স্বামী-স্ত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ-ভাৰতবৰ্ষৰ প্ৰথম আৰু একমাত্ৰ হ'ম ডিজাইন প্লেটফৰ্ম ৰিনোমেনিয়া

স্বামী-স্ত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ-ভাৰতবৰ্ষৰ প্ৰথম আৰু একমাত্ৰ হ'ম ডিজাইন প্লেটফৰ্ম ৰিনোমেনিয়া

Thursday February 11, 2016,

4 min Read

প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে মানুহৰ জীৱন প্ৰণালী সহজ হৈ আহিছে।বিলাসী জীৱন যাপনৰ প্ৰতি মানুহ আগ্ৰহী হৈ উঠিছে।খাদ্য,বস্ত্ৰ আৰু বাসস্থান এতিয়া মানুহৰ বাবে কেৱল প্ৰাথমিক প্ৰয়োজনেই নহয়, ইয়াৰ লগত বিলাসিতাৰ দিশটো জড়িত হৈ পৰিছে।ঘৰ এটা বনোৱাৰ আগতে সকলো ধৰণৰ সুবিধা আৰু সৌন্দৰ্যবৰ্দ্ধক হবলৈ মানুহে এই ক্ষেত্ৰত দক্ষ লোকৰ পৰামৰ্শ লয়।এই প্ৰয়োজনক ভিত্তি কৰি ইন্টেৰিয়ৰ ডিজাইনিঙ,আৰ্কিটেকচাৰ আদি বিভিন্ন অধ্যয়নৰ বিষয় বা অধ্যয়ন ক্ষেত্ৰ আৰম্ভ হৈছে।এই বিষয় সমূহক কেৰিয়াৰ হিচাপে লৈ বহু লোক স্বাৱলম্বী হৈছে।

দিল্লীৰ নৱনীত মালহোত্ৰা আৰু ৰিতু মালহোত্ৰা স্বামী-স্ত্ৰী যুটিয়ে বহু বছৰ ধৰি হ'ম ডেকৰেশ্যেনৰ ক্ষেত্ৰখনত কাম কৰি আহিছে।ছাব্বিশ বছৰ ধৰি এই ক্ষেত্ৰখনত জড়িত হৈ থাকি তেওঁলোকে বহু ক্লায়েন্টৰ মুখা মুখি হৈছিল যিসকলে তেওঁলোকৰ ঘৰৰ ইন্টেৰিঅ'ৰ ডেকৰেশ্যনৰ বিষয়ে সঠিক ধাৰণা বিচাৰি বিভিন্ন আলোচনী আৰু বেৱছাইটৰ পৰা ফটো লৈ আহে। স্বামী-স্ত্ৰীয়ে বুজি পাইছিল যে উৎকৃষ্ট ইন্টেৰিঅ'ৰ ডিজাইনৰ ক্ষেত্ৰত ভাৰতত মানুহে সমস্যাৰ সন্মুখীন হৈ আহিছে।এই সমস্যাৰ সমাধান হিচাপে ২০১৫ চনৰ ছেপ্তেম্বৰ মাহত জন্ম লাভ কৰিলে হ'ম ডেকৰৰ এক অনলাইন প্লেটফৰ্ম Renomania।

বিভিন্ন ডিজাইনৰ ঘৰৰ ছবি, প্ৰবন্ধ, শেহতীয়া ডিজাইন ট্ৰেণ্ড, বিভিন্ন বিষয়ত সাধাৰণ উপদেশৰে সমৃদ্ধ ৱেবছাইটটো চাৰিটা ভাগত বিভক্ত-ফটো, স্ক্ৰেপ বুক, প্ৰ' ফাইণ্ডাৰ আৰু ব্লগ।

image


ইয়াৰে প্ৰ' ফাইণ্ডাৰ বিভাগটো আৰ্কিটেক্ট, ইন্টেৰিঅৰ ডিজাইনাৰ, লেন্ডস্কেপ ডিজাইনাৰ, কন্ট্ৰেক্টৰ, ডেভেলপাৰ, হ'ম প্ৰডাক্ট ব্ৰেণ্ড, বিল্ডাৰ আদি সংযোজিত হৈছে।ইয়াৰোপৰি ৰিনোমানিয়াৰ ফটো বিভাগটো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ফটোগ্ৰাফাৰে দেশৰ বিভিন্ন প্ৰান্তৰ নিত্য নতুন আৰ্হিৰে সজোৱা ঘৰসমূহৰ ফটো সংগ্ৰহ কৰে।আঠ জন ইন-হাউছ ফটোগ্ৰাফাৰ আৰু ৬০০ ইন্টেৰিঅ'ৰ ডিজাইনাৰৰ সৈতে ষ্টাৰ্ট আপটো সম্প্ৰতি ৭০ হাজাৰ HD ফটোগ্ৰাফৰ কেটেলগৰে সমৃদ্ধ।

নৱনীতে মন্তব্য কৰে-'প্ৰফেছনেল সকলে প্ৰফাইলৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীল কৰ্ম সৰহ সংখ্যক দৰ্শকৰ ওচৰলৈ লৈ যাবলৈ ৰিনোমেনিয়া এখন সুন্দৰ প্লেটফৰ্ম।তেওঁলোকে স্বাধীন ভাৱে অনলাইনৰ জৰিয়তে এক শ্ৰেণীৰ দৰ্শকক আকৰ্ষিত কৰিব পাৰে।আমি এনে এক বৃহৎ গোট গঠন কৰিছো য'ত ঘৰৰ মালিক সকলে তেওঁলোকৰ কিচেনৰ বাবে উৎকৃষ্ট গ্ৰেণাইট, বেডৰুমৰ বাবে পেইন্ট আৰু বাথৰুমৰ বাবে উপযোগী টাইলচ আদি ব্যৱহাৰৰ পৰামৰ্শ লব পাৰে।'

ইয়াৰোপৰি প্ৰফেচনেল সকলে তেওঁলোকৰ প্ৰজেক্ট নিয়মীয়াকৈ আপলড কৰাৰ লগতে প্ৰজেক্টৰ ফলৱাৰ, ৰিভিউ,কমেন্ট ৰেটিঙ আদি চাব পাৰে।আৰু তেওঁলোকৰ প্ৰজেক্ট সমূহ ছছিয়েল নেটৱৰ্কিঙ ছাইট যেনে-টুইটাৰ,ফেচবুক, ইন্সটাগ্ৰাম আদিত শ্বেয়াৰ কৰিব পাৰে।

পেছাগত যাত্ৰা

ৰিনোমানিয়া আৰম্ভ কৰাৰ পূৰ্বে ৰিতু আৰু নৱনীতে ১৯৮৯ চনত AA Design Consultants Pvt. Ltd নামৰ দিল্লীস্থিত আৰ্কিটেকচাৰ আৰু ডিজাইন ফাৰ্ম প্ৰতিষ্ঠা কৰিছিল।ৰিতুৱে স্কুল অৱ প্লেনিঙ এণ্ড আৰ্কিটেকচাৰৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ লগতে নৱনীতেও একে প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লৈ আই.আই.টি.দিল্লীৰ পৰা কনস্ট্ৰাকশ্যন ইঞ্জিনিয়াৰিঙ এণ্ড মেনেজমেন্ট বিষয়ত এম.টেক ডিগ্ৰী লাভ কৰিছিল।

AA Design Consultants ৰ আন এজন প্ৰতিষ্ঠাতা ৰাহুল লধাই ৰিনোমেনিয়াত সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰিকৰী বিষয়া হিচাপে যোগদান কৰিছে।আই.আই.টি. খড়গপুৰৰ পৰা বি.টেক ডিগ্ৰী লোৱা ৰাহুল এই ক্ষেত্ৰখনত এঘাৰ বছৰ ধৰি জড়িত আছে।পূৰ্বতে ছেমছাঙ আৰু য়াহুৰ লগত তেওঁ জড়িত আছিল।

সহায়কাৰী ব্যৱস্থা

ৰিনোমেনিয়া আৰম্ভ কৰাৰ পূৰ্বে এই ধাৰণাটোৰ বিষয়ে ৰিতু আৰু নৱনীতে Homeshop18 ৰ প্ৰক্তন কাৰ্যবাহী সঞ্চালক সন্দীপ মালহোত্ৰাৰ সৈতে আলোচনা কৰোঁতে তেওঁৰ পৰা যথেষ্ট সহাঁৰি লাভ কৰিছিল।এই ক্ষেত্ৰত ৰিতুৱে মন্তব্য কৰে -'Homeshop18 আৰম্ভণী আৰু পৰিচালনাৰ অভিজ্ঞতাৰে তেওঁ আমাক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।'

ৱেব ভিজিটৰ

পাঁচ মাহ নহৌতেই ৰিনোমেনিয়াই তিনি লাখ বিভিন্ন ভিজিটৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰতি মাহে এই সংখ্যা পঁঞ্চাশ শতাংশকৈ বাঢ়ি আছে।২০১৬ ৰ এপ্ৰিল মাহলৈ কম্পেনিয়ে আধা মিলিয়ন ভিজিটৰৰ লক্ষ্য ৰাখিছে।ইয়াৰে ৩৫ শতাংশ পুনৰাবৃত্তি ভিজিটৰ বুলি নৱনীতে মন্তব্য কৰে।

বৰ্তমানলৈ ৰিনোমেনিয়াই তেওঁলোকৰ সেৱাৰ বিনিময়ত মূল্য নিৰ্দ্ধাৰণ কৰা নাই যদিও ২০১৬ ৰ এপ্ৰিল মাহৰ পৰা বিজ্ঞাপন,কম্পেনি প্ৰডাক্ট,থাৰ্ড পাৰ্টি ৱেবছাইটৰ লগত হোৱা যিকোনো লেন-দেনৰ বাবে নূন্যতম মূল্য নিৰ্দ্ধাৰণ কৰাৰ কথা চিন্তা কৰিছে।

সম্প্ৰতি ফটোগ্ৰাফাৰ সকলকে ধৰি ৰিনোমেনিয়াৰ ৩৬ জন কৰ্মচাৰী আছে।২০১৬ ৰ এপ্ৰিল মাহৰ পৰা এই ষ্টাৰ্ট আপে এক লাখতকৈ অধিক ফটোৰে কেটেলগ প্ৰসাৰ কৰাৰ কথা ভাবিছে।ইয়াৰোপৰি প্ৰফেচনেলৰ সংখ্যা এহেজাৰলৈ বৃদ্ধি কৰি ব্যৱহাৰকাৰী সকলে তেওঁলোকৰ হ'ম ডিজাইন আইডিয়া ইজনে সিজনৰ লগত বিনিময় কৰিব পৰাকৈ এটা এপ খোলাৰ পৰিকল্পনা কৰা হৈছে।

য়'ৰ ষ্ট'ৰীয়ে কি কয়

ভাৰতবৰ্ষত অনলাইন হ'ম ডেকৰ যোৱা কেইবছৰ মানৰ পৰা জনপ্ৰিয় হৈছে। Technavio ৰ সমীক্ষা অনুসৰি ২০১৯ চনলৈ ভাৰতবৰ্ষত অনলাইন হ'ম ডেকৰ ব্যৱসায় ৫০.৪২ শতাংশ CAGR বৃদ্ধিৰ সম্ভাৱনা আছে।এই ক্ষেত্ৰখনৰ আন কেইটামান প্ৰতিযোগী হ'ল-Livespace,Homelane,Urbanladder,Fabfurnish,Pepperfry, Furlenco আৰু Nestopia।

যদিও ৰিনোমানিয়াই ভাৰতবৰ্ষৰ হ'ম ডিজাইন ক্ষেত্ৰৰ প্ৰথম আৰু একমাত্ৰ প্লেটফৰ্ম বুলি দাবী কৰে, কিন্তু ইয়াৰ সফলতাৰ সন্দৰ্ভত মন্তব্য কৰাতো বেছি আগতীয়া হব কিয়নো অনলাইন হ'ম স্পেছ ক্ষেত্ৰত ইতিমধ্যে বহু কম্পেনি প্ৰতিযোগিতাত নামিছে।সকলোৰে পৰা পৃথকভাৱে আগবাঢ়ি যাবলৈ ষ্টাৰ্ট আপটোৱে গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব।

আনবোৰ হম ডেকৰ কম্পেনিতকৈ পৃথকভাৱে ৰিনোমেনিয়াই বিভিন্ন ঘৰৰ আৰ্হিৰ ফটোগ্ৰাফেৰে গ্ৰাহকক ডিজাইন আইডিয়া প্ৰদান কৰে।এই সন্দৰ্ভত ৰাহুল লধাই মন্তব্য কৰে 'আমি লেন-দেনক প্ৰাধান্য দিয়া প্লেটফৰ্ম নহয়।আমাৰ ব্যৱসায় আৰ্হি আনতকৈ সম্পূৰ্ণ পৃথক।যিসময়ত আনবোৰ কম্পেনিয়ে তেওঁলোকৰ ফাৰ্নিচাৰ ছেল কৰাৰ লক্ষ্যৰে কনটেন্ট ব্যৱহাৰ কৰে, সেইসময়ত কিন্তু আমাৰ লক্ষ্য হল প্ৰথম গ্ৰাহকক ডিজাইনৰ আৰ্হিৰে সন্তুষ্ট কৰা।সেয়ে আমি ব্যতিক্ৰমী সেৱা আগবঢ়োৱা বুলি নিজেই ক'ব পাৰোঁ।'


মূল: অপৰাজিতা চৌধুৰী

অনুবাদ: পূবালী ভাগৱতী


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

এজন সাধাৰণ কাৰিকৰৰ পুত্ৰৰ বৃহৎ কৃতিত্ব: মাইক্ৰ’ছফটে যাচিলে ১.২০ কোটি টকীয়া চাকৰি

আপুনি কিয় ষ্টাৰ্টআপ আৰম্ভ কৰিব নালাগে

অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

অ-মহানাগৰিক যুৱক-ষ্টাৰ্টআপৰ নতুন ব্যৱসায়িক লক্ষ্য