ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ চাৰিটা ঔষধ উৎপাদন সংস্থাৰ উদ্বৃত্ত ভূমি বিক্ৰী কৰাৰ সিদ্ধান্তলৈ কেবিনেটৰ অনুমোদন

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ চাৰিটা ঔষধ উৎপাদন সংস্থাৰ উদ্বৃত্ত ভূমি বিক্ৰী কৰাৰ সিদ্ধান্তলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

2 min Read

হিন্দুস্তান এন্টিবায়’টিক্স লিমিটেড (এইচ এ এল), ইণ্ডিয়ান ড্রাগ্‌ছ এণ্ড ফার্মাছিউটিকেল্‌ছ লিমিটেড (আই ডি পি এল), ৰাজস্থান ড্রাগ্‌ছ এণ্ড ফার্মাছিউটিকেল্‌ছ লিমিটেড (আৰ ডি পি এল) আৰু বেংগল কেমিকেল্‌ছ এণ্ড ফার্মাছিউটিকেলছ লিমিটেড (বি চি পি এল)-ৰ উদ্বৃত্ত ভূমি, সংশ্লিষ্ট সংস্থাসমূহৰ দেনা পৰিশোধ কৰাৰ বাবে বিক্ৰী কৰি দিয়াৰ এক প্ৰস্তাৱলৈ আজি দেশৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷ আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত অনুষ্ঠিত এই কেবিনেট বৈঠকত জাতীয় সম্পদসমূহ যাতে জাতিৰ চাহিদা আৰু স্বার্থ পূৰণৰ কামত ব্যৱহাৰ কৰা হয় সেয়া সুনিশ্চিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

image


প্রতিযোগিতামূলক নিলামৰ মাধ্যমেৰে এই উদ্বৃত্ত ভূমি বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ পৰা যি আয় হ’ব সেয়া এই সংশ্লিষ্ট সংস্থাসমূহৰ দেনা পৰিশোধৰ কামত ব্যৱহৃত হ’ব। ৰাজহুৱা খণ্ডৰ এই সংস্থাসমূহৰ স্বেচ্ছাৱসৰ প্রকল্প আৰু ভিএছএছ কাৰ্যসূচী ৰূপায়ণৰো ব্যৱস্থা কৰা হ’ব ইয়াৰ সহায়তেই৷

উদ্বৃত্ত ভূমি বিক্ৰী কৰি দিয়াৰ পিছত অৱশিষ্ট ভূমি কামত লগোৱা হ’ব কেন্দ্রীয় বিনিয়োগ আৰু চৰকাৰী সম্পদ পৰিচালনা দপ্তৰ আৰু কেন্দ্রীয় চৰকাৰী শিল্পোদ্যোগ দপ্তৰৰ নীতি-নির্দেশনা অনুযায়ী।

বকেয়া দেনা পৰিশোধৰ পিছত আই ডি পি এল আৰু আৰ ডি পি এল বন্ধ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তদুপৰি, এইচ এ এল আৰু বি চি পি এলৰ ক্ষেত্রতো কৌশলগত পদক্ষেপ গ্রহণ কৰা হ’ব চৰকাৰৰ তৰফৰ পৰা।

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আন্তঃৰাষ্ট্ৰীয় সৌৰ গোটৰ প্ৰতি কেবিনেটৰ অনুমোদন

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

এবছৰত ১১ লাখ গছপুলি ৰোৱা এগৰাকী মহিলা

মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই