শিশুৰ চমৎকাৰিতাই মুহিলে ‘শোধযাত্ৰা’ৰ যাত্ৰীসকলক

শিশুৰ চমৎকাৰিতাই মুহিলে ‘শোধযাত্ৰা’ৰ যাত্ৰীসকলক

Sunday February 14, 2016,

3 min Read

নিতৌ শ্ৰমিক জীৱনৰ সৰু-ডাঙৰ সমস্যাবোৰৰ সমাধান কেৱল মাথোঁ ডাঙৰ ডাঙৰ সংস্থাবোৰৰ হাততে আছে বুলি ভৱাৰ ভুলটো নকৰিব।কিয়নো দিনৰ দিনটো খেতিত লাগি থকা কৃষক, সাধাৰণ শ্ৰমিক আৰু আনকি সৰু সৰু ল’ৰা-ছোৱালীয়ে পাৰস্পৰিক জ্ঞান আৰু বুজাপৰাৰ জৰিয়তে প্ৰায়েই এনেকুৱা কিছুমান বস্তু আৱিস্কাৰ কৰি পেলায়,যাৰ কোনো ব্যাৱসায়িক ৰূপ বজাৰত বিচাৰি পাবলৈ নাই।

ভাৰতৰ বহু ভিতৰুৱা গাঁৱত এনেধৰণৰ পাৰস্পৰিক জ্ঞানক একগোট কৰিবলৈ আৰু গাঁওবাসীৰ সৃষ্টিশীলতাৰ চমক পাবলৈ সৃষ্টিঃ চ’ছাইটি ফৰ্ ৰিচাৰ্ছ এণ্ড ইনিচিয়েটিভচ ফৰ চাছটেইনেবল্ টেকনলজিছ এণ্ড ইষ্টিটিউশ্যনছৰ দ্বাৰা আন বহুতো সংস্থাৰ সহযোগিতাত বছৰি দুবাৰকৈ পতা হয়-‘শোধযাত্ৰা’।

image


চলিত বছৰত ৩৬ সংখ্যক শোধযাত্ৰা অৰুণাচল প্ৰদেশৰ নামনিৰ সোৱণশিৰি জিলাত অনুষ্ঠিত হয়।আই,আই,এম,-আহমেদাবাদৰ অধ্যাপক তথা সৃষ্টিৰ সংযোজক ডঃ অনিল কে. গুপ্তাৰ নেতৃত্বত হোৱা এই শোধযাত্ৰা জিৰোৰ পৰা আৰম্ভ হৈ য়েতাপত সমাপ্ত হয়।এই যাত্ৰাত যাত্ৰীসকলে ২৩ খন গাঁও আৰু ১৮ খন বিদ্যালয় সামৰি লয়।

আহমেদাবাদৰ পৰা প্ৰকাশিত এক বাতৰিত এই কথা কোৱা হৈছে যে, উক্ত যাত্ৰাকালত গাঁওবাসীৰ সৈতে মত-বিনিময় কৰোতে গাঁৱৰ ল’ৰা-ছোৱালীবোৰে সকলোতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিলে।বয়সত সৰু হ’লেও শিশুবোৰ তেওঁলোকৰ ওচৰ-পাজৰৰ সমস্যাবোৰৰ প্ৰতি অতিশয় সংবেদনশীল।এওঁলোকৰ ভিতৰৰে ষষ্ঠ শ্ৰেণীত পঢ়া দুটি শিশু ডোৰা জেমচ্ আৰু তানিয়া তেৰিংগে কয় যে,পাহাৰীয়া এলেকাত ৰোগীক কান্ধত কৰি ওখ ঠাইৰ মাজেৰে নিয়াতো সমস্যা।সেয়েহে তেওঁলোকে চকাযুক্ত ষ্টেণ্ডৰ পোষকতা কৰে।


image


ল’ৰা-ছোৱালীবিলাকৰ সৃজনাত্মক চিন্তাবোৰলৈ লক্ষ্য কৰি তেওঁলোকক এটা চকাযুক্ত চাইকেল দেখুওৱাত তেতিয়া তেওঁলোকে ইয়াৰ শুধৰণি ঘটাব পৰাকৈ বিভিন্ন উপায় দিলে।তেওঁলোকে ঠাই বিশেষে দুৰ্গম অৱস্থালৈ লক্ষ্য কৰি এটা চকাৰ পৰিৱৰ্তে দুটা চকা লগাবলৈ, ব্ৰেক লগাবলৈ আদি কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শও দিলে।সেই দিনকেইটাত ল’ৰা-ছোৱালীবোৰক সিহঁতৰ নিজা কৌশল খটুৱাই কাম কৰিবৰ বাবে ২০০০ টকাৰ সাহায্যও সংস্থাৰ তৰফৰ পৰা প্ৰদান কৰা হ’ল।সৃষ্টিয়ে জনোৱা মতে, এই সৃজনীশীল মনৰ ল’ৰা-ছোৱালীবোৰক অহা মাহত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া নৱোন্মেষ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব পাৰে।

কঠিন পৰিস্থিতি আৰু ইয়াৰ সংশোধনৰ অভাৱে নৱপ্ৰজন্মৰ মনলৈ কিদৰে নতুন চিন্তাৰ উন্মেষ ঘটাইছে, সেয়া জানিবৰ বাবেই কৰা এই যাত্ৰাৰ সময়ছোৱাত বিভিন্ন ঠাইত ৰৈ মানুহবোৰৰ নতুন চিন্তাবোৰ লক্ষ্য কৰি তাক বুজাৰ প্ৰয়াস কৰা হয়।গাঁওবোৰৰ মানুহৰ কামত আহিব পৰাকৈ বিভিন্ন প্ৰযুক্তিৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱা হয়, যিবিলাক দেশৰ আন আন গাঁৱত ইতিমধ্যে বিকশিত কৰা হৈছে।এই তথ্য হনী বি নেটৱৰ্কৰ তথ্যকোষত জমা আছে।তদুপৰি যাত্ৰাকালত নানা ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিও স্থানীয় প্ৰতিভা আৰু সৃজনশীলতাক তুলি ধৰিব পৰাকৈ একোখন মঞ্চও দিয়া হয়।


image


বাতৰিটোত সেই ঠাইবিলাকৰ বিদ্যালয়লৈ পৰিৱৰ্তন অনাৰ বাবে আহ্বান জনোৱা হয়, লগতে ঠাইবিলাকৰ কিছুমান আকৰ্ষণীয় ক্ষেত্ৰৰ বিষয়েও আলোকপাত কৰা হয়।ঠাইবিলাকৰ এক উল্লেখনীয় দিশ হ’ল-যাত্ৰাকালত কোনো যাত্ৰীৰে সেই ঠাইসমূহত এটাও অপুষ্টিত ভোগা শিশু দৃষ্টিগোচৰ নহ’ল।ইয়াৰ উপৰি জৈৱ বিচিত্ৰতা সংৰক্ষণ কেন্দ্ৰসমূহৰ সক্ৰিয়তায়ো যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিলে।ক্ষেত্ৰ বিশেষে কৰা সমূহীয়া সংৰক্ষণৰ প্ৰয়াসকো প্ৰশংসা কৰা হয়।

দেশৰ ৰাজধানীৰ পৰা বহু দূৰ-দূৰণিত থকা এনেধৰণৰ পাৰস্পৰিক জ্ঞান আৰু সৃজনশীলতাৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যে কৰা এই যাত্ৰাত অংশ লোৱা ৬৫ গৰাকী যাত্ৰীৰ মাজত কৃষক,নৱোন্মেষক, শিক্ষক,সাংবাদিক আৰু আন আন লোক আছিল।

মূলঃ হিন্দী

অনুবাদঃ লীনা শইকীয়া


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

ধনেশ পক্ষী সংৰক্ষণেৰে এখন গাঁৱৰ ৰাইজে দেখুৱাইছে পৰিবেশ সংৰক্ষণৰ নিদৰ্শন

জৈৱিক পদ্ধতিৰে ধান উৎপাদনৰ বিশ্ব অভিলেখ গঢ়িলে বিহাৰৰ কৃষকে