দৃষ্টিহীনজনক দেশ বিদশৰ খবৰৰ যোগান ধৰা বাতৰি কাকত ‘স্পৰ্শজ্ঞান’

দৃষ্টিহীনজনক দেশ বিদশৰ খবৰৰ যোগান ধৰা বাতৰি কাকত ‘স্পৰ্শজ্ঞান’

Saturday January 02, 2016,

5 min Read

পুৱাৰ চাহ কাপৰ সৈতে বাতৰি কাকক খন হাতত লোৱাৰ আমেজেই সুকীয়া। কিন্তু আমাৰ দেশত এনে বহু লোক আছে, যি সকলে এনে আমেজৰ কথা চিন্তাই কৰিব নোৱাৰে। কোৱা হৈছে দৃষ্টিহীন লোক সকলৰ কথা। এওঁলোকে বাতৰি কাকত পঢ়াৰ দৰে প্ৰত্যক্ষ ভাবে দেশৰ খা-খবৰ, বা- বাতৰি জনাৰ উপায় নাই। উপায় নাই নিজৰ সুবিধা অসুবিধাৰ কথা বাতৰি কাকতৰ যোগেদি সমাজ বা চৰকাৰক জনোৱাৰ। এই সকল লোকৰ কথা চিন্তা কৰিয়েই মুম্বাইৰ স্বাগত থৌৰাত নামৰ এজন লোকে এনে কাম কৰি দেখুৱালে, যিটো আন বহুতৰে বাবে কল্পনাৰো অগোচৰ। স্বাগত থৌৰাত এতিয়া দৃষ্টিহীন লোকৰ বাবে বাতৰি কাকত উলিওৱা দেশৰ প্ৰথমজন ব্যক্তি হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত। ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহৰে পৰাই দৃষ্টিহীন লোকৰ বাবে বাতৰি কাকত ‘স্পৰ্শজ্ঞান’ প্ৰকাশ কৰি আহিছে স্বাগত থৌৰাতে।

image


স্বাগত থৌৰাত পেছাত এগৰাকী সাংবাদিক আৰু থিয়েটাৰ পৰিচালক। তেওঁ নিয়মিত ভাবে দুৰদৰ্শন আৰু অন্যান্য অনুষ্ঠানৰ বাবে তথ্যচিত্ৰ নিৰ্মাণ কৰে। সেই অনুসৰিয়েই এবাৰ দুৰদৰ্শনৰ ‘বালচিত্ৰবানী’ অনুষ্ঠানটোৰ বাবে দৃষ্টিহীন লোক সকলক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ সুবিধা লাভ কৰিছিল স্বাগত থৌৰাতে। তথ্যচিত্ৰ খনৰ চিত্ৰনাট্যও নিজেই লিখি উলিয়াইছিল স্বাগতে। তথ্যচিত্ৰ খনত দৃষ্টিহীন লোক সকলক শিক্ষাৰ বাবে বিভিন্ন উপায়ৰ কথা বৰ্ণনা কৰা হৈছিল। সেই সময়ত দৃষ্টিহীন লোক সকলৰ মাজত থাকি কাম কৰিছিল স্বাগতে। তথ্যচিত্ৰ খনৰ পাছত স্বাগতে ‘স্বতন্ত্ৰযাচী যশোগাথা’ নামৰ এখন মাৰাঠী নাটক পৰিচালনা কৰে। নাটক খনত পুনেৰ দুখন বিদ্যালয়ৰ ৮৮ জন দৃষ্টিহীন লোকে ভাল লৈছিল। দেশৰ স্বাধীনতাৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত মঞ্চস্থ হোৱা নাটকখনে যথেষ্ট চৰ্চা লাভ কৰাৰ লগতে ‘গীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ আৰু ‘লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’তো স্থান লাভ কৰিলে।

image


“এই নাটক খন মঞ্চস্থ কৰিবৰ বাবে দৃষ্টিহীন ল’ৰা ছোৱালীহঁতৰ সৈতে যাত্ৰা কৰি ফুৰোঁতে মই দেখিছিলো তেওঁলোকে পৰস্পৰৰ মাজত দেশ দুনীয়াৰ কথা আলোচনা কৰি গৈছে। কিন্তু পূৰ্বতে তেওঁলোকে ক’ৰবাত পঢ়া বা শুনা কথাবোৰহে আলোচনা কৰিব পাৰিছে। তেতিয়া মই উপলব্ধি কৰিলো তেওঁলোক অধিক জানিবৰ বাবে ইচ্ছুক আৰু সেয়া তেওঁলোকৰ বাবে প্ৰয়োজনীয়ও।”- স্বাগত থৌৰাত ক’লে এনেদৰে।

১৫ বছৰৰ পূৰ্বে ব্ৰেইলী লিপিত বজাৰত খুউব কম কিতাপহে উপলব্ধ হৈছিল। কিন্তু সেই সময়তে এবাৰ দেৱালীৰ উপলক্ষে স্বাগতে মাৰাঠী সাহিত্য সংস্কৃতিৰ অংশ স্বৰূপে ‘স্পৰ্শগন্ধ’ নামেৰে ব্ৰেইলী লিপিত এখন বিশেষ পৰিপুৰিকা উলিয়ালে। পৰিপুৰিকা খনে যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে দৃষ্টিহীন লোক সকলৰ বাবেযে কৰিবলগীয়া আৰু বহু খিনি আছে সেই বিষয়ে চৰ্চা লাভ কৰিলে। স্বাগতে কয়-“আমাৰ সমাজৰ লোক সকলে এতিয়াও দৃষ্টিহীন লোকসকলৰ বাবে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ বাহিৰেও যে আন বহু কিবাকিৰ প্ৰয়োজন সেয়া মানি লবলৈয়ে টান পায়। বৰ্তমান কিছু পৰিবৰ্তন আহিছে যদিও যিমান হ’ব লাগিছিল সিমান হোৱা নাই।”

image


দৃষ্টিহীন লোকসকলক প্ৰসংশা কৰি তেওঁলোকৰ দৃষ্টিকোণেৰে চাই স্বাগতে পণ ল’লে যে নিজে এই দৃষ্টিহীন লোক সকলৰ বাবে কাম কৰিব আৰু এনে মানুহ বিচাৰি উলিয়াব যি এইক্ষেত্ৰত তেওঁক সহায় পাৰে। এই বাতৰি কাকত খনৰ বাবে স্বাগতে নিজৰ পুঁজিৰ পৰা ৪ লাখ টকা খৰচ কৰিলে আৰু কিছু সাহাৰ্য পালে বন্ধু বান্ধৱৰ পৰা। স্বাগতে এটা ব্ৰেইলী মেচিন কিনাৰ লগতে মুম্বাইত এটা কাৰ্যালয়ো ভাৰালৈ ল’লে। ২০০৮ চনৰ ১৫ ফেব্ৰুৱাৰীত ‘স্পৰ্শজ্ঞান’ৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ পালে। মাৰাঠী ভাষাত প্ৰকাশিত স্পৰ্শজ্ঞানৰ আৰম্ভণি ১০০ কপিৰে হৈছিল। পৰবৰ্তী সময়ত এই সংখ্যা ক্ৰমে বৃদ্ধি পাই গৈ থাকিল।

image


বৰ্তমান ‘স্পৰ্শজ্ঞান’ মহাৰাষ্ট্ৰৰ ৩১ খন জিলাত থকা অন্ধ বিদ্যালয় আৰু দৃষ্টিহীন লোক সকলৰ বিকাশৰ সৈতে জড়িত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন সমূহক বিনামূলীয়াকৈ যোগান ধৰা হয়। বাতৰি কাকত খনৰ বৰ্তমান পাঠকৰ সংখ্যা প্ৰায় ২৭ হাজাৰ বুলি অনুমান কৰা হৈছে। স্বাগতে কোৱা মতে যোৱা চাৰে তিনিবছৰ ধৰি বাতৰি কাকত খনৰ নিয়মীয়া গ্ৰাহকৰ মাচুল ৯৬০ টকা আছিল। এই বছৰ সেই পৰিমাণ বৃদ্ধি কৰি ১২০০ টকা কৰা হৈছে। ইয়াৰ অন্তৰালত আছে সকলো সামগ্ৰীৰে হোৱা মুল্যবৃদ্ধি। স্বাগতৰ বন্ধুবৰ্গৰ বহুতেই বাতৰি কাকত খনৰ নিয়মীয়া গ্ৰাহক। তেনেদৰেহে কাকত খনৰ বাবে প্ৰয়োজনীয় কাগজৰ খৰচ ওলায়। অন্যান্য প্ৰশাসনীয় খা- খৰচ সমূহ স্বাগতে নিজৰ পুঁজিৰ পৰাই কৰে। এই সন্দৰ্ভত স্বাগতে কয়- “মই এই কামটোৰ বাবে কোনো প্ৰকাশক বিচাৰি উলিওৱাটো শুদ্ধ সিদ্ধান্ত হ’ব বুলি নাভাবোঁ, মই নিজৰ পুঁজি খটুৱায়েই কামটো কৰি যাম।”

বৰ্তমান বাতৰি কাকত খনৰ সম্পাদনাৰ সৈতে জড়িত তিনিজন লোক। প্ৰিন্টিং, চাৰ্কুলেশ্বন আৰু বিজ্ঞাপনৰ কাম- কাজ বোৰ চায় আন তিনিজন লোকে। ইয়াৰ উপৰিও বাতৰি কাকত খনৰ সৈতে জড়িত লেখক, সাংবাদিকৰ এটা চক্ৰ। যি সকলে বিনামূলীয়াকৈ লেখা দি যায় বাতৰি কাকত খনৰ বাবে।“ প্ৰথমে আমি বাতৰি কাকত খন পঢ়ুৱৈৰ মাজলৈ উলিয়াই দিওঁতে, সাধাৰণ লোকৰ পৰা হতাশাজনক প্ৰতিক্ৰিয়াহে পাইছিলো। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগী সলনি হ’ল আৰু সকলোৱা দৃষ্টিহীন জনৰ বাবেও উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পাৰিলে।”- আৰম্ভণিৰ দিন বোৰৰ কথা এনেদৰে মনত পেলালে স্বাগতে। এনেদৰেই মোল বুজা লোকৰ সংখ্যা বৃদ্ধি হৈ আজি বহু লোকৰ সমৰ্থন আছে স্বাগতৰ সৈতে। এতিয়া স্বাগতৰ ইচ্ছা প্ৰাদেশিক হিচাপে প্ৰকাশ পাই থকা বাতৰি কাকত খন ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰা যাতে ইয়াৰ দ্বাৰা অধিক সংখ্যক দৃষ্টিহীন লোক উপকৃত হ’ব পাৰে। কিন্তু ইয়াৰ বাবে প্ৰয়োজন অধিক মেচিন তথা পুঁজিৰ।

image


স্পৰ্শজ্ঞান বাতৰি কাকত খনত মূলত সামাজিক বিষয়, আন্তৰাষ্ট্ৰীয় খবৰ, প্ৰেৰণা যোগোৱা জীৱনীৰ লগতে শিক্ষা আৰু বিভিন্ন কেৰিয়াৰ সৈতে জড়িত বিকল্পৰ বিষয়ে প্ৰকাশ কৰা হয়। ইয়াৰ উপৰিও স্বাস্থ্য, ৰাজনীতি, সংগীত, চিনেমা, থিয়েটাৰ, সাহিত্য আৰু খাদ্য সম্পৰ্কতো লেখা প্ৰকাশ হয়। ইয়াৰ বিপৰীতে অপৰাধ আৰু ক্ৰিকেটৰ খবৰ প্ৰকাশ কৰা নহয় বাতৰি কাকত খনত। ইয়াৰ অন্তৰালত স্বাগতৰ যুক্তি-“মোৰ চিন্তাধাৰা স্পষ্ট। আমি পাঠকক বৰ্তমান সমাজৰ বিষয়বোৰ সন্দৰ্ভত পৰিচিত কৰিব বিচৰোঁ। দৃষ্টিহীন লোক সকলক নেতিবাচক ভাবে প্ৰভাবিত কৰিব পৰা বিষয় সমূহৰ ওপৰত চৰ্চা হোৱাটো নিবিচাৰোঁ। আমি পুৱা বাতৰি কাকত খন হাতত লৈ যিবোৰ বাতৰি পঢ়িব বিচৰোঁ তেনে বাতৰিহে প্ৰকাশ কৰা হয় ‘স্পৰ্শজ্ঞান’ত।” স্বাগতে বিচাৰে প্ৰতিখন গাৱঁৰ পুঠিভৰালত একোটাকৈ ব্ৰেইলী শাখা হওক। কোনো দৃষ্টিহীন লোকে প্ৰকাশ কৰক দৈনিক বাতৰি কাকত।

মূলঃ হৰিশ বিষ্ট

অনুবাদঃ মুকুন্দ মাধৱ নেওগ