৱস্থাত পোৱা সফলতাই হয়তো ইয়াৰ কাৰণ। পূৰ্ণ বয়স্ক অৱস্থাত কাম আৰম্ভ কৰাৰ বিষয়ে বিজয়ৰ ভাষ্য - “আৰম্ভণিৰ পৰাই কামটো মোৰ বাবে প্ৰেৰণাদায়ক আছিল। কিন্তু এটা কথা ক’বই লাগিব, ব্যৱসায়টো সফলতাৰে মূৰ ডাঙি উঠিবলৈ যথেষ্ট সময় লাগিছিল। মই সদায় বিশ্বাস কৰিছিলো, তোমাৰ কামত কোনোবাই নেতিবাচক মন্তব্য দিলেই তোমাৰ প্ৰতি তেওঁৰ বেয়া ভাব নাথাকিবও পাৰে। কাৰণ তেওঁলোকে সদায় সীমাবদ্ধতাৰ মাজতে পৃথিৱীখন দেখিছে, সেই বাবে তোমাকো তেনেদৰেই ভবাটোৱেই স্বাভাবিক।এতিয়া তোমাৰ কথা তুমি কীৰ কথা শুনা । নিজৰ হৃদয়ৰ নে আনৰ ?”

বিজয়ে ভাবে এনে সমালোচনাৰ আটাইতকৈ ভাল দিশটো হ’ল, তুমি গম পাবা যে তোমাৰ কামটো আনৰ চকুত পৰিছে।মানে তুমি সঠিক পথত আগবাঢ়িছা।

বিজয়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আহিছিল তেতিয়া যেতিয়া তেওঁ পঢ়ুৱৈসকলক তেওঁলোকৰ পচণ্ডৰ ৰেচিপিৰ বিষয়ে জনাবলৈ কৈছিল। তালিকাখন এনেকুৱাই দীঘলীয়া আছিল যে গ্ৰাহকৰ চাহিদা পুৰণ কৰিবৰ বাবে বিজয়ে দিনে কমেও চাৰিবিধকৈ খাদ্য প্ৰস্তুত কৰিবলগীয়াত পৰিছিল। “এয়া মোৰ বাবে আছিল ডাঙৰ প্ৰত্যাহ্বান। কিন্তু মই এই প্ৰত্যাহ্বান উপভোগ কৰিছিলো।”- বিজয়ৰ ভাষ্য।

কেতিয়াবা যদি বিজয়ে কাৰোবাৰ সহায় লৈছিলেও কিন্তু যেতিয়াই “জায়কা কা তড়কা” ব্ৰেণ্ডটোৰ কথা আহি পৰিছিল, বিজয়ে কটা কূটাৰ পৰা ৰন্ধা আনকি ফ’টো তোলালৈকে সকলো নিজেই চম্ভালি লৈছিল। প্ৰযুক্তিগত সহায় আগবঢ়াইছিল বিজয়ৰ অৱসৰপ্ৰাপ্ত স্বামীয়ে।

আমাৰ আগৰ প্ৰজন্মটোৱে প্ৰযুক্তিবিদ্যাৰ সা-সুবিধাবোৰ পোৱা নাছিল। আজিৰ প্ৰজন্মৰ মহিলাই প্ৰযুক্তিবিদ্যাৰ সা-সুবিধাৰে কৰিব পৰা কাম সম্ভাৱনা সীমাহীন। বিজয়ে পৰিয়ালৰ সহায় সহযোগত কিছুসময়ৰ প্ৰয়োজন হ’লেও প্ৰযুক্তিবিদ্যাৰ সুবিধাবোৰ বুটলি ল’বলৈ সক্ষম হ’ল।

“সময়ৰ সৈতে সলনি হোৱাটো ভাল, আৰু মই তাকে কৰিলো। আমাৰ প্ৰজন্মৰ সকলোৱে এই পৰিবৰ্তন অনাটো প্ৰয়োজনীয়।বৰ্তমান মহিলাসকলৰ বাবে প্ৰযুক্তিবিদ্যাহ’ল সঠিক সময়ত অহা এক উপহাৰ। ভাৰতীয় মহিলাসকল এতিয়া ঘৰৰ চাৰিবেৰৰ পৰা বাহিৰলৈ ওলাই আহিছে, একেতা সময়তে ঘৰখনৰ প্ৰতি থকা দায়বদ্ধতাৰ কথাও চিন্তা কৰে। চেষ্টাও কৰে কাম আৰু ঘৰৰ নীতি নিয়ম তথা কামৰ মাজত সমতা ৰক্ষা কৰিবলৈ। তেওঁলোক আজিৰ যুগৰ বাবে সেইকাম নকৰে,কৰে কাৰণ তেওঁলোকে এনে কাম কৰিব বিচাৰে। তেওঁলোকৰ মনলৈ সদায় নতুন নতুন ধাৰণা মনলৈ আহে, কিন্তু হাতে কামে কৰা নহয়গৈ। আজিৰ প্ৰযুক্তিবিদ্যাৰ সা-সুবিধাৰে হাতে কামে কৰাৰ সুযোগ আহি পৰিছে।এইটো এটা ডাঙৰ সুবিধা। ময়ো কেতিয়াবা ভাবোঁ, এনে সুবিধা আগতেই পোৱাহ’লে জীৱনত হয়তো আৰু আগবাঢ়ি গ’লো হেতেন। সি যি কি নহওক একেবাৰে নোহোৱাতকৈ দেৰিকৈয়ে অহাও ভাল।”

বিজয়ৰ মতে তেওঁ আজি যি কৰিছে সেয়া নকৰা হ’লে এদিন অনুসুচনা হ’লহেতেন। বিজয়ে পোৱা সহযোগিতা আৰু ইতিবাচক সঁহাৰিয়ে তেওঁক সদায়ে উদ্বুদ্ধ কৰি আহিছে। একেটা সময়তে নিজকে সলনি কৰিবলৈ, আত্মসমালোচনা কৰিবলৈ, ভুলবোৰ বাছি উলিয়াই শুদ্ধ কৰিবলৈ, একে ভুলকে বাৰে বাৰে নকৰিবলৈ নেতিবাচক সমালোচনাও সমানেই প্ৰয়োজনীয়।

এয়া বিজয়ৰ আৰম্ভণি মা্ত্ৰ। ভবিষ্যতৰ সম্ভাৱনাৰ মাত্ৰ এটা নমুনা। তাৰ প্ৰমাণ বিজয়ে নিজ মুখেই দিছে-“অতি সোনকালেই আমি আমাৰ ৱেবচাইট আৰম্ভ কৰিম। তেতিয়া আমাৰ সন্মুখত আৰু বহু বিকল্প আহি পৰিব, যেনে- এখন ৰেস্তোঁৰা খোলা,খাদ্যৰসিক সকলৰ বাবে এটা মোবাইল এপ মুকলি কৰা, ঘৰতে খাদ্য প্ৰস্তুত কৰিব পৰাকৈ খাদ্য প্ৰস্তুতৰ বিষয়ে সৰু সৰু ই-বুক প্ৰস্তুত কৰা। কোৱা হয় কঠোৰ পৰিশ্ৰম কৰা সকলৰ বাবে লক্ষ্য নিৰ্ধাৰিত হৈ থাকে, আৰু জীৱনে সোণালী ভৱিষ্যতৰ বাবে নিজেই পথ বিছাৰি লয়। মই মোৰ নিচা পৰিপূৰ্ণ কৰিবৰ বাবেই এবাৰত এটা কথা চিন্তা কৰি কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছোঁ ।”