ষ্টাৰ্টআপ আৰম্ভ কৰাৰ আগতে সকলো আইনী বিষয় স্পষ্ট কৰি লওক: শিৱ শ্ৰীনিৱাসন

ষ্টাৰ্টআপ আৰম্ভ কৰাৰ আগতে সকলো আইনী বিষয় স্পষ্ট কৰি লওক: শিৱ শ্ৰীনিৱাসন

Thursday April 06, 2017,

2 min Read

"এটা ষ্টাৰ্টআপ আৰম্ভ কৰাৰ ক্ষেত্ৰত চকু দিব লগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা কথা হৈছে, প্ৰথম- উপযুক্ত অংশীদাৰ নিৰ্বাচিত কৰা আৰু দ্বিতীয়- এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ লগত জড়িত থকা আইনী বিষয় সমূহ ভালকৈ বুজা । পুঁজিৰ যোগানৰ সমস্যাটো বহুত পিছতহে আহে ।" তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰৱন্ধন বিভাগে আয়োজন কৰা সম্পৰ্ক-২০১৭ অনুস্থানত অংশগ্ৰহণ কৰি দিৱাকৰ এণ্ড শ্ৰীনিৱাসন নামৰ ষ্টাৰ্টআপক আইনী সাহাৰ্য প্ৰদান কৰা প্ৰতিস্থানটোৰ সহ প্ৰতিস্থাপক শিৱ শ্ৰীনিৱাসনে এইদৰে কয় । তেওঁ কয় যে ব্যৱসায় এটাৰ প্ৰতি দায়িত্বশীল সঠিক অংশীদাৰ এজন নিৰ্বাচন কৰাটোৱেই আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ কাম । যদি ব্যৱসায়টোৰ প্ৰতি তেওঁৰ আগ্ৰহ আপোনাৰ সৈতে সমান নহয় তেনেহলে তেওঁক তাত জড়িত নকৰিব । অন্যথা ইয়ে ভৱিষ্যতে ব্যক্তিগত সংঘাটৰ সৃষ্টি কৰিব । আপোনাৰ অংশীদাৰ নিৰ্বাচনৰ সিদ্ধান্ত আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে ।

image


শ্ৰীনিৱাসনৰ মতে এটা ব্যৱসায় আৰম্ভ কৰাৰ সময়ত চাৰিটা কথাত গুৰুত্ব দিব লাগে । "প্ৰথমে- নিজৰ ব্যাৱসায়িক পৰিকল্পনাৰ কথা সঠিক ব্যক্তিৰ সৈতে পাতক যিসকলক আপুনি সংবেদনশীল তথ্য দিয়াটো নিৰাপদ বুলি ভাবে । দ্বিতীয়তে প্ৰাৰম্ভিক উদ্যোগী হিচাপে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ আৰু ইনকিউবেচনৰ সুবিধা লোৱা দৰকাৰ । আপোনাৰ দক্ষ কৰ্মচাৰীসকলক নিজৰ লগত ৰখাৰ চেষ্টা কৰক। চতুৰ্থতে আপোনাৰ আৰু আপোনাৰ অংশীদাৰসকলৰ সম্পৰ্ক সুস্থিৰ ৰাখিবলৈ সকলো কথা স্পষ্টভাৱে আইনসঙ্গত পদ্ধতিৰে লিখা পঢ়া কৰি লওক, বিশেষকৈ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে ।" শ্ৰীনিবাসনে কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

গুৱাহাটী আৰু শ্বিলঙত হ'ব পূব ভাৰতৰ বৃহত্তম প্ৰযুক্তি ষ্টাৰ্টআপ শ্ব'কেছ Thrive30ৰ প্ৰাৰম্ভিক বাচনি

সকলোৱে বুৰ্বক বুলি কোৱাৰ বাবেই নাম হ’ল-বাঞ্চ অৱ ফুলছ

উদ্যোগশীলতা হৈছে এটা যাত্ৰা যি আৰম্ভ হয় এটা ধাৰণাৰে: অৰৱিন্দ লামা, ট্ৰেভেলয়াৰী