বহুমুখী প্ৰতিভাৰ অধিকাৰী অনুজা পাঠকে স্বাৱলম্বনৰ পথ হিচাপে বাচি ল'লে হিপন'থেৰাপী

বহুমুখী প্ৰতিভাৰ অধিকাৰী অনুজা পাঠকে স্বাৱলম্বনৰ পথ হিচাপে বাচি ল'লে হিপন'থেৰাপী

Saturday December 05, 2015,

5 min Read

এই কাহিনীটো টানিষ্কে স্পনচৰ কৰা মিয়া উইমেনছ চিৰিজৰ অংশ, য'ত একাংশ শক্তিশালী আৰু প্ৰতিভাশালী নাৰীৰ বৰ্ণিল জীৱনৰ কথা তুলি ধৰা হয় । ( সকলো কাহিনীৰ ওপৰত হাৰ ষ্টৰীৰ সম্পাদকীয় নিয়ন্ত্ৰণ )

'নিজৰ দুৰ্বলতাসমূহৰ বিষয়ে জ্ঞাত হ'লেহে তুমি আনৰ দুৰ্বলতাৰ সমাধান দিব পাৰিবা' ।মনোৰোগ বিশেষজ্ঞ কাৰ্ল য়ুঙে কোৱা এই কথাষাৰ সকলো ধৰণৰ চিকিৎসাৰ মূল বুলি বিশ্বাস কৰে হিপন'থেৰাপীষ্ট অনুজা পাঠকে।

মনোৰোগ চিকিৎসাৰ এটা ভাগ হল সন্মোহনী চিকিৎসা(Hypnotherapy) যি পদ্ধতিত ৰোগীক অৰ্ধচেতন অৱস্থালৈ নি তেওঁলোকৰ চিন্তা, ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰা হয়। anger management, O.C.D, migraine, eczema , insomnia, depression, trauma আৰু pain control আদিৰ বাবে সন্মোহনী চিকিৎসাৰ সহায় লোৱা হয়।কেন্সাৰ ৰোগীসকলৰ ক্ষেত্ৰতো তেওঁলোকে ৰোগটো সহজভাৱে লোৱাৰ ক্ষেত্ৰত হিপন'থেৰাপী ব্যৱহাৰ কৰা হয়।এই চিকিৎসা পদ্ধতিৰ বিষয়ে বিস্তৰ অধ্যয়ন কৰি এই চিকিৎসাক নিজৰ কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ লগতে বহু ৰোগীক নতুন জীৱন দিবলৈ সক্ষম হৈছে বহুমুখী প্ৰতিভাৰ অধিকাৰী অনুজা পাঠক।

শ্বিলঙৰ সুন্দৰ প্ৰাকৃতিক পৰিবেশত জন্মগ্ৰহণ কৰা অনুজা সৰুৰে পৰা স্ফুৰ্তিবান আছিল।পৰৱৰ্তী সময়ত Hypnotherapy ক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ আগত অনুজাই বিভিন্ন বিভাগত কাম কৰিছিল।মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে স্ক্ৰিপট ৰাইটাৰ আৰু টেকনিকেল ৰাইটাৰ হিচাপে কাম কৰিছিল।ইয়াৰোপৰি Motorola, Alcatel-Lucent, Dell Research and Development আদি প্ৰতিষ্ঠানৰ আৰ্হি ডিজাইনাৰ আছিল অনুজা পাঠক।ছুইছ কম্পেনী Toradex ৰ ছিনিয়ৰ কমিউনিকেশ্যন স্পেছিয়েলিষ্ট হিচাপেও কাম কৰিছিল।

প্ৰশ্ন হয় ইমানবোৰ অনুষ্ঠানৰ লগত জড়িত হৈ থকাৰ পিছত হিপন'থেৰাপী ৰ কথা অনুজাৰ মনলৈ কিয় বা কেনেকৈ আহিল।মনোবিজ্ঞান বিষয়টো অনুজাই কৈশোৰৰ পৰাই ভাল পাইছিল।এই বিষয়টোক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ অনুজাই অন্তৰৰ আহ্বান শুনিছিল।অন্তৰৰ আহ্বান উলংঘা কৰিব নোৱাৰি অনুজাই এই বিষয়ত পঢ়া-শুনা আৰম্ভ কৰিলে।'এই বিষয়টো মোৰ মনলৈ প্ৰকৃতিকভাৱে অহা' অনুজাই মন্তব্য কৰে।সৰুৰে পৰাই অনুজাৰ সুক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা আছিল।'মই ভাবোঁ যে এই গুণটো বয়সৰ লগত বেছি পৰিপক্ক হৈ মোক hypnotherapist হোৱাত সহায় কৰিলে।মোৰ কেৰিয়াৰক আগুৱাই নিয়াত ই যথেষ্ট সহায় কৰিছে।'

হিপন'থেৰাপী কেৰিয়াৰৰ লগত সক্ৰিয়ভাৱে জড়িত হোৱাৰ কথা অনুজাই ভৱা নাছিল।কিন্তু এই কেৰিয়াৰেহে অনুজাক বাচি ল'লে বুলি তেওঁ ভাৱে।বিষয়টোৰ প্ৰতি থকা আগ্ৰহে অনুজাক কাৰিকৰীভাৱে বিষয়টো জানিবলৈ আগ্ৰহান্বিত কৰিলে। হিপন'থেৰাপী ৰ লগতে Metaphor Therapy, Reiki, EFT, Crystal Therapy আদিও তেওঁ আয়ত্ব কৰিছিল।

image


ঘটনাক্ৰমে তেওঁৰ এজন চিকিৎসক বন্ধুৱে এজন ৰোগীক তেওঁৰ ওচৰলৈ চিকিৎসাৰ বাবে পঠিয়াইছিল।এইদৰেই তেওঁ প্ৰথমজন ক্লায়েন্টৰ চিকিৎসা আৰম্ভ কৰিছিল। 'প্ৰথমজন ৰোগীক চিকিৎসা কৰোতে মই যথেষ্ট নাৰ্ভাছ হৈছিলো আৰু কৌতুহলী আছিলো' -অনুজাই মন্তব্য কৰে।'প্ৰথম চিকিৎসাটোৱে সকলো সলনি কৰি দিলে।'

তেওঁৰ ওচৰলৈ অহা প্ৰথম ৰোগী গৰাকী আছিল এগৰাকী মহিলা যি শৈশৱ আৰু বিবাহৰ পিছত যৌন অত্যাচাৰৰ বলি হৈছিল।এই প্ৰথম চিকিৎসাই অনুজা আৰু ৰোগীগৰাকীৰ জীৱনৰ দিশ সলনি কৰিলে।তেওঁৰ চিকিৎসাৰ দ্বৰা ৰোগী গৰাকী বিধ্বস্ত মানসিক অৱস্থাৰ পৰা আত্মবিশ্বাসী, সবল ব্যক্তিত্বশালী আৰু নিজৰ সিদ্ধান্ত নিজে লব পৰা এগৰাকী মহিলা হৈ পৰিছিল।এই পৰিৱৰ্তনে অনুজাক উৎসাহিত কৰিছিল।অনুজাই উপলব্ধি কৰিছিল যে সঠিক পদ্ধতিৰে হিপন'থেৰাপী কৰিলে ই ৰোগীৰ বাবে কিমান ফলদায়ক হয়।

প্ৰতিজন ৰোগীৰ লগতে অনুজাই নিজৰ জীৱনটোক নতুনকৈ পৰীক্ষা কৰাৰ সুবিধা পাইছিল।' চিকিৎসা পদ্ধতিৰ মাজত ৰোগীগৰাকীয়ে তেওঁৰ জীৱনটো ভিতৰৰ পৰা জুমি চোৱাৰ সময়ত ময়ো মোৰ জীৱনটো উভতি চাইছিলো।গোটেই প্ৰক্ৰিয়াটোত এনেকুৱা লাগে যেন মই এটা সঁজাত বন্দী চৰাইক মুক্ত আকাশলৈ এৰি দিছোঁ আৰু মই নিজেও উৰি গৈছোঁ।শেষৰ দিনা তেওঁ যেতিয়া মুখত এটা হাঁহি লৈ মোৰ ক্লিনিকৰ পৰা ওলাই যায় মোৰ মনটো প্ৰশান্তিৰে ভৰি পৰে।এই হাঁহিটোৱে মোক চিকিৎসা পদ্ধতি আগবঢ়াই নিবলৈ অনুপ্ৰেৰণা যোগায়।'

মই যেন মোৰ হৃদয়ৰ আহ্বান শুনা পালোঁ।আৰু বহুলোকে মোক সঠিক পথ দেখুৱাবলৈ আগবাঢ়ি আহিল।তেতিয়াৰ পৰা মই আৰু ঘূৰি চাব লগীয়া হোৱা নাই।

২০০৬ চনত অনুজা দীৰ্ঘদিন ধৰি বেমাৰত আক্ৰান্ত হৈছিল।তাৰপাছত এদিন হঠাতে তেওঁ বাঙ্গালুৰুলৈ গৈ নতুনকৈ জীৱন আৰম্ভ কৰাৰ কথা ভাবিলে।আৰু সেইসময়ত মাত্ৰ তিনি হাজাৰ টকাৰে জীৱিকা আৰম্ভ কৰাৰ কথা ভাৱি আত্মবিশ্বাসেৰে জীৱনৰ সাহসী পদক্ষেপ লৈছিল ।'যাদুৰ দৰে সকলোবোৰ যোগাৰ হৈ গৈছিল।মোৰ বন্ধুসকল সহায় কৰিবলৈ আহিছিল।আৰু মোৰ থকাৰ ব্যৱস্থা হৈ গৈছিল।'সেই সময় খিনিৰ কথা সুঁৱৰি অনুজাই মন্তব্য কৰে 'তুমি যেনেকৈ চিন্তা কৰিবা, তেনেকৈ তোমাৰ জীৱনটো গঢ় লৈ উঠিব।এক অদৃশ্য শক্তিৰ ওপৰত গভীৰ বিশ্বাসে তোমাক আগুৱাই লৈ যাব ।যদি তুমি আলৌকিকতাত বিশ্বাস কৰা, তেন্তে ই ঘটিবই।'

ৰোগীসকলৰ মুখৰ হাঁহিয়ে অনুজাক অতি আনন্দিত কৰে।তেওঁৰ মতে 'ৰোগীসকলে বহুদিন ধৰি কঢ়িয়াই ফুৰা কিছুমান ঋণাত্মক চিন্তা ধাৰাই হল বেমাৰৰ কাৰণ।নিজৰ বেমাৰৰ বিষয়ে সচেতন হোৱা মানেই তেওঁলোকে যুদ্ধৰ আধা জয় কৰা বুলি ভাবোঁ।মই মোৰ ৰোগীসকলক কওঁ যে লেটাৰ ভিতৰত সোমাই থকাৰ সময় আঁতৰি গৈছে। এতিয়া আপোনালোকৰ মুক্ত আকাশত উৰাৰ সময়।এই কথাই ৰোগীসকলক সাহস যোগায়।'

অনুজাৰ মতে ভাৰতবৰ্ষত এতিয়াও হিপন'থেৰাপী বা ছাইক'থেৰাপী জনপ্ৰিয় হোৱা নাই।অৱশ্যে জীৱন শৈলীত আহি পৰা জটিলটাই মানুহৰ উদ্বিগ্নতা বঢ়াইছে আৰু ইয়াৰ সমাধানৰ বাবে চিকিৎসকৰ ওচৰ চাপিবলগীয়া হৈছে। Hypnotherapy ৰে এনে ৰোগসমূহৰ সহজে চিকিৎসা কৰিব পাৰে বুলি অনুজাই বিশ্বাস কৰে। তেওঁ চিকিৎসক জীৱনত বিভিন্ন ধৰণৰ ৰোগীৰ সংস্পৰ্শলৈ আহিছে-বৈবাহিক সমস্যা, বিবাহ বৰ্হিভূত সমস্যা, বিবাহ বিচ্ছেদৰ সমস্যা, যৌনকেন্দ্ৰীক সমস্যা,কেৰিয়াৰ সমস্যা, ফবিয়া বা ভয়,ধৰ্ষণ,দুৰ্ঘটনা আদি বিভিন্ন সমস্যাত ভোগা ৰোগীৰ তেওঁ চিকিৎসা কৰিছে।

অনুজাৰ মতে ভাৰতবৰ্ষত যৌন নিৰ্যাতনৰ বলি হোৱা শিশুৰ সংখ্যা অধিক। আৰু তেওঁলোকৰ অধিকাংশই কন্যা শিশু।এনে শিশুসকল আত্মীয়,বন্ধুবৰ্গৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হয়।অনুজাৰ মতে এনে নিৰ্যাতনৰ বিষয়ে সচেতন হবলৈ শিশুক যৌনশিক্ষা দিয়াটো প্ৰয়োজনীয়।

Hypnotherapy ৰ উপৰি অনুজা বিভিন্ন চিকিৎসাপদ্ধতি, পৰামৰ্শ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত জড়িত।প্ৰতি দেওবাৰে অনুজাই শিশুৰ বাবে এক বিশেষ 'ব' কাৰ্যসূচীৰ আয়োজন কৰে। শ্ৰী সত্য সাইবাবা আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠানৰ অন্তৰ্গত শিশুৰ বিকাশৰ বাবে এক বিশষ কাৰ্যসূচী 'val vikas'।ইয়াৰোপৰি প্ৰতিমাহত ‘Cutting the Ties That Bind’ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত কৰি মন নিয়ন্ত্ৰন আৰু চিন্তাশক্তি বিকাশৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰে।ইয়াৰোপৰি জীৱ-জন্তুৰ প্ৰতি থকা ভালপোৱাৰ বাবে WRRC আৰু CUPA আদি সংগঠনৰ লগতো তেওঁ জড়িত।

নিজৰ চিকিৎসা পদ্ধতি সুকলমে আগবঢ়াই নিয়াৰ লগতে সকলো দায়িত্ব সুন্দৰকৈ পালন কৰি আহিছে অনুজাই।'কোনো সময়ত কামৰ চাপ অনুভৱ হয়। কিন্তু মই প্ৰতিটো কামৰ বাবে সময়বোৰ ভাগ কৰি লওঁ।আৰু দিনটোৰ শেষত কিবা এটা প্ৰশান্তি অনুভৱ কৰোঁ।'

বগা ৰঙটো অনুজাৰ প্ৰিয়। অনুজাৰ মতে,বগা ৰঙটো স্বচ্চতাৰ প্ৰতীক।বগা ৰঙৰ জড়িয়তে আন সকলো ৰঙ প্ৰতিফলিত হয়।গতিকে এজন ব্যক্তি কিমান স্বচ্চ বুজিব পাৰি।

জীৱনত পালন কৰা সকলো দায়িত্বই অনুজাৰ বাবে গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত তেওঁ কয়-'কৰ্মক্ষেত্ৰত, পত্নী,কন্যা হিচাপে মই মোৰ সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰোঁ।এই সকলোবোৰ দায়িত্বৰ ভিতৰত ‘role of being myself’ মোৰ বাবে গুৰুত্বপূৰ্ণ।প্ৰতিটো দিনতে মই নিজৰ বাবে সময় উলিয়াও।মই নিজকে পুণৰ সক্ৰিয় কৰি লোৱাৰ পাছত আনৰ সৈতে সুখ-আনন্দৰ কথা পাতিব পাৰোঁ।'

Hypnotherapy ক কেৰিয়াৰ হিচাপে বাচি লোৱাৰ ক্ষেত্ৰত অনুজাৰ স্বামী আৰু মাতৃৰ অশেষ অৱদান আছে বুলি তেওঁ কব খোজে।মাতৃৰ বিষয়ে অনুজাই কয়-'তেওঁ মোক সকলোধৰণৰ সহযোগিতা কৰিছিল।দেউতাৰ বিয়োগৰ পিছত তেওঁ অকলেই গোটেই জীৱন জুৰি মোৰ দায়িত্ব পালন কৰিছিল।তেওঁৰ পৰাই মই স্বাধীন আৰু আত্মবিশ্বাসী হবলৈ শিকিছিলো।'

image


জীৱনৰ প্ৰতিটো মুহূৰ্ত অনুজাই জীয়াই থাকি ভাল পায়।চিকিৎসা সেৱাৰে মানুহক সুস্থ কৰাৰ প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ যেন নিজৰ জীৱনটো বাৰে বাৰে নতুনকৈ আৱিষ্কাৰ কৰি গৈছে। ভৱিষ্যত পৰিকল্পনাৰ কথা সোধোঁতে অনুজাই মন্তব্য কৰে-'মই অনিশ্চয়তা ভাল পাওঁ আৰু জীৱনটো যাপন কৰি যাওঁ।মোৰ মাজত থকা শ্ৰেষ্ঠখিনি বিলাই দিবলৈ এই বিশ্বব্ৰহ্মাণ্ডই মোক নিশ্চয় সহায় কৰিব।'


মূল:তনৱী ডুবে

অনুবাদ:পূবালী ভাগৱতী