নিৰ্যাতিত যুৱতীক উদ্ধাৰৰ বাবে অনুষ্ঠান মাজতে বন্ধ কৰিলে আতিফ অছলমে

0

পাকিস্তানী সঙ্গীত শিল্পী অাতিফ অছলম নিজৰ দেশৰ লগতে ভাৰততো যথেষ্ট জনপ্ৰিয় ।  তেওঁৰ কন্ঠৰ যাদুৱো ইতিমধ্যে বহুতকে তেওঁৰ অনুৰাগীত পৰিণত কৰিছে । শেহতীয়া এটা ঘটনাৰ পাছত এইগৰাকী শিল্পীক সন্মান কৰা লোকৰ সংখ্যা আৰু বাঢ়ি গৈছে । 

Source : The Indian Express
Source : The Indian Express

১৪ জানুৱাৰীত কৰাচীত মঞ্চত এটা অনুষ্ঠান পৰিবেশন কৰি আছিল আতিফে । হঠাতে সকলোকে আচৰিত কৰি দি তেওঁ তেওঁৰ সংগীসকলক ইঙ্গিত দিলে অনুস্থান বন্ধ কৰিবলৈ । দৰ্শকৰ প্ৰথম শাৰীতে কেইজনমান যুৱকে এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰি থকা দেখি তেওঁ অনুষ্ঠান স্থগিত ৰাখে । ৰুদ্ৰমুৰ্তি ধাৰণ কৰি তেওঁ যুৱককেইজনক কয়, "জীৱনত ছোৱালী দেখা নাই নেকি ? ইয়াত তোমালোকৰ মা-ভনীও থাকিব পাৰে ।" ইয়াৰ পাছত তেওঁ আয়োজক সকলক সেই যুৱতীগৰাকীক তাৰপৰা আঁতৰাই নিৰাপদ স্থানলৈ লৈ যাবলৈ অনুৰোধ জনায় । সেই যুৱক কেইজনক সাৱধান কৰি দি তেওঁ কয় - "অনুস্থান চাবৰ মন থাকিলে ভদ্ৰভাৱে থাকা । মানুহৰ সন্তান হোৱা ।" অৱশ্যে ইয়াৰ পাছত তেওঁ আকৌ অনুষ্ঠান চলাই যায় । 

এই ঘটনাৰ ভিডিঅ' ইয়াত চাব পাৰে ।

Related Stories

Stories by Team Asamiya