১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে

১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে

Friday June 17, 2016,

3 min Read

কঠোৰ পৰিশ্ৰমী এজন ৰেষ্টোৰাঁ মলিকে গোটেই জীৱন কষ্ট কৰাৰ পাছত এদিন অনুভৱ কৰিলে যে তেওঁৰ জমা ধন বুলিবলৈ আচলতে ফুটা কড়ি এটাও নাই । সি যি কি নহওক সেই বয়সত অৱসৰ লৈ বাকী দিনকেইটা আৰামেৰে কটোৱাৰ ইচ্ছাৰে তেওঁ এদিন ৰেষ্টোৰাঁখন বন্ধ কৰি দিলে । এই সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ । 

কিন্তু ভাগ্যই তেওঁৰ বাবে আন ৰাস্তা ঠিক কৰি থৈছিল । সেই সময়তে তেওঁৰ হাতলৈ আহিল আমেৰিকাৰ সামাজিক সুৰক্ষা আঁচনিৰ অধীনত পেঞ্চনৰ ১০৫ ডলাৰৰ এখন চেক । এই ধনখিনি হাতলৈ অহাৰ লগে লগে তেওঁ ভাবিলে কিবা এটা এনেকুৱা কাম কৰা যাওক যাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধি পোৱা যায় ।

এই মানুহজন আছিল কৰ্ণেল হাৰলেণ্ড ছেণ্ডাৰ্ছ। হয়টো তেওঁৰ নামটো আপোনাৰ বাবে চিনাকি নহয় । কিন্তু তেওঁ স্থাপন কৰা ব্ৰেণ্ডটো আপোনাৰ হয়টো খুবেই চিনাকী । আমি কৈছো বিশ্বৰ চুকে কোণে বিয়পি থকা কেন্টাকী ফ্ৰাইড চিকেন বা কেএফচিৰ কথা । কেএফচিৰ প্ৰতিখন ব'ৰ্ডত থকা ছৱিখনৰ পৰিপাটি বগা ছুট, ক'লা টাই আৰু চশমা পৰিহিত ব্যক্তিজনেই হ'ল কৰ্ণেল ছেণ্ডাৰ্ছ। 

কৰ্ণেল ছেণ্ডাৰ্ছ আছিল এজন খাদ্যৰসিক । খোৱা আৰু খুউৱা দুয়োটাই আছিল তেওঁৰ চখ । বিশেষকৈ মুৰ্গী মাংস বনোৱাত তেওঁ আছিল পাকৈত আৰু তেওঁ বনোৱা মুৰ্গী মাংস বন্ধু মহলত আছিল খুব জনপ্ৰিয় । যেতিয়া একে বয়সৰ আন লোকসকলে আৰামেৰে অৱসৰৰ জীৱন কটাবলৈ আৰম্ভ কৰিছিল সেই সময়ত তেওঁ নতুন কিবা এটা কৰাৰ সিদ্ধান্ত ল'লে । তেওঁ ঠিক কৰিলে যে তেওঁ নিজৰ মুৰ্গী মাংসৰ সোৱাদ আনসকলক দিব । 

কিন্তু এই কাম সহজ নাছিল । তেওঁ ইয়াৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰিবলৈ ধৰিলে । আৰম্ভণীতে তেওঁ বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ কাষ চাপিল । ঘৰে ঘৰে, ৰেষ্টোৰাঁই ৰেষ্টোৰাঁই গৈ তেওঁ সকলোকে নিজৰ ৰন্ধন প্ৰণালীৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিলে। তেওঁ ভাবিছিল কোনোবাই অন্ততঃ তেওঁৰ এই ৰন্ধনৰ জুটি বুজি পাব আৰু ইয়াক আনলৈ বিয়পোৱাত সহায় কৰিব । কিন্তু সকলোতে তেওঁ নিৰাশাৰ সন্মূখীন হ'ল ।

কিন্তু জেদি স্বভাৱৰ কৰ্ণেল ছেণ্ডাৰ্ছে হাৰ নেমানিলে । তেওঁ এইবাৰ তেওঁৰ মুৰ্গী মাংসৰ সোৱাদ প্ৰচাৰ কৰাৰ আন এক পন্থা হাতত ল'লে । তেওঁ চহৰৰ বিভিন্ন হোটেললৈ যাবলৈ ধৰিলে আৰু তাৰ ৰান্ধনিঘৰত নিজেই মুৰ্গী মাংস বনাবলৈ ধৰিলে । যদি হোটেলৰ মালিকৰ সেই মাংস পছন্দ হয় তেনেহলে সি হোটেলখনৰ মেনুত ঠাই পায় । কিন্তু প্ৰথম ১০০৯ খন ৰেষ্টোৰাঁই তেওঁ বনোৱা খাদ্য অপছন্দ কৰিছিল । তথাপিও কিন্তু তেওঁ হাৰ মনা নাছিল । 

১০০৯ বাৰৰ বিফলতাৰ পাছত এজন হোটেল মালিকে তেওঁৰ ৰন্ধন পছন্দ কৰিছিল । এয়া আছিল কেএফচিৰ ভেটি । 

সেই হোটেল মালিকজনৰ সৈতে তেওঁৰ চুক্তি হৈছিল যে তেওঁ প্ৰতি টুকুৰা মুৰ্গী মাংসৰ বাবদ ৫ চেণ্টকৈ কমিছন পাব । এইদৰে কৰ্ণেল ছেণ্ডাৰ্ছৰ ৰন্ধন প্ৰকৰণে বজাৰৰ মূখ দেখিবলৈ সক্ষম হৈছিল । কিন্তু এয়া আছিল মাত্ৰ আৰম্ভণী। 

এই মাংস প্ৰস্তুত হওতে ব্যৱহাৰ হোৱা মছলাবোৰ কি সেই কথা গোপন হৈ থাকিবলৈ কৰ্ণেল ছেণ্ডাৰ্ছে এইবোৰ নিজে পেকেট কৰি পঠাইছিল । এইদৰে তেওঁৰ প্ৰণালী অনুসৰি হোটেলসমূহত মুৰ্গী মাংস প্ৰস্তুত হৈছইল কিন্তু তেওঁৰ প্ৰণালী গোপন হৈ থাকিছিল । 

এইদৰে সময়ৰ লগে লগে কৰ্ণেল ছেণ্ডাৰ্ছৰ ৰন্ধন প্ৰণালী খ্যাতিৰ শিখৰলৈ গৈ থাকিল আৰু ১৯৬৪ চনলৈ ই ইমান বিখ্যাত হৈ পৰিল যে সেই সময়ত ইয়াৰ বিক্ৰী কেন্দ্ৰ ৬০০ লৈ বৃদ্ধি পালে । খ্যাতিৰ চৰম শিখৰত থকা অৱস্থাত কৰ্ণেল ছেণ্ডাৰ্ছে কেএফচি প্ৰায় ২০ লাখ ডলাৰত বিক্ৰী কৰিলে যদিও নিজে ইয়াৰ ব্ৰেণ্ড এম্বেছেডৰ হৈ থাকিল থাকিল । ১৯৭৬ চনত পৃথিৱীৰ প্ৰভাৱশালী ব্যক্তিসমূহৰ তালিকাত তেওঁ ২য় স্থান লাভ কৰিবলৈ সক্ষম হ'ল ।

এইদৰেই কৰ্ণেল ছেণ্ডাৰ্ছে দেখুৱালে যে ৬৫ বছৰ বয়সত অৱসৰ লোৱাৰ সময়তো যদি দৃঢ় মনেৰে কোনো কাম কৰা হয় তেনেহলে সফলতা অনিবাৰ্য । কাম আৰম্ভ কৰাৰ বাবে বয়সৰ কোনো উচ্চ সীমা নাই । 

মূল- নিশান্ত গোয়েল

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে

১০ অনুৰ্দ্ধ CEO 'হেক কিং' ৰুবেন

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ