২৩ বছৰীয়া বধিৰ সঙ্গীত শিল্পী জেইমছ হল্ট

২৩ বছৰীয়া বধিৰ সঙ্গীত শিল্পী জেইমছ হল্ট

Saturday December 31, 2016,

1 min Read

ব্ৰিটেইনৰ স্মিথহিলছৰ এজন বধিৰ শিল্পী জেইমছ হল্ট । জন্মৰপৰাই বধিৰ জেইমছক ষ্টাৰ্কী হিয়েৰিং টেকনলজীজে প্ৰদান কৰিছে নতুন ধৰণৰ প্ৰযুক্তিৰে নিৰ্মিত এবিধ শ্ৰৱণ যন্ত্ৰ মিউজ । এই যন্ত্ৰবিধ ব্যৱহাৰ কৰিবলৈ অধিক সহজ আৰু ইয়াৰ কাৰ্যক্ষমতাও বেছি । ইতিমধ্যে ব্ৰায়ন এনৰ দৰে শিল্পীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ২৩ বছৰীয়া হল্টে কয় যে এই যন্ত্ৰৰ জৰিয়তে তেওঁ অধিক কুশলতাৰে সঙ্গীত সৃষ্টি কৰিব পাৰিছে । 

Image : The Music Manual

Image : The Music Manual


আনহাতে এই যন্ত্ৰবিধে তেওঁক ফোনত কথা পতাকে ধৰি অন্যন্য কামো সহজভাৱে কৰাৰ সুবিধা প্ৰদান কৰিছে । উল্লেখযোগ্য যে জেইমছে বধিৰতা স্বত্তেও ন বছৰ বয়সতে হাতত তুলি লৈছিল গীটাৰ আৰু ১২ বছৰ বয়সত চেল' বজাবলৈ আৰম্ভ কৰিছিল । ছেলফ'ৰ্ড বিশ্ববিদ্যালয়ৰপৰা তেওঁ সঙ্গীতৰ এটা প্ৰথম শ্ৰেণীৰ ডিগ্ৰী লাভ কৰাৰ লগতে দুটা পুৰষ্কাৰো লাভ কৰিছিল । 

জেইমছে কয়, "সকলোৱে ভাবিছিল মই সঙ্গীত চৰ্চা কৰিব নোৱাৰিম । কিন্তু প্ৰযুক্তিয়ে সকলো কাম সহজ কৰি তুলিছে । "

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বেংকৰ চাকৰি বাদ দি সমাজ সেৱা আৰম্ভ কৰিছিল পি আৰ বিকাশে

২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ

উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি