নাৰী অধিকাৰ আৰু ব্যক্তি স্বাধীনতা ৰক্ষাৰ সংগ্ৰামত হাইদৰাবাদৰ ৰুক্মিনী ৰাও

নাৰী অধিকাৰ আৰু ব্যক্তি স্বাধীনতা ৰক্ষাৰ সংগ্ৰামত হাইদৰাবাদৰ ৰুক্মিনী ৰাও

Friday November 27, 2015,

4 min Read

'মোৰ শৈশৱ ভীষণ সুখৰ আছিল। মই নাৰীৰে ভৰ্ত্তি এটা ঘৰত ডাঙৰ দীঘল হৈছিলো। আজো আইতা,আইতা,মা আৰু এগৰাকী পেহীৰ সৈতে আছিলো আৰু নাৰীয়ে ঘৰ চলোৱাতো মোৰ বাবে নতুন কথা নহয়। এয়া সদ্য অনুষ্ঠিত ফেমিনা এৱাৰ্ডছৰ সামাজিক প্ৰভাৱ শিতানত পঢ়ুৱৈৰ বাচনিৰ সন্মানপ্ৰাপ্ত সামাজিক আৰু গ্ৰামোন্নয়ন কৰ্মী ভি ৰুক্মিনী ৰাওৰ কথা।

image


হাইদৰাবাদৰ শৈশৱৰ স্মৃতি সুঁৱৰি ৰুক্মিনীয়ে কয় যে- তেওঁৰ দুই ভাতৃ আৰু তেওঁৰ মাজত কোনো বৈষমৎ নাছিল আৰু আজো আইতাকেও ল’ৰাৰ প্ৰতি বিশেষ পক্ষপাতিত্ব প্ৰদৰ্শন কৰা নাছিল। ‛বন্ধত ফুৰিবলৈ গ'লে, যি মন যায় তাকে কিনিবলৈ তেওঁ আমাক আটাইকেইতাকে সমান পইচা দিছিল’- জনালে ৰুক্মিনীয়ে। দুবছৰতে পিতৃহাৰা হোৱা ৰুক্মিনীক ডাঙৰ কৰিবলৈ মাকে অতিৰিক্ত যত্ন লৈছিল। সেয়া তেওঁ এতিয়াও মমতাৰে সোঁৱৰে। চহৰৰ আটাইতকৈ ভাল স্কুলখনলৈ গৈছিল ৰুক্মিনী। মাক আছিল ৰুক্মিনীয়ে উচ্চশিক্ষা গ্ৰহণ কৰাৰ পক্ষপাতি। জীয়েকৰ বাবে যাতে জীৱনত বহু বিকল্প থাকে, সেইটো নিশ্চিত কৰিবলৈ তেওঁ ভীষণ আগ্ৰহী আছিল। যুৱতী ৰুক্মিনী আছিল শিক্ষকতা কৰিবলৈ আগ্ৰহী ।

image


ওছমানিয়া বিশ্ববিদ্যালয় আৰ্টছ কলেজৰ পৰা মনস্তত্বৰ স্নানকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত তেওঁ হায়দৰাবাদৰ ছেইণ্ট ফ্ৰাণ্সিছ কন্যা মহাবিদ্যালয়ত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ ৰাওনা হয়। সেয়া ১৯৭৪ চনৰ কথা। মনস্তত্বৰ ডক্টৰেট ডিগ্ৰী লোৱাৰ পিছত, ১৯৭০ দশকৰ মাজভাগৰ পৰা ১৯৮০ ৰ দশকৰ মাজভাগলৈ তেওঁ দিল্লীৰ নেচনেল লেবাৰ ইনষ্টিটিউট আৰু পাব্লিক এন্টাৰপ্ৰাইজ চেন্টাৰ ফৰ কন্টিনিউইং এডুকেচনত কাম কৰে। তাৰ পিছতেই তেওঁৰ জীৱনে ইউটাৰ্ন ল’লে। সেই সময়ছোৱাত যৌতুক হত্যাৰ ঘটনাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল আৰু তৰুণী ৰুক্মিনীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে পাকঘৰত কাম কৰি থাকোতে হোৱা দুৰ্ঘটনা বুলি দাবী কৰা গোচৰবোৰৰ তদন্ত দাবী কৰিছিল। কেইটামান এনে ঘটনাৰ পিছত এইটো স্পষ্ট হৈ পৰিল যে গাৰ্হস্থ্য হিংসা ৰুধিবলৈ আৰু সক্ৰিয় হ’ব লাগিব। '১৯৮১ চনত আমি কেইগৰাকীমানে নাৰীৰ বাবে ছহেলি ৰিছৰ্ট চেণ্টাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লোঁ'- জনালে ৰুক্মিনীয়ে। গ্ৰামাঞ্চলৰ নাৰীসকলৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰি ১৯৮৯ চনত ৰুক্মিনী হাইদৰাবাদলৈ উভতি আহে। পৰিবৰ্তিত আইনে মধ্যবিত্ত মহিলা সকলক ধনৰ জৰিয়তে আইনৰ সহায় লোৱাৰ সুবিধা কৰি দিছিল;কিন্তু গাঁৱৰ মহিলা সকলৰ অৱস্থা তেতিয়াও দুখলগা আছিল আৰু তেওঁলোকৰ কল্যানৰ বাবে কিবা এটা কৰাটো জৰুৰী হৈ পৰিছিল।

image


'নাৰীসকলৰ অৱস্থাৰ উন্নতি ঘটাবলৈ মই গ্ৰামোন্নয়নৰ কামকাজৰ সৈতে জড়িত হ'ব বিছাৰিছিলো। হাইদৰাবাদলৈ উভতি আহিছিলো,কাৰণ সেয়া মোৰ ঘৰ আৰু চিনাকী এক পৰিবেশত মই অধিক ফলপ্ৰসু আৰু কাৰ্যকৰীভাৱে কাম কৰিব পাৰিম বুলি ভাবিছিলো'- ক’লে ৰুক্মিনীয়ে।

তাৰপিছত তেওঁ ডেক্কান ডেভেলপমেন্ট ছচাইটীৰ সৈতে জড়িত হয় আৰু দীৰ্ঘদিন ধৰি কৃষিজীৱি মহিলাৰ অধিকাৰ প্ৰতিষ্ঠাৰ হকে কাম কৰে। তেওঁৰ দায়িত্ব আছিল নাৰীৰ নেতৃত্বৰ বিকাশ ঘটোৱা। তেওঁ বহু কৰ্মশালাৰ আয়োজন কৰিছিল, য’ত নাৰীসকলক লিংগ মৰ্য্যদা সন্দৰ্ভত সচেতন কৰি তোলা হৈছিল আৰু তেওঁলোকে পৰিয়ালৰ সদস্য সকলৰ উপৰি চৰকাৰী কৰ্মচাৰীৰ মুখামুখি হ'বলৈ অধিক আত্মবিশ্বাসী হৈ পৰিছিল। ৰুক্মিনী বৰ্তমান ছোচাইটীৰ ব'ৰ্ডৰ সঞ্চালক আৰু সদস্যা।

১৯৯৭ চনত দুই যমজ ভগ্নীক বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সহায় বিচাৰি এটা অনুৰোধ লাভ কৰাৰ পিছতে ৰুক্মিনী গ্ৰাম্য ৰিছ’ৰ্ট চেন্টাৰ ফৰ উইমেনৰ সৈতে জড়িত হৈ পৰে। স্বেচ্ছাসেৱী সংস্থাসমূহক লিংগভিত্তিক ইছ্যুসমূহ বুজাত সহায় কৰাৰ লগতে প্ৰয়োজনীয় উন্নয়নমূলক কামত হস্তক্ষেপ কৰিব পৰাকৈ বান্ধৱী যমুনাৰ সৈতে তেওঁ এই সংস্থাটো আৰম্ভ কৰিছিল। চক্ৰসদৃশ এক প্ৰশাসনিক গোট, চণ্ডামপেট মণ্ডলত তেওঁলোকে কাম আৰম্ভ কৰিছিল। অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ ১২ খন জিলাত শিক্ষাদানেৰে কাম আৰম্ভ কৰি তেওঁলোকে মহিলা গোটৰ এক নেটৱৰ্ক গঢ়ি তুলিছিল। ৮০০ গৰাকী মহিলাৰ জীৱন আৰু জীৱিকাৰ মান উন্নয়ন আৰু কন্যাসন্তানৰ প্ৰতি দৃষ্টিভংগী সন্দৰ্ভত নতুনকৈ চিন্তা কৰা হ’ল। কেইবছৰমানৰ ভিতৰতে তেওঁলোকে আৱিস্কাৰ কৰিলে যে কন্যাসন্তান হত্যাৰ ব্যাপকতাৰ উপৰি আন্তৰ্জাতিক দত্তক (Adoption)ৰ জৰিয়তে কন্যাসন্তান সৰবৰাহৰ এক বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে। ব্যাপক প্ৰচাৰ চলাই তেওঁলোকৰ দলটোৱে কেইবাটাও তেনে অবৈধ দত্তক কেন্দ্ৰ বন্ধ কৰিবলৈ সক্ষম হয়।

মৃদুভাষী ৰুক্মিনীয়ে ক’লে 'আমাক বৃহৎ পৰিসৰত এনে প্ৰয়োগত সমৰ্থন জনোৱাৰ প্ৰয়োজন অনুভৱ কৰিব পৰা এক চিন্তাশীল মধ্যবিত্ত শ্ৰেনীৰ প্ৰয়োজন।'

এতিয়ালৈ যাত্ৰাপথটোঃ

ৰুক্মিনী ৰাৱে ভাৰত, অষ্ট্ৰেলিয়া, ইউৰোপ আৰু চীনৰ বহু সন্মানীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁ নাৰী আৰু উন্নয়ন বিষয়ক বহু আন্তৰ্জাতিক সন্মিলন, কৰ্মশালা আৰু আলোচনাচক্ৰত ভাগ লৈছে। ভাৰতৰ উপৰি ইউৰোপ, অষ্ট্ৰেলিয়া আদি দেশত তেওঁউন্নয়ন শিক্ষা বিষয়ৰ বহু বক্তৃতা প্ৰদান কৰিছে।

আদৰ্শঃ

নিজামুদ্দিন বস্তিৰ এগৰাকী দৰিদ্ৰ মহিলা কমলা ৰুক্মিনীৰ আদৰ্শ। আনৰ ঘৰত বন কৰা কমলাৰ সংসাৰত আছে চাৰিটা সন্তান আৰু মদ্যপ স্বামী। তৎস্বত্বেও তেওঁ ছহেলিৰ এগৰাকী সক্ৰিয় সদস্যা আছিল আৰু বিপন্ন নাৰীক সহায় কৰিছিল। ছহেলিৰ পুঁজিৰ নাটনি হলে তেওঁ মানুহক ৫ টকাকৈ বৰঙনি দিবলৈ দাবী জনাইছিল। দৰিদ্ৰসকলৰ উদাৰতাৰ পৰা আমি সকলোৱে শিক্ষা লোৱা উচিত- ক’লে ৰুক্মিনীয়ে।

ভীষণ গুৰুত্ব দিয়ে স্বাধীনতাকঃ-

মাত্ৰ ১৮ বছৰ বয়সতে এক যৌথ পৰিয়ালৰ বোৱাৰী হোৱা ৰুক্মিনীয়ে সেই পৰিবেশত খাপ খাব পৰা নাছিল। পৰিয়ালত মোৰ অৱস্থান সম্পৰ্কে মই ৰাজনৈতিকভাৱে সচেতন আছিলো।–তেওঁ কয়। ২৪বছৰ বয়সতে ৰুক্মিনীয়ে স্বামীগৃহ ত্যাগ কৰে। পুত্ৰকো তেওঁ স্বামীৰ সৈতে এৰি থৈ আহে। ৰুক্মিনীয়ে দ্বিতীয় বিবাহ কৰিলে কিন্তু সেই বিয়াও স্থায়ী নহ'ল। ‛আচলতে মই বহু বেছি স্বাধীন আৰু কামবোৰ নিজৰ মতে কৰিব বিছাৰোঁ’- মন্তব্য ৰুক্মিনীৰ।

মূলঃ- শাশ্বতী মূখাৰ্জী

অনুবাদঃ- লুইত পাঠক