বৰ্তমান ২০কোটি টকীয়া কোম্পানীৰ গৰাকীৰ এসময়ত দৈনিক উপাৰ্জন আছিল কেৱল ৩৪ টকা

0

অলকেশ আগৰৱালৰ বাবে ব্যৱসায় আৰম্ভ কৰাটো উচ্চাকাংখ্যা বা বিলাসিতা নহৈ সময়ৰ এক প্ৰয়োজনহে আছিল। মাথো ১৬ বছৰ বয়সতে ওচৰা-ওচৰিকৈ পিতৃ-মাতৃক হেৰুওৱাৰ পিছত অলকেশ আগৰৱালে বহুবাৰ ভোকে-লঘোনে কটাবলগীয়া হৈছিল। মাজে মাজে আনকি এনেকুৱা সময়ো তেওঁ পাৰ কৰিছে যেতিয়া ভাগ্যত পিছৰ সাজ আহাৰ কেতিয়া মিলিব সেয়াও তেওঁ গম পোৱা নাছিল।

“মোৰ মায়ে সদায় এটা কথাত জোৰ দিছিল যে লাগিলে যিয়ে নহওক মই যাতে নিজৰ পঢ়া-শুনা বাদ নিদিও।আনকি জীৱন যাপনৰ বাবে আন কাম কৰি থকাৰ সময়তো মই যাতে পঢ়া-শুনা চলাই নিও।মই সাধাৰণতে প্ৰায়ে ৰাতি ১১বজালৈকে কাম কৰোঁ।”অলকেশে কয়।

জীৱনত মুখামুখি হোৱা কঠিন পৰিস্থিতিয়ে তেওঁক আৰু অধিক মজবুত কৰি তুলিলে।এনেদৰে তেওঁ অন্তৰ্নিহিত যোগাত্মক মনোভাৱক বাহিৰলৈ আনিবলৈ সক্ষম হয় আৰু ইয়াৰ সহায়ত লক্ষ্যপ্ৰাপ্তিৰ বাবে অধিক কঠিন পৰিশ্ৰম কৰিবলৈ তৎপৰ হয়।

অলকেশে কয়, “মই সেই সময়ত যি কৰিব বিচাৰিছিলো সেয়া নিজৰ ধৰণতে কৰিব বিচাৰিছিলো।”

সময়ৰ সৈতে এই পৰিশ্ৰমে সফলতাৰ মুখ দেখিছিল আৰু ক্ৰমাৎ অধিক পৰিশ্ৰম কৰিবলৈ তেওঁ আগ্ৰহী হৈছিল।এইসময়তে তেওঁ এনআইআইটিৰ ছাত্ৰসকলক কম্পিউটাৰৰ প্ৰাথমিক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বিনিময়ত তেওঁ প্ৰতিসপ্তাহে ২৪০টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হয়।এনেদৰে নিজৰ কলেজ ফিজৰ ১২৪০টকা তেওঁ যোগাৰ কৰিছিল।ইয়াৰ কিছুদিন পিছত তেওঁ কম্পিউটাৰ মেৰামতি কৰা এক কেন্দ্ৰ খোলে আৰু ইয়াৰ পৰা প্ৰতিমাহে তেওঁৰ একাউণ্টত ১০হাজাৰ টকাকৈ সোমাবলৈ ধৰে।

কিছু বছৰ এনেদৰে কাম কৰাৰ পিছত অলকেশৰ মনত ভাৱ হয় যে এয়াই সময় এক ডাঙৰ কাম কৰাৰ । অথবা সকলো সামৰাৰ সময়।অলকেশে শৈশৱৰ এজন বন্ধু তথা ভাবী ব্যৱসায়িক অংশীদাৰ অমিত বৰমেচাৰ ওপৰত ভৰষা কৰি কম্পিউটাৰ মেৰামতি কৰাৰ কাম তেওঁৰ হাতত গটাই দিয়ে।ইয়াৰ পিছতে তেওঁ সহজে সমাধান কৰিব পৰা ডাঙৰ সমস্যাৰ সন্ধান আৰম্ভ কৰে।

এনেদৰে সন্ধান চলাওতে তেওঁ লক্ষ্য কৰে যে অধিকাংশ উপভোক্তাৰ বাবে প্ৰিণ্টাৰৰ চিয়াঁহী সমাপ্ত হোৱাৰ পিছত ইয়াৰ কাৰ্টিজ সলনি কৰাটো এক দুৰুহ কাম হোৱাৰ লগতে ইয়াৰ মূল্য পৰিশোধ কৰাটো অসাধ্য যেন হৈ পৰে।তদুপৰি প্লাষ্টিকেৰে নিৰ্মিত এই পুৰণি কাৰ্টিজবোৰৰ পৰা মুক্তি পোৱাও প্ৰত্যাহ্বানমূলক আছিল।প্ৰতিবছৰে প্ৰায় ৩৫মিলিয়ন টন প্লাষ্টিক ১৭খন ফুটবল পথাৰৰ সমান এলেকাত পোতা হৈছিল আৰু এয়া আছিল পাৰিপাশ্বিৰ্কতাৰ বাবে ভয়ানক সংকটৰ কাৰক।অলকেশৰ মতে ইয়াৰ সমাধান আছিল, এইসমূহ পুনৰ ব্যৱহাৰযোগ্য কৰি ইয়াৰ চাহিদা হ্ৰাস কৰা আৰু প্ৰত্যেক কাৰ্বন প্ৰিণ্টৰ মূল্য কমোৱা।

“মই এই ক্ষেত্ৰত যথেষ্ট ভাগ্যশালী যে মই এনে চাৰিজন বন্ধুৰ সংগ পালো যিসকলৰ উল্লেখ কেৱল কাহিনীতহে পোৱা যায়।” অলকেশে কয়।

অলকেশৰ আটাইতকৈ ভাল বন্ধু ৰাজেশ আগৰৱাল, সমিত লখৌতিয়া আৰু অমিতে ইয়াৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়ায় আৰু নিজৰ সমগ্ৰ জীৱনৰ কষ্টোপাৰ্জিত আয় তেওঁৰ হাতত তুলি দিয়ে।নিজৰ এইকেইজন বন্ধু আৰু দুই লাখ টকাৰ এক সামান্য পূঁজিৰে অলেকেশে কেতবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ নিজৰ যাত্ৰা আগুৱাই নিয়ে।পুৰণি সময় ৰোমন্থন কৰি অলকেশে কয়, “প্ৰায় আঢ়ৈ মাহলৈকে মই চণ্ডীগড়, লুধিয়ানা,অমৃতসৰ আৰু দিল্লীৰ মাজত অহা-যোৱা কৰিছিলো।সেই সময়চোৱাত এই এলেকাসমূহৰ গলিয়ে-গলিয়ে এনে কোনো দোকানী বাদ পৰি ৰোৱা নাছিল যাৰ সৈতে মই কামৰ বিষয়ে কথা পতা নাছিলো।” এই যাত্ৰাৰ পৰিক্ৰমাই তেওঁক লৈ যায় চীনলৈ আৰু তাত তেওঁ নিজৰ সকলো সামগ্ৰী হেৰুওৱাৰ লগতে ঠগ খাবলগীয়াও হয়। খোৱা বস্তু কিনিবলৈও তেওঁৰ পকেট উদং হৈ পৰে। সেইসময়ত ঘৰৰ পৰা বান্ধি নিয়া কাজু বৰফিৰে তেওঁ কোনোমতে কাম চলাইছিল।

এই সময়তে অলকেশে লক্ষ্য কৰে যে পুৰণি কাৰ্টিজ নষ্ট কৰাৰ কাম একেবাৰে চালুকীয়া অৱস্থাত থকাৰ উপৰিউ এয়া একেবাৰে অসংগঠিত ৰূপত চলি আছিল।এই ক্ষেত্ৰত একচেটীয়াভাৱে ৰাজত্ব কৰি আছিল ‘কাৰ্টিজ ৱৰ্ল্ডে’।সেইবাবে অলকেশে এই কোম্পানীৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াতো তেওঁ হতাশ হ’বলগীয়া হয়।কাৰণ-ইয়াত ফ্ৰেন্সাইজিৰ মূল্য আছিল এক কোটি টকা।

সেইসময়ত চাৰিওজনৰ হাতত মিলাই মেলি মাত্ৰ দুই লাখ টকা আছিল আৰু তেওঁলোকৰ অৱস্থা আছিল বন্ধ কুৱাঁত আৱদ্ধ হৈ থকাৰ দৰে।অৱশ্যে এনেসময়তে তেওঁলোকৰ বাবে সৌভাগ্যৰ দ্বাৰ মুকলি কৰি আহে এক আশাৰ কিৰণ।

“আমিয়ে এটা ব্ৰেণ্ড আৰম্ভ কৰিম আৰু ইয়াত প্ৰতিযোগিতাৰ পৰিৱৰ্তে উৎকৃষ্টতাতহে গুৰুত্ব দিম।” এনেধৰণৰ চিন্তাৰে তেওঁলোকে সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰে। চাৰিওজনে মিলি এই ব্যৱসায়ৰ নামাকৰণ কৰে ‘ৰি-ফিল’।পইচা ৰাহি কৰিবলৈ অলকেশে নিজেই ল’গ’ প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে মাত্ৰ ত্ৰিশ দিনতে তেওঁ আয়ত্ব কৰে ফটোশ্বপৰ জ্ঞান।

২০০৭ চনৰ ৯ফেব্ৰুৱাৰীৰ বহুপ্ৰতিক্ষীত দিনটোতে চাৰিওজন বন্ধুৱে ব্ৰেণ্ডটোক কায়িক ৰূপ দিবলৈ এটা সাধাৰণ কাৰ্যালয়ৰ পৰা ‘ৰি-ফিল’ আৰম্ভ কৰে। ইয়াৰ সমানে সমানে এদিন এটা বৃহৎ শ্ব’ৰুম খোলাৰ এক ডাঙৰ সপোনো তেওঁলোকে বুকুত সাঁচি ৰাখিছিল।এই কামৰ বাবে প্ৰয়োজন হোৱা ২৫লাখ টকা তেওঁলোকৰ বাবে সেইসময়ত এক সাঁথৰ যেন আছিল।দূৰদৃষ্টিসম্পন্ন অলকেশে ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ এই ব্ৰেণ্ডৰ ফ্ৰেন্সাইজি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে মূল্য নিৰ্ধাৰণ কৰে মাত্ৰ এক লাখ টকা।

“প্ৰত্যেক কাম সম্পন্ন হোৱাৰ নিৰ্দিষ্ট সময় থাকে আৰু ইয়াক সঠিক মানসিকতাৰেহে কাৰ্যকৰী কৰিব পৰা যায়।”দাৰ্শনিক ভাৱেৰে কয় অলকেশে।

“ভগৱানে আমাৰ ফালে সদয় দৃষ্টি নিক্ষেপ কৰিছিল।আমাৰ কাম আৰম্ভ কৰাৰ কেৱল ১০-১৫দিনহে হৈছিল আৰু এনে সময়তে এন এম বথ্ৰা দেৱদূতৰ দৰে আমাৰ কাষলৈ আহিছিল ফ্ৰেন্সাইজি বিচাৰি।” অলকেশে কয়।

বথ্ৰাৰ পিছত আন কেইবাজনৰ পৰাও তেওঁলোকে ফ্ৰেন্সাইজিৰ আবেদন লাভ কৰে।

প্ৰত্যাশাৰ তুলনাত আৰম্ভণী বহু ভাল হোৱাৰ পিছতো বৰ্ধিত খৰচৰ বাবে তেওঁলোকৰ বেংক একাউণ্ট খালী হোৱাৰ উপক্ৰম হৈছিল।তেওঁলোকৰ হাতত মাত্ৰ ১.২৫লাখ টকা বাকী ৰোৱাৰ সময়ত অলকেশে আন এক বাজী খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ সিদ্ধান্ত গ্ৰহণ কৰে ফ্ৰেন্সাইজি ইণ্ডিয়াৰ তত্বাৱধানত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীত অংশ লোৱাৰ । এই প্ৰদৰ্শনীত ফ্ৰেন্সাইজি দিব বিচৰাসকলৰ সৈতে ফ্ৰেন্সাইজি ল’ব বিচৰাসকলে যোগাযোগৰ সুযোগ লাভ কৰে।

প্ৰদৰ্শনীৰ আয়োজক পক্ষৰ সৈতে আলোচনা কৰি তেওঁ ভাড়া প্ৰায় আধালৈ হ্ৰাস কৰিবলৈ সক্ষম হয়।ইয়াৰ পিছতে অলকেশ মুম্বাইলৈ ৰাওনা হয়।

“মই আন কোম্পানীসমূহৰ দৰে কাউণ্টাৰত সুন্দৰী ছোৱালীক টোপৰ দৰে ব্যৱহাৰ কৰিব বিচৰা নাছিলো।ইয়াৰ লগতে মই চকমকীয়া লাইট আৰু মহঙা সা-সৰঞ্জাম ৰখাৰো বিৰোধী আছিলো।মই কেৱল বিচাৰিছিলো মোৰ কোম্পানীয়ে কামেৰে নিজক প্ৰমাণ কৰি দেখুৱাওক।” অলকেশে কয়।

এই পৰিকল্পনাই কাম দিয়ে আৰু অতি কম সময়ৰ ভিতৰত তিনিজন লোকে ফ্ৰেন্সাইজি ল’বলৈ তেওঁলোকৰ সৈতে সম্পৰ্ক কৰে।এনেদৰে কোম্পানীৰ একাউণ্টত ১০ লাখ টকা জমা হয়।

সময়ৰ ফেৰত ভাগ্যদেৱী তেওঁলোকৰ প্ৰতি সুপ্ৰসন্ন হয় আৰু বজাৰত তেওঁলোক এক ডাঙৰ নাম ৰূপে প্ৰতিষ্ঠিত হৈ পৰে।অতি কম সময়ৰ ভিতৰত তেওঁলোকে মূল প্ৰতিদ্বন্দী কাৰ্টিজ ৱৰ্ল্ডক অতিক্ৰম কৰি ভাৰতীয় বজাৰৰ আটাইতকৈ শীৰ্ষৰ কোম্পানীৰূপে পৰিচিত হৈ পৰে।

“কাৰ্টিজ ৱৰ্ল্ডৰ ওচৰত ত্ৰিশখন ষ্ট'ৰ থকাৰ সময়ত আমাৰ ষ্ট'ৰৰ সংখ্যা আছিল কেৱল তিনিখন।কিন্তু তেওঁলোকৰ ষ্ট'ৰৰ সংখ্যা ৫০ৰ ঘৰ স্পৰ্শ কৰাৰ সময়লৈকে আমাৰো ষ্ট'ৰৰ সংখ্যা সিমানেই হৈছিল।২০০৯ বৰ্ষত আমি ভাৰতত প্ৰতি ৫দিনত এখনকৈ ষ্ট'ৰ খুলিছিলো।” অলকেশে কয়।

ইয়াৰ লগতে অৱশ্যে সংবাদমাধ্যমৰ পৰাও তেওঁলোকে পূৰ্ণ সমৰ্থন লাভ কৰি আহিছিল। প্ৰায় ১৮ৰ পৰা ২০ মাহৰ ভিতৰত তেওঁলোকৰ বিষয়ে এশটাতকৈও অধিক লেখা প্ৰকাশ পাইছিল।তদুপৰি ২০০৯ বৰ্ষত তেওঁলোকে দেশৰ উদীয়মান কোম্পানীৰ সন্মান, ২০০৯,২০১০ আৰু ২০১১ বৰ্ষত একেৰাহে শীৰ্ষ ১০০ ফ্ৰেন্সাইজি প্ৰদান কৰা কোম্পানীৰ তালিকাত স্থান দখল কৰাৰ লগতে ২০১০ বৰ্ষত উপভোক্তা সহায়কাৰী শ্ৰেষ্ঠ কোম্পানীৰ খিতাপ আজুৰিবলৈ সক্ষম হয়।আনহাতে একেসময়তে টাইমছ অব ইণ্ডিয়াইও অলকেশক পূৱৰ শীৰ্ষ ১০ উদীয়মান উদ্যোগীৰ তালিকাত স্থান প্ৰদান কৰে।

২০১০ চনলৈকে ‘ৰি-ফিল’ এক স্বয়ংসম্পূৰ্ণ ব্ৰেণ্ডৰূপে প্ৰতিষ্ঠিত হৈ পৰে।টাইমছ অব ইণ্ডিয়াৰ দৰে শীৰ্ষস্থানীয় কোম্পানীয়ে তেওঁলোকৰ সৈতে ১৫ কোটি টকাৰ চুক্তি সম্পন্ন কৰে।ইয়াৰ এবছৰ পিছতে তেওঁলোকে এনে এক পদক্ষেপ গ্ৰহণ কৰে যি পদক্ষেপ হয়তো পূৰ্বে কোনো ষ্টাৰ্টআপ বা কোম্পানীয়ে গ্ৰহণ কৰা নাছিল।ক্ৰমাৎ দোপত দোপে আগুৱাই যোৱা ষ্টাৰ্টআপটোৱে কোম্পানীৰ পৰা নিজৰ ইকুইটি উভোটাই ক্ৰয় কৰি লয়।

ইয়াৰ অতি কম সময়ৰ পিছতে এক ব্ৰিটিছ কোম্পানী টিএলজি কেপিটেলে ১০ কোটিটকীয়া ৰি-ফিল কাৰ্টিজ ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ৫৩ কোটি টকা নিৰ্ধাৰণ কৰে।এই নিৰ্ধাৰিত মূল্যৰে তেওঁলোকে কোম্পানীৰ পৰা ৩৬শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰে।পৰৱৰ্তী পদক্ষেপ হিচাপে অলকেশে নিজৰ সম্পূৰ্ণ গৰাকীস্বত্ব থকা কোম্পানী ‘ক্লাৱ লেপটপ’ প্ৰতিষ্ঠা কৰে।ইয়াৰ মাজতে দেশৰ ভিন্ন প্ৰান্তত মূল কোম্পানীৰ বিস্তাৰ প্ৰক্ৰিয়া অব্যাহত আছিল আৰু বৰ্তমান দেশজুৰি ৮৩টা স্থানত তেওঁলোকৰ এশৰো অধিক ষ্টৰ সফলতাৰে পৰিচালিত হৈ আছে।

এইপৰ্যন্ত সফলতাই তেওঁলোকক প্ৰতিখোজতে আঁকোৱালি লৈছে।অলকেশৰ মতে এক সংগঠিত টীম গঠন আৰু নিজৰ ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত কোম্পানীৰ পৰা পোৱা অৰিহণাৰ লগতে সফলতাৰ জখলাত ক্ৰমাৎ আগুৱাই যোৱাটো এতিয়ালৈকে তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰাপ্তি।২০১১ চনলৈকে ১৬জনীয়া দলটো ১০০ জন লোকৰ এক সেনালৈ পৰিণত হৈছে আৰু ৮০০ ৰো অধিক লোকে ফ্ৰেন্সাইজিৰ মাধ্যমত তেওঁলোকৰ সৈতে কাম কৰি আছে।অলকেশে আৰু কয়,

“মই ন-শিকাৰুসকলক লৈ এটা দল গঠন কৰিছিলো।বিগত ৮বছৰত বিভিন্নজনে আমাৰ সৈতে সমানে সমানে কাম কৰি কোম্পানীৰ বৃদ্ধিত অৰিহণা আগবঢ়াইছে।প্ৰথম অৱস্থাত মোৰ সৈতে চোৱা-চিতাৰ কাম কৰা লোকে বৰ্তমান জ্যেষ্ঠ সঞ্চালকৰ দায়িত্ব পালন কৰাৰ লগতে এমবিএ সম্পূৰ্ণ কৰি অহা ১০ জনকৈ যুৱক তেওঁৰ অধীনত কৰ্মৰত।অতি সোনকালে তেওঁ নিজৰ ঘৰো কিনিব।”

অলকেশৰ এই অবিশ্বাস্য কাহিনীয়ে প্ৰমাণ কৰে যে যিকোনো এজন উদ্যোগীৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে তেওঁৰ চিন্তা, মানুহৰ সৈতে তেওঁ স্থাপন কৰা সংযোগ আৰু সাহস।এইসমূহৰ সহায়ত অতি সহজে এজন ব্যক্তিয়ে সফলতাৰ নতুন ইতিহাস লিখিবলৈ সক্ষম হয়।

মূল-নিশান্ত গোৱেল

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অনলাইন টিভিৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া এজন ভাৰতীয় : উদয় ৰেড্ডি

নন্দিনী ফুকনে কলকাতাত আগবঢ়াইছে ডক্টৰ অন কল সেৱা

ডমিন’জৰ পদ্ধতিৰে ভাৰতীয় খাদ্য গ্ৰাহকলৈ লৈ যোৱাৰ প্ৰচেষ্টা চাৰক'ল বিৰিয়ানীৰ

ব্যক্তিগত জীৱনত হেৰুওৱাৰ অভিজ্ঞতা সুনীল ছুৰীৰ বাবে হৈ পৰিল আনক সহায় কৰাৰ প্ৰেৰণা