দহ টকাত ব্ৰেণ্ডিঙৰ পাঠ

দহ টকাত ব্ৰেণ্ডিঙৰ পাঠ

Tuesday February 23, 2016,

3 min Read

এটা চিনাকি শব্দ বতাহৰ লগত ভাঁহি আহে-পিম,পিম,পিম। আৰু আমি বুজি পাওঁ ৰমেশ আহি নিদিৰ্ষ্ট ঠাইত উপস্থিত হৈছে।লগে লগে ঠাইখিনি মানুহে জুম বান্ধি ধৰে।ৰমেশে খুব সুন্দৰকৈ প্লাষ্টিকৰ বাস্কেটত লৈ অহা গাখীৰ,চাহ পাত আৰু গৰম পানীৰ ফ্লাস্কবোৰ সযতনে উলিয়াই লয়।তাৰপাছত পৰিষ্কাৰকৈ ধুই অনা ভিন্ন ৰঙী কাপবোৰত যাৰ যেনে প্ৰয়োজন, তেনেধৰণেৰে সঠিক পৰিমান মিলাই যায়।

image


ব্যতিক্ৰমী ৰমেশ-ষ্টাইলেৰে গ্ৰাহকৰ হাতত তুলি দিয়া প্ৰত্যেকবিধ পানীয়ই তুলনাবিহীন।

যিসকলে বেছি কাঢ়া চাহ নাখায়,সেই সকলৰ চাহ কাপত ৰমেশে সঠিক পৰিমাণত গাখীৰ মিলাই দিয়ে।

লেমন টি খোৱাসকলৰ চাহ কাপ সতেজ পদিনাৰ গোন্ধে মলমলাই থাকে।

আৰু যিসকলে কফিত চেনি খায় কিন্তু বেছি মিঠা নাখায়,সেই সকলৰ বাবেও চেনিৰ সঠিক পৰিমাণ প্ৰয়োগ কৰে ৰমেশে।

এখন অভিজ্ঞ হাতেৰে ৰমেশে ফ্লাক্সটো এক সঠিক উচ্চতালৈ নিয়ে যাতে কাপটোৰ ওপৰ ভাগত এটা আকৰ্ষণীয় তৰপ তথা ফেনৰ সৃষ্টি হয়।এই সকলো খিনিৰ বিনিময়ত ৰমেশে প্ৰতিজন গ্ৰাহকৰ পৰা দহ টকাকৈ লয়।গ্ৰাহকৰ বৃহত্তৰ সন্তুষ্টি আগত ৰাখি ৰমেশে তেওঁৰ সৰু ব্যৱসায়টো চলাই আছে।ৰমেশৰ এই ব্যৱসায়িক সেৱাৰ পৰা আমিও কেইটামান কথা শিকিব পাৰোঁ-

গ্ৰাহকৰ প্ৰয়োজন বুজি পোৱা: প্ৰতিজন গ্ৰাহকক ৰমেশে মনত ৰাখে।তেওঁ বুজি পায় কোনজন গ্ৰাহকৰ টেষ্ট কেনেকুৱা আৰু প্ৰতিজন গ্ৰাহকক তেওঁৰ প্ৰয়োজন পূৰাবলৈ ৰমেশ সঠিক সময়ত সঠিক ঠাইত উপস্থিত হয়।

সম্পৰ্ক বৰ্তাই ৰখা: ৰমেশে প্ৰতিজন গ্ৰাহকৰ সৈতে এটা হৃদ্য সম্পৰ্ক গঢ়ি তোলে।কেতিয়াবা কোনোবাজন গ্ৰাহক উপস্থিত নাথাকিলে তেওঁ নহাৰ কাৰণ সোধে বাকী সকলক।একেসময়তে কাষৰীয়া এপাৰ্টমেন্ট সমূহৰ ছিকিউৰিটি গাৰ্ডৰ সৈতেও এক সুসম্পৰ্ক বৰ্তাই ৰাখে।তেওঁ প্ৰতিটো সম্পৰ্কৰ ভিন্নতা বুজি কাৰ লগত কেনেকৈ চলিব লাগে জানে।

সময়ৰ মূল্য: প্ৰতিটো ষ্টপেজত দহ মিনিটতকৈ সময় ব্যয় নকৰে ৰমেশে।কিয়নো তেওঁ সময়ৰ মূল্য বুজি পায়।তেওঁৰ প্ৰতিটো ফ্লাক্সৰ ৰঙ বেলেগ বেলেগ।সেয়ে ঢাকনি নোখোলাকৈ কোনটো ফ্লাক্সত কি আছে তেওঁ গম পায়।তেওঁৰ এই দক্ষতাৰ বাবে প্ৰতিটো ষ্টপেজত দহ মিনিটত প্ৰায় দুশ টকাকৈ আয় কৰিবলৈ সক্ষম হয়।

নিশ্চয়তা:কেতিয়াবা বৰষুণৰ বতৰত আমি একাপ গৰম কফি খাবলৈ আগ্ৰহ কৰোঁ।আমি ভাবোঁ যে ইমান বৰষুণত ৰমেশ অহা সম্ভৱ নহ'ব।কিন্তু আমাক আচৰিত কৰি আনদিনাৰ দৰেই সঠিক সময়ত তেওঁ আহি উপস্থিত হয়।

বিশ্বাসযোগ্যতা:আশে-পাশে থকা আনবোৰ চাহ দোকানীতকৈ আমি ৰমেশৰ চাহ খাবলৈ বেছি আগ্ৰহ কৰোঁ।কিয়নো প্ৰত্যাহিকতা ভংগ নকৰাকৈ সদায় সঠিক সময়ত আমি তেওঁক পাওঁ।কেতিয়াবা চাহ খোৱাৰ কোনো পৰিকল্পনা নাথাকিলেও ৰমেশৰ চাহ কাপ আমি নোখোৱাকৈ থাকিব নোৱাৰোঁ।

যদিও ৰমেশৰ কামটো দেখাত সহজ আৰু লাভদায়ক যেন লাগে,কিন্তু এই প্ৰক্ৰিয়াটো এটা ৰাতিতে সম্ভৱ হোৱা নাই।প্ৰতিদিনাই অলপ অলপকৈ যোগ হৈহে এটা সফল পৰিক্ৰমা হৈছে।ৰমেশৰ কামটোৱে আমাক দিয়া অনুপ্ৰেৰণাৰ বাবে আমি কৃতজ্ঞ।আৰু এই অনুপ্ৰেৰণা গৰম চাহৰ এটা কাপৰ পৰা অহাই নহয়,ৰমেশ আৰু তেওঁৰ কৰ্মৰে সৈতে এটা সফল অভিযানৰ ফলাফল এই অনুপ্ৰেৰণা।


মূল: ৰেশমা থমাচ

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

৫টকা প্ৰতি লিটাৰ পানীৰ ৱাটাৰ এটিএম: পি লক্ষ্মী ৰাওৰ মনোৰম কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ