কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ ছিকিমৰ স্কুলীয়া শিক্ষাৰ্থীৰ দলৰ

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ ছিকিমৰ স্কুলীয়া শিক্ষাৰ্থীৰ দলৰ

Friday January 27, 2017,

2 min Read

ছিকিমৰ স্কুলীয়া শিক্ষাৰ্থীৰ এটা দলে অলপতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। শিক্ষামুলক ভ্ৰমণৰ উদ্দেশ্যে যোৱা ৩২ জনীয়া দলটোত ১৭ গৰাকী ছাত্ৰী, ১২জন ছাত্ৰ আৰু ৩গৰাকী শিক্ষক আছে। এওঁলোক উত্তৰ ছিকিমৰ লানচেন চৰকাৰী উচ্চ মাধ্যমিক আৰু চুংথান টাচা টেংগে চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় অষ্টম আৰু নৱম মান শ্ৰেণীত অধ্যয়নৰত। ১৩ৰ পৰা ২৪ জানুৱাৰীলৈ ১২ দিনীয়া এই ভ্ৰমণসূচী ভাৰত-তীব্বত সীমান্ত আৰক্ষীৰ একাদশ বেটেলিয়নৰ অসামৰিক কাৰ্যসূচীৰ অধীনত লোৱা হৈছে।

এই দলটোৱে দেশৰ ৰাজধানী চহৰৰ বিভিন্ন ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ স্থান ভ্ৰমণ কৰে। শিক্ষাৰ্থীসকলে দিল্লীত সংসদ ভৱন, ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যাদুঘৰ আৰু কুটুব মিনাৰো দৰ্শন কৰে।

image


এই উপলক্ষে মন্ত্ৰী কিৰেণ ৰিজিজুৱে আইটিডিপিৰ এনে ভ্ৰমণসূচীৰ লগতে ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ ৰাজধানী চহৰ দিল্লী ভ্ৰমণৰ বাবে লোৱা পদক্ষেপৰ শলাগ লয়। তেওঁ কয় যে শিক্ষাৰ্থীসকলে দেশৰ বিভিন্ন দিশৰ ব্যৱহাৰিক জ্ঞান অৰ্জনৰ বাবে এনেধৰণৰ ভ্ৰমণ অতি প্ৰয়োজনীয়।

শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপত কিৰেণ ৰিজিজুৱে কয় যে এয়া বহু শিক্ষাৰ্থীৰ বাবে ছিকিমৰ বাহিৰৰ প্ৰথমটো ভ্ৰমণ। তেওঁ শিক্ষাৰ্থীসকলক তেওঁলোকৰ অভিজ্ঞতাবোৰ বন্ধু-বান্ধৱীৰ তথা আত্মীয়ৰ সৈতে ভাগ-বতৰা কৰিবলৈ কয়। তেওঁ শিক্ষাৰ্থীসকলৰ সুন্দৰ শৈক্ষিক ভৱিষ্যত গঢ়ি তোলাৰ বাবে উৎসাহ যোগায়।

এই উপলক্ষে আইটিডিপিৰ সঞ্চালকপ্ৰধান কৃষ্ণা চৌধুৰীৰ লগতে একাংশ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উত্তৰ পূবৰ বিভিন্ন ষ্টাৰ্টআপৰ যোগদানেৰে আপষ্টাৰ্ট -২০১৭ৰ সফল সামৰণি

আই আই টি গুৱাহাটীত তিনিদিনীয়াকৈ উদগম-১৭

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

এসময়ৰ মাওবাদী অধ্যুষিত অঞ্চলত এতিয়া চাৰিওফালে কেৱল ফুলৰ বাগিছা