দ্বিতীয়বাৰৰ বাবে খোজকাঢ়িবলৈ শিকা আত্ৰেয়ী নিহাৰচন্দ্ৰা বৰ্তমান ব্যস্ত আনৰ স্বাস্থ্য উন্নত কৰাত

0

Paulo celho ৰ ভাষাত, “ অপ্ৰত্যাশিতভাৱে জীৱনে আমাক প্ৰত্যাহ্বানৰ সন্মূখীন কৰাই আমাৰ সাহস আৰু ইচ্ছাশক্তিৰ পৰীক্ষা কৰে, আমাক সলনি কৰিবৰ বাবে আৰু এনেকুৱা মূহুৰ্তত আমি সেই পৰিস্থিতি আওকাণ কৰাৰ অথবা এনে পৰিস্থিতিৰ বাবে প্ৰস্তুত নহয় বুলি কোৱাৰ যুক্তি নাথাকে। প্ৰত্যাহ্বান কেতিয়াও ৰৈ নাথাকে। জীৱনে কেতিয়াও পাছলৈ ওভতি নেচায়”।

আত্ৰেয়ী নিহাৰচন্দ্ৰাৰ ক্ষেত্ৰত এই কথাষাৰেই খাটে। জীৱনে তেওঁক বহুতো প্ৰত্যাহ্বানৰ সন্মূখীন কৰাইছিল। দুৰ্বল মানুহে এনে পৰিস্থিতিত সাধাৰণতে বশীভূত হৈ হাৰ মানে। কিন্তু এনে প্ৰত্যাহ্বানমূলক পৰিস্থিতিয়ে আত্ৰেয়ীক বৰ্তমান শক্তিশালী, বুদ্ধিয়ক আৰু উদ্যমীহে কৰি তুলিলে। আত্ৰেয়ী হ’ল ৰিভাইজ ডায়েটৰ প্ৰতিষ্ঠাপক যাৰ জৰিয়তে সাধাৰণ লোকে নিজৰ অতিৰিক্ত ওজন হ্ৰাসৰ লগতে স্বাস্থ্যবৰ্ধক কিছু নীতি-নিয়মৰ মাজেৰে সুস্থ জীৱন যাপন কৰাৰ কৌশল লাভ কৰিব পাৰে।

১৭ বছৰ বয়সতে নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰা আত্ৰেয়ীয়ে তেওঁৰ দেউতাকৰ প্ৰতিষ্ঠান ‘প্ৰনিয়াক ফৰ্জ এণ্ড ফ্লেংজেছ’ ত যোগদান কৰে য’ত তেও ছাত্ৰাৱস্থাৰ পৰাই কাম কৰিছিল। কিন্তু ২৩ বছৰ বয়সতেই এক দুৰ্ঘটনাত পতিত হৈ প্ৰায় এক বছৰ কাল তেওঁ শয্যাশায়ী হ’বলগা হৈছিল। যুৱতী আত্ৰেয়ীৰ বাবে এই সময়ছোৱা আছিল অতিকৈ হতাশাজনক, কিয়নো প্ৰতিটো খোজতেই যেনে, খোজ কঢ়া, উঠা-নমা কৰা আদি কামত তেওঁ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ১৪ মাহৰ পাছতহে তেওঁ খোজ কঢ়াৰ বাবে সামৰ্থ হৈছিল। অৱশ্যে সেই সময়ছোৱাত তেওঁ ঘৰৰ কাষতে থকা নিউৰপেথি চেন্টাৰত নামভৰ্তি কৰিছিল য’ত তেওঁ নিজকে সহায় কৰাৰ লগতে নিউৰপেথি বিজ্ঞানো শিকিছিল।

সুস্থ হোৱাৰ পাছত আত্ৰেয়ীয়ে বাংগালুৰুলৈ গৈ তাৰে আই. আই. এম. ৰ এন. এছ. আৰ. চেলত নামভৰ্তি কৰে। শিক্ষা সমাপ্ত হোৱাৰ পাছত তেওঁ আই. টি. শাখাত কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম ন’হল। “আনকি মোৰ দেউতাৰ কেইবাজনো বন্ধুৱে নিজৰ প্ৰতিষ্ঠান বাংগালুৰুত থকাৰ সত্ত্বেও মোক চাকৰি দিয়া নাছিল”।

নিৰাশ নহৈ তেওঁ পুনৰ আই. আই. এম. বাংগালুৰুলৈ ওভতি গ’ল, য’ত তেওঁ এগৰাকী গৱেষক হিচাৰে কাম আৰম্ভ কৰে আৰু পি.এইচ.ডি.ৰ বাবে প্ৰস্তুতি চলায়। সেই সময়ছোৱাতে তেওঁ তেওঁৰ ভাবী স্বামীক লগ পায় আৰু পাচলৈ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকে বাংগালুৰুতেই নিজৰ ঘৰ বনোৱাৰ লগতে এখন খাদ্যৰ বিপণী আৰম্ভ কৰে, য’ত স্বাস্থ্যসন্মত তেলযুক্ত ভাৰতীয় খাদ্য প্ৰস্তুত কৰা হয়। এইয়াই হ’ল ৰিভাইজডায়েটৰ মূল বিষয়বস্তু।

ন’কলেও হ’ব, এই বিপণীয়ে বহুল জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁৰ আই. আই. এম. বাংগালুৰুৰ কামো ঠিকমতে চলি গৈছিল। অতীতৰ বেদনা পাৰ হোৱাই নাছিল, কিন্তু এয়া যেন আত্ৰেয়ীৰ বাবে প্ৰত্যাহ্বানৰ আৰম্ভণীহে আছিল। আকৌ আন এক দুৰ্ঘটনাত পতিত হৈ তেওঁ সেই আগৰ আঘাতপ্ৰাপ্ত ভৰিতেই পুনৰ আঘাত পায় আৰু কেইমাহমানৰ পাচতেই তেওঁৰ সেই ভৰিটো অচল হৈ পৰে।

এইবাৰ আত্ৰেয়ীয়ে নিজৰ মনটোক আগতকৈও অধিক প্ৰস্তুত কৰি লৈছিল। তেওঁ আই. আই. এম. বাংগালুৰুৰ পৰা কিছুদিনৰ বাবে কৰ্মবিৰতি লৈছিল আৰু নিজৰ ঘৰলৈ উভতি আহি সেইগৰাকী ডাক্টৰৰ ওচৰলৈ গৈছিল যিৰগাকীয়ে তেওঁক আগৰবাৰ সুস্থ কৰি তুলিছিল। উভতি যোৱাৰ মূল কাৰণ আছিল এয়ে যে বাংগালুৰুৰ ব্যয়বহুল খৰচ বহন কৰাৰ ক্ষমতা তেওঁৰ নাছিল।

এইবাৰো আত্ৰেয়ী আগৰ দৰেই আশাবাদী হ’ল আৰু থিৰাং কৰিলে যে তেওঁ পুনৰ জীৱনটো ফুৰ্তিৰে অৰিবাহিত কৰিব। তেওঁ কৈছিল- “প্ৰত্যেক ক’লা ডাৱৰতেই ৰূপালী ৰেখাৰ আৱৰণ থাকে”। তেওঁ গুজৰাটৰ নিউৰপেথি চেন্টাৰৰ পৰা যোগাত্মক সহাঁৰি লাভ কৰিছিল। অস্ত্ৰোপচাৰ নকৰি ডাক্তৰৰ উপদেশমৰ্মে তেওঁ ওজন হ্ৰাস কৰি কেনেকৈ অতি কম সময়তে সুস্থ হোৱাৰ লগতে আঘাতপ্ৰাপ্ত ভৰিটোত বেচি চাপ নিদিয়াকৈ ৰাখিব পাৰি তাৰেই চেষ্টা চলাইছিল। কিন্তু ওজন হ্ৰাস কৰি আঘাতপ্ৰাপ্ত ভৰিটো ঠিক কৰাটো তেওঁৰ বাবে অৱশ্যেই প্ৰত্যাহ্বানস্বৰূপ আছিল। ইয়াৰ বাবে তেওঁ কেইটামান সহজ ব্যায়াম, যোগাসন আৰু খাদ্যভ্যাসৰ ওপৰত গুৰুত্ব দিছিল, যিয়ে তেওঁক কম সময়তে সুস্থ হোৱাত সহায় কৰিছিল। তাৰ পাছতেই তেওঁ বাংগালুৰুলৈ উভতি অহাৰো প্ৰস্তুতি চলাইছিল।

এইবাৰ আত্ৰেয়ীয়ে তেওঁৰ জীৱনৰ সকলো বাধা-বিঘিনি পাহৰি ফুৰ্তিৰে জীৱনটো পাৰ কৰাৰ পৰিকল্পনা চলাইছিল। লাহে লাহে পৰিয়ালৰ ফালৰ পৰাও সহযোগীতাও কমি আহিছিল আৰু সেইবাবেই তেওঁ আই. আই. এম. বাংগালুৰুলৈ উভতি আহিছিল। কিন্তু বাংগালুৰুত ব্যায়ামসমূহ ব্যয়বহুল আছিল। তেওঁৰ বন্ধুসকলে তেওঁক খাদ্য আৰু নিউট্ৰেইন্ট স্পেচিয়েলিষ্ট হোৱাৰ বাবে উপদেশ দিছিল। শেষত তেওঁ তেওঁৰ এটা ফিটনেচ চেন্টাৰ আৰম্ভ কৰিছিল আৰু লগতে তেওঁৰ নতুন উদ্ভাৱন ৰিভাইচ ডায়েটে তেওঁৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰি দিছিল।

“ওজন হ্ৰাসৰ ক্ষেত্ৰত গুৰুত্ব দিব নালাগে, বৰঞ্চ স্বাস্থ্যৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰিব লাগে। ওজনহ্ৰাসে ভাল ফল নিদিয়ে, ই কেৱল মানুহৰ অপকাৰহে কৰে। মই বিচাৰোঁ মানুহে যাতে সু-স্বাস্থ্যৰ প্ৰতিহে সজাগ হয় আৰু ইয়াক বৰ্তাই ৰখাতো ইমান এটা কঠিন কামো নহয়। সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ কেৱল খাদ্যভ্যাস, ধৈৰ্য্য আৰু মানসিক শান্তিৰ প্ৰয়োজন”- আত্ৰেয়ীয়ে কয়।

বন্ধুসকলৰ লগত একেলগে তেওঁ তেওঁৰ নতুন যাত্ৰা আৰম্ভ কৰিলে। তেওঁৰ এই আৰম্ভণীয়ে প্ৰথম সফলতা লাভ কৰিলে যেতিয়া তেওঁৰেই প্ৰথম ক্লায়েন্টে দুমাহৰ ভিতৰত স্বাবৰমা ৰোল আৰু জাংক ফুড খাইয়ো ১২ কেজি ওজন হ্ৰাস কৰিব সক্ষম হৈছিল। অতি সোনকালে এই ব্যৱসায়ে জনপ্ৰিয়তা লাভ কৰিলে আৰু তিনি বছৰৰ ভিতৰতে আত্ৰেয়ীয়ে প্ৰায় ১০০ জন ক্লায়েন্টক সহায়ৰ হাত আগবঢ়ালে, য’ত বেছিভাগেই আছিল মহিলা।

বৰ্তমান ৰিভাইজ ডায়েটে সমগ্ৰ দেশৰে পুৰুষ, মহিলা আৰু শিশুসকলক সাঙুৰি লৈছে। দুবছৰৰ ভিতৰতে আত্ৰেয়ীয়ে তেওঁৰ খাদ্যৰ দ্বাৰা প্ৰায় দুশজন লোকৰ ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰতিমাহৰ পাৰিশ্ৰমিক হল ১২০০ টকা। আত্ৰেয়ীৰ এই ব্যৱসায়ো আন আন ব্যৱসায়ৰ দৰেই প্ৰতিযোগীতামুলক।

তেওঁ আশা কৰে যে প্ৰতি বছৰে অতি কমেও ২০০ জন লোক যাতে ইয়াৰ দ্বাৰা উপকৃত হয়। সম্প্ৰতি আত্ৰেয়ীয়ে নিউট্ৰি টাউনত বিনামূলীয়াকৈ নিউট্ৰিচনিষ্ট হিচাপে উপদেশ আগবঢ়ায়। উল্লেখ্য যে, তেওঁ ওজন হ্ৰাসৰ লগতে ৰোগীৰ সঞ্চিত ৰোগৰো শুশ্ৰূষা আগবঢ়ায়।

খাদ্য আৰু নিউট্ৰিচনত এম.এচ.চি কৰা তথা নিউট্ৰিচন বিশেষজ্ঞা হিচাপে তেওঁৰ প্ৰতিষ্ঠানৰ পৰা অতিৰিক্ত মুনাফা অৰ্জন কৰাৰ লগতে ভৱিষ্যতে প্ৰায় ৪০,০০০ লোকৰ বাবে আহাৰ যোগান ধৰাৰ এক পৰিকল্পনা হাতত লৈছে তেওঁ।

এগৰাকী যুৱতী, যিয়ে খোজ কঢ়াৰ ক্ষমতা এবাৰ নহয়, দুবাৰকৈ হেৰুৱাই পেলাইছিল, তেনে এক যুৱতীৰ বাবে এইয়া এক অতুলনীয় সফলতা, নহয়নে?


লেখক- পল্লবী সিন্হা

অনুবাদ- অৰুন্ধতী বেজবৰুৱা