কোটিপতিৰ তালিকাত ভাৰতৰ স্থান চতুর্থ, জনমূৰি আয়ৰ ক্ষেত্ৰত অন্তিম...

কোটিপতিৰ তালিকাত ভাৰতৰ স্থান চতুর্থ, জনমূৰি আয়ৰ ক্ষেত্ৰত অন্তিম...

Tuesday January 26, 2016,

2 min Read

এচিয়া আৰু প্ৰশান্ত মহাসাগৰৰ উপকণ্ঠ অঞ্চলৰ দেশসমূহৰ ধনৱন্ত ব্যক্তিৰ তালিকাত ভাৰতৰ স্থান চতুর্থ৷ শেহতীয়া এক প্ৰতিবেদনে কৈছে যে ভাৰতত সর্বমূঠ কোটিপতিৰ সংখ্যা ২.৩৬ লাখ৷ আনহাতে ১২.৬০ লাখ কোটিপতি লোকেৰে জাপানে এই তালিকাৰ শীর্ষস্থান দখল কৰিছে৷

‘নিউ র্ৱল্ড ৱেলথ’ৰ এচিয়া আৰু প্ৰশান্ত মহাসাগৰৰ উপকণ্ঠ অঞ্চলৰ দেশসমূহক সামৰি তৈয়াৰ কৰা ২০১৬ চনৰ সম্পদশালী ব্যক্তিসকল তালিকাত ভাৰতে এইদেশসমূহৰ শীর্ষ পাঁচৰ ভিতৰত স্থান লাভ কৰিছে৷ যিসকল ব্যক্তিৰ সম্পত্তিৰ পৰিমান ন্যুনতম ১০ লাখ ডলাৰ অর্থাৎ ৬.৭০ কোটি অথৱা তাৰ অধিক হয় সেইসকল ব্যক্তিকে এই তালিকাত উচ্চ বিত্তশালী ব্যক্তি বুলি গণ্য কৰাৰ লগতে তালিকাভূক্ত কৰা হৈছে৷

২০১৫ বর্ষৰ শেষলৈ জাপানত কোটিপতি ব্যক্তিৰ সংখ্যা ১২.৬০ লাখ বুলি এই তালিকাই কৈছে৷ সেইদৰে চীন ৬.৫৪ লাখ কোটিপতি ব্যক্তিৰে তালিকাৰ দ্বিতীয় স্থানত আৰু ২.৯০ লাখ জন কোটিপতিৰে অষ্ট্ৰেলিয়াই তালিকাৰ তৃতীয় স্থান দখল কৰিছে৷

image


এই তালিকাত ২.২৪ লাখেৰে চিঙ্গাপুৰে পঞ্চম, হংকঙে ২.১৫ লোকেৰে ষষ্ঠ, ১.২৫ লাখ লোকেৰে দক্ষিণ কোৰিয়াই সপ্তম, ৯৮,২০০ জন কোটিপতিৰে তাইৱানে অষ্টম, নিউজিলেণ্ডে ৮৯,০০০ লোকেৰে নৱম আৰু ৪৮,৫০০ জন কোটিপতিৰে দশম স্থান লাভ কৰিছে ইণ্ডোনেছিয়াই৷

আচৰিত কথাটো হ’ল যে ব্যক্তিগত সম্পত্তিৰ কোটিপতিৰ তালিকাত ভাৰত চতুর্থ স্থানত থাকিলেও জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰত আছে তালিকাৰ অন্তিমটো স্থানত৷ ভাৰতৰ সর্বমূঠ ব্যক্তিগত সম্পত্তিৰ পৰিমান হ’ল ৪,৩৬৫ শ কোটি ডলাৰ৷ সর্বমূঠ ব্যক্তিগত সম্পত্তিৰ পৰিমানৰ ক্ষেত্ৰত ১৭,২৫৪ শ কোটি ডলাৰেৰে চীনে এই তালিকাৰ শীর্ষ স্থান দখল কৰিছে৷

জনমূৰি আয়ৰ ক্ষেত্ৰত অন্তিম স্থানত থকা ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ বিপৰীতে জনমূৰি আয় হ’ল ৩,৫০০ ডলাৰ৷ আনহাতে ২,০৪,৪০০ ডলাৰ জনমূৰি আয়েৰে অষ্ট্ৰেলিয়াই এচিয়া আৰু প্ৰশান্ত মহাসাগৰৰ উপকণ্ঠ অঞ্চলৰ দেশসমূহৰ জনমূৰি আয়ৰ এই তালিকাৰ শীর্ষ স্থান দখল কৰিছে৷