অৱশেষত লক্ষ্মীৰ ওঁঠলৈ হাঁহি আহিল

অৱশেষত লক্ষ্মীৰ ওঁঠলৈ হাঁহি আহিল

Monday November 30, 2015,

2 min Read

লক্ষ্মী আকৌ শিৰোনামত। এইবাৰ পিছে তীব্ৰ যন্ত্ৰণাৰ খবৰ হৈ নহয়, মানৱতাৰ জয়ৰ আনন্দ কঢ়িয়াই বিভিন্ন আলোচনীৰ ক’ভাৰ গাৰ্ল হৈ তেওঁ উভতি আহিছে। লক্ষ্মী এতিয়া মাতৃ। কন্যা সন্তানৰ নাম ৰখা হৈছে পিহু। সন্তানৰ দেউতাক অলক। সকলোৱে জানে, বা কোনোবাই হয়তো পাহৰিও গৈছে, এই লক্ষ্মীৰ কথা।


image


শান্ত, স্নিগ্ধ ষোড়শীৰ সেই বেদনাবিধুৰ গল্প শুনি এসময়ত নিস্তব্ধ হৈ পৰিছিল আদালতো। অপ্ৰেম আৰু প্ৰতিহিংসাৰ চিকাৰ হোৱা দিল্লীৰ এই গৰাকী কিশোৰীৰ মুখত এচিদ নিক্ষেপ কৰিছিল এটা দুৰ্বৃত্তই। তাৰ পিছৰেপৰা সাধাৰণ এই কিশোৰীগৰাকীৰ অসাধাৰণ যুঁজ দেখা গৈছে দিল্লীৰপৰা ৱাশ্বিংটন ডিছিলৈকে। ২০০৫ চনৰপৰা ২০১৫ চনলৈ। সুদীৰ্ঘ দশকজুৰি কোঁচখোৱা ছাল, বিভৎস মুখৰ এই ছোৱালীজনী হৈ পৰিছে নিপীড়িত এচিড আক্ৰান্ত নাৰীসকলৰ মুখ। এচিড আক্ৰমণৰ মূলোচ্ছেদ কৰিবলৈ আসমুদ্ৰ-হিমালয় তোলপাৰ কৰি তেওঁ প্ৰচাৰ কৰিছে। টেলিভিচনৰ পৰ্দাত ভুমূকি মাৰিছে। এচিড আক্ৰান্তসকলৰ হৈ প্ৰশ্ন কৰিছে। সমগ্ৰ বিশ্বই দেখিছে সেয়া। এচিড বিক্ৰী নিয়ন্ত্ৰণৰ বাবে ২৭ হাজাৰ স্বাক্ষৰ সংগ্ৰহ কৰি উচ্চতম ন্যায়ালয়ত আবেদনো কৰিছে। ইয়াৰ পিছতে এচিড বিক্ৰী নিয়ন্ত্ৰণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ দিছে। বিষয়টো সন্দৰ্ভত সংসদত আলোচনাৰ বাবেও পৰামৰ্শ দিয়া হৈছে। তেওঁৰ এই যুঁজক অভিবাদন জনাবলৈ দিল্লীলৈ আহিছে মিচেল অ’বামা। আন্তৰ্জাতিক সাহসী নাৰীৰ সন্মান দিছে অ’বামা প্ৰশাসনে।

এইবোৰ কাহিনী বহুতেই জানে। যিটো বহুতেই নাজানে সেয়া হৈছে অলক দীক্ষিতৰ কথা। এচিড আক্ৰান্তসকলক লৈ কাম কৰে অলক দীক্ষিতে। ২৭-২৮ বছৰীয়া এগৰাকী সাহসী তৰুণ। সমাজৰ কামত নিজকে ব্যস্ত ৰাখি ভালপায়। এনেকৈয়ে জীৱনৰ বাটত এদিন লগ পালে লক্ষ্মীক। প্ৰথম দৃষ্টিতে প্ৰেম। সমাজক অংগুষ্ঠ দেখুৱাই তেওঁলোকে আৰম্ভ কৰিলে সংসাৰ। দুজনীয়া সেই সংসাৰলৈ বসন্ত কঢ়িয়াই আগমন ঘটিল পিহুৰ। সেহতীয়াকৈ মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছে লক্ষ্মী। আলোকে কৈছিল, মাতৃত্বৰ সময়ছোৱাত কুণ্ঠিত আছিল লক্ষ্মী। ভাবিছিল, যদিহে তেওঁৰ এই ৰূপত সন্তান বিৰক্ত হয়! যদিহে তেওঁৰ ভাল নাপায়! এই ধৰণৰ অসংখ্য ‘যদি’য়ে তেওঁৰ মনত চাকনৈয়াৰ সৃষ্টি কৰিছিল। কিন্তু মাতৃৰ সকলো ভুল ধাৰণা ভাঙি দিব পাৰিছে পিহুৱে। মাকক ভীষণভাৱে ভালপায়। কথাবোৰ কৈ যাওঁতে সজল হৈ পৰিছিল অলকৰ দুচকু।


image


লক্ষ্মীয়ে এইবাৰ ব্যৱসায় কৰিব বিচাৰে। লক্ষ্ণৌত এক কাফে খোলাৰ বাবে উঠি-পৰি লাগিছে। নাম দিছে Sheroes Café। পিহুৱেও প্ৰতিমুহূৰ্ততে মাকৰ কোচত উঠি ইফালে-সিফালে ফুৰিছে। বেছিভাগ সময়েই এচিড আক্ৰান্তসকলৰ আন্দোলনৰ পৰিৱেশত পাৰ কৰিছে তেওঁ। সেইবাবেই যিসকলৰ কোচত উঠি পিহুৱে ভালপায়, তাৰ বেছিভাগে এচিড আক্ৰমণৰ চিকাৰ। লক্ষ্মীৰ সপোন, তেওঁৰ সন্তানে যেন কেৱল মানুহৰ বাহ্যিক ৰূপটোৱেই নহয়, অভ্যন্তৰৰ ৰূপটোও চাব পাৰে।

***************************

তনৱী ডুবে

অনুবাদ : ৰুবুল দাস